ড॰ ভবেন্দ্ৰ নাথ শইকীয়াদেৱৰ সোঁৱৰণত একলম (ড॰ নৱনীতা দাস) – Purbodix.com

ড॰ ভবেন্দ্ৰ নাথ শইকীয়াদেৱৰ সোঁৱৰণত একলম (ড॰ নৱনীতা দাস)

‘‘দুৰ্যোগৰ সময়ত, বিপৰ্যয়ৰ সময়ত, অশান্তিৰ সময়ত যিবোৰ বস্তু অপকাৰী বুলি ভাবো, যিবোৰ বস্তুৱে মোক পুতি পেলাব বুলি ভাবো, চাব জানিলে, দেখা পাম, সেইবোৰৰ মাজত মই উদ্ধাৰ পোৱাৰ, ওপৰলৈ উঠিব পৰা সম্বল সোমাই আছে৷’’– ভবেন্দ্ৰ নাথ শইকীয়া৷

২০০৩ চনৰ আগষ্ট মাহৰ ১৩ তাৰিখ৷ মই সেই সময়ত ডিব্ৰুগড় চহৰত থকা অসম চিকিৎসা মহাবিদ্যালয়ৰ জ্জম ষান্মাসিকৰ ছাত্ৰী৷ হোষ্টেলতে থকা কোনোবা এটা সময়ত ঘৰৰ পৰা হোষ্টেলৰ সমূহীয়া টেলিফোনটোত মোলৈ ফোন আহিছিল৷ সেই সময়ত আজিকালিৰ দৰে হাতে হাতে মোবাইল ফোন আহি পোৱাহি নাছিল৷ গতিকে বৰ্তমান লুপ্তপ্ৰায় লেণ্ডলাইন, পি.চি.’ ( PCO) আৰু আনকি হাতে লিখা চিঠিৰ জৰিয়তে পৰিয়াল অথবা ঘনিষ্ঠ বন্ধুবান্ধৱীৰ সম্পৰ্ক ৰক্ষা হৈছিল৷

ইটোসিটো, দুইএটা কথাৰ পাছত, মায়ে কৈছিল, ‘‘এটা বেয়া খবৰ আছে৷’’ ঘৰৰ পৰা আঁতৰত থাকি মেডিকেল পঢ়ি থকা সময়ছোৱাত সাধাৰণতে মায়েই পৰিয়াল বা অন্য চিনাকীঅচিনাকী লোকৰ জন্মবিবাহমৃত্যু বা অন্যান্য ঘটনাৰ খবৰ পলমকৈ লেও দিছিল৷ সেইদিনা পিছে খবৰটো দিওঁতে মায়ে পলম নকৰিলে৷ মই শংকিত হৈ সুধিছিলো, ‘‘কি ?’’ মায়ে সিফালৰ পৰা উত্তৰ দিছিল, ‘‘আজি ভবেন্দ্ৰ নাথ শইকীয়া ঢুকাল নহয়৷’’ খবৰটো শুনি মোৰ অতি দুখ লাগিছিল৷

আজি তেখেতৰ কথাবোৰ স্মৃতিৰ সঁফুৰাৰ পৰা উলিয়াই আনোঁতে সেই দিনটোৰ কথা মোৰ মনত স্পষ্টকৈ ভাঁহি উঠিছে৷ এজন কাহানিও লগ নোপোৱা ব্যক্তিৰ মৃত্যুৰ সংবাদত কিজানি মই প্ৰথমবাৰৰ বাবে চকুলো টুকিছিলো৷ সেইদিনা মই গভীৰভাৱে উপলব্ধি কৰিছিলোঁ তেখেতৰ প্ৰতি থকা মোৰ গভীৰ শ্ৰদ্ধা৷ তেখেত আমাৰ গোটেই ঘৰখনৰ বাবে এজন আদৰ্শ পুৰুষ আৰু প্ৰিয় ব্যক্তি আছিল৷ মোৰ তেখেতক এবাৰ বা হয়তো বহুবাৰ লগ পাবলৈ বৰ ই২৬া আছিল৷ কিন্তু তেখেতৰ বিয়োগত এক সম্ভাব্য সুযোগ হেৰাই গৈছিল৷ আৰু লগতে সমগ্ৰ অসমীয়া জাতিয়ে অসমীয়া ভাষাৰ অনন্য, একক, অদ্বিতীয় ব্যক্তি এজনক হেৰুৱাইছিল৷

‘‘ভবেন্দ্ৰ নাথ শইকীয়া’’ নামটোৰ লগত পৰিচয় মোৰ শৈশৱতে হৈছিল৷ তাৰ নেপথ্যৰ কাৰণ , আমাৰ ঘৰলৈ নিয়মীয়াকৈ তেখেতৰ দ্বাৰা সম্পাদিত পষেকীয়া আলোচনী ‘‘প্ৰান্তিক’’ আৰু মাহেকীয়া শিশু আলোচনী ‘‘সঁফুৰা’’ আহিছিল৷ দুয়োখন আলোচনীৰ প্ৰাৰম্ভ মোৰ জন্মৰ সমসাময়িক৷ স্বাধীনভাৱে পঢ়িব পৰা হোৱাৰ পৰা (কিজানি তৃতীয় বা চতুৰ্থ শ্ৰেণী মানত) মই দুয়োখন আলোচনী আগ্ৰহেৰে পঢ়িছিলোঁ৷ আৰু সেয়েহে শৈশৱ আৰু কিশোৰী অৱস্থালৈকে এই দুয়োখন আলোচনীৰ জৰিয়তে বহু কথা শিকিছিলোঁ৷ লগতে উৎকৃষ্ট মানদণ্ডৰ কিতাপআলোচনী পঢ়াৰ দৰে এটি সুঅভ্যাসৰ গঢ় দিবলৈ সক্ষম হৈছিলোঁ৷ সঁফুৰাৰ মনোৰম শিতানবোৰ এতিয়াও মনত পৰেতোমালোকৰ প্ৰশ্ন, কিমান যে কথাকিমান যে ঘটনা, ফুলনি, ঘৰত কৰিবলৈ কাম দিছোঁ আৰু আমোদজনক শিতানসঁচাও নহয়, মিছাও নহয় বা মহাদুষ্টৰ দুষ্টবুদ্ধি৷ সঁফুৰাৰ প্ৰথম পৃষ্ঠাত সন্নিৱিষ্ট হোৱা ‘‘আশা কৰো তোমালোক ভালে আছা’’ শিৰোনামাৰ পত্ৰ সদৃশ সম্পাদকীয় শিতানটি সৰু ৰাছাৱালীৰ কুমলীয়া মনমগজুৰ বাবে অতি মৰমসনা, অভিভাৱকসুলভ আৰু উপযুক্ত মাৰ্গদৰ্শক আছিল৷ তেখেতৰ সৰল লিখনিৰ মাজত সদায় এক তাৎপৰ্যপূৰ্ণ অৰ্থ সুন্দৰকৈ ফুটি উঠিছিল৷

তাৰ পিছত যেতিয়া মই হাইস্কুল পালোঁ, তেতিয়া ‘‘মৰমৰ দেউতা’’ নামৰ উপন্যাসখন (কোনোবা এটা শ্ৰেণীত) দ্ৰুতপাঠ হিচাপে পঢ়িছিলোঁ৷ বিপুল নামৰ বিপথগামী সৰু ৰাজনক কেন্দ্ৰ কৰি লিখা উপন্যাসখন অতি সুন্দৰ, সাৱলীল আৰু সময়োপযোগী আছিল৷

তেখেতৰ বিস্তৃত বৰ্ণনাত উপন্যাসৰ ঘৰখন আৰু চৰিত্ৰসমূহ মোৰ মনত জীৱন্ত হৈ উঠিছিল৷ শইকীয়াদেৱৰ পুংখানুপুংখ পৰ্যবেক্ষণ শক্তি আৰু তাৰ হুবহু প্ৰতিষ্ঠাপন অতি শক্তিশালী আছিল৷ ‘‘মৰমৰ দেউতা’’ কাহিনী আৰু নিখুঁত বৰ্ণনাই মোৰ অন্তৰ চুই গৈছিল৷

পৰৱতীৰ্ সময়ত তেখেতক একেধাৰে এজন গল্পকাৰ, শিশুসাহিত্যিক, ঔপন্যাসিক, নাট্যকাৰ, পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, চিন্তাবিদ, দাৰ্শনিক আৰু সমাজৰ শুভাকাংক্ষী হিচাপে চিনি পাইছিলোঁ৷ পদাৰ্থ বিজ্ঞান বিভাগৰ লগত জড়িত হোৱা সত্ত্বেও ভাষাসাহিত্যনাটচলচ্চিত্ৰত তেখেতৰ উমৈহতীয়া অৱদান দেখি অভিভূত হৈছিলোঁ৷ সৰু সৰু কথাৰ মাজেৰে জীৱনটোক বুজিবলৈ শিকা শইকীয়াৰ, জীৱনটোক লৈ যি সূক্ষ্ম পৰ্যবেক্ষণ সেইয়া প্ৰতিফলিত হৈছিল তেখেতৰ প্ৰতিটো সৃষ্টিতে৷

তেখেতৰ সৃষ্টি সমূহৰ আধাৰ আছিল সাধাৰণ মানুহৰ জীৱনত ঘটা সৰু সৰু ঘটনাৰ খুটিনাটি সমূহ৷ নিখুঁত আৰু সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি অংকন কৰা তেওঁৰ ‘‘সৃষ্টিসমূহ’’ মানৱীয় মূল্যবোধেৰে সিক্ত আছিল৷

তেখেতৰ বিয়োগৰ আজি ওঠৰ বছৰ ল৷ জীৱিত থকা লে, তেখেতে অসমীয়া ভাষাৰ ভঁৰাল আৰু অলপ চহকী কৰি থৈ লেহেঁতেন৷ তেখেতৰ সান্নিধ্য পালে নৱপ্ৰজন্মৰ লেখকলেখিকা উপকৃত লহেঁতেন৷

পেছাত মই এগৰাকী চিকিৎসক আৰু এগৰাকী লেখিকা হিচাপে মোৰ হাত পৰিপক্ক নহয়৷ শইকীয়া ছাৰৰ দৰে এজন বহুমুখী প্ৰতিভাধৰ মহান ব্যক্তিৰ বাবে শ্ৰদ্ধাঞ্জলিৰ বাবে একলম লিখাৰ যোগ্যতা মোৰ নাই৷ তেওঁৰ অতুলনীয় ব্যক্তিত্ব আৰু সৃজনীশীল প্ৰতিভাৰ গৰিমা লিখিবলৈ মোৰ শব্দৰ ভঁৰাল উদং৷ তথাপিও তেখেতৰ মৃত্যুবাৰ্ষিকীত এইয়া মোৰ ক্ষুদ্ৰ প্ৰয়াস৷ তেওঁক জীৱন্ত অৱস্থাত লগ নাপালো যদিও, তেওঁ তেওঁৰ সৃষ্টিৰাজিৰ জৰিয়তে মোৰ হৃদয়ত অমৰ আৰু চিৰ পূজনীয় হৈ আছে৷ তেওঁ চিৰদিনলৈ অসমীয়া ভাষাসাহিত্যৰ আকাশত অম্লানউজ্জ্বল নক্ষত্ৰ হৈ জিলিকি থাকিব৷

11 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *