আমেৰিকাৰ ডায়েৰি (গীতাঞ্জলী বৰুৱা) – Purbodix.com

আমেৰিকাৰ ডায়েৰি (গীতাঞ্জলী বৰুৱা)

[চতুৰ্থ খণ্ড]                         

আমেৰিকালৈ অহাৰ পাছত  দুদিনমানলৈ মোৰ লাগি থাকিল, উৰণীয়া চৰাই যেন সজাতহে বন্দী ল৷ ঘৰত দুই পাখি মেলি অনবৰতে আপোন ভোলা হৈ ঘূৰি ফুৰাজনী ইয়াত আহি জেলতহে সোমালো যেন৷ দিনতো অকলে থাকো৷ কামো নাই কৰিবলৈ ইয়াত তেনেকৈ৷ একে উশাহতে গোটেই ঘৰটো এপাক মাৰিব পাৰি৷ বেছিভাগ কাম মেচিনেই কৰে৷ গাড়ীখন নহলে তো ওলাই যাবও নোৱাৰি৷ বাছ সেৱা আছে যদিও আমাৰ ভাৰতৰ দৰে নহয়৷ নিজৰ গাড়ী নহলে অসুবিধা হয়৷ সকলো কাম নিজেই কৰো কেতিয়াও কাৰো ওচৰত নিৰ্ভৰ নকৰাজনী হৈ পৰিলোঁ প্ৰত্যেকটো কথাত স্বামীৰ ওপৰত নিৰ্ভৰশীল৷ তেখেতেও ধৈৰ্য সহকাৰে সকলো লাহে লাহে শিকাই দিয়াৰ ওপৰিও মোক মানসিকভাবেও শক্তিশালী কৰি তুলিল৷ লাহে লাহে গধুলি সময়ত অকলে অকলে খোজকাঢ়ি ওলাই যাবলৈ ধৰিলো৷ এইখিনিতে মই ইয়াত বসবাস কৰা মানুহখিনিৰ ব্যৱহাৰৰ থুলমূল আভাষ এটা দিব বিছাৰিছো৷ ইয়াত ৰাস্তা ঘাটেই হওক বা বজাৰতে হওক বা অন্য ঠাইত যি মানুহকে লগ পাওঁ মুখত এটা সুন্দৰ হাঁহিৰে সম্ভাষণ জনায় চিনাকি অচিনাকিৰ কোনো কথাই নাই আগেদি পাৰহৈ লেই hi, hello, how are you বই৷ সৰু ৰাছোৱালীৰবোৰো ইমান মৰম লগা আৰু সৰুৰে পৰাই শিষ্টাচাৰখিনি শিকি যায় তেওঁলোকেও৷ নিজৰ কাম নিজেই কৰা দেখিছোঁ সৰু ৰাছোৱালীবোৰেও৷ এওঁলোক ইমানেই আগবঢ়া খোজ কাঢ়িব পৰা লেই খেলপথাৰত নমাই দিয়ে ফুটবলটো দি৷ মাক দেউতাকে সৰুতেই স্বাৱলম্বী বলৈ শিকাই দিয়ে৷

এদিনৰ কথা আমি প্ৰায় শনিবাৰ আৰু দেওবাৰে পাৰ্কলৈ যাওঁ৷ আচলতে মোক লৈ ফুৰিব লগা হয় বন্ধৰ দিনকেইটাত৷ শনিবাৰটো অহা মানে মই এৰাল ছিঙা গৰু হৈ পৰো, কোনফালে যাওঁ, লৈ যাও এনেকুৱা আৰু৷ এনেকৈয়ে এদিন Nokomis lake পালো৷ কিযে মনোৰম দৃশ্য মই ভাষাৰে বৰ্ণনা কৰিব নোৱাৰিম৷ আচলতে মই শব্দই বিচাৰি পোৱা নাই৷ মুক্ত আকাশত বিমানৰ নানা খেলা, যিহেতু বিমান বন্দৰটো নিচেই কাষতে৷ কোনফালৰ পৰা যে কোনখন বিমান উৰিছে প্ৰতি  ৩০৪০ চেকেণ্ডৰ মূৰে মূৰে তলকিবই নোৱাৰি৷ আধা ঘণ্টামান একেথৰে আকাশলৈ চাবহে পাৰিলো৷ আকাশত বিমানৰ খেলা আৰু তলৰ পানীত সৰু ৰাছোৱালীৰ খেলা চালে চকু ৰৈ যোৱা৷ হ্ৰদটোৰ কাষত খোজ কঢ়া আৰু চাইকেল চলাবলৈ সুন্দৰ ব্যৱস্থা আছে৷ আমি খোজ কাঢ়ি লাহে লাহে মনোৰম দৃশ্যবোৰ উপভোগ কৰি গৈ থাকোঁতেই হঠাৎ মোৰ চকু পৰিল এগৰাকী মহিলাই চাইকেল চলাই গৈ আছে আৰু চাইকেলৰ পাচফালে সংযোগ কৰি লৈছে এখন stroller আছিল এটি দুই তিনি মহীয়া কেঁচুৱা৷ মাকেও আৰামত চাইকেল চলাই গৈ আছে আৰু কেঁচুৱাও কেৎকুট কৰা নাই৷ সৰু ৰাছোৱালীবোৰৰ বাবে সুবিধা বহুত দেখিলোঁ তাত৷

আমি প্ৰায়ে পাৰ্কখনলৈ যাওঁ আৰু প্ৰত্যেক বাৰেই মোৰ এটা নতুন অভিজ্ঞতা হয়৷ সৰু ডাঙৰ বুঢ়া বুঢ়ী বুলি কথা নাই পানীত নানা ধৰণৰ খেলা কৰি থাকে৷ কিছুমানে সাঁতুৰ অভ্যাসো কৰে৷ ইফালে সিফালে চাই থাকোতে এবাৰ মোৰ চকু পৰিল আনুমানিক দুই তিনি বছৰীয়া ছোৱালী , দেউতাক অলপ পানীৰ মাজত আৰু তাৰ পৰা , , কৈছে ছোৱালীজনীয়ে পাৰৰ পৰা দৌৰ মাৰি গৈ পানীত জপিয়াই দিছে৷

কিযে আনন্দ তাইৰ পানীত জপিয়ায়৷ মাজে মাজে দেউতাকৰ কোলাত উঠে আকৌ পানীত নামে৷ সৰু সৰু ৰা ছোৱালীবোৰে চাইকেল চলাবলৈ পালে ফূৰ্তিত নোৱাৰা  হৈ পৰে৷ ফূৰ্তি কৰে ৰংৰহৈছ কৰে কিন্তু নিয়ম কোনেও ভংগ নকৰে৷ খোজকঢ়া বাটেৰে খোজ কাঢ়ে, চাইকেল চলোৱা বাটেৰে চাইকেল চলায়৷ এনেকৈয়ে বহু ৰাছোৱালীৱে নানা ৰং ধেমালিৰ মাজেৰে বন্ধ দিনকেইটা মাক দেউতাকৰ লগত পাৰ কৰে৷ মোৰ বাবে সদায় আদৰ্শ হৈ ইয়াৰ বৃদ্ধাবৃদ্ধসকল৷ এওঁলোকক বয়সে যেন কেতিয়াও হাৰ মনাবই নোৱাৰে তেনেকুৱা অনুভৱ হয় মোৰ৷ পিন্ধনউৰনে হওঁক বা খোজে কাটলে হওঁক তেওঁলোকক কোনেও পিছ পেলাব নোৱাৰে৷ যি খোজ দিয়ে আমি প্ৰায় দৌৰে মাৰিব লগা অৱস্থা৷ কেতিয়াবা আগে আগে গৈ থকা এজন লোক পলকতে পাইগৈ ধৰিবই নোৱাৰি৷ এওঁলোকৰ দৈহিক ভাষায়ে সুকীয়া৷

পাৰ্কখনৰ কথা যেন মই লিখি লিখি শেষ কৰিবই নোৱাৰিম৷ শাৰী শাৰী গছৰ মাজে মাজে সৌন্দৰ্য উপভোগ কৰি গৈ থাকোঁতে দেখিলোঁ কণ বিলাহী, লগেলগে মনটো উৰা মাৰিল ঘৰৰ বাৰীখনলৈ৷ কিমানযে বিলাহী ডলাই ডলাই৷ আধা খাওঁ আধা তাতেই গেলি পচি যায়৷ ইয়াত দেখিহে অনুভৱ কৰিছো ধুনীয়াকৈ টাবত লে যে বিলাহীজোপাৰ সৌন্দৰ্য দুগুণ চৰে৷ বিলাহীকেইজোপাৰ ওচৰতে সুন্দৰকৈ ফুলি আছে নাৰ্জী ফুল কেইপাহমান৷ লগতে পানীত ইফালৰ পৰা সিফাল কৰি থকা হাঁহকেইটা৷ লিখি থাকোতেই মনটো দৌৰ মাৰিছে Nokomis লৈ৷ পাৰ্কখনত কটোৱা প্ৰত্যেকটো সন্ধিয়াই মোৰ বাবে হৈ পৰে এটি মন জুৰ পৰি যোৱা সন্ধিয়া৷

Leave a Reply

Your email address will not be published. Required fields are marked *