
বৰ্তমান যুৱ প্ৰজন্মৰ মাজত দেখা দিয়া উশৃংখলতাই আমাৰ সমাজত এক গভীৰ চিন্তাৰ বিষয় হৈ ঠিয় দিছে৷ সংবাদ মাধ্যম বিশেষকৈ বাতৰি কাকত, দূৰদৰ্শন আৰু অনাতাঁৰ কেন্দ্ৰত এই ধৰণৰ প্ৰচাৰে আমাৰ সকলোকে বিব্ৰত কৰি তুলিছে৷ বুদ্ধিজীৱী, সমাজ সচেতন ব্যক্তিসকলৰ আগত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ এনেধৰণৰ কিছুমান দৈনন্দিন ঘটনাই আ(ৰ্য্যজনকভাৱে আমাৰ সমাজ ব্যৱস্থাত এক কলঙ্কিত অধ্যায়ৰ সূচনা কৰাই নহয়, এইবিলাকে আমাৰ সমাজ ব্যৱস্থাটোক কলুষিত কৰিছে৷ যুৱচামৰ এই কাৰ্যাৱলীয়ে তথা তেওঁলোকৰ নৈতিক ঙ্খলনেও এক ভাবিব নোৱাৰা পৰিস্থিতিৰ সন্মুখীন কৰিছে৷ সকলোৱে মাথো স্বস্তিৰ নিশ্বাস পেলাবলৈহে চেষ্টা কৰিছে যেন লাগে৷ ইয়াৰ প্ৰতিকাৰৰ ওপৰত কোনেও বিশদ আলোচনা কৰাটো বিচৰা নাই যেন লাগে৷ নহলেনো লাজ, ভয়, সন্মান আদিৰ প্ৰতি যুৱকসকল একেবাৰে উদাস হৈ পৰি যি মন যায় তাকে কৰিবলৈ উদ্যত হোৱা আমি সদায়ে আমাৰ চকুৰ আগত দেখোঁ জানো? এই কথাখিনিৰ মাজেদিয়েই আমাৰ মাজত আহি পৰা কিছুমান কাৰণ আমি চিন্তাবিদ সকলৰ বাবে আগবঢ়াব বিচাৰিছো৷
(ৰ) এই ক্ষেত্ৰখনত আমি প্ৰথম আৰু প্ৰধান জগৰীয়া বুলি আমাৰ নিজ ঘৰখনকে বুলি ক’বলৈ বাধ্য হৈ পৰিছোঁ৷ কাৰণ সন্তান জন্মৰ লগে লগে সি ঘৰখনৰ মাক–দেউতাক বা ঘৰৰ অন্য ব্যক্তিসকলকহে লগ পায় আৰু তেওঁলোকৰ গতি–বিধিকেই অনুসৰণ কৰি আগবাঢ়ে৷ গতিকে তাৰ নিজ ঘৰখনেই তাৰ প্ৰথম আৰু প্ৰধান শিক্ষানুষ্ঠান বুলি ধৰিব পাৰি৷ কিন্তু ঘৰখনৰ জ্যেষ্ঠসকলৰ দায়িত্ব পালনত হেমাহি বা অমনোযোগিতাই তেওঁলোকক বিপথগামী কৰি তোলে৷ সেয়ে ঘৰখনৰ চলন–ফুৰণত অভিভাৱক সকল সজাগ হোৱাটো নিতান্তই প্ৰয়োজন৷ কিন্তু আজিকালি সেই বিষয়ে অভিভাৱকসকল সজাগ হোৱাতো আমাৰ চকুত কমকৈহে ধৰা দিয়ে৷
(২) যৌথ পৰিয়াল অভাৱ ঃ বৰ্তমান সমাজ ব্যৱস্থাত যৌথ পৰিয়ালৰ অৱস্থান খুব সীমিত৷ প্ৰত্যেকেই নিজাববীয়াকৈ ঘৰ–দুৱাৰ সাজি থাকিবলৈ বিচাৰে৷ এই ব্যৱস্থাই আমাৰ যুৱচামৰ মাজত আত্মকেন্দ্ৰিক মনোভাৱ সৃষ্টি কৰাৰ উপৰিও অন্যহাতে চাকৰিয়াল মাক–দেউতাকৰ পৰা বহু সময় আঁতৰত থাকিব লগা হোৱাত তেওঁলোকে নিজাকৈ কিছুমান কাম কৰে৷ যিবিলাক চকু দিবলৈ ঘৰখনত কোনো নাথাকে৷ সেইবিলাক কামেই ল’ৰাটোৰ মানসিকতাত একোটা ছাপৰ সৃষ্টি কৰি তাক স্বভাৱত পৰিণত কৰাত সহায় কৰে৷

কৰে৷ অন্যহাতে ঘৰখনৰ খোৱা–বোৱা সমস্যা সমূহতো তেওঁলোকক চকু দিবলৈ কোনো নাইকিয়া হৈ পৰে৷ গতিকে খোৱা–বোৱা, চলণ–ফুৰণ আদিত বিসঙ্গতিয়ে দেখা দিয়ে৷ সেই কাৰণবিলাকৰ কাৰণেই শিশু সকলৰ বহু ক্ষেত্ৰত দোষণীয় কামবিলাকে বেয়াকৈ ক্ৰিয়া কৰে আৰু সমাজত তাৰ প্ৰতিক্ৰিয়া বৰ বেয়াকৈ হয়৷
(৩) ভোগবাদী প্ৰৱণতা ঃ এই ক্ষেত্ৰত প্ৰথমেই আমি অভিভাৱক সকলৰ দিশটোলৈ যদি লক্ষ্য কৰোঁ তেতিয়া এই কথা আমাৰ চকুৰ আগলৈ আহে যে তেওঁৰ সন্তানটোক খুব কম বয়সতে আমোদ–প্ৰমোদৰ মাজেদি এটা আৰামদায়ক জীৱন–যাপনৰ এক সুবিধা কৰি দিয়ে৷ ল’ৰাৰ সন্তুষ্টিৰ সপক্ষে সিহঁতক পৰীক্ষা পাছ কৰাৰ পাছতেই চাইকেল, মটৰ চাইকেল যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ এইবিলাকে বিলাসী জীৱন–যাপনত কেনেকুৱা প্ৰতিক্ৰিয়া কৰিব পাৰে এই কথা অভিভাৱকে খুব কম চিন্তা কৰে৷ গতিকে যুৱচামৰ এই বিলাসী জীৱনে যে এটা সময়ত বিষম প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে সেই কথা একেবাৰে ভাবি চোৱা নহয় যেন লাগে৷ ল’ৰাটোৱে সৰুৰে পৰা পইচা গণিবলৈ পায়৷ মাক–দেউতাকে তাক মটৰ চাইকেলৰ তেল কিনিবলৈ পইচা যোগান ধৰিব লগা হয়৷ সেইটো সদায় সম্ভৱ হৈ নুঠিলে ল’ৰাটোৱে কি প্ৰতিক্ৰিয়া কৰিব পাৰে এই কথা কেতিয়াও ভাবি চোৱা নহয়৷ গতিকে ল’ৰাটোৰ স্বভাৱ সুলভ চৰিত্ৰত কেৰোণ ধৰিবলৈ আৰম্ভ হয়৷ আৰু সি নিজে সেইবিলাক যোগাৰ কৰাত ব্যস্ত হৈ পৰে৷ তেতিয়াই সি বিপথগামী হয়৷ অন্য কিছুমান কথা ইয়াৰ লগত জড়িত আছে৷ আজিকালি মোবাইল ফোনৰ ব্যৱহাৰৰ প্ৰতি যুৱক–যুৱতীৰ বেছি আগ্ৰহ দেখা যায়৷ এই ফোনৰ ব্যৱহাৰে আমাৰ যুৱচামক কেনি লৈ গৈ আছে ভাবিবৰ কাৰো সময় নাই৷ গতিকে বিৰূপ প্ৰতিক্ৰিয়া হোৱাটো স্বাভাৱিক৷ চৰকাৰৰ জৰিয়তে নগৰসমূহত মদ্যপানৰ দোকানবিলাক দ্ৰুতগতিত আগবাঢ়ি গৈ আছে৷ কিন্তু এইবিলাক নিয়ন্ত্ৰণ চৰকাৰে একেবাৰে দোকানদাৰসকলৰ ওপৰত এৰি দিয়া যেন লাগে৷ তালৈ যুৱচামৰ পৰা বয়সস্থ জনলৈকে অবাধে যাব পৰা ব্যৱস্থাই আমাৰ সমাজৰ বিস্তৰ ক্ষতি কৰিছে সেই কথা চৰকাৰে বিবেচনা কৰিছেনে? এইদৰে আগবাঢ়ি গৈ থাকিলে যুৱ প্ৰজন্মক প্ৰতিৰোধ কৰাৰ ক্ষমতা কাৰোৱেই নাথাকিব৷ ভৱিষ্যতৰ বংশধৰসকলৰ অধঃপতনে আমাৰ দেশ, সমাজ ব্যৱস্থা আৰু গাৰ্হস্থ্য জীৱনত কি ভয়াৱহ অৱস্থাৰ সৃষ্টি কৰিব তাৰ কথা পলমকৈ হ’লেও চিন্তা কৰি ইয়াৰ প্ৰতিকাৰৰ উপযুক্ত উপায় উলিয়াব লাগিব৷ এই ক্ষেত্ৰত অভিভাৱক, শিক্ষকমণ্ডলীয়ে আগ–ভাগ লৈ বিদ্যালয়ৰ বাহিৰে ভিতৰে শিক্ষকসকলৰ চোকা দৃষ্টি আৰু অভিভাৱকসকলৰ শিক্ষকসকলৰ লগত সঘন সহযোগ নিতান্তই প্ৰয়োজন৷ চৰকাৰ, অভিভাৱক,
বুদ্ধিজীৱী সকলো একগোট হৈ ইয়াৰ প্ৰতিকাৰৰ চিন্তা কৰাতো বৰ্তমান আটাইতকৈ প্ৰধান সমস্যা হৈ পৰিছে৷ সেয়ে সকলো শ্ৰেণীৰ ব্যক্তিসকলে গভীৰ মতামত প্ৰকাশ কৰি কেনেকৈ আমাৰ যুৱচামক ৰক্ষা কৰিব পাৰি চিন্তা কৰিবৰ বাবে এই চমু প্ৰৱন্ধটি আগবঢ়ালোঁ৷