
ঃ দে’তা ময়ো যাম তোমাৰ লগত৷
ঃ নালাগে জিংকী… আজি দেতা যাওঁক দিয়া৷ তুমি আৰু মই পিছত এদিন যাম৷
ঃ না… নহ’ব আইতা৷ ময়ো যাম দে’তাৰ লগত৷
ঃ হ’ব জিংকী তুমিও যাবা মোৰ লগত৷
বাৰাণ্ডাৰ চকীখনত বহি কিবাকিবি ভাবি থকা প্ৰিয়মে মাত লগালে কণমানি জিংকীলৈ চাই৷
দেউতাকৰ অনুমতি পাই চাৰিবছৰীয়া কণমানি চিত্পখিলীজনী আনন্দতে জপিয়াই জপিয়াই দেউতাকৰ ওচৰৰ পৰা আঁতৰি গ’ল৷ ওচৰেত ৰৈ থকা প্ৰিয়মৰ মাকে প্ৰিয়মলৈ চাই…
ঃ চাৰি বজাত যাবি বুলি কৈছো মানুহঘৰক৷ তোৰ লগৰ প্ৰণয় আৰু ৰাজুও আহিব৷
প্ৰিয়মে মাকলৈ মূৰ তুলি চালে৷ আকুলতাৰে ভৰা পুত্ৰৰ মৌন চাৱনিয়ে মাতৃৰ বুকুৰ মাজত এটি মৃদু বিষৰ হেন্দোলনি তোলে৷ শোক এটি উজাই আহি ডিঙিত সোপা মাৰি ধৰে৷ তথাপিতো নিজকে সংযম কৰি কৈ উঠে…
ঃ তই দুখ নকৰিবি বাবা৷ জিংকীৰ বাবেই তই এইখিনি কৰিবই লাগিব৷
দুটোপাল দুখৰ মুকুতাৰে জলমলাই উঠা চকুযুৰিৰে তলমূৰ হৈ ৰয় প্ৰিয়ম৷ জিংকীৰ বাবেইতো সি বচৰা নাই এইটো পথ৷ এতিয়া জিংকীৰ বাবে সুখ বুলি ভবাটোৱেই পিছলৈ তাইৰ জীৱনৰ চূড়ান্ত দুখ ৰূপে স্থায়িত্ব বহন কৰে যদি৷ নাই নাই নোৱাৰে সি জিংকীক ভৱিষ্যতে দুখৰ গৰাহত গতিয়াই দিবলৈ৷ তাৰ মৰমৰ বৰষা লুকাই আছে তাৰ জিংকীৰ মাজত৷ জিংকীৰ সৈতে প্ৰিয়মে তাৰ বৰষাক কেতিয়াও হেৰুৱাব নিবিচাৰে৷ প্ৰিয়মৰ অন্তৰ অধিকাৰ কৰি আছে বৰষাই৷ বৰষাক কেতিয়াও স্মৃতি হ’বলৈ নিদিয়ে প্ৰিয়মে৷ তাৰ অন্তৰত সদায় জীৱিত ৰূপতেই থাকিব বৰষাৰ অস্তিত্ব৷ জীয়াই ৰাখিব প্ৰিয়মে বৰষাক তাৰ বুকুৰ মাজত৷
কলেজৰ দিনৰ প্ৰেয়সী বৰষাক পিছলৈ দুয়োখন ঘৰৰ সন্মতিক্ৰমে বিবাহৰ ডোলেৰে বান্ধখাই জীৱনসংগিনী কৰি লৈছিল প্ৰিয়মে৷ বিয়াৰ দুবছৰ পিছত প্ৰিয়ম–বৰষাৰ প্ৰেমভৰা বৈবাহিক জীৱনৰ আশীৰ্বাদ স্বৰূপে জিংকীৰূপী ফুলপাহিয়ে সিহঁতৰ জীৱনলৈ পূৰ্ণতা আনিছিল৷ একোলা–দুকোলাকৈ বাঢ়ি অহা জিংকীৰ ফুটা–নুফুটা মাতৰ কলৰৱেৰে প্ৰিয়ম–বৰষা আৰু প্ৰিয়মৰ বিধৱা মাতৃৰ জীৱন জীপাল কৰি তুলিছিল৷
আইতাকৰ সৈতে একাত্ম হৈ পৰা জিংকীৰ দায়িত্ব আইতাকে লোৱাৰ বাবে বৰষাই পুনৰ জুনিয়ৰ কলেজখনত শিক্ষকতা আৰম্ভ কৰিব পাৰিছিল৷ পঢ়া শেষ কৰিয়ে শিক্ষকতা আৰম্ভ কৰা জুনিয়ৰ কলেজখনত জিংকীৰ জন্মৰ আগমূহুৰ্তলৈ বৰষাই শিক্ষাদান কৰি আছিল৷ পুনৰ চাকৰিত সোমোৱাৰ ক্ষেত্ৰত বৰষাক শাহুৱেকেই বুজনি দিছিল৷ কণমানি জিংকীৰ সৈতে দিনটো শাহুৱেকৰ কষ্ট হ’ব বুলি ভাবিয়ে বৰষাই পুনৰ চাকৰি কৰিবলৈ ই২৬া কৰা নাছিল৷ কিন্তু শাহুৱেকে বুজাইছিল বৰষাক… তেওঁ যিহেতু এতিয়াও বৃদ্ধাৱস্থা পোৱা নাই, সকলোখিনি কৰিব পৰা সক্ষম হৈ আছে…সেয়েহে তাই এতিয়াৰ পৰাই ঘৰত সোমাই থাকিব নালাগে৷ দিনটোৰ চাৰি–পাঁচ ঘণ্টা সময় তেওঁ অকলে কণমানিজনীক চম্ভালিব পৰা অৱস্থাত আছে বুলিও বৰষাক বুজালে৷
শাহুৱেকৰ মৰমসনা বুজনিত বুজিছিল বৰষাই তাইৰ প্ৰতি থকা শাহুৱেকৰ অকৃত্ৰিম চেনেহ৷ শাহুৱেকৰ সাহসতেই বৰষাই পুনৰ চাকৰিত যোগদান কৰিছিল৷
ৰাতিপুৱা সোনকালে শোৱাৰ পৰা উঠি কলেজলৈ যোৱাৰ আগলৈ ঘৰৰ প্ৰায়খিনি কাম আগবঢ়াই থৈ গৈছিল বৰষাই৷ প্ৰিয়ম অফিচলৈ যোৱাৰ সময়ত বৰষাক কলেজত নমাই থৈ যায় আৰু দুপৰীয়া ৰিক্সাৰে ঘৰলৈ ওভতে বৰষা৷ এইদৰেই সুখৰ দিনবোৰ চলি আছিল যদিও এই সুখ হয়তো সহ্য হোৱা নাছিল নিষ্ঠুৰ নিয়তিৰ৷
এদিন কলেজৰ পৰা ওভতাৰ পথত তীব্ৰবেগী চিটিবাছ এখনৰ মাতাল ড্ৰাইভাৰৰ দৌৰাত্ম্যত বৰষাৰ জীৱন বন্তি নুমাই গ’ল৷ দিন দুপৰতে সুৰা পান কৰি চালকৰ আসনত বহা ড্ৰাইভাৰে চলোৱা চিটিবাছ এখনে মহতিয়াই লৈ যায় বৰষা উঠি অহা ৰিক্সাখন৷ ৰিক্সাচালকজন উফৰি কিছু নিলগত পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যদিও জীৱনতো কথমপি বাছিল৷ কিন্তু বৰষাৰ শৰীৰটো চিটিবাছৰ চকাৰ তলত পিষ্ট হৈ ৰয়৷ মানুহে জুম বান্ধি বৰষাৰ চেপেটা শৰীৰটো উদ্ধাৰ কৰালৈ ইতিমধ্যে তাইৰ শৰীৰৰ পৰা প্ৰাণবায়ু উৰি গৈছিল৷ দুদিন ধৰি গোটেইখন তোলপাৰ লাগি থাকিল৷ বাতৰি চেনেল সমূহত বৰ বৰ হৰফেৰে লিখা থাকিল… চিটি বাছৰ দৌৰাত্ম্যই প্ৰাণ কাঢ়িলে শিক্ষয়িত্ৰীৰ,
‘‘মাতাল ড্ৰাইভাৰৰ একমাত্ৰ ভুলৰ বাবে মাতৃহীনা হৈ পৰিল কণমানি এজনী’’… ইত্যাদি৷ দুদিন পিছত লাহে লাহে সকলোৱে পাহৰি পেলালে দুৰ্ঘটনাটো৷
কিন্তু প্ৰিয়মে…
পাৰিব জানো পাহৰিব তাৰ মৰমৰ বৰষাক৷ মূকবধিৰ হৈ পৰিছিল প্ৰিয়ম৷ খাৱন–শোৱন সকলো ত্যাগ কৰিছিল৷ দুৱাৰ– খিৰিকী বন্ধ কৰি মাথোঁ কোঠাতেই সোমাই ৰৈছিল বৰষাৰ ফটোখন বুকুত সামৰি৷ হাঁহি–মাততো দূৰৰে কথা খবৰ কৰিবলৈ অহা মানুহৰ সৈতে মুখামুখি হ’বও পৰা নাছিল৷ কাৰোলৈ মূৰতুলি চাব পৰা ক্ষমতাও নোহোৱা হৈ গৈছিল প্ৰিয়মৰ৷
পুত্ৰৰ দুখত দুখী মাতৃয়ে পুত্ৰক দুখৰ গৰাহৰ পৰা উদ্ধাৰ কৰিবলৈ সন্তানক ঢাল হিচাপে ব্যৱহাৰ কৰিলে৷ টুকটুককৈ খোজকাঢ়ি ফুৰা তিনিবছৰীয়া জিংকীৰ হাতত প্লেট এখনত কেতিয়াবা আপেল দুটুকুৰা,
কেতিয়াবা ৰুটি এখন দি পঠায় প্ৰিয়মলৈ মাকে৷ ডাইনিঙত ভাত বাঢ়ি দি জিংকীক খুৱাই দিবলৈ আব্দাৰ কৰিবলৈ শিকাই দিয়ে৷ লাহে লাহে সুস্থ প্ৰকৃতিস্থ হৈ উঠা প্ৰিয়মে পুনৰ চাকৰিত যোগদান কৰিবলৈ সক্ষম হ’ল৷ সকলোৱে দেখাকৈ হাঁহি–মাত ওলাইছে যদিও বুকুৰ এফাল খালী হৈ পৰাটো মাতৃৰ চকুৰ পৰা লুকুৱাব নোৱাৰিলে৷
বংশ–পৰিয়াল, মাক, বৰষাৰ মাক–দেউতাকৰ বুজনিত নিজৰ মনৰ অিনচ্ছাসত্ত্বেও আজি এবছৰ পিছত দ্বিতীয় বিবাহৰ উদ্দেশ্যৰে মেঘালীক চাবলৈ যাবলৈ ওলাইছে৷
আজি এবছৰে সকলোৱে বুজাইছে…
আগত ইমান দীঘলীয়া জীৱনটো পৰি আছে… কেনেকৈ অকলশৰে কটাব? জিংকীয়েনো মাকৰ অবিহনে কিদৰে জীয়াই থাকিব? তথাপিতো পৰা নাছিল প্ৰিয়মক সৈমান কৰাবলৈ৷ কেনেকৈ পাৰিব সি বৰষাৰ ঠাইত আন এগৰাকী নাৰীক বহুৱাবলৈ…
কেনেকৈ কৰিব পাৰিব দুগৰাকী নাৰীৰ অন্তৰাত্মাৰ সৈতে অন্যায় কৰিবলৈ৷ জিংকী… যিজনী জিংকীৰ বাবে সকলোৱে তাক আন এজনৰ পানী গ্ৰহণ কৰিবলৈ জোৰ দি আছে৷ পাৰিব জানো এগৰাকী নাৰীয়ে আন এগৰাকী নাৰীৰ গৰ্ভৰ সন্তানক নিজৰ বুলি আঁকোৱালি ল’বলৈ?
এইবোৰ ভাবি–চিন্তিয়ে প্ৰিয়মে দ্বিতীয় বিবাহৰ বাবে মত দিয়া নাছিল৷ কিন্তু কিছুদিনৰ পৰা জিংকীৰ নেৰানেপেৰা আব্দাৰ, মাজে মাজে কান্দোন…
‘‘মা লাগে, মা লাগে, মাক আনি দিয়া’’ ইত্যাদি৷ জিংকীৰ আব্দাৰ পূৰাবলৈয়ে আজি প্ৰিয়ম ওলাইছে মাকৰ বান্ধৱীৰ ককায়েকৰ ছোৱালী মেঘালীক চাবলৈ৷ চাবলৈ মানে… চোৱাতো নিয়মহে মাথোঁ৷ প্ৰিয়মৰ চকুত বৰষাৰ বাহিৰে আনৰ ছবি জিলিকিব জানো?
আবেলি তিনি বজাত বন্ধু ৰাজু আৰু প্ৰণয়ৰ সৈতে জিংকীক লৈ প্ৰিয়ম ওলাইছে ঘৰৰ পৰা প্ৰায় বিশ কিলোমিটাৰ দূৰৰ মেঘালীৰ ঘৰলৈ৷ জিংকীৰ বৰ ফূৰ্তি৷ ৰাজু আৰু প্ৰণয়েও জিংকীৰ সৈতে হাঁহি–ধেমালি কৰি গৈছে৷ প্ৰিয়মে মাথোঁ নীৰৱে গাড়ী চলাই গৈছে সমুখৰ পথত দৃষ্টি নিবদ্ধ কৰি৷ হতো এই মুহূৰ্তলৈও সি তাৰ নিজৰ মনটোক পতিয়ন নিয়াব পৰা নাই৷ গাড়ী চলাই গৈ থকা পথছোৱা আৰু তাৰ জীৱনৰ পথছোৱাৰ মাজত যেন আজি যথেষ্ট সাদৃশ্য আছে৷ এটি মাথোঁ ভূল সিদ্ধান্তই কেইবাটাও জীৱন তচনচ কৰি পেলাব পাৰে৷ সেয়েহে যি মনোযোগেৰে গাড়ীখন চলাই গৈ আছে, ঠিক একেদৰেই জীৱনৰ সিদ্ধান্তৰ কথাবোৰো মন–মগজুৰে পাগুলিয়াই গৈ আছে মৌন ভাবে৷
মেঘালীৰ ঘৰত আতিথ্য গ্ৰহণ কৰাৰ পাছত হাতত তামোল–পাণৰ বঁটা লৈ ওলাই অহা মেঘালীক ৰাজু আৰু প্ৰণয়ে দুই–এটা কথা সোধাৰ পিছত প্ৰিয়ম–মেঘালীক অকলশৰে কথা পতাৰ সুযোগকণ দি দুয়ো বাহিৰলৈ ওলাই গ’ল৷ জিংকীকো লগত লৈ যাব বিচাৰিছিল যদিও তাই দেউতাকৰ ওচৰৰ পৰা আঁতৰি নগ’ল৷ কিছুপৰ মৌন হৈ পৰা কোঠাটোত জিংকীয়ে মেঘালীলৈ চাই…
ঃ তুমি মোৰ মা ন? ইমানদিন ইয়াতে কিয় আছিলা? মোলৈ তোমাৰ মনত পৰা নাছিলনে?
জিংকীৰ কথাত মেঘালীৰ চকু চলচলীয়া হৈ পৰিল৷ চাওঁ নাচাওঁকৈ মূৰ তুলি প্ৰিয়মলৈ চালে৷ তাৰো একেই চলচলীয়া চকু৷ কিন্তু জিংকীৰ চকুহাল আনন্দতে উজ্বলি তিৰবিৰাই উঠিছে৷ মুখত এমোকোৰা হাঁহি৷ কাহানিও যেন শেষ নহ’ব এই হাঁহি৷ প্ৰিয়ম–মেঘালীৰ মৌনতায়ে যেন বহু কথা কৈ গ’ল৷
ঃ পাৰিবানে আঁকোৱালি ল’বলৈ নিজৰ বুলি এই কণমানীজনীক?
প্ৰিয়মৰ একমাত্ৰ প্ৰশ্নত চকুহাল মচি লৈ মেঘালীয়ে…
ঃ এই কণমানিজনীৰ মুখৰ হাঁহি কেতিয়াও ম্লান পৰিবলৈ নিদিওঁ৷ তাই মোৰ একমাত্ৰ সন্তান হৈ থাকিব আজীৱন৷
মেঘালীৰ উত্তৰত প্ৰিয়মৰ মনৰো কলীয়া মেঘ কিছু পৰিমাণে আঁতৰি মনৰ আকাশখন ফৰকাল হৈ পৰিল৷
মেঘালীয়েও মনেৰে প্ৰতিজ্ঞা কৰিলে– জিংকীক সদায় সুখত ৰাখিবলৈ চেষ্টা কৰিব তাই৷ কাৰণ আজিৰ জিংকীৰ ঠাইত এসময়ত তাই আছিল৷ তায়ো এদিন দেউতাকৰ সৈতে হাঁহি হাঁহি তাইৰ মাকক আদৰিবলৈ গৈছিল৷ কিন্তু সেইদিনাৰ পৰাই তাইৰ মুখৰ হাঁহি হেৰাই গৈছিল৷
মেঘালী আজি নিজৰ মনতে প্ৰতিজ্ঞাবদ্ধ– সলাই দিব তাই সতীয়া শব্দৰ অৰ্থ৷