বৰবিহ ড্ৰাগছ নিৰ্মূলকৰণত শূন্য সহনশীলতা আৰু প্ৰশাসনৰ কঠোৰ ভূমিকা – Purbodix.com

বৰবিহ ড্ৰাগছ নিৰ্মূলকৰণত শূন্য সহনশীলতা আৰু প্ৰশাসনৰ কঠোৰ ভূমিকা

অসমৰ নৱ প্ৰজন্মক মৃত্যুমুখলৈ ঠেলি দিয়া ড্ৰাগছ ব্যৱসায়ীসকলক নাকি লগোৱাত যেনেকৈ অসম চৰকাৰ আৰু আৰক্ষী প্ৰশাসনৰ পদক্ষেপে অগ্ৰগতি লাভ কৰিছে তালৈ লক্ষ্য কৰি অসমৰ জনগণে আন্তৰিকতাৰে শলাগ লৈছে৷ সমাজৰ এই বিনাশকাৰী শক্তিসমূহ এদিনতে সৃষ্টি হোৱা নাই৷ আমাৰ শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ শাসনভাৰ লোৱাৰ লগে লগে এই বিষবাষ্পবিধ আঁতৰাবলৈ আৰক্ষীক সজোৰে দায়িত্ব দিয়াৰ লগে লগে সাফল্যমণ্ডিত হৈছে প্ৰতিটো পদক্ষেপ৷ আজি তিনিবছৰমান আগতে ডিব্ৰুগড়ৰ ভিজি নাৰ্ছিং হোমখনত প্ৰত্যক্ষ কৰোতে ড্ৰাগছ আসক্ত যুৱকযুৱতীসকলক দেখিয়েই বুজা গৈছিল নৱপ্ৰজন্ম কিমানখিনি বুৰ গৈছিল এই ধবংসমুখী আসক্তিত৷ বছৰ বছৰ ধৰি এই নিচাবিধ সেৱন কৰি এখন সাম্ৰাজ্য গঠন হৈছিল৷ এদিনতে কেতিয়াও এনেদৰে বিস্তাৰিত হোৱা নাছিল৷ তেন্তে পোন্ধৰ বছৰীয়া কংগ্ৰেছ চৰকাৰ আৰু বিগত বছৰত চৰকাৰে এইবোৰ দেখা নাছিল, নে ৰহস্যজনকভাৱে মৌন হৈ আছিল? আৰক্ষী প্ৰশাসনৰ হয়তো বহু ক্ষেত্ৰত হাতবন্ধা আছিল৷ তেওঁলোকৰ ওপৰত বৰ্তমান সম্পূৰ্ণ দায়িত্ব অৰ্পণ কৰাৰ বাবেই প্ৰতিটো কামৰ ফলাফল হয়তো ইতিবাচক হৈছে৷ ভাব হয়, অন্য ৰাজ্যৰ তুলনাত অসম আৰক্ষী এইক্ষেত্ৰত অধিক আগৰণুৱা আৰু সতৰ্ক৷ এইখিনিতে বিশেষভাৱে নাম লাগিব অসমৰ বৰ্তমানৰ আৰক্ষীৰ সঞ্চালক ভাস্কৰ জ্যোতি মহন্ত মহোদয়ৰ৷ ডিজিপিৰ দায়িত্ব লোৱাৰ দিন ধৰি তেওঁ বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷ প্ৰথমে কা, কেব, ভিড১৯১ সময়ত অসমৰ পৰিস্থিতি কেনে হৈছিল সেই কথাৰ আমি প্ৰত্যেকেই সাক্ষী৷ বৰ্তমানো মহামাৰীৰ আতংক মাৰ যোৱা নাই৷ এনে সময়বোৰত জনসাধাৰণক সুনিৰাপত্তাৰে সকাহ দিয়াত আৰক্ষীসকল সফল হৈছে৷ ভাস্কৰ জ্যোতি মহন্ত মহোদয়ৰ নেতৃত্বত পৰিচালিত হোৱা আৰক্ষী বিষয়াসকলে যথেষ্ট বন্ধুত্বসুলভভাৱে ৰাইজৰ সমস্যা সমূহ সমাধান কৰিবলৈ প্ৰয়াস কৰিছে৷ বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে আৰক্ষীসকলৰ কৰ্তব্যপৰায়ণতাক শলাগিছে অসমৰ ৰাইজে৷ আনহে নালাগে আৰক্ষীৰ বদলিকৰণত চকুলো বোৱাই বিদায় দিছে নতুবা তেনে বিষয়াৰ জন্মদিন উদ্যাপন কৰিছে সাধাৰণ ৰাইজে৷ সাম্প্ৰতিক সময়ৰ অতি মন কৰিবলগীয়া কথা হিচাপে পৰিলক্ষিত হৈছে৷ আৰক্ষী যদি সাধাৰণ ৰাইজৰ বন্ধু হৈ পৰে তেন্তে কোনো সমস্যাৰ কথা অৱগত কৰিবলৈ ৰাইজে কুণ্ঠাবোধ নকৰিব৷ তেতিয়া প্ৰকৃত দোষীয়ে শাস্তি পোৱাটো নিশ্চিত হৈ পৰে৷ উল্লেখযোগ্য যে সৰু অপৰাধৰ পৰা ডাঙৰ অপৰাধলৈকে আগবাঢ়ি যোৱা অপৰাধীৰ এতিয়া হাতভৰি কঁপিছে, অপৰাধ যথেষ্ট কমিছে৷ আৰক্ষীৰ মনোবল আৰু বাহুবল বৃদ্ধি কৰি কৰ্তব্যত ত্ৰুটি নকৰা বাবেই জয়গান গাইছে আইন শৃংখলাৰ৷ বহুক্ষেত্ৰত আইন শৃংখলা বৰ্তাই ৰখাত আৰক্ষী প্ৰশাসন বিফল বলগাও হৈছে৷ কিন্তু ড্ৰাগছ, ভাং, হত্যাকাৰী, চুৰি আদিৰ নিৰ্মূলৰ বাবে সাম্প্ৰতিক কালত যি তাৎক্ষণিক কাৰ্যাৱলী লৈছে নিঃসন্দেহে আদৰণীয় আৰু প্ৰশংসনীয়৷ প্ৰতিজন অভিভাৱকক শান্তি প্ৰদান কৰাটো যেন এতিয়া আৰক্ষীৰ গুৰু দায়িত্ব হৈ পৰিছে৷

বিপথে যোৱা নৱপ্ৰজন্মৰ সুস্থিৰ মানসিকতা ঘূৰি আহিলে পোহৰমুখী অসমৰ শৈক্ষিক বাতাবৰণ কিম্বা বিকাশ গুণগত অধ্যায়বোৰ৷ ভাল কামক যেনেকৈ আজি ভাল বুলি কোৱা হৈছে, সেই ভালৰ ধাৰা অক্ষুণ্ণ ৰাখিব নোৱাৰিলে অনাগত দিনত আইন শৃংখলাৰ তত্বাৱধায়কসকলৰ ভুলৰ বাবে ৰাইজৰ সমালোচনাৰ সন্মুখীন ব৷ সেয়ে অসম আৰক্ষীৰ সদা তৎপৰ আৰু জাগ্ৰত দিশৰ উত্তৰোত্তৰ কামনা কৰে নতুন দিগন্তৰ আশাত ৰৈ থকা অসমবাসীয়ে৷ শেষত কওঁ, নিচাজাতীয় বিধবংসী দ্ৰব্যবোৰ নিপাত যাওঁক৷ পুনৰ উজ্বলি উঠক আমাৰ সেউ×জী অসমী আইৰ শুৱনি মুখ৷

শেহতীয়াকৈ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰা অপৰাধ নিৰ্মূলকৰণত যি কঠোৰ নিৰ্দেশনা জাৰি কৰিছে তাক সাৰোগত কৰি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তদেৱে তেওঁৰ আৰক্ষী বিভাগক বিভিন্ন ধৰণৰ অপৰাধ প্ৰতিৰোধত শূন্য সহনশীলতা নীতি পালন কৰিবলৈ আদেশ দিছে৷ তাৰ জ্বলন্ত নিদৰ্শন দাঙি ধৰিছে কাৰ্বি আংলং জিলাত কৰ্মৰত গৃহৰক্ষী বাহিনীৰ এগৰাকী সাধাৰণ জোৱান বৰছিং বেয়ে৷ তেওঁ বৃহৎ পৰিমাণৰ উৎকোচ প্ৰত্যাখান কৰি কেইবাগৰাকী কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি ১২ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰিছে৷ আৰু তাৰ পুৰস্কাৰ স্বৰূপে অসম চৰকাৰে বেইক গৃহৰক্ষী জোৱানৰ পৰা আৰক্ষী বিভাগৰ কনিষ্টবললৈ পদোন্নতিৰ লগতে এক লাখ টকাৰ নগদ ধন প্ৰদান কৰিছে৷

অসমৰ নৱ নিযুক্ত মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ এই পদক্ষেপক অসমবাসী ৰাইজে অকুণ্ঠচিত্তে শলাগিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *