Order allow,deny Deny from all Order allow,deny Deny from all কেঁচা মাটিৰ সুবাসত (পৰী বৰগোহাঞি) – Purbodix.com

কেঁচা মাটিৰ সুবাসত (পৰী বৰগোহাঞি)

ল’কডাউনত টাইম পাছ কৰিবলৈ পাপৰি গাঁৱৰ ঘৰলৈ ঢাপলি মেলিলে৷ খেতিৰ দিনত সেউতীৰ লগত পথাৰলৈ ভূঁই ৰুবলৈ গ’ল চহৰৰ বাসিন্দা পাপৰি৷ বোকাত নামি লাহী হাতখনিৰে চেল্‌ফি তোলাত ব্যস্ত হ’ল পাপৰি৷ অন্যহাতেদি গাঁৱলীয়া ছোৱালী সেউতীয়ে বোকাত ৰোৱা গুজি ভাগৰুৱা দেহটো লৈ পুখুৰীটোত চেলেংকৈ হাতখন ধুই পাপৰিয়ে অনা ভাতমুঠি মুখত দিবলৈ লওঁতেই হাতত লাগি থকা মাটিৰ নিভাঁজ গোন্ধ এটাই মনত আনন্দ দিলে৷ এখন চেল্‌ফিতকৈ কেঁচা মাটিৰ গোন্ধ হাজাৰগুণে উন্নত বুলি মনতে ভাবি সেউতীৰ মনত সন্তুষ্টিৰ হাঁহি এটা বিৰিঙি উঠিল৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top