August 9, 2021August 10, 2021 by Arup Kakoti বছৰৰ শেষৰ দিনতআৰম্ভ হয় নতুন বছৰৰ দিন৷ প্ৰতিপল জীৱনৰহয়গৈঅতীতৰ ৰং৷ এটা এটা বছৰ কোনফালেদি সৰকি যায়?একেবাৰে হাড়ৰ মাজদি হয়তো/ চুলিবোৰৰ ওপৰেদি ছালবোৰত ৰৈ যায় নেকিতাৰ অলপ আঁচোৰ? দাঁতবোৰৰ গুৰিত পৰি ৰয় নেকিবহাগৰ কুঁহিপাতৰ সুবাস? কোনফালেদি গুচি যায় বছৰটো?মইটো একেখন চকীতেই বহি আছোৰ’দ সেকি সেকি৷চকীখন অলপ পুৰণি হৈ পৰিল নেকি?চকীখনৰ লগত ময়ো হৈ পৰিলো নেকি অলপ পুৰণি?লৰিছে নেকি মোৰ হাড়ৰ গাঁঠিলৰিছে নেকি চকীখনৰ খুটি ৰ’দৰ উদৰতেইৰ’দৰ পিতৃসূৰ্য অবিনাশী৷ Share on FacebookTweetFollow us