
সৰুৰে পৰা সাংস্কৃতিক ক্ষেত্ৰখনতে কাম কৰাৰ প্ৰবল ইচ্ছা থকা মণিকা সিন্হাই চিত্ৰাংকণৰ দ্বাৰা প্ৰথম খোজ পেলায়৷ মডেলিং আৰু অভিনয় কৰাৰ প্ৰবল ইচ্ছা থকাৰ পাছতো এই ক্ষেত্ৰখনত কাম কৰাৰ প্ৰকৃত সুযোগ পোৱা নাছিল৷ মডেলিং আৰু অভিনয় কৰাৰ ইচ্ছা মনত বান্ধি ৰাখি নিজৰ কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰে৷ তাৰ পাছত তেওঁ চাকৰি কৰিবলৈ লয়৷ পৰৱৰ্তী সময়ত শ্ৰীপ্ৰতীম নাৰায়ণ সিন্হাৰ লগত বিবাহপাশত আৱদ্ধ হয়৷ বিয়াৰ পাছত মণিকাই মডেলিঙৰ ক্ষেত্ৰখনত প্ৰথম সুবিধাটো পায় যদিও বিয়াৰ পাছত নিজৰ ঘৰৰ মানুহখিনিৰ পৰা সহাঁৰি নাপাই যদিও প্ৰায় এবছৰৰ পাছত ঘৰৰ মানুহে মণিকাক মডেলিং আৰু অভিনয় কৰিবলৈ অনুমতি দিয়ে৷ তাৰপাছতহে তাই মডেলিং ক্ষেত্ৰত প্ৰথম খোজ পেলায়৷ কিন্তু প্ৰথম মডেলিং শ্ব’খনত বিফলতাৰ মুখে দেখে৷ তাৰ পাছত মণিকাই প্ৰশান্ত ঘোষৰ ওচৰত মডেলিঙৰ প্ৰশিক্ষণ লয় আৰু তাৰ পাছত পুনৰ মডেলিঙৰ ক্ষেত্ৰখনত কাম কৰিবলৈ আৰম্ভ কৰে৷ ২০১৮ ত MIG দ্বাৰা অনুস্থিত Mrs India International Global অনুষ্ঠানত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হোৱাৰ বাবে
MIG ৰ দ্বাৰা অনুষ্ঠিত
Mrs International Global ২০১৮,
World Finale ত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ Direct entry পালে৷

পালে৷ ২০১৮ চনত মণিকাই মালয়েচিয়াত MIG ৰ দ্বাৰা অনুস্থিত হোৱা উক্ত প্ৰতিযোগিতাত Mrs International Global Energetic আৰু
Mrs International World Ambassador ২০১৮ শীৰ্ষক সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হয়৷ তাৰ পাছত মণিকা সিন্হাই কোনো দিন পাছলৈ উভতি চাব লগা হোৱা নাই৷ অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা বহু মডেলিং শ্ব’ত বিচাৰক হিচাবে কাম কৰি অহাৰ লগতে বহুতো নতুন মডেলক মডেলিঙৰ প্ৰশিক্ষণো দি আহিছে৷ তাৰ পাছত মণিকাই অভিনয়ৰ ক্ষেত্ৰখনলৈ খোজ পেলায়৷ প্ৰথমে অবিনাশ সিন্হাৰ দ্বাৰা পৰিচালিত এটা মণিপুৰি মিউজিক ভিডিঅ’ত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়৷ তাৰ পাছত পুনৰ মনোজ সিন্হাৰ দ্বাৰা পৰিচালিত এটা হিন্দী মিউজিক ভিডিঅ’ত অভিনয় কৰে তাৰ লগতে মণিকাই বিভিন্ন কেলেণ্ডাৰ শ্ব’, বিজ্ঞাপন আদিতো কাম কৰি দৰ্শকৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পাছত মণিকাই ২০২১ চনত Miss/Mrs North-East India
International Global অনুষ্ঠান গুৱাহাটীত অনুষ্ঠিত কৰে৷ ইয়াত মণিকাক Puhar Event গু Entertainment আৰু MIG-ৰ Sharon Too আৰু Timothy Gan য়ে বিশেষ ভাবে সহায় কৰিছিল৷
সৰুৰে পৰা মঞ্চত মডেলিং আৰু অভিনয় ক্ষেত্ৰখনত কাম কৰাৰ যি হেঁপাহ আছিল সেইয়া বিয়া হোৱাৰ পাছত বহু বাধা–বিঘিনি নেওচি বহু কষ্ট কৰি প্ৰথম অৱস্থাত বিফল হোৱাৰ পাছতো নিজৰ মনোবল নাভাঙি একক প্ৰচেষ্টাৰে আজি মণিকা সিন্হা মডেলিং জগতত নিজক প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে৷ মণিকা সিন্হা আৰু আগুৱাই যাওঁক তাকে আিম কামনা কৰো৷