
নাৰীবাদ কি? বহুতে
‘নাৰীবাদ’
মানে পুৰুষ বিদ্বেষী এক মনোভাৱ বুলি ভাবে৷ ‘নাৰীবাদ’
মানেই যেন পুৰুষৰ বিৰোধিতা কৰা৷ নাৰীবাদ মানেই যেন পুৰুষৰ বিৰুদ্ধে শ্লোগান দিয়া৷ নাৰীবাদ মানেই যেন কেৱল সমাজ–সংস্কৃতিৰ বিৰুদ্ধে চলাই অহা এক উগ্ৰ চিন্তা৷
বহুতে আনকি নাৰীবাদক পশ্চিমীয়া সংস্কৃতিৰ বিজতৰীয়া আমদানি বুলিও ভাবে৷
কিন্তু প্ৰকৃতাৰ্থত নাৰীবাদত ওপৰোক্ত এটা মতৰো বাস্তৱিক স্থিতি নাই৷
নাৰীবাদ মানে আন্দোলন, বা উগ্ৰ চিন্তা নহয়৷ নাৰীবাদ এটা মতাদৰ্শ, এটা মুক্ত বিচাৰ৷ যিয়ে শোষণৰ বিৰুদ্ধে চেতনা যোগাই এক যোগাত্মাক পৰিৱেশ সৃষ্টি কৰিব বিচাৰে৷ নাৰীবাদে লিংগবৈষম্য দূৰ কৰি পুৰুষ আৰু মহিলাৰ মাজত সম অধিকাৰ স্থাপন কৰিব বিচাৰে৷ সম অধিকাৰ বিচাৰে শিক্ষা, সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, অৰ্থনৈতিক সকলো দিশতে৷
সম অধিকাৰৰ কথা কওঁতেই আজি কিছুদিন আগত মোক ছ’চিয়েল মিডিয়াত এজনে প্ৰশ্ন কৰিছিল যে ‘‘ইমানেই যদি সম অধিকাৰ বিচাৰে তেন্তে আপোনাৰ নামটো ‘ডেইজী’ নাৰাখি ‘হৰকান্ত’ ৰাখিব লাগিছিল’’৷ অৰ্থাৎ সমাজত পূৰ্ব সৃষ্ট এটা ধাৰণাৰে প্ৰচলিত এটা পুৰুষৰ নাম মই ৰাখিব লাগিছিল৷
এতিয়া কথা হ’ল অধিকাৰ বিচৰাৰ কথা কওঁতে তেওঁ এটা প্ৰচলিত পুৰুষৰ নামৰ কথা কিয় ক’লে? কিয় মই কেৱল ‘ডেইজী’ হৈয়ে সেই অধিকাৰ লাভৰ হেতু মাতিব নোৱাৰো? আওপকীয়াকৈ তেওঁ মানি লোৱা নাই নে এই সমাজ পুৰুষতন্ত্ৰৰ অধীন বুলি?
সেই আলোচনাতে আকৌ এজনে কৈছিল– ‘‘নাৰীয়ে পুৰুষৰ সমানে অধিকাৰ বিচাৰি লাভ নাই, কিয়নো নাৰী জন্মতেই পুৰুষতকৈ বেলেগ হৈ জন্ম লয়৷’’
হয়, নাৰী আৰু পুৰুষ দুটা ভিন্ন সত্বা৷ নাৰী–পুৰুষৰ মাজত বায়’লজিকেল (জৈৱিক) পাৰ্থক্য বহুত আছে৷ কিন্তু বায়’লজিকেল পাৰ্থক্যবোৰ যেতিয়া সমাজ ব্যৱস্থাত আহি পৰে সমস্যা হয় তেতিয়াই৷ নাৰীয়ে নাৰীত্বক নস্যাৎ নকৰে, নাৰীয়ে পুৰুষতকৈ বেলেগ বুলি নিজৰ শৰীৰটোক অস্বীকাৰ নকৰে৷ নাৰীয়ে নিজক গ্ৰহণ কৰিয়েই সকলো দিশৰ অধিকাৰ লাভৰ হকে মাত মাতে৷
জন্মতেই ল’ৰা বা ছোৱালী প্ৰাকৃতিক পাৰ্থক্য সমূহৰ বাহিৰে অন্য একো বেলেগকৈ জন্ম নলয়৷
পাৰ্থক্য আহে জন্মৰ পিছত৷ জন্মতেই নাৰী পুৰুষতকৈ দুৰ্বল হৈ জন্ম নলয়৷ সেই দুৰ্বলতাক সমাজে সৃষ্টি কৰে শাৰীৰিক অথবা মানসিকভাৱে৷
জন্মৰ পিছতেই ছোৱালীক খেলিবলৈ আনি দিয়া হয় পুতলা, ল’ৰাক গাড়ী–পিষ্টল৷ ছোৱালীয়ে হাতত পুতলা লৈ মাক হৈ ঘৰ ঘৰ খেলে আৰু ল’ৰাই হাতত বল–বেট লৈ খেলপথাৰলৈ দৌৰে৷ ডাঙৰ হ’লেই ল’ৰাই শৰীৰ পেশী বহুল দেখুৱাবলৈ জিমলৈ দৌৰে৷ চিক্স পেক, বাইচেপ কি কি টে নবনাই৷ আৰু ছোৱালীয়ে?
ছোৱালীয়ে শিকে হাতত জেতুকা ল’বলৈ,
চকুত কাজল ল’বলৈ,
ওঁঠত লিপষ্টিক ল’বলৈ৷ কিয়নো নাৰী হেনো সৌন্দৰ্য্যৰ প্ৰতীক৷ যি ধাৰণাই নাৰীক ভোগৰ সামগ্ৰী হিচাপে গঢ় দিয়াত পূৰ্ণ মাত্ৰাই অৰিহণা যোগায়৷
এই বিপৰীত ধমীৰ্ কাৰ্য সমূহে শিশু এটাৰ শাৰীৰিক আৰু মানসিক বিকাশত পাৰ্থক্য জন্মাই৷ জন্মৰ পিছৰ পৰাই ছোৱালীক শিকোৱা হয় ছোৱালী মানেই যেন কেৱল কোমলতা, নিমজ,
লাজ লাজ ভাৱনাৰ এক সত্বা৷ বিপৰীতে ল’ৰাক কোৱা হয় ল’ৰা মানেই সাহসী, ল’ৰা মানেই দক্ষ, ল’ৰা মানেই বুদ্ধিমত্তাৰ প্ৰতীক, ল’ৰা মানেই শাসন কৰিব পৰা এক ক্ষমতা, ল’ৰা মানেই অবাধ স্বাধীনতা৷
এতিয়া হয়তো বহুতে ভাবিব যে বৰ্তমান সময়ত নাৰীবাদৰ প্ৰাসংগিকতা আছেনে? কিয়নো এতিয়া ল’ৰা–ছোৱালীৰ সমানেই আগবাঢ়িছে৷ ল’ৰাৰ সমানে সমানে ছোৱালী স্কুল–কলেজলৈ গৈছে, পুৰুষৰ সমানে সমানে মহিলাই স্বাৱলম্বী হৈছে, মহিলাই অফিচ গৈছে, ভ্ৰমণ কৰিছে, নিজৰ মতে পিন্ধিছে,
খাইছে৷
কিন্তু প্ৰকৃতাৰ্থত এগৰাকী নাৰীয়ে নাৰী হিচাপে তেওঁৰ কৰ্মক্ষেত্ৰত,
স্কুল–কলেজত,
পিন্ধন–উৰণত,
খোৱা–লোৱা,
বা ভ্ৰমণৰ সময়ত স্বাধীন হ’ব পাৰিছেনে, পাৰিছেনে বেলি ডুবাৰ পিছতো নিশ্চিন্তমনে বাহিৰত থাকিবলৈ?
এই প্ৰশ্ন সমূহৰ উত্তৰ আমি একে আষাৰতে ক্সNoক্স বুলি ক’ব পাৰো৷ ব্যক্তিগতভাৱে কাৰোবাৰ ক্ষেত্ৰত এয়া সঁচা নহ’লেও সামগ্ৰিকভাৱে এয়াই অপ্ৰিয় সত্য৷

নাৰী সম্পৰ্কীয় ধাৰণাত স্পষ্ট ৰূপত ফুটি উঠে যে ক্টWomen
are not only discriminated but also ohpressedক্ট. অৰ্থাৎ নাৰীক অকল ভেদ ভাৱেই নহয় উৎপীড়নো কৰা হয়৷ ভেদ ভাৱ সম্পৰ্কীয় ধাৰণাত কিছুক্ষেত্ৰত নিয়ম–কানুন,
বা আইন প্ৰণয়ন বা দাবী উত্থাপন কৰি সলনি কৰিব পৰা যায়৷ অৰ্থাৎ নাৰীয়ে পুৰুষৰ সমানে এখন স্কুল বা কলেজ বিচাৰিছে… সেই সম্পৰ্কে তেওঁ দাবী উত্থাপন কৰিছে৷ আৰু সেয়া মানি লৈ স্কুল বা কলেজ এখন স্থাপনো কৰিলে৷ কিন্তু এতিয়া কথা হ’ল সেই সেই স্কুল বা কলেজখনৰ কেম্পাছৰ ভিতৰত তেওঁ নাৰী সম্পৰ্কীয় পূৰ্ব প্ৰচলিত ধাৰণাৰ পৰা মুক্ত হ’ব পাৰিছেনে? মহিলা কলেজ এখন নথকাতো এটা External Restriction৷ যাক আমি দাবী উত্থাপন কৰি খণ্ডন কৰিব পাৰো৷ কিন্তু সেই কলেজখনৰ ভিতৰত মহিলা গৰাকীক নাৰী সম্পৰ্কীয় পূৰ্ব ধাৰণা অনুসৰি যি এক বৃত্তত বন্দী কৰি ৰখা হয় সেয়া হ’ল উৎপীড়ন৷ আৰু এই উৎপীড়ন
Internal Restriction ত পৰে৷ এই বাহ্যিক ভেদভাৱবোৰ আমি সহজে দেখা পাওঁ, কিন্তু আভ্যন্তৰীণ অৰ্থাৎ মানসিক শোষণবোৰ আমি সহজে দেখা নাপাওঁ৷ অৰ্থাৎ উপলব্ধি কৰিব নোৱাৰো৷ ইয়াৰ বাবে আমি আইন–কানুনৰ সহয়ো ল’ব নোৱাৰো৷
উদাহৰণস্বৰূপে নাৰী সম্পৰ্কে কোৱা হয় যে ‘‘লাও সদায় পাতৰ তল’’, ছোৱালী কুৰিতে বুঢ়ী, আনকি পুৰুষক দিয়া গালি হিচাপেও মহিলাক ব্যৱহাৰ কৰা হয়৷ কেতিয়াবা পুৰুষৰ নামত থকা গালি শুনিছেনে? এই যিবোৰ সমস্যা এই সকলোবোৰৰ ন্যায়ৰ সপক্ষে একো ব্যৱস্থা গঢ়ি উঠা নাই৷ কিয়নো এইবোৰ অতীজৰে পৰা চলি অহা এটা ধাৰণা… এটা নিয়ম… এটা সমাজ স্বীকৃত বৈপৰীত্য৷
এতিয়া প্ৰশ্ন হ’ল যে আমি সমাজ সৃষ্টি কৰো নে সমাজে আমাক সৃষ্টি কৰে? উত্তৰত এটাই কথা– সমাজ আমি সৃষ্টি কৰো৷
যেতিয়া সমাজত কি চলি আছে আৰু কি হ’ব লাগিছিল অৰ্থাৎ
‘What aught to be’ আৰু ‘What is’ ১ মাজত যদি বৃহৎ ব্যৱধান আহি পৰে তেতিয়াই প্ৰয়োজন হয় পৰিৱৰ্তনৰ৷ এয়া আমি ব্যক্তিগতভাৱেও ব্যৱহাৰ কৰিব পাৰো আৰু সমগ্ৰ সমাজখনৰ বাবেও ই প্ৰযোজ্য হয়৷
নাৰী সম্পৰ্কীয় ধাৰণাত যদি আমি চিন্তা কৰো যে সমাজত নাৰীৰ স্থান কি আৰু কি হ’ব লাগিছিল৷ তাৰ উত্তৰত এতিয়াও এক বৃহৎ ব্যৱধান পৰিলক্ষিত হয়৷ গতিকে নাৰীবাদৰ প্ৰাসংগিকতা এতিয়াও আগৰ দৰেই স্পৰ্শকাতৰ আৰু প্ৰয়োজনীয়৷
এতিয়াও নাৰী জন্মগতভাৱেই কেৱল ঘৰ চম্ভালিবলৈ,
পতিক শুশ্ৰুষা কৰিবলৈ, আনৰ দ্বাৰা শাসিত হ’বলৈকেই জন্ম হয় বুলি ভবা হয়৷ এইবোৰ কৰি ভালপোৱা আৰু নিয়মমাফিকভাৱে সকলোৰে ওপৰত জাপি দিয়াৰ মাজত পাৰ্থক্য আছে৷ কোনোবাই এইবোৰ কৰি ভাল পাব পাৰে আৰু কোনোবাই নাপাব পাৰে৷ যিয়ে নাপায় তাৰ কাৰণে ব্যৱস্থা কি? আছেনে কিবা? পুৰুষ এজনে ঘৰ চম্ভালি লোৱা কথা আৰু মহিলাই অফিচত গৈ কাম কৰা কথা আমি কোনো দ্বিধা নকৰাকৈ চিন্তা কৰিব পাৰোনে? বহুতো নাৰীয়েও কয় তেওঁলোকৰ সুখ পৰিয়াল–পৰিচৰ্যাতেই আছে হেনো৷ হয়, ঘৰ চম্ভালি লোৱাটোও এটা গুণৰ ভিতৰতে পৰে৷ কিন্তু তেওঁলোকে একে আষাৰতে ক’ব পাৰিবনে যে তেওঁৰ নিজৰ ঘৰখনত তেওঁৰ স্বাধীন অস্তিত্ব আছে? ক’ব পাৰিবনে তেওঁলোকে কেতিয়াও অস্তিত্বহীনতাত ভোগা নাই বুলি? ক’ব পাৰিবনে তেওঁলোকে এগৰাকী পত্নী হিচাপে, এগৰাকী মাতৃ হিচাপে, এগৰাকী জীয়ৰী হিচাপে তেওঁলোকে তেওঁলোকৰ প্ৰাপ্য সন্মান আৰু অধিকাৰ পাইছে বুলি? ব্যক্তিগতভাৱে সঁচা নহ’লেও সামগ্ৰিক ভাৱে ইয়াৰ উত্তৰো একে আষাৰতে ক্সNoক্স৷
আমাৰ সমাজ ব্যৱস্থা, আমাৰ সংস্কৃতি,
আমাৰ চিন্তাধাৰা এনে বিভিন্ন বিকাৰগ্ৰস্ত ভাবনাৰে ভৰপূৰ৷ ইয়াত পৰিৱৰ্তনৰ প্ৰয়োজন আছে৷ অকল নাৰী বুলিয়েই নহয় পুৰুষ সকলেও এই লিংগ–বৈষম্যৰ আধাৰত গঢ়ি উঠা ব্যৱস্থা সমূহৰ দ্বাৰা শোষিত হয়৷ পুৰুষে কান্দিব নাপায়, পুৰুষে এগৰাকী মহিলাৰ উপাৰ্জনত চলিব নাপায়, হোটেলৰ বিলখন পুৰুষে কেতিয়াও মহিলাক দিবলৈ দিব নাপায়, অৰ্থনৈতিকভাৱে ঘৰ এখনৰ দায়িত্ব কেৱল ঘৰৰ পুৰুষজনেই কান্ধ পাতি লোৱা… ইত্যাদি বিভিন্ন ধৰণে পুৰুষ সকলো ইয়াৰ দ্বাৰা প্ৰভাৱিত হয়৷ মহিলাক যেনেকৈ নাৰী সহনশীল, নাৰী পতিব্ৰতা, নাৰী বিশাল মনৰ গৰাকী ইত্যাদি বিভিন্ন বিশেষণেৰে নিজৰ অধিকাৰ লাভৰ যুঁজখনৰ পৰা কৌশলেৰে আঁতৰাই ৰখা হয় তেনেকৈ, পুৰুষকো পূৰ্ব প্ৰচলিত ধাৰণাৰে বিভিন্ন ক্ষেত্ৰত বিব্ৰত কৰা হয়৷
গতিকে এই লিংগ বৈষম্যৰ যুঁজ বা সম অধিকাৰৰ যুঁজখন অকল নাৰী সকলৰ নহয়৷ পুৰুষ সকলেও এই পুৰণি বিচাৰ ধাৰা সমূহ পৰিৱৰ্তনৰ পোষকতা কৰা উচিত৷
সমাজসৃষ্ট নিয়মসমূহক প্ৰাকৃতিক নিয়ম বুলি ভাবি লৈ অতি মাৰাত্মক ভুল সমূহ কৰাৰ পৰা নিজৰ লগতে সমাজখনকো আঁতৰাই ৰখা দৰকাৰ৷
এই পৰিৱৰ্তনৰ বাবে আমি নাৰী–পুৰুষ উভয়ে নিজৰ সমস্যা প্ৰকাশৰ বাবে আগবাঢ়ি অহা উচিত আৰু সমাধানৰ ধাৰণা সমূহক ব্যৱহাৰিক মূল্য দিয়া উচিত৷