সুৰৰ ৰাণী তিৰ বিৰ তৰালিৰ জোনাকী গীতবোৰ (ৰঞ্জন শৰ্মা) – Purbodix.com

সুৰৰ ৰাণী তিৰ বিৰ তৰালিৰ জোনাকী গীতবোৰ (ৰঞ্জন শৰ্মা)

‘‘হেঙুলীয়া সপোনে

                              সযতোৱা মৰমে

আলাসতে ছবি আঁকি

               আপাহতে ঢালি বাকী  

               ইচাতি বিচাতি

                              সাৱতি হেঁপাহক৷৷’’    (এলবাম হেঙুলীয়া)

সুন্দৰৰ অযুত হেঙুলীয়া সপোন আৰু সেউজীয়া আশা আৰু হেঁপাহ বুকুত লৈ, কণ্ঠসুৰগীতেৰে সুৰৰ ছবি আঁকি হাজাৰ হাজাৰ শ্ৰোতাৰ হৃদয়ৰ মণিকোঠা দখল কৰা, মৰতত সৰগ ৰচা সেই আপোন কুকিল কণ্ঠই সুৰৰ ৰাণী তৰালি শৰ্মা৷ যাৰ কণ্ঠত আছে এক মায়াময় সন্মোহন, এক ব্যঞ্জনা আৰু যি গৰাকী কণ্ঠশিল্পীয়ে অনায়াসে নিৰ্মাণ কৰিব পাৰে সংগীতৰ এক বিশাল সৌধ৷ তৰালি শৰ্মা বুলি লেই মনলৈ ভাঁহি আহে এটি সুৱদি কণ্ঠ, আৱেগঅনুভূতিপ্ৰৱণ মিঠা মিঠা শব্দৰ এটি মিঠা সুৰ৷ আচলতে সংগীত মানেই যেন তৰালি শৰ্মা৷ যেন একেটি মুদ্ৰাৰে ইপিঠি সিপিঠি৷ তৰালি শৰ্মা কেৱল এটি নাম নহয়এক দূৰন্ত সংগীত প্ৰতিভা, এক মোহনীয়া ব্যক্তিত্ব, এটি মুকুতা সৰা মিঠা হাঁহি, এক আৱেগ, নান্দনিক সৌন্দৰ্য্য সূষমাৰে পৰিপূৰ্ণা এগৰাকী নাৰীসত্ত্বা, এক সৃষ্টি, এক বিশাল শিল্পসত্বা, নিজেই যেন এটি ধ্ৰুপদী সংগীতৰ মিঠা সুৰ, এক অনুষ্ঠান৷ আচলতে, তৰালিৰ কণ্ঠ ভগৱানৰ দান৷ যাৰ কণ্ঠত মানুহে বিচাৰি পায় এবুকু আশা, সেউজীয়া হেঁপাহ, মৰম, ভালপোৱা, প্ৰকৃতি প্ৰেম, নিৰ্জনতা, বঞ্চিত জনেও হাজাৰটা দুখ পাহৰি বিচাৰি পায় কিছু শান্তি, আধ্যাত্মিকতা, লোক জীৱনৰ মোহময় সুৰ, প্ৰেমৰ অনুৰণন আৰু প্ৰেমিক মনৰ আৱেগ, আকুলতা৷ তেখেতৰ কণ্ঠ আৰু সুৰে স্পন্দন জগাই তোলে হৃদয়ত সুকোমল অনুভূতিপ্ৰৱণ গীতবিলাকে হৃদয় আলোড়িত কৰি মোহা২৬ন্ন কৰি ৰাখে প্ৰতিজন সংগীত প্ৰেমীক৷

সংগীতৰ সুবিশাল ক্ষেত্ৰখনত নিতৌ বহু শিল্পীৰ আগমন ঘটে, কোনোজনে হয়তো সুন্দৰ আস্থাৰ গীতেৰে শ্ৰোতাৰ অন্তৰত নিগাজী স্থান দখল কৰি লয় আৰু আন কোনো জনে হয়তো প্ৰথমে দুই এটা গীতেৰে খলকনি সৃষ্টি কৰিলেও পাছত স্থায়িত্ব নাপাই সময়ৰ খোজত হয়তো হেৰাই যায়৷ কিন্তু তৰালি শৰ্মা এনে এক একক আৰু অনন্য প্ৰতিভা যি আৱেগভৰা সুৱদি কণ্ঠ আৰু অনুভূতিপ্ৰাণ চিৰসেউজ গীতেৰে শ্ৰোতাক মোহা২৬ন্ন কৰি শ্ৰোতাৰ হৃদয়ত এক নিগাজী স্থান অধিকাৰ কৰি লৈছে আৰু চিৰদিনেই অসমবাসী ৰাইজৰ হিয়াৰ মণি হৈ তেওঁৰ কণ্ঠ আৰু সুৰ শ্ৰোতাৰ আঁহে আঁহে, কোঁহে কোঁহে স্পন্দিত হৈ থাকিব৷ শিল্পীগৰাকীয়ে কণ্ঠ নিগৰোৱা প্ৰতিটো গীতেই গীতি সাহিত্য আৰু কণ্ঠৰ মাধুৰ্য্যৰে পৰিপূৰ্ণ৷ সেয়েহে তেখেতৰ কণ্ঠৰ প্ৰতিটো গীতে শ্ৰোতাক দিয়ে এক প্ৰশান্তি, বিমল আনন্দ, মধুৰ অনুভূতি আৰু অনন্য মাত্ৰা৷

এখন সাংস্কৃতিক ঘৰত জন্ম লাভ কৰা শিল্পী গৰাকীয়ে শৈশৱৰ পৰাই পাইছিল এক সাংগীতিক পৰিৱেশ৷ দেউতাক প্ৰখ্যাত বাঁহীবাদক, সংগীত নাটক একাডেমী বঁটা বিজয়ী, সংগীত মহীৰূহ, সংগীতশ্ৰী শ্ৰদ্ধাৰ প্ৰয়াত প্ৰভাত শৰ্মাদেৱ৷ মাতৃ ৰেণু শৰ্মা৷ তেখেতৰ মাতৃয়েও সংগীতৰ চৰ্চা কৰিছিল৷ এজন খুড়াক বশিষ্ঠ দেৱ শৰ্মা বৰ্তমান বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ৷ সৰু খুড়াক প্ৰয়াত মুৰাৰী মোহন শৰ্মা আছিল বৰগীতৰ এজন একনিষ্ঠ সাধক৷ তেখেতৰ ককাক পুষ্প মিশ্ৰ (মাতৃপক্ষৰ) তেতিয়াৰ যাত্ৰা পাৰ্টিৰ এজন নামজ্বলা অভিনেতা আছিল৷ আন এগৰাকী ককাক স্বৰ্গীয় গিৰিশ চন্দ্ৰ দেৱশৰ্মা (পিতৃপক্ষৰ) এগৰাকী শাস্ত্ৰী উপাধিকাৰী সংস্কৃত পণ্ডিত আছিল৷ মুঠতে সৰুৰে পৰাই পাইছিল ঘৰখনত নিৰলস সাংস্কৃতিক চৰ্চাৰ এক পৰিৱেশ৷ পুৱাই দেউতাকৰ বাঁহীৰ মাতত সাৰ পোৱা ছোৱালীজনীয়ে ঘৰখনত পোৱা সাংস্কৃতিক পৰিৱেশ আৰু শৈশৱত ৰেডিঅ গান শুনি শুনিয়েই সংগীতৰ প্ৰতি আকৃষ্ট হৈছিল৷ শৈশৱৰ পৰাই সুধাকণ্ঠ ভূপেন হাজৰিকা, সুৰ সম্ৰাজ্ঞী লতা মংগেশকাৰ, দৰদী কণ্ঠশিল্পী য়েচু দাস আৰু কোকিল কণ্ঠী দীপালি বৰঠাকুৰৰ গীত শুনি ভাল পোৱা ছোৱালীজনীয়ে আনকি চিটি বাছত লগাই যোৱা গান শুনি শুনি কলেজলৈ যাওঁতে হেনো কলেজ কেতিয়াবাই পাৰ হৈ গৈছিল, পুনৰ বেলেগ বাছত উঠি কলেজলৈ উভতি আহিছিল৷ গানকেই মনেপ্ৰাণে ভাল পোৱা ছোৱালীজনীয়ে কলেজত অনুষ্ঠিত হোৱা গীতৰ প্ৰতিযোগিতাত প্ৰায়েই প্ৰথম হৈছিল৷ পঢ়াশুনাৰ লগতে দৈনিক দেউতাকৰ হাৰমনিয়ামখন লৈ সংগীতৰ চৰ্চা (ৰেৱাজ) কৰি গৈছিল৷ পঢ়াশুনাত সৰুৰে পৰাই মেধাৱী এইগৰাকী ছাত্ৰীয়ে পৰৱতীৰ্ সময়ত ইংৰাজী বিষয়ত সন্মানসহ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল৷ পঢ়াশুনা আৰু সংগীত সমানভাৱেই আগুৱাই লৈ যোৱা তৰালি শৰ্মাই ‘‘সৰস্বতী কমিউনিকেচ্’’ দ্বাৰা প্ৰযোজিত ‘‘অভিমান’’ নামৰ শ্ৰব্য কেছেটটোত কণ্ঠদান কৰাৰ পাছৰ পৰাই বহুলভাৱে চৰ্চা লাভ কৰে৷ তাৰ পাছত ‘‘তৰালি’’ নামৰ শ্ৰব্য কেছেটত কণ্ঠদান কৰি অসমবাসী সংগীত প্ৰেমী ৰাইজৰ হিয়ামন জয় কৰিবলৈ সক্ষম হয়৷

‘‘তৰালি’’ এলবামৰ গীতকেইটিত শিল্পীগৰাকীৰ আকুলতা ভৰা কণ্ঠ আৰু গীতি সাহিত্যই শ্ৰোতাক এক মৰমসনা আৱেদন দিবলৈ সক্ষম হয়৷ লগে লগে শিল্পীগৰাকী হৈ পৰে অসমবাসী ৰাইজৰ হিয়াৰমণি৷ তাৰ পাছত আৰম্ভ হয় শিল্পীগৰাকীৰ বৰ্ণিল সংগীত জীৱনৰ এক স্বৰ্ণিল অধ্যায়৷ বিশেষকৈ দৰদী কণ্ঠশিল্পী পাৰৱীন চুলতানাৰ কণ্ঠৰ কেইবাটাত গীত, তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই শিল্পী গৰাকীয়ে পুনৰ নিজৰ কণ্ঠত গাই শ্ৰোতাক এক অনাবিল আনন্দ দিবলৈ সক্ষম হোৱাৰ লগতে গীত সমূহৰ গায়কীয়ে প্ৰতিজন শ্ৰোতাদৰ্শকৰ অন্তৰ চুই যাবলৈ সক্ষম হয়৷ নিৰলস আৰু নিৰৱিচ্ছিন্ন সংগীত সাধনাৰে এইগৰাকী শিল্পীয়ে বৰগীত, লোকগীত, বিহুগীত, আধুনিকগীত আদি সকলো গীততে কণ্ঠদান কৰি জনপ্ৰিয়তাৰ শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয়৷কোকিল কণ্ঠীহিচাপে জনমানসত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হয়৷ শিল্পীগৰাকীয়ে নিজেই উল্লেখ কৰিছে যে সংগীত হৈছে পূজা৷ বিধাতাৰ শ্ৰেষ্ঠ দান সংগীত৷ গতিকে সম্পূৰ্ণ সমৰ্পিত মন লৈহে সংগীতৰ অনুশীলন কৰিব লাগে বুলি উল্লেখ কৰে৷ যিকোনো শিল্পচৰ্চাৰ ক্ষেত্ৰতে এটা সাৰ্থক সৃষ্টিৰ বাবে শিল্পীগৰাকীয়ে তিনিতা  ড্ড কথা উল্লেখ কৰে৷ Devotion, Determination আৰু Dedication এই তিনিটা কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰি গীত সৃষ্টি বা পৰিৱেশন কৰিলেহে একোটা গানে মানুহৰ অন্তৰত আস্থাৰ গীত হিচাবে স্থায়ীত্ব লাভ কৰিব পাৰে৷

‘‘তোমাৰ একোৱে নাই বোলা কিয়

এটি ধুনীয়া মন থাকোঁতে…’’

সঁচাই, আপোন শিল্পীগৰাকীয়ে গীতত কোৱাৰ দৰেই আমিও কওঁ, শিল্পীগৰাকীৰ প্ৰজ্ঞা, প্ৰতিভা আৰু সৌন্দৰ্য্যৰ লগতে আছে এটি ধুনীয়া মন৷ এই ধুনীয়া মনটোৰেই তেওঁ ধুনীয়া ধুনীয়া গীত পৰিচালনা কৰিছে৷ শাস্ত্ৰীয় সংগীত, বৰগীত, লোকগীত, বিয়ানাম, বিহুগীতৰ পৰা আৰম্ভ কৰি আধুনিক গীতলৈকে সকলোতে কণ্ঠদান কৰি কণ্ঠৰ মধুৰতা, সুৰৰ মু২৬১্নাৰে সকলো গীতকে এক সুকীয়া মাত্ৰ দিবলৈ সক্ষম হৈছে৷ ইয়াৰ উদাহৰণ হিচাপে তেওঁ মুকলি, তৰালি, হেঙুলীয়া আদিকে ধৰি কেইবাটাও জনপ্ৰিয় এলবাম (গীত) শ্ৰোতাদৰ্শকক উপহাৰ দিছে আৰু যিসমূহ গীতে সুৰীয়া চিৰসেউজ গীত হিচাপে ইতিমধ্যেই শ্ৰোতাৰাইজৰ হৃদয়ত এক নিগাজী স্থান দখল কৰিছে৷

অসমীয়া চলচ্চিত্ৰত মহিলা সংগীত পৰিচালক হিচাবে আত্মপ্ৰকাশ কৰা সুকণ্ঠী গায়িকা মনীষা হাজৰিকাৰ পাছতেই দ্বিতীয় গৰাকী সংগীত পৰিচালিকা তৰালি শৰ্মা৷ শিল্পী গৰাকীয়ে আকাশী তৰাৰ কথাৰে, লাজ, অন্তৰীণ, কানীন, কেলেণ্ডাৰ, তুমি আহিবানে, মাৰ্কশ্বিট, সুৱালা, বৰনদী ভটিয়ায় আদিকে ধৰি কেইবাখনো মননশীল ছবিত অনুভৱী সংগীত পৰিচালনাৰে এক বিশেষ সমাদৰ তথা স্বকীয় মৰ্য্যাদা লাভ কৰিবলৈ সক্ষম হৈছে৷ ২০০৩ চনত যশস্বী চলচিত্ৰ পৰিচালিকা মঞ্জু বৰাৰ ‘‘আকাশী তৰাৰ কথাৰে’’ ছবিখনত সংগীত পৰিচালনা কৰাৰ লগতে মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত ‘‘কিমতে ভকতি কৰিবো তোমাত হৰি …’’ শীৰ্ষক কাকুতি ঘোষাটিত কণ্ঠদান কৰি ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ শ্ৰেষ্ঠা নেপথ্য গায়িকাৰ সন্মান অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল৷ চলচ্চিত্ৰৰ সংগীত পৰিচালনাৰ সমান্তৰালভাৱে শিল্পীগৰাকীয়ে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰতো সংগীত পৰিচালনাৰে আন এক দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হৈছে৷ ভ্ৰাম্যমাণৰ মঞ্চত প্ৰদৰ্শিত কেইবাখনো ভিন্নসুৰী জনপ্ৰিয় নাটকত সুন্দৰ সংগীত পৰিচালনাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ তেখেতে সংগীত পৰিচালনা কৰা নাটক সমূহৰ ভিতৰত কেইখনমান উল্লেখযোগ্য নাটক থেল’, অসীমত যাৰ হেৰাল সীমা, দেৱদাস, এৰা বাটৰ সুৰ, ভূল নুবুজিবা ভূপেনদা, যুক্তি, সন্ন্যাসিনী, হিয়াত এপাহি গোলাপ, অনুভূতি, ৰুমাল, মহাবীৰ আদি৷ আনহাতে লোকসংগীতৰ ভড়াল থকা অসমৰ লোক সংগীত ওজাপালি, নাগাৰা নাম, বিয়ানাম আদিত সুৰৰ সুষম সংমিশ্ৰণ ঘটাই তেওঁ সৃষ্টি কৰিছে কেইবাটাও সুৰীয়া আধুনিক গান৷ ‘‘কেহ কো কেহ কলি’’ এনে এটি বিশেষ ‘‘ক্ ফিউজন’’ গীত৷ফিউজনসম্পৰ্কে তেখেতৰ মন্তব্য জানিব বিচৰাত শিল্পীগৰাকীয়ে জানিবলৈ দিয়ে যে অসমৰ লোক সংগীতৰ ক্ষেত্ৰখন অত্যন্ত বিশাল৷ ইয়াত সংমিশ্ৰণৰ সুযোগ অপৰিসীম৷ মাথোঁ চাব লাগে যাতে, লোক সংগীতৰ সুৰটো আৱেগখিনিৰ লগত মিলাকৈ অন্য আধুনিক গান বা অন্য গীতৰ লগত সংযোজিত হৈছে নে নাই৷ কাৰণফিউজনকেতিয়াওকনফিউজন’’ নালাগে বুলি উল্লেখ কৰে৷

বহুমুখী প্ৰতিভাসম্পন্ন, ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত এইগৰাকী কোকিল কণ্ঠী শিল্পীৰ সচৰাচৰ তেওঁ লিখা গীতবোৰৰ কণ্ঠ আৰু সুৰক লৈ যিদৰে চৰ্চা হৈছে, সেই অনুপাতে তেখেতৰ গীতিসাহিত্যৰ ওপৰত যিমান চৰ্চা হোৱা নাই যেন লাগে৷ এই সন্দৰ্ভত শিল্পীগৰাকীক আমি প্ৰশ্ন কৰাত তেখেতে নিজকে কেতিয়াও গীতিকাৰ বুলি নাভাবো বুলি উল্লেখ কৰে৷ লগতে উল্লেখ কৰে এগৰাকী ভাল গীতিকাৰ বলৈ যথেষ্ট ভাষা জ্ঞানৰ প্ৰয়োজন, এই ক্ষেত্ৰত তেখেতৰ জ্ঞান একেবাৰে সীমিত বুলি উল্লেখ কৰে৷ মাথোঁ মনৰ মাজত উকমুকাই থকা কিছু আৱেগ, অনুভূতি কিছুমানক ধৰি ৰাখিবলৈহে মাজে মাজে গীত লিখা বুলি মন্তব্য কৰে৷ আচলতে এয়াই হয়তো প্ৰকৃত শিল্পী, অহংকাৰ শূণ্য যি সকলো জানিও, নিজৰ ইমানখিনি সুন্দৰ সৃষ্টিৰাজিৰ পাছতো এইদৰেই মন্তব্য কৰে৷ এয়াই তেওঁৰ মহানতা৷ ‘‘যেনেকৈ ডালে পাতে ভৰপূৰ গছজোপা তললৈ দোঁ খাই থাকে, ঠিক সেইদৰেই কোনো অহংকাৰ নথকা, মানুহক ভালপোৱা মাটিৰ মানুহৰ শিল্পী তৰালি শৰ্মা৷ সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য্য (হীৰুদা), বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰী, গীতিকাৰনাট্যকাৰ হেমন্ত দত্ত, গীতিকাৰপৰিচালক বিবি দেৱী বৰুৱা, গীতিকাৰ গৌতম শৰ্মাকে আদি কৰি অসমৰ কেইবাগৰাকীও প্ৰতিষ্ঠিত কৱি, গীতিকাৰ গীতত সুৰ আৰু কণ্ঠদান কৰাৰ উপৰিও শিল্পীগৰাকীয়ে নিজৰে সৃষ্ট কেইবাটাও সুন্দৰ অৰ্থবহ গীত, শ্ৰৱ্য এলবাম, চিনেমা আৰু ভ্ৰাম্যমাণ থিয়েটাৰত নিজেই কণ্ঠদান, সুৰ আৰু সংগীত পৰিচালনা কৰাৰ উপৰিও শিল্পীগৰাকীৰ নিজা সংগীত পৰিচালনাত আন আন শিল্পীকো কণ্ঠদান কৰোৱাইছে৷ আচলতে সকলোৰে বাবে নিজে কৰি ভালপোৱা কামটোৰ প্ৰতি এটা বিশেষ আগ্ৰহ আৰু ভালপোৱা থাকে৷ ইয়াৰ লগত নিষ্ঠা, একাগ্ৰতা, উৎসাহ, আন্তৰিকতা জড়িত হৈ থাকে৷ এই ভালপোৱা বিলাকেই সৃষ্টিশীল মনটোক জীপাল কৰি নতুন নতুন গীতৰ সৃষ্টি কৰি যোৱাৰ অনুপ্ৰেৰণা দিয়ে বুলি শিল্পীগৰাকীয়ে ব্যক্ত কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *