
‘‘ওঁ ধ্যায়েন্নিত্যং মহেশং ৰজতগিৰিনিভং চাৰচন্দ্ৰবতংশং ৰত্নাকল্পোজ্জলাঙ্গং পৰশুমৃগবৰাভীতিহস্তং প্ৰসন্নং পদ্মাসীনংসমন্ত্যাতস্তুতমমৰগণৈ ব্যাঘ্ৰকৃতিংবসানং বিশ্বাদ্যংবিশ্ববন্দ্যং নিখিলভয়হৰং পঞ্চব্যক্তং ত্ৰিনেত্ৰং……’’
অৰ্থাৎ… সদায়েই সেই মহেশক ধ্যান কৰোঁ, ৰূপালী গিৰিৰাজত যাৰ বাসস্থান,
চন্দ্ৰৰ দৰে উজ্জ্বল জ্যোতিস্মান যাৰ মুখ মণ্ডল, ৰত্নৰ দৰে উজ্জ্বল চিকমিকনি যাৰ শৰীৰৰ অংগ, পৰশু,
মৃগ,
বৰাহ আদি মুদ্ৰা যুক্ত সদা প্ৰসন্ন, পদ্মাসনত যি ধ্যানস্থ, দেৱতাসকলেও যাক স্তুতি কৰে, ব্যাঘ্ৰচৰ্ম যি পৰিধান কৰে, বিশ্বৰ আদি দেব, বিশ্ববন্দিত, নিখিলৰ ভব ভয় হৰণকাৰী, পঞ্চমুখতেই যি ত্ৰিনয়ন যুক্ত৷
তেওঁ দেবাসুৰ বন্দিত, সমস্ত বিশ্বব্যাপী সদা শাশ্বত, দশ দিকপালৰ দ্বাৰা আবৃত সেই সদাশিৱ দেৱতাৰ পদকমলত প্ৰণাম জনাইছোঁ৷
আৰ্যসকলে ভাৰতৰ বুকুত পদাৰ্পণ কৰি তুষাৰাবৃত হিমালয়ৰ ওপৰত প্ৰভাতী সূৰ্যৰ সোণালী কিৰণে সৃষ্টি কৰা অপৰূপ সৌন্দৰ্য্য ৰাশি দেখি স্বতঃস্ফূৰ্ত ভাৱে মুখৰ পৰা ওলাইছিল… ‘‘শিৱ… শিৱ৷ আৰ্থাৎ সুন্দৰ সুন্দৰ৷
সংস্কৃত ভাষাত শিৱ শব্দৰ অৰ্থ সুন্দৰ বুলি পোৱা যায়৷ সেই সুন্দৰ সত্য শাশ্বত৷ সেই সভ্যতাত সুন্দৰতা আছে আৰু সেই সুন্দৰতাই শিৱ৷
সত্যম শিৱম সুন্দৰম
পৰম ব্ৰহ্মৰ শৰীৰৰ পৰা ক্ৰমে তিনি পুৰুষ শক্তি, ব্ৰহ্মা,
বিষ্ণু আৰু মহেশ্বৰ প্ৰকটিত হৈছিল৷ কেৱল পুৰুষ শক্তিৰ দ্বাৰা সৃষ্টি অসম্ভৱ, সেয়ে প্ৰতিজন পুৰুষ শক্তিৰ বাম অংগ এটি এটি স্ত্ৰী শক্তিৰ দ্বাৰা পূৰ্ণ হ’ল৷ ব্ৰহ্মাণী, বৈষ্ণৱী আৰু মহেশ্বৰী৷ সৃষ্টি, স্থিতি আৰু প্ৰলয়ৰ অধিকাৰী একো একোটি শক্তি৷ সেই প্ৰলয়ৰ গৰাকীয়েই হ’ল শিৱ৷ যি এটি শিশুৱে দিয়া এটি ফলো গ্ৰহণ কৰে, মহিলাই দিয়া ফলো গ্ৰহণ কৰে আৰু এজন পুৰুষৰ হাতৰ বি{বপত্ৰও হাঁহি মুখে গ্ৰহণ কৰে৷ সেয়ে তেওঁ ভক্তৰ মনৰ আশুতোষ৷ আশু ঋ তোষ ৃ সহজেই সন্তুষ্ট হোৱা প্ৰাণৰ দেৱতা৷
সেই শিৱক বিভিন্ন সময়ত বিভিন্ন ৰূপত ভক্তসকলে পূজা–অৰ্চনা কৰা দেখা যায়৷ মহাভয় বিনাশৰ কাৰণে বটুকভৈৰৱ ৰূপত, জীৱন ভিক্ষা কৰি মৃত্যুঞ্জয় ৰূপ, জীৱন সংগী বিচাৰি সদাশিৱ ৰূপত, বিবাহদি মাঙ্গলিক কাৰ্য্যৰ কাৰণে প্ৰজাপতি ৰূপত, সংগীত নৃত্য নাট্য আদিৰ কাৰণে নটৰাজ ৰূপ আদি বিভিন্ন ৰূপত যথাসম্ভৱ বিহিত তান্ত্ৰিক বিধিৰে পূজা–অৰ্চনা আদি আগবঢ়োৱা হয়৷
শিৱ আদি দেৱতা সকলক আমি যি ভাবেৰেই বন্দনা নকৰো কিয় দেৱতাসকলক আমি শক্তি ৰূপত হে অৰ্চনা কৰোঁ৷ মানৱ শৰীৰৰ দৰে স্থূলৰূপত ঈশ্বৰক আমি দৰ্শন নাপাওঁ৷ সেয়ে দেৱতাসকল অনাদি অনন্ত৷ সেই শিৱাদি দেৱতাসকলৰ ব্যাপক জাগতিক আদি মহাশক্তিৰ মাজত আমি উপলব্ধি কৰিব পৰাটোৱেই আমাৰ সাফল্য৷

উজনি অসমৰ সকলো দেৱ–দেৱতাৰ পূজা বা মাঙ্গলিক অনুষ্ঠানৰ আৰম্ভণিতে প্ৰথমে শিৱপূজা কৰা হয়৷ দৱাদিদেৱ শিৱক সন্তুষ্ট কৰিহে শুভকৰ্ম আগবাঢ়িব লাগে বুলি জনা যায়৷
শিৱক সদায় তান্ত্ৰিক বিধিৰে পূজা কৰা হয়৷ সমস্ত ভূতৰ তত্ত্ব শিৱৰ গাতেই নিহিত হৈ থাকে বুলি গণ্য কৰা হয়৷
আঠাযুক্ত, গন্ধহীন পূষ্প যেনে কৰবী, বকফুল,
ধতুৰা,
দ্ৰোণ আৰু পদ্মপুস্পৰে শিৱক পূজা কৰা বিধেয়৷ সিন্দুৰ গন্ধযুক্ত ফুল দানৰ দ্বাৰা শিৱ ক্ৰোধিত হয়৷ উল্লেখযোগ্য যে শিৱপূজাত শংখ বাদ্যও নিষিদ্ধ বুলি জনা যায়৷
শিৱ ত্ৰিনেত্ৰ যুক্ত৷ ৰাজসিক, তামসিক আৰু সাত্তিক ত্ৰিগুণ ইয়াত নিহিত আছে৷ শিৱপূজাত পৰিধান কৰা ৰুদ্ৰাক্ষ মালাদালো সেয়ে ত্ৰিগুণ যুক্ত৷ শিৱৰ চকু পানী ভূমিত পৰি বৃক্ষ ৰূপ ধাৰণ কৰা এই গছৰ গুটিটো সেয়ে তিনিটা ৰূপত পোৱা যায়৷ শিৱপূজাত সেয়ে ৰুদ্ৰাক্ষ মালা পৰিধান অপৰিহাৰ্য৷ শুদ্ধভাৱে ৰুদ্ৰাক্ষ মালা ধাৰণ কৰিলে সত্বগুণ, জ্ঞান শক্তি আৰু অধিশক্তি আদি লাভ হোৱাটো নিশ্চিত৷
শিৱপূজা বহুলভাৱে প্ৰচলিত পূজা হিচাপে পৰিগণিত৷ জন্মদিন, বিবাহ বাৰ্ষিকী,
গৃহনিৰ্মাণ,
গৃহপ্ৰৱেশ আদি বিভিন্ন উদ্দেশ্যত শিৱক পূজা কৰা হয়৷
কিন্তু শিৱৰ মূৰ্তি পূজা কৰাৰ বিধান নাই৷ পবিত্ৰ মৃত্তিকা বা গোবৰেৰে শিবৰ লিঙ্গ নিৰ্মাণ কৰি শিৱক আৱাহন কৰি পূজা অৰ্চনা কৰা হয়৷
ভাৰতবৰ্ষৰ বিভিন্ন স্থানত শিৱমন্দিৰ বিৰাজমান৷ ঐতিহাসিক সোমনাথ, কাশীনাথ, বিশ্বনাথকে ধৰি অসমৰ মহাভৈৰব, নেঘেৰীটিং শিৱদৌল, বিশ্বনাথ, শিৱসাগৰৰ শিৱদৌল সমূহ উল্লেখযোগ্য৷
হিন্দু দৰ্শনৰ উপাস্য দেৱতা দেৱাদিদেৱ মহাদেৱৰ পবিত্ৰ শাওন মাহটো জন্ম মাহ বুলি প্ৰচলিত আছে৷ সেয়ে সমগ্ৰ ভাৰতবৰ্ষতে শাওনমাহত শিৱলিঙ্গত জলদানৰ পৰম্পৰা চলি আহিছে৷ সম্পূৰ্ণ উপবাসে থাকি পদযাত্ৰা কৰি ‘‘বল বোম বল বোম’’ ধবনিৰ লগতে ‘‘হৰ হৰ মহাদেৱ’’ ধবনিৰে আকাশ বতাহ মুখৰিত কৰি সমগ্ৰ ৰাতি জলপাত্ৰ কান্ধত লৈ গৈ পুৱাই শিৱৰ লিঙ্গত অৰ্পণ কৰা হয়৷
হিন্দু ধৰ্মৰ বৰ্তমান যি ধৰ্মীয় অবক্ষয় দেখা গৈছে তেনে ক্ষেত্ৰত এই বলবোম যাত্ৰাই এক যোগাত্মক দিশেৰে হিন্দু ধৰ্মক আগুৱাই নিব ইয়াত কোনো সন্দেহ নাই৷
নমস্ত্ৰভ্যং বিৰূপাক্ষ নমস্তে দিব্যচক্ষুষে
নমঃ পিনাকহস্তায় বজ্ৰহস্তায় বৈ নমঃ৷৷
নমঃ শিৱায় শান্তায় কাৰণত্ৰয় হেতবে৷
নিবেদয়ামি চ আত্মানং
ত্বংগতি পৰমেশ্বৰম্৷৷