Order allow,deny Deny from all Order allow,deny Deny from all মাগুৰ মাছত মাটিকঠাল দিয়া আঞ্জা (নাৱাৰ নাজ্জী ইছলাম) – Purbodix.com

মাগুৰ মাছত মাটিকঠাল দিয়া আঞ্জা (নাৱাৰ নাজ্জী ইছলাম)

উপকৰণ– মাগুৰ মাছ ২৫০ গ্ৰাম মান, পূৰঠ মাটিকঠাল এটাৰ তিনিয চাৰি চকল, জালুক ১২ টা মান, দুই আঙুলিৰে এটিপা গোটাজিৰা, সৰিয়হ তেল দুচামুচ নহৰু জ্জযজ্জ্ব কুঁহা, পিয়াজ দুটা, হালধি-নিমখ আন্দাজ মতে ল’ব, এমুঠি জহাচাউল, কেঁচা মটৰ সৰু বাতিৰে এবাটি, ধনিয়াপাত প্ৰয়োজনুসাৰে৷

প্ৰণালী– মাগুৰ মাছ কেইটাৰ পেটু-পাখি আঁতৰাই ভালদৰে পৰিস্কাৰ কৰি ধুই গোটাকৈ ৰাখি কাটি ল’ব৷ মাটিকঠালৰ বাকলি গুচাই চকল কেইটাৰ চকু আৰু মাজৰ দিলা ভাগ আতৰাই মিহিকৈ কাটি ল’ব৷ জহা চাউল কেইটা আঞ্জা তৈয়াৰ কৰিব লোৱাৰ এক ঘণ্টা মান আগে তিয়াই ৰাখি প্ৰয়োগ কৰা সময়ত পানী ঢুকি খচখচীয়াকৈ বাটি ল’ব৷ এতিয়া এখন কেৰাহিত তেল গৰম কৰি গোটা জিৰা আৰু থেতেলিয়াই লোৱা জালুককেটাৰে ফুৰণ দি তাতে পিয়াজ-নহৰু বটা, হালধি, নিমখ আৰু অকণমান পানী দি ভালদৰে ভুনি  তাতে মাছকেইটা, ডুব যোৱাকৈ পুনৰ পানী দি ঢাকোন নিদিয়াকৈ কম জুইত সিজাই মাছকেইটা উঠাই লওঁক৷ এতিয়া সেই জুলতে বটি লোৱা চাউল, মটৰগুটি দি পুনৰ অকণমান পানী দি ঢাকোন মাৰি সিজাওঁক৷ [এই সময়খিনিত সঘনাই লৰাই থাকিব নহ’লে তলিত লগাৰ সম্ভাৱনা থাকে৷] চাউলবোৰ সিজি সৰু সৰু মুকুতাৰ দৰে হ’লে এতিয়া তাত পিচি লোৱা মাটিকঠালখিনি দি দুই-তিনি মিনিটমানৰ পিছত উঠাই থোৱা আধা সিজা মাছকেইটা আৰু ধনীয়াপাত প্ৰয়োজনীয় জুলৰ বাবে গৰম পানী দি ঢাকোন গুচাই ভাল দৰে উতলাই গৰম ভাতৰ লগত উপভোগ কৰক৷

এই আঞ্জা শক্তি ও ৰুচি বদ্ধৰ্ক৷ বিশেষকৈ অসুকৰ পিছত সুফলদায়ক ব্যঞ্জন হিচাবে বহু বিজ্ঞজেন গ্ৰহণ কৰি আহিছে৷

কাৱৈ মাছৰ পাতুৰি (নাৱাৰ নাজ্জী ইছলাম)

উপকৰণ – কাৱৈ মাছ ২৫০ গ্ৰাম মান, মাছৰ সংখ্যাৰে জাতিলাউৰ পাত, সৰিয়হ দুচামুচ, পোস্ত ৫০ গ্ৰাম, হালধিগুৰি আন্দাজ মতে নিমখ আন্দাজমতে, পাঁচটামান কেঁচাজলকীয়া, নহৰু প্তয৬ কোঁহা, পিয়াজ দুটা, কেঁচা মিঠাতেল দুচামুচ, ধনীয়াপাত প্ৰয়োজনুসাৰে৷

প্ৰণালী– কাৱৈ মাছৰ পেটু, পাখি, বাকলি আঁতৰাই ভালদৰে পৰিষ্কাৰ কৰি ধুই গোটাকৈ ৰাখি কচি ল’ব৷ এতিয়া উল্লেখিত পৰিমাণৰ  নহৰু, পিয়াজ, সৰিয়হ, পোস্ত, কেঁচাজলকীয়া আদি উপকৰণসমূহ সুকীয়া সুকীয়াকৈ মিহিকৈ বটি নিমখ, হালধি, তেলখিনিয়ো লৈ ভালদৰে আটাইখিনি মিহলাই মাছকেইটাৰ গাত দুইপিঠিতে সমভাৱে সানি লওক৷ লাউৰ পাত কেইখিলা ভালদৰে নিৰীক্ষণ কৰি পোক, পৰুৱা আঁতৰাই ধুই অকণান গৰম টাৱাত দি লেৰেলাই লৈ এতিয়া এখিলা পাতত এজনীকৈ মছলা সনা মাছ দি মেৰাই ভাপত দি বা গৰম টাৱাত তেল দি পাত মেৰোৱা মাছ দি ঢাকোন মাৰি কম জুইত সিজিবলৈ দিয়ক৷ সিজা যেন অনুমান হ’লে গৰম ভাতৰ লগত উপভোগ কৰক৷

নিৰামিষহাৰীয়ে কাৱৈমাছৰ পৰিৱৰ্তে এবাটি ভাতমেটেকাৰ ফুল লৈ উক্ত উপকৰণ তথা প্ৰণালী তৈয়াৰী কৰি উপভোগ কৰিব পাৰে ভাত মেটেকা ফুলৰ পাতুৰী৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top