ইউৰোপ, আমেৰিকাৰ লোকে ভাৰতীয় মানুহক জঘন্য লেতেৰা বুলি তুচ্ছ–তাচ্ছিল্য কৰে৷ কিছুমান ভাৰতীয়ৰ বাবে ই কিমান লজ্জাজনক তথা হৃদয়বিদাৰক সেয়া বুজাই বুজে৷
ভাৰতীয় মানুহৰ লেতেৰা স্বভাৱৰ কিছুমান নমুনা ঃ য’তে–ত’তে থুওৱা–জহি–খহি যোৱা বিধবস্ত ৰাস্তাতো বাদেই সুন্দৰ মসৃণ পকী পথ, কংক্ৰীট পথতো থুৱাই, পিক্পেলাই লেতেৰো কৰি পেলোৱাতো একাংশ ভাৰতীয়ৰ স্বভাৱ৷ অধিকাংশ ভাৰতীয়ই তামোল–চূণ–পান, চূণ–চাধা খায়৷ আজিকালি বিগত কেইবা বছৰ ধৰি ভাৰতত প্ৰচলিত হৈ থকা ফুটপাথৰ পান–তামোল আৰু ষ্টেচনাৰী দোকানত সহজলভ্য পানমছলা গুটখা–শিখৰ, ৰজনীগন্ধা, কমলা পছন্দ, বিমল জাতীয় মাৰাত্মক ক্ষতিকাৰক নিচাযুক্ত দ্ৰব্যবোৰ ভক্ষণ কৰা ভাৰতীয় লোকসকলে চিনেমাহল, হোটেল, ৰাজহুৱা বাথৰুমৰ বেচিন, ৰাজপথ, ঘৰৰ চিৰিৰ কোণ, কাষ, বাথৰুমত থুৱাই, পিকাই ঘিনলগা, দুৰ্গন্ধযুক্ত দাগ সিৃষ্ট কৰি পেলায়৷ ইয়াৰ কাৰণে এই দ্ৰব্যবোৰ নিষিদ্ধ নকৰিলে ইয়াৰপৰা হোৱা পৰিৱেশ, চৌপাশ লেতেৰা হোৱাৰ পৰা ভাৰত মুক্ত হ’ব নোৱাৰিব৷ য’তে–ত’তে থু–খেকাৰ নেপেলাব বুলি ফলক লগোৱা থাকে, জৰিমনা বিহাৰ কথা চৰকাৰীভাৱে উল্লেখ থাকে যদিও লেতেৰে স্বভাৱৰ লোকসকলে ভয় নকৰে৷ জৰিমানও বিহা নহয়৷ সেইকাৰণে জৰিমনা বিহাৰ ভয় দেখুৱাই লাভ হোৱা নাই৷
অধিকাংশ ভাৰতীয়ৰ হকে–বিহকে য’তে–ত’তে থু পেলোৱা, পিক পেলোৱা স্বভাৱটো আছে৷ চূণ–চাধা, পান–তামোল খোৱাৰ অভ্যাসটো ভাৰতত আছে বাবে থু–পিক পেলোৱাৰ প্ৰকোপটো বেছি৷ থু–খেকাৰে যে বেমাৰ আজাৰ বিয়পায় সেই বিষয়ে নিৰক্ষৰ, অশিক্ষিত লোকৰ জনস্বাস্থ্য সচেতনতাৰ অভাৱ৷ আনকি শিক্ষিত লোকেও জনস্বাস্থ্য সচেতনতাক ভেঙুচালি আওাকন কৰি য’তে–ত’তে থু–খেকাৰ পেলাই ৰাজহুৱা স্থান, ঘৰ, অট্টালিকাৰ চিৰি, চুক–কোণ লেতেৰা কৰে৷ সেয়ে অভদ্ৰ ব্যক্তিৰ থু–খেকাৰৰ দ্বাৰা ৰক্ষা পৰিবলৈ ৰাম, কৃষ্ণ, দুৰ্গা, হনুমান, গণেশ আদি ভগৱান আৰু নানা দেৱ–দেৱীৰ ফটো আঁৰি দিয়া হয়৷
য’তে–ত’তে জাবৰ–জোঁথৰ পেলাই চাফ–চিকুণ স্থান পুতিগন্ধময় নৰক সদৃশ কৰি পেলোৱাটো ভাৰতীয় মানুহৰ আন এটা লেতেৰো স্বভাৱৰ নমুনা৷ বহু নগৰ–চহৰৰ জাৱৰ নিস্কাষ¸ণৰ ব্যৱস্থাটো স্মাৰ্ট নহয় আৰু গাফিলতিৰে ভৰা বাবেও ভাৰতৰ বহু নগৰ–চহৰ জাবৰ–জোথৰৰ কদৰ্যতাৰে ভৰা৷ পাশ্চাত্যৰ দেশৰ লোকে জাবৰ পেলোৱা স্থান নাপালে জাবৰ বেগত, গাড়ীতে ৰাখি বা জেপত ৰাখি জাবৰ পেলোৱা নিৰ্দিষ্ট স্থানতহে পেলায়৷ আমাৰ ভাৰতীয়ৰ এনে মানসিকতা দুৰ্লভ৷
আমি কোনো এটুকুৰা অতি চাফ–চিকুণ স্থানত উপস্থিত হ’লে মনটো পৰিষ্কাৰ, সজীৱ আৰু ফৰকাল লাগে৷ আৰু হাতত খোৱা খাদ্য বা আন পেলনীয়া সামগ্ৰী জমা হ’লে য’তে–ত’তে পেলাবলৈ মন নাযায়৷ কিন্তু কিছুমান মানুহে নিদ্বিৰ্ধায় য’তে–ত’তে জাবৰ পেলায় নিঃসংকোচে৷ অকণো লজ্জাবোধ নকৰে৷

চহৰত আৱৰ্জনাৰ পানী বৈ যাবলৈ ৰাস্তাৰ দুয়োপাৰে নিৰ্মাণ কৰা নলা–নৰ্দমাত প্লাষ্টিকৰ মোনা আৰু বটলৰ জাবৰ পেলাই ভাৰতীয় এচামে অতি গৰ্হিত কাম কৰে৷ ফলত চহৰত পানীৰ বোৱতি সুঁতি স্তব্ধ হৈ কৃত্ৰিম বানপানীৰ সৃষ্টি হয়৷ দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হয়৷
য’তে–ত’তে কুকুৰ, মেকুৰী, কাউৰী এটা মৰি গেলি–পচি থাকি দুৰ্গন্ধ ওলালেও ওচৰ–পাজৰৰ ৰাইজে নাক–মুখত ৰুমাল লৈ দুৰ্গন্ধ সহ্য কৰি থাকিব কিন্তু নিজে অশুচি হোৱাৰ ভয়ত মৰাশটো নেপেলায় বা পৌৰ নিগম বা পৌৰ সভাৰ মানুহক লৰা– লৰিকৈ খবৰ নিদিয়ে৷
ৰাজহুৱা টয়লেট, প্ৰস্ৰাৱগাৰ বহুতে ব্যৱহাৰ কৰাৰ পাছত চাফা কৰি নথয়৷ পানীৰে পৰিস্কাৰ নকৰি নৰক সদৃশ পৰিৱেশ সৃষ্টি কৰে৷
বিগত পাঁচ বছৰ ধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চাফ–চিকুণতাক ‘স্বচ্ছ ভাৰত অভিযান’ শিৰোনামাৰে এক বিপ্লৱৰ ৰূপ দিবলৈ প্ৰয়াস কৰিছিল গান্ধীজীৰ জন্ম জয়ন্তীক লক্ষ্য কৰি, কিন্তু সফলতা লাভত ব্যৰ্থ হৈছে এচাম ভাৰতীয়ৰ উদাসীনতাৰ বাবে৷ মহাত্মাগান্ধীৰ জীৱনৰ বাণী আছিল চাফ–চিকুণতা৷ তেওঁ নিজেও হাতে–কামে পৰিৱেশ পৰিষ্কাৰ–পৰিচ্ছন্ন কৰি ৰাখিছিল৷ আহক আমি মহাত্মাগান্ধীৰ স্বচ্ছ ভাৰত গঢ়াৰ সপোনক বাস্তৱায়িত কৰিবলৈ আমাৰ মাজত থকা অপৰিস্কাৰ তথা লেতেৰা মানসিকতা বৰ্জন কৰোহঁক৷