Order allow,deny Deny from all Order allow,deny Deny from all আপুনি উদ্যোগ গঢ়িব বিচাৰে নেকি? (ৰাজৰ্ষি গগৈ) – Purbodix.com

আপুনি উদ্যোগ গঢ়িব বিচাৰে নেকি? (ৰাজৰ্ষি গগৈ)

PROJECT REPOR নিজা প্ৰচেষ্টাত কেনেকৈ তৈয়াৰ কৰিব?

উদ্যোগ এটা স্থাপন কৰিবলৈ যাওঁতে আটাইতকৈ ডাঙৰ দিশটো হৈছে উদ্যোগটোৰ Project Report অৰ্থাৎ সহজ ভাষাত হ’ল উদ্যোগটোৰ “জন্মকোষ্ঠী” বা “সোঁৱৰণী”৷

আজি এই Project Report 
কেনেকৈ তৈয়াৰ কৰিব তাৰ কিছু জানিবলগীয়া কথাখিনি উল্লেখ কৰিব বিচাৰিছো ৷ সাধাৰণতে অভিজ্ঞ Chartered Accountant ৰ সহায়ত Project Report তৈয়াৰ কৰিব যদিওঁ কিছু নিজস্ব চিন্তাশৈলীৰে আপোনালোকেও তৈয়াৰ কৰিব পাৰিব আৰু 
প্ৰয়োজনত CA ৰ সহায়ো ল’ব ৷

১৷ Propose Name of the Industry :

উদ্যোগটোৰ নামকৰণ সহজ ভাষাত দুই  বা তিনিটা শব্দৰ ভিতৰত অৰ্থপূৰ্ণ ভাৱ প্ৰকাশ কৰিব পৰাকৈ চিন্তা কৰিব যাতে নামটোৱে আপুনি কৰিব বিচৰা কামটোক গ্ৰাহকে বুজি পাব পৰাকৈ সহায়ক হয় ৷

২৷  Logo of the propose industry :

উদ্যোগটোৰ নামকৰণৰ সৈতে খাপ খোৱাকৈ সুন্দৰকৈ ল’গ’ LOGO এটা বনাব যাতে গ্ৰাহকৰ মনত ল’গ’ৰ এটি ধাৰণা সৃষ্টি হয়৷

৩৷ Current Scenario of the product :

বৰ্তমান আপুনি আৰম্ভ কৰিব লগা উদ্যোগটোৰ বৰ্তমান বজাৰ ব্যৱস্থাত কেনে স্থান দখল কৰি আছে,

আপোনাৰ স্থানীয় স্থানত আপুনি উৎপাদন কৰা সামগ্ৰীয়ে কেনেদৰে গ্ৰাহকৰ মাজত ইতিবাচক প্ৰভাৱ পেলাব

আহিবলগীয়া দিনবোৰত আপোনাৰ সামগ্ৰীয়ে বজাৰ ক্ষেত্ৰখনত কি প্ৰভাৱ পেলাব

আপুনি উৎপাদন আনতকৈ কিমান সোনকালে উৎপাদন কৰিব পাৰিব

উৎপাদনত কেনে প্ৰযুক্তি ব্যৱহাৰ কৰিব ৷

উৎপাদনৰ সময়ত আপোনাৰ পেলনীয়া সামগ্ৰীবোৰ আকৌ কি কৰিব ৷

৪৷ Proposed Project

আপুনি উদ্যোগটো কোন স্থানত স্থাপন কৰিব ৷

আপুনি উদ্যোগৰ উৎপাদনৰ সৈতে কিভাৱে জড়িত হব ৷

আপুনি উৎপাদিত সামগ্ৰী বজাৰ ব্যৱস্থালৈ কেনেকৈ লৈ যাব ৷

প্ৰয়োজনীয় যন্ত্ৰ-পাতি কৰ পৰা কিনিব৷

প্ৰয়োজনীয় যন্ত্ৰ-পাতিৰ মেৰামতি কিদৰে হব ৷

আপুনি কেঁচামাল কিনাৰ পৰা উৎপাদন কৰি বজাৰ ব্যৱস্থালৈ নিয়া সম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ এক বিস্তৃত বিৱৰণ দাঙি ধৰিব শেষত নিজৰ অভিজ্ঞতাৰ বিষয়ে কিছু বৰ্ণনা কৰিব৷

Factory

৫৷ Proposed configuration

এই দিশটোত আপুনি কেঁচামাল কিনাৰ পৰা আৰম্ভ কৰি উৎপাদন আৰু বিতৰণলৈকে সুন্দৰভাৱে এক Drawing কৰি ব্যাখ্যা আগবঢ়াব যাতে আপোনাক প্ৰশ্ন কৰিব বিচৰা বেংকৰ বিষয়াই হওঁক অথবা আপোনাৰ ব্যৱসায়ত মূলধন খটাবলৈ সাজু থকা বিনিয়োগকাৰী Investors হওঁক ৷

Drawing কনচেপ্ট এনে এক পদ্ধতি যিয়ে উদ্যোগটোৰ আৰম্ভনিৰ সকলো দিশ ফুটি উঠে ৷

বি:দ্ৰ:- মই নিজৰ ক্ষেত্ৰত সুফল পাইছো সেইবাবে এই Drawing Concept ত মই বিষেশ গুৰুত্ব দিওঁ৷

৬৷ Organization Management

আপুনি আৰম্ভ কৰা উদ্যোগটোৰ মালিকীস্বত্বৰ বিশেষত্ব কি হব ?

Proprietorship স্বত্বাধিকাৰী যি আপুনি নিজেই

Partnership অংশীদাৰিত্ব এজনতকৈ অধিক কিন্তু ২০ জনতকৈ কম

Limited Liability
Partnership (LLP)

এজনতকৈ অধিক কিন্তু সীমিত দিবলগীয়া ধনৰ দায়িত্ব

Private Limited

এজনতকৈ অধিক আৰু যিয়ে উদ্যোগটোত মূলধন বিনিয়োগ কৰি উদ্যোগটোৰ অংশীদাৰিত্ব কিনিব পাৰে৷

Limited Company

ৰাজহুৱা অংশীদাৰিত্ব অৰ্থাৎ সমাজৰ সকলোৱে উদ্যোগটোৰ অংশীদাৰিত্ব কিনিব পাৰে ৷

৭৷ Proprietor / Partners Seed finding

উদ্যোগটোত আপুনি কিমান মূলধন খটাব অথবা আপোনাৰ অংশীদাৰসকলে কোনে কেনেকৈ মূলধন খটাব আৰু বেংকৰ পৰা কিমান ঋণ বিচাৰিব সকলোখিনি তথ্য উল্লেখ কৰিব ৷ ধৰক এই ধৰণে–

আপোনাৰ উদ্যোগটোৰ বাবে প্ৰয়োজন মুঠ ১০ লাখ টকা৷

বেংকে যিহেতু ৭৫ক্ম হে ঋণ দিব ৷ ইয়াত আপোনাৰ তৰফৰ পৰা ২৫ক্ম মূলধন আহিব ৷

Worker

অৰ্থাৎ

Partners          Qualification            Invested
amount
      %

Mr.x.                  Xxxxxx              25০০০০                     25%

Bank                                                   75০০০০                     75%

 

Grant Total =                                                1০,০০,০০০

অথবা

 

Partners         Qualification             Invested
amount
     %

You.                 Xxxxxx                1,০০,০০০                  10%

Mr.x.                                                   75,০০০                      7.5%

Mr.Y.                                                   75,০০০                     7.5%

Bank                                                   7,75,০০০                  75%

 

Grant Total =                                                1০,০০,০০০

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top