পাঠশালাত পঢ়া এটা কবিতাত বছৰৰ বাৰ মাহৰ ৰসাল বৰ্ণনাৰ কথা মনত পৰিছে; যথা–
‘‘বছৰৰ বাৰ মাহ শুনা ল’ৰাহঁত৷
বছৰৰ প্ৰথম মাহ বিহু বহাগৰ৷৷
খেতি বাতি ভৰপক আম কঁঠালৰ৷
ভাদত জানিবা তিথি মহাপুৰুষৰ৷৷
মনত থকাৰে পৰা ভাদ মাহটো সমাজে পবিত্ৰ জ্ঞান কৰা দেখি আহিছো৷ ই পূণ্য অৰ্জনৰ মাহ৷ ই সৌৰ বছৰৰ পঞ্চম মাহ৷ ই বৰ্ষাৰ শেষ আৰু শৰতৰ আগমনৰ মাহ৷ এই মাহত শ্ৰীকৃষ্ণৰ ঝুলন যাত্ৰা, ৰক্ষাবন্ধন,
গণেশ পূজা, ঘট্-পঞ্চমী আদি ব্ৰত পালন কৰা হয়৷ শ্ৰীকৃষ্ণৰ জন্মোৎসৱ, নন্দোৎসৱ, বিশ্বকৰ্মা পূজা, চাহ জনগোষ্ঠীৰ কৰম পূজা আদি এই মাহতে অনুষ্ঠিত হয়৷ সেইবাবেই এই মাহটো পূণ্য অৰ্জনৰ মাহ বুলি গণ্য কৰি পবিত্ৰ ভাদ মাহ বুলি বিশ্বাস কৰি আহিছে৷
এই মাহত অসমৰ সত্ৰসমূহ,
থান সত্ৰসমূহ, গাঁও, নগৰ-চহৰৰ ৰাজহুৱা নামঘৰ সমূহত মাহজোৰা নাম-প্ৰসঙ্গ সমূহত প্ৰতিঘৰেই জড়িত হোৱাৰ উপৰিও প্ৰবাসী অসমীয়াসকলেও পাৰিলে আহি এভাগি সেৱা আগবঢ়াই মনোকামনা পূৰণ কৰে৷ গুৰু তিথি দুভাগ; জন্মাষ্টমী,
নন্দোৎসৱ,
আদিৰ লগত সঙ্গতি ৰাখি পাল নাম, ভাওনা, নন্দোৎসৱ আৰু মতা পাচতি-মাইকী পচতি (বোকা ভাওনা) আদি অনুস্থিত কৰা হয়৷
মাধৱ মহাপুৰুষৰ,
তেখেতৰ পিছৰজন আজ্ঞাপৰ তৃতীয় মহাপুৰুষ ভৱানীপুৰৰ কালঝাৰ সত্ৰৰ গোপাল (আতা-পুৰুষ)
(লোকে কাল সংহতি প্ৰৱৰ্তক বুলি কয়) দেৱৰ আজ্ঞাপৰ এখন সত্ৰ হ’ল চলিহা বাৰেঘৰ সত্ৰ৷ প্ৰথমে শ্ৰীশ্ৰী কৃষ্ণদেৱে প্ৰতিষ্ঠা কৰে টিংখাঙৰ ওচৰৰ বুঢ়ীদিহিং নদীৰ পাৰত৷ তেখেত বৈকুণ্ঠগামী হোৱাৰ পাচত বৰপুত্ৰ শ্ৰীশ্ৰী সূদৰ্শন দেৱ সেই সত্ৰৰ সত্ৰাধিকাৰ হয়৷
স্বৰ্গদেৱ গদাধৰ সিংহৰ দিনত বৈষ্ণৱ নিৰ্য্যাতন হয়৷ সকলো সত্ৰৰ গুৰু সকলক ধৰাই আনি বৈষ্ণৱ ধৰ্ম ত্যাগ কৰি শাক্ত ধৰ্ম গ্ৰহণ কৰিবলৈ কয়, নহ’লে মৃত্যুদণ্ড অনিবাৰ্য্য৷ বাৰেঘৰ সত্ৰ আৰু কাল সংহতিৰ কেইবাখন সত্ৰৰ গুৰু আৰু তিনিজন মান ভকতৰ বাদে বাকী সকলে শাক্ত ধৰ্ম মানিম বুলি ৰজাৰ মৃত্যুদণ্ডৰ পৰা ৰেহাই পালে৷ কিন্তু উক্ত সত্ৰৰ গুৰুসকলে প্ৰাণ গ’লেও স্ব-বৈষ্ণৱ ধৰ্ম ত্যাগ নকৰো বুলি শ্বহীদ হ’ল৷ তেখেত সকল হ’ল–
(ক)
বাংশবাৰী-
হৰিধন,
(খ)
জাগীৰ-
জগবন্দন,
(গ)
চেঁচামুখৰ-
ব্ৰহ্মানন্দ আৰু সহদেৱ, (ঘ)
মৈৰাম’ৰাৰ-
জয়দেৱ,
ৰাস আৰু গোবিন্দ,
(ঙ)
বুধবাৰীৰ-
বিজয়ানন্দ আৰু পুত্ৰ (চ)
বাৰেঘৰৰ-
সূদৰীশন,
(ছ)
ন-মাটিৰ-
বিনন্দ শ্যাম, (জ) সৌকাজান- কেশৱ আৰু (ঝ)
লেংদিৰ-
ৰতিকান্ত৷
শ্ৰীৰামদেৱৰ চৰিত্ৰ পুথিত পোৱা মতে সেইদিনা আছিল ভাদ মাহৰ পূৰ্ণিমা তিথি৷ চলিহা সত্ৰৰ সুদৰ্শনদেৱে গুৰু ভকত কেইজনৰ শৱ বাহী হ’ব দেখি বা কুকুৰ-শিয়ালে মুখ দিব বুলি ভাবি, নিজৰ উত্তৰীৰ হীৰাৰ আঙঠিটো চাওদাং বৰুৱাক উপঢৌকণ দি তেখেতক এদিন সময় দিবলৈ খাটনি ধৰাত বৰুৱাই সময় দিলে৷ সেই সময়তে নামৰূপৰ ওচৰৰ গাঁওসমূহৰ শিষ্যসকলক লগত লৈ তেখেত সকলৰ শৱদেহ সৎকাৰ কৰে৷ আৰু পিছদিনা অৰ্থাৎ কৃষ্ণা প্ৰতিপদ তিথিত সূদৰ্শনদেৱ শ্বহীদ হয়৷
সেই কাৰণে ভাদ মাহৰ পূৰ্ণিমা তিথিটো শ্বহীদ দিৱস হিচাবে কাল সংহতিৰ গুৰু-ভকত-শিষ্যসকলে
‘‘নামৰূপীয়া তিথি’’ বুলি পালন কৰি আহিছে৷ বাৰেঘৰ সত্ৰত এদিন পিছত এই তিথি পালন কৰা হয়– সূদৰ্শন দেৱ এদিন পিছত শ্বহীদ হোৱা বাবে৷ গতিকে ভাদ মাহটো পবিত্ৰ মাহ৷ আকাশে-বতাহে ভগৱন্তৰ গুণ-নাম মুখৰিত হৈ থাকে৷ যেন সমগ্ৰ পৃথিৱীলৈ এটি শান্তিৰ বাৰ্তা কঢ়িয়াই আনে৷ সকলো ভেদাভেদ নেওচি মানুহ হোৱাৰ আনন্দ লভিবলৈ যেন আহ্বান জনায়৷
তদুপৰি ভাদ মাহত ধৰ্মীয় সংস্কৃতিৰ উপৰিও খাদ্যৰো পৰম্পৰা আছে৷ শৰৎ কালত দেহত উষ্ণতা আৰু পিত্ত বৃদ্ধি হয় বাবে চেঁচা বতাহ আৰn সূৰ্য্যৰ কিৰণ লোৱাটো ক্ষতিকাৰক৷ এই মাহত গুৰ আদি কুঁহিয়াৰ জাত দ্ৰব্য, শালি চাউল, মগু মাহৰ দাইল আদি ভোজন কৰাটো স্বাস্থ্যৰ পক্ষে উপকাৰী বুলি কয়৷ মগু, মাটিমাহ আদিৰ গাজীও খোৱাটো ভাল৷
লোক বিশ্বাস মতে ওলকচু আৰু সৰু মাছৰ লগত কুমলীয়া ঔটেঙাৰ আঞ্জা খোৱাটো স্বাস্থ্যৰ বাবে ভাল৷
শেষত ভাদ মাহেই যেন পৃথিৱীৰ মানৱ জাতিৰ দুস্কৃতি নাশৰ আৰম্ভণি হওক– এয়ে আশা৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]