
পঢ়াই পঢ়ে, ৰোৱে পাণ এই তিনিয়ে নিচিন্তে আন৷ এই কথাষাৰৰ সঠিক প্ৰতিফলন যেন মই আমেৰিকালৈ আহি দেখা পালোঁ৷ স্কুলত থাকোঁতে মাৰ মুখত প্ৰায় শুনি থাকোঁ৷ পঢ়ি থকা সময়ত আন কথালৈ মন দিব নালাগে তাকে বুজাবলৈ মায়ে মোক প্ৰায় ওপৰৰ বাক্যশাৰী শুনাই থাকে, মোৰ বুজিবলৈ বাকী নাথাকে যে মোৰ চঞ্চল মনটোক নাকী লগাব বিচাৰে৷
এদিনৰ কথা৷ আমি ফুৰিবলৈ গৈছিলোঁ Wisconsin ১ Hudson City ১
Lakefront Park লৈ৷ বৰ সুন্দৰ ঠাই, সন্ধিয়া সময় বেলি ডুবিবৰ হৈছে আৰু আপেল গছ এজোপাত ওলমি ওলমি আপেল লাগি আছে৷ তাৰে দুটামান প্ৰাঞ্জলে ছিঙিছে৷ খাবলৈ পিছে টেঙা, দেখাত কিন্তু বৰ ধুনীয়া৷ ঠাইখিনি পিকনিকৰ বাবে প্ৰয়োজনীয় সকলো সুবিধাই তাত আছে৷ সৰু ল’ৰা–ছোৱালীৰ খেলিবলৈও সুবিধা আছে৷ তাৰ পিছত কিছু আগুৱাই গ’লো হ্ৰদটোৰ কাষলৈ৷
সচৰাচৰ দেখাৰ দৰে হ্ৰদৰ পাৰত সৰুৰ পৰা বুঢ়ালৈকে খেলাই খেলিছে, খোজকঢ়াই খোজকাঢ়িছে৷ তাৰ মাজতে দুজনে মনোযোগেৰে কিতাপ পঢ়াত ব্যস্ত৷ কাৰো লৈ ভ্ৰুক্ষেপ নাই৷ কিছুলোকে হ্ৰদটোত নাওখেল খেলিছে, কি পিন্ধিছে, কোনে কাৰ লগত ক’লৈ গৈছে কাৰো দৰকাৰ নাই, সকলো নিজৰ কামত লাগি আছে৷
এই দুটা মাহত মই এওঁলোকৰ জীৱন শৈলীৰ ওপৰত কিছু কথা লক্ষ্য কৰি অনুভৱ কৰিব পাৰিছো যে, সকলো কামক সময়মতে আৰু নিজৰ সুবিধামতে কৰে৷ মই মোৰ সৰু ভাড়াঘৰটোতে বহুতখিনি সুবিধা পাইছোঁ৷ বহু সময় ৰাহিও হয় আৰু কামখিনি বৰ এটা কষ্ট নোহোৱাকৈ নিয়াৰিকৈ কৰি যাব পাৰি৷ সাজপাৰৰ ক্ষেত্ৰত মোৰ মনত ভ্ৰান্ত ধাৰণা এটা আছিল এওঁলোকৰ আবোৰ কম বুলি৷ কথাটো একেবাৰে যে মিছা নহয় যদিও ভ্ৰান্ত বুলিয়েই ক’ব লাগিব, কাৰণ পানীত বা সাগৰৰ পাৰত swimming suit পিন্ধি সাঁতুৰে বা sun bath কৰে৷ কিন্তু বাকী সময়ত মাৰ্জিত সাজ পৰিধান কৰাই দেখা পাওঁ৷ প্ৰায় ব্ধ-shirt আৰু pants পিন্ধে৷ দেখাত বৰ আৰামদায়ক যেন লাগে৷ বেছি গৰম পৰিলে সন্ধিয়া ভ্ৰমণত ওলালে কিছুলোকক দেখা পাওঁ হাত কটা চোলা এটা আৰু হাফপেণ্ট পিন্ধি, মূৰত এটা টুপী আৰু ভৰিত
sports shoe লগাই মুখত এটা মিচিকিয়া হাঁহি লৈ যি কোবত খোজ দিয়ে সত্তৰৰ উৰ্দ্ধৰ লোকক চাবহে পাৰি ফেৰ মাৰিবলৈ সাহসেই কৰিব নোৱাৰি৷ সকলোতকৈ ভাল লগা কথা ইয়াত এটাই পাওঁ, আনৰ কথাত কাৰো ভ্ৰুক্ষেপ নাই৷ সকলো নিজৰ নিজৰ লগত ব্যস্ত৷ সহায় কৰিবলৈ কিন্তু সকলো সময়তে প্ৰস্তুত থাকে৷ জীৱনটো উপভোগ কৰিব জানে৷

আমেৰিকালৈ অহাৰ পাছত সকলোৱে মোক এটাই প্ৰশ্ন কৰে ‘খাবলৈ কি পাইছ’? মোক দেখিলেই গম পোৱা যায় মই যে খোৱাত ভাল, গতিকে এই প্ৰশ্নটো মোলৈ অহাটো অস্বাভাৱিক নহয়৷ খাদ্যৰ কথা লৈ আহিলে মই তিনিটা অনুষ্ঠান বুলিয়েই কৈছোঁ Persis Biryani, Indian Grill
Restaurant, India Bazar, Desi Foods, Little India আদি কৰি বহু কেইখন ভাৰতীয় খাদ্য সামগ্ৰী উপলব্ধ দোকান আছে৷ এওঁলোকৰ স্বত্বাধিকাৰীক মই মোৰ এই লিখনিৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ তেওঁলোকৰ বাবে আজি বিদেশত থাকিও স্বদেশী খাদ্যৰ সোৱাদ পাইছো৷ প্ৰথমবাৰ যেতিয়া
Persis লৈ গ’লো, মোৰ লগত চিনাকি কৰাই দিলে মেনেজাৰজনৰ লগত, চা–চিনাকি হৈ দুই–এটা কথা পাতি তেওঁ নিজৰ কামত ব্যস্ত হৈ পৰিল আৰু আমিও নিজৰ খাদ্য খাই বৈ বিল পৰিশোধ কৰি যাওঁ বুলি মাত লগাওঁতেই মেনেজাৰজনে বোৱাৰী প্ৰথম বাৰ আহিছে বুলি আকৌ বহুৱাই মিঠাই খুৱাই পঠাইছে৷ তেওঁৰ ব্যৱহাৰত একেবাৰে আপোন মানুহ এজনক লগ পোৱাৰ নিচিনা লাগিল৷ ইয়াত থকা মানুহৰ ব্যৱহাৰে হওক বা খাদ্যসামগ্ৰী সমূহেই হওক বিদেশত থাকিও স্বদেশৰ গোন্ধ এটা পাই থাকো৷ প্ৰায় সকলো শাক–পাচলিৰ লগতে দাইল–চাউলৰ পৰা আৰম্ভ কৰি একোৰে অভাৱ অনুভৱ হোৱা নাই ইয়াত৷ মোক ঘৰত থাকোঁতে কৈছিল অসমৰ কচু–ঢেকীয়ালৈ মনত পৰিব৷ ঢেকীয়াৰ কথা ক’ব নোৱাৰোঁ, কিন্তু কচু শাক হ’লে পালোঁ৷ India Bazar যাওঁতে কচু শাক দেখি মোৰ লগতে আৰু দুজনমান গ্ৰাহক আনন্দত উৎফুল্লিত হৈ গ’ল৷ আমপাত, কলপাতকে আদি কৰি দুৱৰি বনলৈকে সকলো পোৱা যায় Indian store ত৷ বিভিন্ন ধৰণৰ সুস্বাদু মিঠাই, দৈও উপলব্ধ৷
ইয়াত থকা–খোৱা একোৰে অভাৱ নাই, অভাৱ মাথো আপোন মানুহৰ৷ সাত সাগৰ তেৰ নদীৰ দূৰত আছোঁ আপোন মানুহৰ পৰা৷ মই সমাজপ্ৰিয় মানুহ, সমাজখনৰ অবিহনে যেন মই আধৰুৱা মাজে সময়ে অনুভৱ হয়, তথাপি বিদেশৰ বস্তুবোৰৰ আমেজ ল’বলৈ চেষ্টা কৰি আছোঁ৷ বহুত নেদেখা বস্তু দেখিছোঁ, বহুত নজনা কথা শিকিছোঁ৷ বিশেষকৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহি বিদেশত বিভিন্ন ভাষাবাসীৰ লোকক লগ পায়ো ভাল লাগিছে৷ সুখে–দুখে তেওঁলোকেই এজনে আনজনৰ আপোন৷