
ৰক্ষাবন্ধন বা ৰাখীবন্ধন প্ৰকৃতাৰ্থত শক্তিৰ আধাৰ য’ত বিশ্বাস আৰু প্ৰতিশ্ৰুতিৰ গাঢ়তা আছে৷
ৰাখীবন্ধন ভাৰতৰ পূৰ্বাপৰৰ পৰা চলি অহা এটা উৎসৱ৷ হিন্দু, জৈন, শিখ আদি সকলোৱে ৰাখীবন্ধন উৎসৱটি পালন কৰে৷ হিন্দু পঞ্জিকা অনুসৰি শাওণ মাহৰ পূৰ্ণিমা তিথিতে এই উৎসৱ উদ্যাপিত হয়৷ এই দিনটোতে বায়েকে অথবা ভনীয়েকে তেওঁৰ ককায়েক বা ভায়েকৰ হাতত ৰাখী নামৰ এডাল সূতা বান্ধি দিয়ে৷ এই ৰাখী ডালতেই লুকাই থাকে ভনীয়েক অথবা বায়েক জনীৰ মৰম, চেনেহ, ভালপোৱা আৰু ভায়েক বা ককায়েকৰ প্ৰতি থকা মঙ্গলকামনা৷ লগতে লুকাই থাকে দদায়েকে নিজৰ ভনী গৰাকী বা বায়েকক আজীৱন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি৷ সেয়ে ককায়েক বা ভায়েকজনৰ বায়েক বা ভনীয়েকজনীৰ প্ৰতি গুৰুত্ব অতি প্ৰয়োজনীয়৷ সমগ্ৰ দেশতে বিভিন্ন ৰীতি–নীতিৰে এই দিৱস উদ্যাপিত হয়৷ ভায়েকে বায়েকক, ভনীয়েকে ককায়েকক মংগল কামনা কৰি আজিৰ এই দিনটোত ৰাখী বান্ধে৷ এডাল ৰাখী কেৱল সূতাৰে সমষ্টি নহয়, ইয়াত অন্তৰ্নিহিত হৈ থাকে মৰম, ভালপোৱা,
চেনেহ আৰু ভাতৃত্ববোধৰ এক এনাজৰী৷ সেয়েহে ৰাখী বন্ধনক এক পবিত্ৰ উৎসৱ হিচাপে গণ্য কৰা হয়৷
বৰ্তমান সময়ত এই উৎসৱ পালনৰ প্ৰাসংগিকতা নুই কৰিব নোৱাৰি৷ খামখেয়ালি,
হত্যা,
হিংসা,
বিভেদ পৰিপূৰ্ণ সমাজখনলৈ এনে উৎসৱৰ আগমনে আশাৰ ৰেঙণি কঢ়িয়াই আনে৷ বিশেষকৈ বৰ্তমান সময়ত গাঢ় ভাবে শিপাই লোৱা অসহিষ্ণুতা মনোভাৱক প্ৰতিহত কৰাত এই উৎসৱে সাৰপানী যোগায়৷ ৰাখীবন্ধন অসমীয়া সংস্কৃতিৰ অন্তৰ্গত নহয় যদিও ভাৰতীয় সংস্কৃতিৰ মেৰপাকত পৰি লাহে লাহে আমাৰ অসমতো থিতাপি লোৱা পৰিলক্ষিত হৈছে৷ যুগৰ বতাহ বা সময়ৰ আহ্বান আপুনি যি বুলিয়েই নকওক কিয়, কালিৰ ন–প্ৰজন্মক হয়তো ৰাখীবন্ধন কি সেইটো আপুনি শিকাব নালাগে৷ প্ৰতিটো বস্তুৰে ভাল আৰু বেয়া দিশ দুয়োটাই থাকে৷ বিতৰ্কই সম্পৰ্কৰ ফাট মেলাই, উৎসৱে সমন্বয় গঢ়ে৷ আমি বিচাৰো, সকলোৰে মাজত বন্ধুত্ব,
আৰু ভাতৃত্ববোধ বিৰাজমান হৈ আছে৷
আজিৰ সময়ত মানুহে মানুহৰ প্ৰতি যেন সহমৰ্মিতা হেৰুৱাই পেলাইছে৷ সেয়ে ৰাখীবন্ধন সম্প্ৰীতিৰ এনাজৰী হওক৷
ৰাখী মাথোন এডাল ৰঙীন সূতাই নহয়, ই হৈছে স্নেহৰ ৰঙেৰে ৰঞ্জিত আত্মিক বান্ধোন৷ যি বান্ধোনেৰে বান্ধ খাই থাকে অকৃত্ৰিম প্ৰেম, আত্মীয়তা, একতা, শ্ৰদ্ধা, দায়িত্ববোধ আৰু ৰক্ষণশীলতা৷ প্ৰাচীন কালৰে পৰা আৰম্ভ কৰি বৰ্তমানলৈ ৰাখীবন্ধন উৎসৱে সমাজত বিশেষ স্থান লাভ কৰি আহিছে৷
লোকবিশ্বাস অনুসৰি বামন অৱতাৰত বলি ৰজাক স্নেহসূত্ৰত আৱদ্ধ কৰাৰ ঘটনাৰ পৰাই ৰাখীবন্ধনৰ উ¸ৎপত্তি হয়৷ যুদ্ধত জয়লাভ কৰাৰ হেতু শ্ৰাৱণী পূৰ্ণিমা তিথিতে শচীদেৱীয়ে তেওঁৰ স্বামী ইন্দ্ৰৰ হাতত শক্তিৰ প্ৰতীক স্বৰূপ ৰক্ষাসূত্ৰ বান্ধিছিল৷ ৰক্ষাসূত্ৰত শক্তিৰে ইন্দ্ৰই দানৱসকলক পৰাস্ত কৰি জয়ী হ’বলৈ সমৰ্থবান হৈছিল৷
স্বাধীনতা আন্দোলনৰ সময়ছোৱাত সমগ্ৰ দেশবাসীৰ মনত একাত্ম ভাৱ ৰক্ষা কৰাৰ উদ্দেশ্যে এই উৎসৱ পালন কৰা হৈছিল৷
এইখিনিতে এটা কথা ক’বই লাগিব যে ৰাখীবন্ধনৰ প্ৰাসংগিকতা আছে৷ যিহেতু ইয়াৰ উদ্দেশ্য মহান৷ এডাল সূতাৰে এক হৈ থকাৰ প্ৰতিশ্ৰুতি৷
এই উৎসৱে একাত্মতাৰ মনোভাৱ জাগ্ৰত কৰি প্ৰীতিৰ এনাজৰীৰে বান্ধি ৰাখিছে সমাজ তথা দেশবাসীক৷ সমাজখন হৈছে বিভিন্ন জনগোষ্ঠীৰে নিৰ্মিত৷ জনগোষ্ঠীৰ মাজত একতা নাথাকিলে সমাজখন ঘূণীয়া হয়, গতিকে সমাজত একতা অক্ষুণ্ণ ৰাখিবলৈ ৰাখী বন্ধনৰ প্ৰয়োজনীয়তা অপৰিসীম৷ আধুনিক যুগতো ভাই–ভনীৰ পবিত্ৰ সম্পৰ্ক ৰক্ষাৰ চিহ্নৰূপে ৰক্ষাবন্ধন উৎসৱ পালন কৰা হয়৷ ভাতৃত্ববোধ দৃঢ় কৰি ৰাখিবলৈ এই উৎসৱে অতীজৰে পৰা দেশবাসীক প্ৰেৰিত কৰি আহিছে৷ তদুপৰি এই উৎসৱে মানুহৰ মনত ৰাষ্ট্ৰীয়তাভাৱ জগাই তুলি সমাজ একত্ৰিত কৰিবলৈ অৰিহণা যোগাইছে৷ সেয়ে ৰক্ষাবন্ধনৰ প্ৰাকক্ষণত আমি সকলোৱে শক্তিশালী,
বৈভৱশালী,
অখণ্ডসমৃদ্ধিশালী ভাৰত নিৰ্মাণ কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হওঁ আহক৷ সজীৱতাৰে পূৰ্ণতা প্ৰাপ্তিৰ হকে প্ৰেৰণা লাভ কৰিবলৈ ৰঙীন সূতাডালেই হৈছে প্ৰত্যেকজন ব্যক্তিৰ একো একোটা ৰক্ষ কৱচ, যি কৱচে প্ৰীতিৰ বান্ধোনেৰে আৱদ্ধ কৰিছে সমগ্ৰ জননীক৷
এতিয়া ভিন ভিন ৰঙীন ধুনীয়া ধুনীয়া ৰাখীৰে ভৰি পৰিছে বজাৰ৷ ৰাখীবন্ধনৰ এই পৰম্পৰাই ৰক্ষাকৱচ হওঁক সমগ্ৰ নাৰীজাতিৰ৷ আহক আমি ৰাখী পিন্ধি আৰু পিন্ধাই সমাজখনৰ পৰা সকলো অসূয়া–অপ্ৰীতি নাইকিয়া কৰো৷