বাৰমুখীয়াৰ পৰা টকিঅ’লৈ লাভলিনাৰ দীঘলীয়া যাত্ৰা (দেৱজিৎ ফুকন) – Purbodix.com

বাৰমুখীয়াৰ পৰা টকিঅ’লৈ লাভলিনাৰ দীঘলীয়া যাত্ৰা (দেৱজিৎ ফুকন)

হঠাতে আহিছিল খবৰটো৷ পাছদিনা পুৱাই গুৱাহাটীৰ ছাই কেন্দ্ৰত উপস্থিত লাগে ১৩ বছৰীয়া কিশোৰীগৰাকী৷ বাৰমুখীয়াৰ পৰা গুৱাহাটীলৈ প্ৰায় তিনিশ পঞ্চাছ কিলোমিটাৰ৷ যাতায়তৰ কোনো ব্যৱস্থা নথকাত দেউতাক টিকেন বৰগোহাঁই মহা বিপদত পৰিল৷ আন কোনো উপায় নাপাই মাজনিশা কামৰূপ এক্সপ্ৰেছত জেনেৰেল ডবাত কিশোৰী লাভলিনাক লৈ দেউতাকে গুৱাহাটীলৈ বুলি যাত্ৰা কৰিলে৷ ৰেলত কণমানিজনীৰ কাৰণে এটা ছিটো খালী নাপালে৷ ফলত ৰেলগাড়ীৰ শৌচালয়ৰ সন্মুখত এখন বিছনা চাদৰ পাৰি নিজ কন্যাক শুবলৈ দি নিজে ওৰে নিশা জীয়ৰীৰ কাষত বহি গুৱাহাটীলৈকে; আৰু পিছদিনা গুৱাহাটীৰ ছাই কেন্দ্ৰত উপস্থিত ল৷ বক্সাৰ লাভলিনাৰ বক্সিং জগতত সেয়াই আছিল প্ৰথম পদাৰ্পণ৷ সেয়া আছিল ২০১১ চনৰ কথা৷ তাৰ পাছত আৰু কিশোৰীগৰাকী থমকি ৰোৱা নাই৷ আজি সেই লাভলিনাই অসমৰ প্ৰথমগৰাকী মহিলা হিচাপে অলিম্পিক খেলত যোগদানৰ যোগ্যতা অৰ্জন কৰিছে৷ গোলাঘাট জিলাৰ বৰপথাৰ নগৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ আঁতৰৰ বাৰমুখীয়াৰ পৰা আৰম্ভ কৰা যাত্ৰাসফলতাৰে ভৰপূৰ৷ এটা নিম্ন মধ্যবিত্ত পৰিয়ালত আৰ্থিক অনাটনৰ মাজত ডাঙৰদীঘল হোৱা টিকেন বৰগোহাঁই আৰু মামণি বৰগোহাঁইৰ তৃতীয়া কন্যা লাভলিনা সৰুৰে পৰাই আছিল এক ব্যতিক্ৰম৷ আমাক দেউতাকে জনোৱা অনুসৰি ছোৱালীৰ সলনি ৰাই কৰা কামকাজবিলাকত লাভলিনাৰ আছিল বেছি আগ্ৰহ৷ ঘৰত খেতিবাতি কৰাৰ উপৰি লাভলিনাই দুই জ্যেষ্ঠ ভগ্নীৰ লগত ঘৰত চাহ পুলি ৰোৱা, সাঁচি, চেগুণ পুলি ৰোৱাৰ পৰা আৰম্ভ কৰি পুখুৰী খন্দালৈকে সকলো কামতেই আগ্ৰহী আছিল৷ প্ৰতি বৃহস্পতিবাৰে বৰপথাৰৰ সাপ্তাহিক বজাৰত শাকপাচলি বিক্ৰী কৰাটো আছিল স্কুলীয়া জীৱনত লাভলিনাৰ নিয়মিত কাম৷

টিকেন বৰগোহাঁইৰ ঘৰখন

লাভলিনাৰ দেউতাকৰ নাম টিকেন বৰগোহাঁই৷ পত্নী মামণি আৰু তিনিগৰাকী কন্যাৰে এটা সুখী পৰিয়াল৷ জ্যেষ্ঠ দুই কন্যা লিছা আৰ লিমা যমজ, আৰু দুয়ো বৰ্তমান বি. এছ. এফ. আৰু চি.আই.এছ.এফৰ জোৱান৷ লিছাই শিলিগুৰিত বি.এছ.এফ. জোৱান হিচাপে কৰ্মৰত আৰু লিমা যোধপুৰ বিমান বন্দৰত চি.আই.এছ.এফ. জোৱান হিচাপে কৰ্মৰত৷ দেউতাক টিকেন বৰগোহাঁই পূৰ্বতে এখন চাহ বাগিচাত কাম কৰিছিল যদিও ২০১০ চনমানৰ পৰা সৰুসুৰা ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰি আহিছে৷ শেহতীয়াভাৱে ৰাজনৈতিক পথাৰত ভৰি দিয়া টিকেন বৰগোহাঁই বৰ্তমান পূব বৰপথাৰ গাঁও পঞ্চায়তৰ কাউন্সিলাৰ৷

১৯৯৭ চনৰ অক্টোবৰৰ গান্ধী জয়ন্তীৰ দিনাই লাভলিনাৰ জন্ম হৈছিল৷ সেই সময়ত টিকেন বৰগোহাঁইহঁতৰ ঘৰৰ অৱস্থা বৰ ভাল নাছিল আৰু সেই কাৰণেই ২০০০ চনতে দেউতাকে বগীজানৰ এখন চাহবাগিচা চোৱাচিতাৰ কামত সোমায় আৰু ২০১০ চনলৈলেকে মাকেই অকলে তিনিওগৰাকী ছোৱালীক ডাঙৰদীঘল কৰিবলগীয়া হৈছিল৷ ২০১১ চনত বৰপথাৰ ছোৱালী হাইস্কুলত অষ্টম শ্ৰেণীত পঢ়ি থকাৰ সময়তে মাৰ্ছিয়েল আৰ্টমোৱা থাই’ (Mua Thai) এক প্ৰশিক্ষণ বৰপথাৰত অনুষ্ঠিত হয়৷ প্ৰশান্ত দাস নামৰ এগৰাকী প্ৰশিক্ষকৰ তত্বাৱধানত ২০১১ চনতমোৱা থাই প্ৰশিক্ষণ লৈ প্ৰথম যোৰহাটত প্ৰতিযোগিতাত যোগদান কৰি লাভলিনাই পদক লাভ কৰে৷

তাৰ পাছত ঝাৰখণ্ড আৰু অসমৰ সোণাপুৰত হোৱা মোৱা থাই প্ৰতিযোগিতাত পদক লাভ কৰে৷ সেই বছৰেই সৰুপথাৰলৈ অহা ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ এটা দলৰ সন্মুখত বৰপথাৰ ছোৱালী হাইস্কুলৰ শাৰীৰিক নিৰ্দেশক ভবানন্দ লাহনৰ তৎপৰতাত লাভলীনাই ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰে আৰু তিনিমাহৰ পাছত হঠাৎ খবৰ আহে পৰৱতীৰ্ দিনা গুৱাহাটীৰ ছাই কেন্দ্ৰত যোগদান কৰিবৰ বাবে৷ সেয়াই আৰম্ভণি৷ পূৰ্বতে উল্লেখ কৰা ধৰণৰ এক বেদনাদায়ক ৰেল যাত্ৰাৰে লাভলিনাৰ ক্ৰীড়া জীৱন মোৱা থাইৰ পৰা বক্সিঙলৈ উত্তৰণ ঘটে৷ বিগত এটা দশক লাভলিনাৰ বাবে বক্সিঙেই যেন জীৱনৰ সকলো৷ অতি সীমিত সাসুবিধাৰে লাভলিনাই এটা দশকৰ প্ৰচেষ্টাৰ অন্তত আজি অসমৰ প্ৰথমগৰাকী মহিলা হিচাপে অলিম্পিকত যোগদানৰ যোগ্যতা অৰ্জন কৰিছে৷ আমাৰ লগত হোৱা কথাবতৰাত দেউতাক টিকেন বৰগোহাঁয়ে লাভলিনাৰ জীৱনৰ বিভিন্ন কাহিনী ব্যক্ত কৰিছিল৷

পোচাকৰ অভাৱৰ মাজতো সফলতা আঁজুৰি আনিছিল তাই

আৰ্থিক দৈনতাৰ মাজতো লাভলিনা কোনো দিনেই থমকি ৰোৱা নাছিল৷ দেউতাকে জানিবলৈ দিয়া অনুসৰি লাভলিনাই এবাৰ কলিকতাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত যোগদান কৰিবলৈ যোৱাৰ সময়তে ৰিঙত নামিবলৈ এযোৰ পোচাকৰ অভাৱ হোৱাত অসমৰে এগৰাকী প্ৰতিযোগীক তেওঁৰ খেলৰ পোচাকযোৰ বিচাৰিছিল৷ কিন্তু লগৰ প্ৰতিযোগীগৰাকী প্ৰতিযোগিতাত পৰাজিত হোৱাৰ পাছত সেই পোচাকযোৰ লাভলিনাই বিচৰাৰ পাছতো নিদিছিল৷ যাৰ ফলত এগৰাকী জ্যেষ্ঠ খেলুৱৈৰ পৰা এযোৰ ডাঙৰ পোচাক লৈ সেই জলহু পোছাক পৰিধান কৰি পদক আঁজুৰি আনিছিল৷ সেই সময়ত লাভলিনাৰ বয়স আছিল মাথোঁ ১৫ বছৰ৷

ৰাৰ কামতহে লাভলিনাৰ অধিক হেঁপাহ

সৰুৰে পৰা লাভলিনাই ৰাৰ কামকাজবোৰ কৰিহে ভাল পায়৷ তিনিগৰাকী ছোৱালীৰে পৰিপূৰ্ণ পৰিয়ালটোত ঘৰখনৰ সকলো ৰাৰ কাম লাভলিনাই কৰে৷ আনকি চুলিবোৰো সৰুৰে পৰা ৰাৰ দৰে কাটি ৰাখে৷ হাফপেণ্ট, স্পৰ্টিং আৰু এটা টুপী পিন্ধি ঘৰৰ শাকপাচলি বজাৰত বিক্ৰী কৰিবলৈ নিয়া লাভলিনাক আনকি বৰপথাৰ সাপ্তাহিক বজাৰত গ্ৰাহকসকলেভাইটিবুলিহে মাতিছিল৷ ঘৰৰ পিছফালে থকা পুখুৰীটো লাভলিনা আৰু দুই জ্যেষ্ঠ ভগ্নীয়ে নিজেই খান্দিছিল৷ তেনেদৰে ঘৰৰ সৰু চাহ বাগিচাখনো প্ৰাণ পাই উঠিছিল লাভলিনা আৰু দুই জ্যেষ্ঠ ভগ্নীৰ হাতত৷ ঘৰত সাঁচি পুলি ৰোৱা, চেগুণ পুলি ৰোৱাৰ পৰা আৰম্ভ কৰি অধিকাংশ কাম ছোৱালী তিনিজনীৰ দ্বাৰাই হৈছিল৷

মেখেলাচাদৰ পিন্ধাৰ ভয়ত ছাইত যোগদান কৰিছিল লাভলিনাই

বৰপথাৰ ছোৱালী হাইস্কুলত ক্লাছ এইটলৈ পোৱাৰ পাছত ছোৱালীৰ বাবে মেখেলাচাদৰ পিন্ধাটো বাধ্যতামূলক আছিল৷ লাভলিনাই তাইৰ বায়েকহঁতৰ ইউনিফৰ্মৰ মেখেলাচাদৰ পিন্ধি স্কুললৈ যায়৷ কিন্তু বায়েকহঁততকৈ লাভলিনা বহুত ওখ৷ বৰ্তমান লাভলিনাৰ উচ্চতা পাঁচ ফুট এঘাৰ ইঞ্চি৷ গতিকে বায়েকহঁতৰ চাদৰমেখেলা পিন্ধিলে কলাফুল ওলাই থাকে৷ তদুপৰি লগৰ ছোৱালীবিলাক তাইতকৈ বহু চাপৰ৷ এনে অৱস্থাত লাভলিনাই বিদ্যালয়লৈ যাবলৈ মন নকৰা আৰু ক্ৰমাৎ পঢ়াশুনাৰ প্ৰতি ধাউতি কমি ল৷ যাৰ ফলত ক্লাছ নাইনৰ বছৰেকীয়া পৰীক্ষাত লাভলিনাফেইলকৰি থাকিল৷ এনেকুৱা সময়তে ছাইৰ পৰা লাভলিনা নিৰ্বাচিত হোৱাৰ খবৰ আহিছিল৷ মাকে লাভলিনাক বুজাইছিল ছাইত যোগদান কৰিলে আৰু চাদৰমেখেলা পিন্ধি বৰপথাৰ ছোৱালী হাইস্কুললৈ যাব নালাগে৷ দেউতাকে জনোৱা মতে কেৱল চাদৰমেখেলা পিন্ধাৰ পৰাপৰিত্ৰাণ পোৱাৰ আশাতহে লাভলিনাই বক্সিঙৰ প্ৰশিক্ষণৰ কাৰণেছাই যোগদান কৰিছিল৷ অৰ্থাৎ কেৱল চাদৰমেখেলা পিন্ধাৰ ভয়ত গৈ ছাই কেন্দ্ৰত যোগদান কৰা লাভলিনাই আজি অলিম্পিকলৈ ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা পালে৷

প্ৰিয় গাহৰি মাংস

লাভলিনাই সকলো থলুৱা খাদ্য খাই ভাল পায় যদিও অধিক ভাল পায় গাহৰি মাংস খাই৷ বৰ্তমান ইটালীত প্ৰশিক্ষণ লৈ থকা লাভলিনাই সেই ঠাইত গাহৰি খবলৈ পোৱা নাই বুলি জনায়৷ বিগত বছৰ কৰনাৰ প্ৰথম লহৰৰ সময়ত ঘৰলৈ আহোঁতে লাভলিনাই লক্ডাউনত বিধবস্ত হোৱা লোকসকলৰ মাজত সাহায্য বিতৰণতো ব্যস্ত আছিল৷ তদুপৰি পথাৰত ধান ৰোৱাৰ পৰা আৰম্ভ কৰি এতিয়াও ঘৰলৈ আহোঁতে সকলো কামকাজতে জড়িত হয়৷

সফলতাৰ দীঘলীয়া তালিকা

লাভলিনা বৰগোহাঁয়ে ভাৰতীয় বক্সিং জগতলৈ আগবঢ়োৱা অৱদানৰ কাৰণেই ভাৰত চৰকাৰে লাভলিনালৈ আগবঢ়াইছে অতি সন্মানজনকঅৰ্জুন বঁটা ৰাষ্ট্ৰপতি ৰামনাথ কুবিনে লাভলিনাক এই বঁটা প্ৰদান কৰে৷ ২০১১ চনত হোৱা থাই প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক লাভ কৰাৰ পাছৰ পৰা যেন বিগত প্ৰায় এটা দশক লাভলিনাক সফলতাই খেদি ফুৰিছে৷ ৰাষ্ট্ৰীয় পৰ্যায়ত অগণন পদক লাভ কৰাৰ উপৰি ২০১৭ চনত এছিয়ান চেম্পিয়নশ্বিপত সোণৰ পদক, ২০১৮, ২০১৯ বৰ্ষত বিশ্ব বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰে৷ ২০১৮ চনতে ইণ্ডিয়ান অপেন চেম্পিয়নশ্বিপত সোণৰ পদক পোৱা লাভলিনাই নিজৰ যোগ্যতাৰ বলতেই এইবাৰ অলিম্পিকত খেলাৰ সুযোগ লাভ কৰিছে৷ সকলোৰে আশা, এইবাৰ লাভলিনাই ভাৰতবৰ্ষলৈ অলিম্পিক পদক কঢ়িয়াই আনিব৷ নিশ্চিতভাৱে লাভলিনাৰ টকিঅযাত্ৰা বহু পৰিমাণে কঠিন , কিন্তু অসম্ভৱো নহব৷

ইটালীত কঠোৰ অনুশীলন কৰাৰ অন্তত ভাৰতীয় দলটোৱে টকিঅঅলিম্পিকত নিজৰ প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখিছে৷ ইতিমধ্যেই লাভলিনাই প্ৰথমখনবাইলাভ কৰি প্ৰীকোৱাৰ্টাৰ ফাইনেলত জাৰ্মানীৰ লাডিনে এপেটজ্ আৰু কোৱাৰ্টাৰ ফাইনেলত ছাইনিজ টাইপেই ছেননিয়েন শ্বীনক পৰাস্ত কৰি টকিঅ সৱল উপস্থিতি সজোৰে ঘোষণা কৰি অসম তথা ভাৰতীয় ক্ৰিয়া জগতত এক ইতিহাস ৰচনা কৰিছে৷ ৬৯ কেজি শাখাত পৰৱতীৰ্ খেলৰ লাভলিনাৰ মূল প্ৰতিদ্বন্দী তুৰ্কীৰ বুছেনাজ চুৰযেনেলি আৰু চীনৰ গুহংগ৷ আমাৰ সকলোৰে আশা লাভলিনাৰ এই সোণসেৰীয়া যাত্ৰাই অলিম্পিকত পদক জয় কৰি প্ৰতিগৰাকী ভাৰতীয়ক গৌৰাৱান্বিত কৰিব৷ আমি লাভলিনালৈ আগবঢ়াইছো অফুৰন্ত শুভকামনা৷

Leave a Reply

Your email address will not be published. Required fields are marked *