
কদকনাথ কুকুৰা– নামেই যাৰ পৰিচয়, যাক বহুলোকে ব্লেকচিকেন বা ‘কালা মাসী’ বুলিও কয়৷ ব্লেকচিকেন বুলি এইকাৰণে কোৱা হয় কাৰণ মুৰ্গীটোৰ সম্পূৰ্ণ ভৰি, নখ,
জিভা,
চকু লগতে মাংসৰ বৰণো ক’লা হয়৷ বৰ্তমান অসমৰ অৰ্থনীতিত বৃহৎ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে এইবিধ কুকুৰাই৷ বহুত পুষ্টিযুক্ত আৰু মুৰ্গীৰ প্ৰজাতিৰ ভিতৰতে আটাইতকৈ অধিক প্ৰটিন পোৱা মুৰ্গী হ’ল কদকনাথ মুৰ্গী৷ ইয়াত প্ৰতি কিলোগ্ৰামত ২৫ শতাংশ প্ৰটিন পোৱা যায়৷ চৰ্বিৰ পৰিমাণ আটাইতকৈ কম– ঙ্ম.৭৩–১.০৫ শতাংশহে মাত্ৰ৷ তাৰ লগতে এই মুৰ্গীৰ মাংসৰ ভিটামিন
Bৰ, B২, B৬, B১২, GE, নাইচিন, প্ৰটিন, কেলচিয়াম, ফচফৰাচ, আইৰণ (অধিক) নিয়াচিন (Niacin) এচিড পোৱা যায়৷
এই মুৰ্গীবিধ মধ্যপ্ৰদেশৰ ধাৰ
( Dhar) আৰু জাবুৱা (Jhabua) ঠাইৰ থলুৱা কুকুৰা৷ এইবিধ কুকুৰা সাধাৰণতে তিনিটা প্ৰকাৰৰ–
Jet Black, Golden Black আৰু Pencilled৷ এই মুৰ্গীক নোমৰ ৰঙৰ সৈতে বিভক্ত কৰা হৈছে৷
এই মুৰ্গীৰ মতা কুকুৰাৰ ওজন ১৮–২ kg আৰু মাইকী কুকুৰাৰ ওজন ১.২–১.৫ kg হয়৷ এই মুৰ্গীৰ কণীৰ বৰণ কলা বুলি কয় যদিও সম্পূৰ্ণ ভূল ধাৰণা হয়৷ এই মুৰ্গীৰ কণী পাতল মাটিয়া লগতে সম্পূৰ্ণ পাতল গুলপীয়া বৰণৰ ভাব দেখা যায়৷ এই মুৰ্গীৰ কণীৰ ওজন প্ৰায় ৩০–৩৫ গ্ৰাম হয়৷
কদকনাথ মুৰ্গী পালন পদ্ধতি সম্পূৰ্ণ অসমৰ থলুৱা কুকুৰা যেনে কামৰূপা, গিৰিৰজা,
বনৰজাৰ দৰেই সম্পূৰ্ণ মিল থকা৷ এই মুৰ্গীৰ বেমাৰ যথেষ্ট কম হোৱা দেখা যায়৷ এই মুৰ্গীৰ দাম বৰ্তমান আন্তৰ্জাতিক বজাৰত ২০০০ ১ পৰা ২৫০০ টকা দৰত বিক্ৰী হৈ থকা দেখা যায় যদিও আমাৰ অসমত ইয়াৰ মূল্য ৭০০ টকাৰ পৰা ১২০০ টকা পৰ্যন্ত বিক্ৰী হৈ আছে৷ এই মুৰ্গীৰ দাম এইবাবে বেছি হোৱা দেখা যায় যে এই মুৰ্গীৰ মাংস বহুত পৰিমাণে পুষ্টিযুক্ত আৰু সিহঁতৰ বৃদ্ধি লেহেমীয়া গতিত হয়৷ ১.৫ কিলোগ্ৰাম ওজন হ’বলৈ ৫ ১ পৰা ৬ মাহ সময়ৰ প্ৰয়োজন হয়৷
এই মুৰ্গীৰ মাংস সেৱনৰ ফলত মানৱ দেহৰ হিম’গ্লবিন আৰু ৰক্ত কণিকা বৃদ্ধিত সহায় কৰে আৰু লগতে ইয়াৰ কণী দৈনিক সেৱনৰ ফলত মূৰৰ বিষ, গৰ্ভধাৰণ অসুবিধা, এজমা আৰু বিভিন্ন নাৰ্ভৰ অসুবিধাৰ সমস্যা সমূহ কিছু পৰিমাণে হ্ৰাস কৰে৷ কেন্সাৰৰ দৰে মাৰাত্মক ৰোগত আক্ৰান্ত ৰোগীয়ে ভক্ষণ কৰিলে যথেষ্ট সুফল লাভ কৰে৷
এই মুৰ্গী পালন কৰিবলৈ অতি সহজ আৰু কম ঠাইতে পালন কৰিব পৰা যায়৷ ব্যৱসায়িক ভিত্তিত কৰিলে অধিক লাভান্বিত হ’ব পাৰে৷