মানুহৰ শৰীৰটোত কিযে আচৰিত কাণ্ড কিছুমান ঘটি থাকে ভাবিলে আচৰিত লাগে৷ কণমাণি শিশুবোৰ কিশোৰ হয়, যুৱক–যুৱতী হয়, তাৰপিছত মানুহৰ মাজতে আৰু এটা প্ৰাণ আহি স্থিতি লৈ জন্ম হয়৷ এইবোৰ কথাই কেতিয়াবা আচৰিত কৰি থাকে এই শক্তি প্ৰাকৃতিক, ঐশ্বৰিক, যদি ঐশ্বৰিক বা প্ৰাকৃতিক আমি এইবোৰ শক্তি প্ৰত্যক্ষ নকৰো কিয় ? অদ্ভূত লাগে জাগৰিত হৈ থকা শাৰীৰিক কথা–কাণ্ডবোৰৰ কথা ভাবি, কামনা, বাসনাবোৰ কেনেকৈ যে থাকে মন, শৰীৰ আদিৰ লগত৷ আত্মা মানে চৈতন্য শক্তি তাক জানো বাদ দিব পাৰি৷
ঐশ্বৰিক এই মানুহৰ শৰীৰটোৰ দ্বাৰাই মন–আত্মা আৰু কৰ্মৰ সংযোগৰ মানুহে যে কিমান শক্তিশালী আৱিস্কাৰ কৰিছে ভাবিলে আচৰিত লাগে৷ এই ভাৰতবৰ্ষতে, যি যুগান্তকাৰী আৱিস্কাৰ হৈছে আৰু হ’বলৈ গৈ আছে ভাবি চাওঁকচোন সংখ্যাৰ আৱিস্কাৰ, আৰ্য়ুবেদ, যোগ ধ্যান আজি পৃথিৱীৰ সকলোতে সমাদৃত৷ বিজ্ঞানৰ অগ্ৰগতি এতিয়া সাধাৰণ মানুহে, কল্পনা নকৰা ধৰণে–বিস্ময়কৰ হৈ গৈ আছে৷ প্ৰতিদিনে আমি ঘৰে ঘৰে ব্যৱহাৰ কৰি থকা বিস্ময়বোৰ আছেই, এটা মাত্ৰ বুটাম টিপি আপুনি পৃথিৱীৰ যিকোনো প্ৰান্তত থকা লোকজনৰ লগত বহি কথা পাতিব পাৰে৷ মানে ধৰক, তেওঁক চাই চাই কথা পাতিৰ পাৰে৷ তেওঁৰ ঘৰ দুৱাৰ, খোৱা লোৱা, কাম–কাজ সকলো প্ৰত্যক্ষ কৰিব পাৰে৷ আমেৰিকাত থকা পৰিয়ালৰ লোক এজনে ভাৰতৰ এখন ৰেস্তোৰা বা হোটেলত পৰিয়ালৰ বাবে ভোজ–ভাতৰ যোগাৰ কৰি দি খুৱাব পাৰে, তেওঁ নাহিলেও খুৱাব পাৰে চাব পাৰে, আনন্দ ল’ব পাৰে৷ এইবোৰ বহুদিনৰ পৰা চলি থকা, পাই থকা কথা৷ কিন্তু এই বছৰ ২০২১ চনৰ মাৰ্চ মাহত মোৰ লগত এক অদ্ভূত আচৰিত কাণ্ড হ’ল৷ মোৰ শৰীৰৰ এটা অংগ ৰবটে কাটি উলিয়াই দিলে মানে [ৰবটিক্ছ চাৰ্জাৰী]৷
মাৰ্চ মাহৰ ২৫ তাৰিখে মই বাংগালোৰৰ এপল হস্পিতেলত ভৰ্তি হলো৷ চ্ছ তাৰিখে অপাৰেশ্যন হ’ল৷ অপাৰেশ্যনৰ আগত ডাক্তৰে মোক বুজায় আছিল৷ প্ৰায় এসপ্তাহৰ আগৰ পৰা নানান পৰীক্ষা নিৰীক্ষা চলি আছিল৷ বৰ্তমান অপাৰেশ্যনৰ ক্ষেত্ৰখনত ৰবটিক্ছ চাৰ্জাৰী সকলোতকৈ উত্তম আৰু সকলোতকৈ ব্যয় বহুল আৰু অতি কম কষ্টদায়ক৷ কম কষ্টদায়ক কথা শুনি মোৰ সন্তানে ৰবটিক্ছ চাৰ্জাৰীৰ কথাই পাতিলে৷ মই ইতিমধ্যে শৰীৰৰ সকলো চিন্তা ভগৱানক সমৰ্পণ কৰিলো, তাৰপিছত ডাক্তৰৰ ওচৰত সমৰ্পণ কৰিলো৷ যদিও বেছিকৈ ভাবিলে এটা যন্ত্ৰই [ৰবটে] মোৰ শৰীৰটোৰ ওপৰত কটা–চিঙা কৰিব বোলা কথাষাৰ পৰা এখন ভয় লগা ছবিৰ সৃষ্টি মনত হৈ থাকে৷ সেয়ে মই ভাবিবলৈ বাদ দিলো৷
মোক অপাৰেশ্যন কক্ষত সুমুৱাই চেতনাহৰণ কৰাৰ আগতে ডাক্তৰে আগতে কোৱা কথাখিনিকে পুনৰ ক’লে৷
ৰবটৰ দ্বাৰা তোমাৰ অপাৰেশ্যন হ’ব৷ পেটত পাঁচটা ফুটা কৰিব আৰু তোমাৰ জৰায়ু উলিয়াই দিয়া হ’ব৷ সন্তান প্ৰসৱ কৰাৰ দৰে [নৰমেল ডেলিভাৰী]৷ মোৰ কথাবোৰ শুনি শুনি যথেষ্ট পুৰণা হৈছে৷ মোৰ প্ৰতিক্ৰিয়া একেই আছে৷ মই এটা যন্ত্ৰৰ ওপৰত আস্থা যিহেতু ৰাখিব পৰা নাই৷ মই কেৱল ভগৱানৰ কৃপা

বিচাৰো আৰু গুৰুক আহ৩ান কৰো৷ চকু মদি মই অপাৰেশ্যনৰ আগমুহূৰ্ততো হাতযোৰ কৰি প্ৰাৰ্থনা কৰি আছো৷ ডাক্তৰে কি কৈছে মোৰ কোনো কাণষাৰ নাই৷
মোৰ অপাৰেশ্যন হৈ গ’ল, ৰবটে কৰিলে৷ ডাক্তৰৰ কি ভূমিকা, ৰবটত কি ভূমিকা মই নাজানিলো, কাৰণ মোক অজ্ঞান কৰি লোৱা হৈছিল৷ তথাপি ভাবক পেটৰ ওপৰত এটা ৰবটে পেট ফুটা কৰিলে, কেচি, কটাৰী কি সুমুৱালে নাজানো মাত্ৰ ওপৰ পেটত দুটা ফুটা দাঁতিকাষে আৰু তিনিটা ফুটা, নাভিৰ ওপৰত ফঁুটা কৰি তলপেটৰ জৰায়ুতো উলিয়াই দিলে৷ এটা এটা টেপ লগাই দিলে৷ ফঁুটা কৰা স্থানত ষ্টেপল মাৰি দিলে৷ দুসপ্তাহৰ পিছত ষ্টেপল খুলিলো ফুটা কৰা স্থান শুকাই আছিল৷ যেন কাগজৰহে খেলা, ষ্টেপল মৰিছিলে চে’লটেপ মাৰি দিলে৷ বিজ্ঞান আৰু মানুহৰ অহৰহ প্ৰচেষ্টাত নিতৌ নৱ আৱিস্কাৰ হৈ আছে৷ আজিৰ পৰা কেইদশক মানৰ আগলৈকে এনে কথাবোৰ ক’ৰবাত সাধুকথা হৈহে আছিল যেন লাগে৷ যেনে ধৰক এটা যন্ত্ৰ আহি আপোনাৰ শৰীৰৰ ওপৰত উঠিল তাৰ বিদ্যুৎ চালিত বুটাম টিপি দিলে তাক যিমতে নিৰ্দেশ [যান্ত্ৰিক] দিয়া হৈছে সেইমতেই মেচিনৰ অংশ চালিত হৈ কাম কৰি গৈছে৷ মেচিনৰ দ্বাৰা সংগঠিক কাম আমি বহুত দেখিছো শুনিছো৷ ব্যৱহাৰ কৰিছো, কিন্তু জীৱ থকা মানৱ শৰীৰ এটাত নিৰ্জীৱ এটা যন্ত্ৰই কটা–চিঙা কৰা কথাতো মোৰ বাবে একেবাৰে নতুন আৰু আচৰিত আছিল৷ হাৰ্টৰ ৰবটিক্ছ চাৰ্জাৰী হেনো বেছি হয়৷ মই গম পালো সেই কথা এপলহস্পিতেলত৷ তেওঁলোকে কলে সপ্তাহৰ প্ৰায়কেইদিন ৰবটৰ ব্যৱহাৰ হাৰ্ট চাৰ্জাৰীৰ বাবে হয়৷ শুকুৰবাৰটোহে গায়ন’কলজীৰ বিভাগে পায়৷ গতিকে মোৰ অপাৰেশ্যন শুকুৰবাৰে হ’ল৷ কিন্তু এই ৰবটিক্ছ চাৰ্জাৰী ইতিমধ্যে অসমতে তিনিবছৰৰ আগতেই হৈছে৷ মই ভাবিছিলো অসমত এনে উন্নত পদ্ধতিৰ অপাৰেশ্যন হ’বলৈ নি(য় কিছুদিন লাগিল৷ কিন্তু মোক আচৰিত কৰি মোৰ এগৰাকী বান্ধৱীয়ে কলে তেওঁৰো ৰবটিকছ চাৰ্জাৰী হৈছিল৷ আজিৰ পৰা তিনিবছৰৰ আগতে যোৰহাটৰ বান্ধৱীৰ অপাৰেশ্যন গুৱাহাটীত হৈছিল৷

অস্ত্ৰোপচাৰ কৰাৰ সৌভাগ্য অসমতো আছে আমি আগতে গম নাপাওঁ৷ অপাৰেশ্যন কৰি পিছদিনাই খোজ কাঢ়িবলৈ দিয়ে৷ পৰাও যায় কাৰণ চিলাইৰ বিষ নাই৷
এই কথাবোৰ আমি জানিব লাগে৷ কোনোবাখন হস্পিতেলৰ অভাৱ–অনাটনবোৰ লৈ বাতৰি কৰাতকৈ কেতিয়াবা এনে বাতৰিও সংবাদ মাধ্যমে ৰাইজক দিব পাৰে৷ ৰাইজে গম পাব লাগে আমাৰ উন্নতি বিলাক, অগ্ৰগতি বিলাক৷ বিজ্ঞানৰ কি এক পৰ্যায়ৰ অভূতপূৰ্ব সাফল্য আহিছে জনা দৰকাৰ৷ অনবৰতে অসমৰ অনুন্নতিৰ বাতৰি দি অসমৰ উঠি অহা প্ৰজন্মৰ মনত ৰাজ্যখনৰ প্ৰতি এক অনিহা আিন দিয়াতকৈ সফলতাৰ বাতৰি দিয়ক৷ আশাৰ সঞ্চাৰ কৰক৷ ঠিক একেদৰে ভাৰতবৰ্ষৰো উন্নত বিশ্ববিদ্যালয়বোৰৰ খবৰ ৰাখক৷ যত পৃথিৱীৰ সকলো দেশৰ লোকে আহি চিকিৎসা লয়, শিক্ষা লয়৷ নিজৰ দেশখনক হেয় জ্ঞান কৰিবলৈ শিকোৱাতকৈ দেশখনক লৈ গৌৰৱ কৰিবলৈ শিকাওঁক, তাৰবাবে দেশখনক ভাল পাব লাগিব৷ ভাল পাওঁক৷