
বিভিন্ন ঘাত–প্ৰতিঘাতৰ মাজেৰে আহি সু–প্ৰতিষ্ঠা লাভ কৰা অসমৰ এখন মহাবিদ্যালয় হৈছে গুৱাহাটীৰ ছয়মাইলস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়৷ এই কলেজখন ১৯৮৮ চনত জননেতা থোলোক গগৈ আৰু কেইবাগৰাকীও মহান ব্যক্তিৰ প্ৰচেষ্টাত ‘চিটি কলেজ’ নামেৰে প্ৰতিষ্ঠিত হৈছিল৷ তেতিয়া কলেজখন দিছপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰম্ভ হৈছিল আৰু কলেজৰ শ্ৰেণীৰ সময় আছিল পুৱা ৬–৪৫ ১ পৰা জ্জ্ব–৪৫ বজালৈকে৷ উচ্চতৰ মাধ্যমিক আৰু বি.এ. স্নাতক শ্ৰেণীৰ পাঠদান ‘চিটি কলেজ’ত এইদৰেই বহুলোকৰ প্ৰচেষ্টাত আৰম্ভ হৈছিল৷ অনুষ্ঠানটিৰ প্ৰতিষ্ঠাতা অসমৰ বহুলোকৰ যথেষ্ট কষ্ট আৰু সু–প্ৰয়াস জড়িত হৈ আছে৷ অতি সামান্য বেতনত ইয়াত শিক্ষক–শিক্ষয়িত্ৰীসকলে মানৱ সম্পদ গঢ়ি সমাজলৈ অৱদান আগবঢ়াইছিল৷ ১৯৯৬ চনত কলেজখন বৰ্তমানৰ স্থায়ী ঠিকনা ছয়মাইললৈ আহিছিল৷ তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী,
‘চিটি কলেজ’ৰ মুখ্য পৃষ্ঠপোষক হিতেশ্বৰ শইকীয়াদেৱে কলেজৰ নতুন ঘৰৰ শুভ উদ্বোধন কৰিছিল৷ সেই সময়ত কলেজ পৰিচালনা সমিতিৰ সদস্য আছিল ড॰ হেমপ্ৰভা শইকীয়া বাইদেউ৷ এই লিখনিত আমি কলেজখনৰ লগত জড়িত সকলো ব্যক্তিৰ নাম উল্লেখ কৰিব পৰা নাই, তাৰ কাৰণে আমি দুঃখিত৷ লাহে লাহে কলেজখনত ছাত্ৰ–ছাত্ৰীৰ সংখ্যা বাঢ়িছিল৷
২০০০ চনত ‘চিটি কলেজ’ Junior College আৰু
Degree College এইদৰে দুখন পৃথক পৃথক শিক্ষানুষ্ঠানত পৰিণত হয়৷ সেই সময়ত দুয়োখন কলেজৰ শ্ৰেণীসমূহ একেলগে চলিবলগীয়া হৈছিল৷ ২০০০ চনৰ শেষৰ ফালে আমিও
Degree কলেজত অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক হিচাপে যোগদান কৰিছিলোঁ৷ ২০০০ চনৰ আগষ্ট মাহৰ পৰা মহাবিদ্যালয়খনৰ বুৰঞ্জী, শিক্ষা,
অৰ্থনীতি,
ইংৰাজী,
অসমীয়া,
ৰাজনীতি বিজ্ঞান, মনোবিজ্ঞান, ভূগোল, দৰ্শন ইত্যাদি বিভিন্ন বিভাগত নতুন শিক্ষক–শিক্ষয়িত্ৰীয়ে নিয়োগ লাভ কৰিছিল৷ মহাবিদ্যালয়খনৰ কাম–কাজ আগবঢ়াই নিয়াত অধ্যক্ষ, শিক্ষক–শিক্ষয়িত্ৰী আৰু কাৰ্যালয়ৰ কৰ্মচাৰীসকলে যথেষ্ট কষ্ট কৰিছিল৷ কেইবাগৰাকী অধ্যক্ষই সুকলমে মহাবিদ্যালয়খন চলাই নিয়াৰ পিছত ২০০৪ (দুই হেজাৰ চাৰি) চনত বৰ্তমানৰ অধ্যক্ষা ড॰ শিখামণি কোঁৱৰে দায়িত্ব গ্ৰহণ কৰে৷ সেই বছৰৰে চাৰি জানুৱাৰীত কলেজ চৌহদত হোৱা ৰাজহুৱা সভাত সৰ্বসন্মতিক্ৰমে
‘চিটি কলেজ’ নামটো সলনি কৰি ‘কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়’
নামাকৰণ কৰা হ’ল৷ সেয়ে ওচৰা–ওচৰিকৈ
‘কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়’ সময়ৰ গতিৰে আগুৱাবলৈ ধৰিছিল৷ এটা সময়ত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ে চৰকাৰী স্বীকৃতি লাভ কৰে৷ সময়ত কনিষ্ঠ মহাবিদ্যালয়খনেও চৰকাৰী স্বীকৃতি লাভ কৰিলে৷
কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া কনিষ্ঠ মহাবিদ্যালয়ৰ শ্ৰীমতী জীতাৰাণী খনিকৰ বাইদেউক আমি অধ্যক্ষাৰূপে বহু দিন পালোঁ৷ আমাৰ দুয়োখন মহাবিদ্যালয়ৰ ঘৰ বা কাৰ্যালয় আৰু শিক্ষক–শিক্ষয়িত্ৰী পৃথক যদিও সকলোৱে একেখন ঘৰৰ সদস্য হিচাপে দিনবোৰ বৰ সুন্দৰকৈ পাৰ কৰি আহিছে৷ জীতা বাইদেউৱে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিলে৷ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া
Degree কলেজৰ অধ্যক্ষা ড॰ শিখামণি কোঁৱৰ বাইদেউৱে মহাবিদ্যালয়খনৰ উন্নতিৰ কাৰণে বহু দায়িত্ব পালন কৰিলে৷ তেওঁৰ নেতৃত্বতে শিক্ষক–শিক্ষয়িত্ৰী সকলেও নিজ নিজ কৰ্তব্যৰে কলেজৰ অগ্ৰগতিত অৰিহণা যোগালে৷ সময়ৰ লগত খোজ মিলাই আগবাঢ়ি গৈ দুয়োখন মহাবিদ্যালয়ে ২০১৩ বৰ্ষৰ ১৮ আৰু ১৯ ছেপ্তেম্বৰত ৰূপালী জয়ন্তী বৰ্ষ উদ্যাপন কৰে৷
কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয় কিছুমান কথাৰ কাৰণে বিশেষ বৈশিষ্ট্যপূৰ্ণ কলেজ৷ গুৱাহাটীৰ দৰে বহু উচ্চ শিক্ষাৰ অনুষ্ঠান থকা ঠাইখনত বহু নম্বৰ নোপোৱা ছাত্ৰ–ছাত্ৰীয়ে পঢ়াৰ সুবিধা নাপায়৷ তেনে ক্ষেত্ৰত অসমৰ বিভিন্ন ঠাইৰ বহু ছাত্ৰ–ছাত্ৰীয়ে এই শিক্ষানুষ্ঠানত নামভৰ্ত্তিৰ সুবিধা পাই জীৱন উন্নত কৰিবলৈ সক্ষম হৈছে৷ বৰ্তমান মহাবিদ্যালয়খনত ৯০ণ শতাংশ নম্বৰ লাভ কৰা ছাত্ৰ–ছাত্ৰীয়ে নামভৰ্ত্তি কৰাৰ দৰে অতি কম শতাংশ নম্বৰ পোৱা ছাত্ৰ–ছাত্ৰীকো অধ্যয়নৰ সুবিধা দিয়া হয়৷ গুৱাহাটীৰ প্ৰায় ঠাইৰ মানুহে বৰ্তমানেও
‘চিটি কলেজ’ বুলি ক’লে এই কলেজখনক চিনি পায়৷ মহাবিদ্যালয়খনৰ শিক্ষক–শিক্ষয়িত্ৰীয়ে সকলো ছাত্ৰ–ছাত্ৰীক সম–ব্যৱহাৰ কৰে৷ শিক্ষকে সময়ত গছৰ তলত দেখা ছাত্ৰকো শ্ৰেণী কক্ষলৈ লৈ অহাৰ নজিৰ আছে৷ কলেজ সপ্তাহত সকলো খেল–ধেমালি,
নৃত্য–গীত,
সাহিত্যানুষ্ঠানত ছাত্ৰ–ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷ এই মহাবিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীয়ে চৰকাৰী–বেচৰকাৰী সংস্থান লাভ কৰিছে, সাংস্কৃতিক জগতত প্ৰতিষ্ঠিত হৈছে৷
বৰ্তমান কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ স্নাতক বাণিজ্য বিভাগটো চৰকাৰীকৰণ হোৱা নাই৷ বাণিজ্য বিভাগতো বহু ছাত্ৰ–ছাত্ৰী আছে আৰু কেইবাগৰাকীও উচ্চ শিক্ষিত শিক্ষক–শিক্ষয়িত্ৰীয়ে পাঠদান কৰি আছে৷ মহাবিদ্যালয়খনত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আৰু দূৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়
(IDOL)ৰ অধ্যয়ন কেন্দ্ৰৰ পৰাও বিভিন্ন বিভাগত ছাত্ৰ–ছাত্ৰীয়ে জ্ঞান লাভ কৰাৰ সুবিধা লাভ কৰিছে৷ বিভিন্ন সময়ত মহাবিদ্যালয়খনে ৰাষ্ট্ৰীয়,
আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ, অসম ভিত্তিত সংগীত প্ৰতিযোগিতা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত যুৱ মহোৎসৱ অনুষ্ঠিত কৰি আহিছে৷ অসমৰ শিক্ষা জগতত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ে উল্লেখনীয় বৰঙণি আগবঢ়াই মানৱ সম্পদ গঢ়াত অৰিহণা যোগাইছে৷