NIA ক্ষমতা-অনুসন্ধান (ড॰ চিত্তৰঞ্জন বৰুৱা) – Purbodix.com

NIA ক্ষমতা-অনুসন্ধান (ড॰ চিত্তৰঞ্জন বৰুৱা)

ভাৰত ৰাষ্ট্ৰই যেতিয়াই প্ৰয়োজন অনুভৱ  কৰে তেতিয়াই ৰাষ্ট্ৰৰ স্বাৰ্থত  সময়ত প্ৰয়োজনত আইন প্ৰনয়ন কৰে৷ যদিওৱা ভাৰতৰ সংবিধান আছে, যাক আমি সাংবিধানিক আইন বুলিব পাৰো তথাপিও সংবিধানৰ দৰ্শন আৰু সাংবিধানিক নীতি নিয়ম অৰ্থাৎ সাংবিধানিক আইন বলবৎ কৰিবলৈ উল্লেখ কৰাৰ দৰে আইন বা আনুসংগিক আইন প্ৰয়োজন৷ বহু আইন কল্যাণমূলক সেইদৰে বহু আইন দেশ, জাতি, সংহতি নিৰাপত্ত আৰু অখণ্ডটাৰ স্বাৰ্থত প্ৰণয়ন কৰা হয়৷ NIA কি বা কেনেকুৱা ক্ষমতাৰ লগত জড়িত বা অনুষ্ঠাননো কি কি বিষয়ৰ সৈতে আৱদ্ধ তাক বা এই সম্পদক বিতং আলোচনা কৰাৰ আগতে আইন সম্পৰ্কত আলোচনাৰ প্ৰয়োজন আছে৷ যিহেতু NIA গোটেই ব্যৱস্থাটো এখন আইন আৰু এখন বিশেষ আদালতৰ দ্বাৰা পৰিচালিত৷

ভাৰত ৰাষ্ট্ৰ সংবিধানিক     

ৰ৷ ঐক্যতা (Unity);

২৷ অখণ্ডতা (Integrity);

৩৷ সাৰ্বভৌমত্ব (Sovereignity)জ্ব

৪৷ নিৰাপত্তা (Security);

যাতে অটুত থাকে বা কোনে অভ্যন্তৰীণ আৰু বহিঃশক্তিয়ে যাতে এই বৃহৎ দৰ্শন আৰু সাংবিধানিক আইনী ব্যৱস্থাল বিঘ্নিত কৰিব নোৱাৰে বা সন্ত্ৰাসবাদী কৰ্মৰ দ্বাৰা যাতে দেশৰ প্ৰতি ভাবুকি আহিব নোৱাৰে বা আহিলেও  ইয়াক প্ৰতিহত কেনেকৈ কৰিব পৰা যায় বা যাব বা উপায় উদ্ভাৱনৰ বাবে ভাৰতৰ সংসদত ২০০৪ চনত এখন NIA বিল আলোচনাৰ বাবে অৰ্থাৎ আইন প্ৰনয়ন কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছিল৷ পিছত সেই একে বৰ্ষতেই অৰ্থাৎ ডিচেম্বৰ মাহৰ ৩০ তাৰিখে ভাৰতৰ মহামাণ্য ৰাষ্ট্ৰপতিয়ে আলোচনাৰ অন্তত অনুমোদন জনায় তাৰ পৰবত¹ পৰ্যায়ত  NIA Bill অন্য পূৰ্ণাংগৰূপত NIA Act ২০০৮ আইনলৈ ৰূপান্তৰ ল৷ উল্লেখ থাকিল তেতিয়াৰ পৰাই এখন পূৰ্ণাংগ আইন The National Investigation Act, ২০০৮ (ACব্ধ ত্ত্বo. ৩৪. of ২০০৮, ৩১st December, ২০০৮) এই আইনৰ অধীনত ২০০৭ বৰ্ষত এটা আইনী অনুসন্ধান সংস্থা গোটেই ভাৰতবৰ্ষত প্ৰযোজ্য হোৱাকৈ ‘Federal Agency’ হিচাপে নতুন দিল্লীত মুখ্য কাযচ্ছ্ৰালয় স্থাপন কৰি, সন্ত্ৰাসবাদী সম্পদীয় অপৰাধৰ (Terror Related Crimes)  অনুসন্ধানৰ পূৰ্ণ কতৃত্ব প্ৰদান কৰে৷ থাওঁকতে উল্লেখ কৰা ভাল যে সন্ত্ৰাসবাদী কৰ্মসূচীৰ সৈতে বিদ্ৰোহাত্মক কাৰ্যকলাপ একে নহয়৷ সেয়ে এই অনুসন্ধান সংস্থাক ‘Indias Counter Terrorist Task Force’ হিচাপে জনা যায়৷

এই আইন প্ৰণয়ন আৰু আইন প্ৰণয়নৰ পিছত বিশেষ অনুসন্ধান গোট (Agency) গঠন আৰু গোট গঠনৰ সমান্তৰালকৈ NIA বিশেষ আদালত গঠনৰ অন্তৰালত বাহু নিৰাপত্তা আৰু সন্ত্ৰাসবাদ সম্পক¹ ইতিহাস জড়িত হৈ আছে৷ ২০০৪ নৱেম্বৰতল্চকৰটেইবাইচলামিক সন্ত্ৰাসবাদীৰ দহজন সদস্যই মুম্বাইৰ আক্ৰমণৰ এশ চৌসত্তৰ (১৭৪) ব্যক্তিৰ মৃত্যুৰ পৰাই ভাৰতে এশিকনি পোৱাৰ পিছতেই এনে অনুসন্ধানকাৰী সংস্থা জন্ম আইনী পোষকতা কৰা হয় বিশেষভাৱে৷ অনুসন্ধান আৰু বিচাৰ দুয়োটা চলাই নিবৰ বাবে NIA নতুন দিল্লীত কাৰ্যালয় থাকিলেও হায়দৰাবাদ গুৱাহাটী, জম্মু, কলকাটা, ৰায়পুৰ, লক্ষনৌ, মুম্বাই, কাশী আদি প্ৰধান ঠাই সমুহত শাখা কাযচ্ছ্ৰালয় স্থাপন কৰা হয়৷ যিবোৰৰ সৈতে মূখ্য কাৰ্যালয়ৰ সম্পৰ্ক অতি পোনপটীয়া৷

প্ৰকৃতাৰ্থত NIA এই আইনী স্বতন্ত্ৰ অনুসন্ধান সংস্থাটো সম্পূৰ্ণ আইনৰ দ্বাৰা প্ৰতিষ্ঠিত প্ৰতিপালিত আৰু আইনীভাৱেই ক্ষমতাশালী৷ বিশেষকৈ নিয়াই ভাৰতবৰ্ষৰ আভ্যন্তৰীণ আৰু বাহ্যিক নিৰাপত্তা আইন শৃংখলা আৰু সুনিয়ন্ত্ৰণ আদিৰ প্ৰতি সদায় সজাগসচেতনতাৰে অনুসন্ধান কৰ্মত লিপ্ত লাগে৷ আচলতে আইনখনৰ উদ্দেশ্যই ৰাষ্ট্ৰীয় অধ্যায়ৰ অনুসন্ধান গোট গঠন কৰা৷ আইন অনুসৰি– An Act Constitute an investigation Agency at the National level to investigate and prosecute Offences affecting the Sovereignity, Security and integnity of India, Security of State, Friendly Relations with Foreign States, বহু ক্ষেত্ৰত NIA আইনীভাৱে আন্তঃৰাষ্ট্ৰীয় আইনৰ সহযোগীতাৰেআন্তঃৰাষ্ট্ৰ চুক্তি আৰু নিষ্পত্তি;

আন্তঃৰাষ্ট্ৰীয় মানৰ কনভেনচন;

ৰাষ্ট্ৰসংঘৰ সৈতে সহমতৰ সিদ্ধান্ত গ্ৰহণ

আদি আন্তৰাষ্ট্ৰীয়মানৰ আইন, অনুসন্ধান সিদ্ধান্ত আৰু ৰাষ্ট্ৰসংঘৰ দৰে অনুষ্ঠানৰ সৈতে সহযোগিতাত শান্তিশৃংখলাত বাৰতৰ সহায় সহযোগ বিশেষকৈ সন্ত্ৰাস আৰু সন্ত্ৰাসবাদী (terror and terrorism) সংগঠনৰ কাৰ্যকলাপ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তিনিটা দিশত

)           দেশৰ সাৰ্বভৌম ভূখণ্ডক সামৰি  অৰ্থাৎ আভ্যন্তৰীন শান্তি আৰু নিৰাপত্তা; (দেশীয় আইনী ব্যৱস্থাৰে)

)           বিশ্ব শান্তি আৰু নিৰাপত্তা উদগনি দিয়াল অৰ্থাৎ বিশ্ব সন্ত্ৰাসবাদীক বা সন্ত্ৰাসবাদক বিৰোধীতা কৰা (আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি)

)           আন্তঃৰাষ্ট্ৰীয় আইনৰ আওঁতাৰে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক সাধন কৰা ইত্যাদিত ক্ষমতা প্ৰয়োগ আৰু সাংগঠনিক সহযোগীতা বিদ্যমান অৰ্থাৎ NIA ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় দিশত কৰ্মসূচী ৰূপায়নৰ আইনী ক্ষমতা আছে৷ আইনী নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে সুসংগঠিত সংগঠন বা অনুষ্ঠানটোৰ মাধ্যমেৰে বা প্ৰকৃত কৰ্মসূচীৰ দ্বাৰা

বিতং বা বহলভাৱে বিষয়ভিত্তিক অনুসন্ধান কৰা;

আন্তঃৰাষ্ট্ৰীয় মানৰ অনুসন্ধান কৌশল আঁৰত ব্যৱস্থা গ্ৰহণ;

উচ্চ প্ৰশিক্ষনৰ দ্বাৰা সন্ত্ৰাসবাদীসকলৰ বা সংগঠনৰ প্ৰত্যাহ্বান জনোৱা কৌশল অবলম্বনেৰে অনুসন্ধান;

অন্য ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত মানদণ্ডমূলক অনুসন্ধানৰ ব্যৱস্থা আৰু শক্তি বা কৰ্মশক্তি বৃদ্ধি;

চলিত বা সম্ভাৱনীয় সন্ত্ৰাসবাদী সংগঠন বা ব্যক্তি বা সন্ত্ৰাসৰ বানটেড চিনাক্ত কৰা৷

আন্তঃৰাষ্ট্ৰীয় মানৰ সন্ত্ৰাস বা সন্ত্ৰাসবাদী সম্পক¹ এক বিতং তথ্যবোৰ নিৰ্মাণ;

আইনে নিৰ্দ্ধাৰণ কৰা বিশেষ আদালতৰ সৈতে সঘনাই যোগসুত্ৰ পালন কৰা আৰু আদালতক সন্ত্ৰাসবাদৰ সম্পৰ্কত তথ্য যোগান আইনী ভাৰ যোগান ধৰা৷

হয় NIA Act ২০০৮, আইন অনুসৰি ধাৰাৰ মতে NIA গঠন আৰু ধাৰাৰৰ অনুসৰি NIA আদালত গঠনৰ কথা উল্লেখ আছে৷ সন্ত্ৰাসবাদ বিচ্ছিন্নতাবাদ দেশৰ সাৰ্বভৌমত্ব সম্পক¹ ভাবুকি বিষয়ক অনুসন্ধানৰ পিছত NIA অভিযোগনামা NIA আদালতত দাখিল কৰে৷ থাওঁকতে উল্লেখ কৰা ভাল যে নিৰ্দিষ্ট গোচৰৰ ভিত্তিত প্ৰস্তুত হোৱা অভিযোগনামা অনুসৰি আদালত (নিৰ্দিষ্ট) যি বিচাৰ প্ৰক্ৰিয়া আৰম্ভ , তেতিয়া এই প্ৰক্ৰিয়া সমূহত পৰ্যায়ক্ৰমে

ভাৰতীয় দণ্ড বিধি আইন

ফৌজদাৰী কাৰ্য্যবিধি আইন

দ্বাৰাই বিচাৰ প্ৰক্ৰিয়া আৰু দোষীৰ শাস্তিৰ ব্যৱস্থা বলবৎ ব৷ কেৱল  নিৰ্দিষ্ট বিতং আৰু সন্ত্ৰাসবাদী অনুসন্ধানৰ বাবেই এই আইন প্ৰনয়ন আৰু অনুসন্ধানৰ অনুষ্ঠানৰ জন্ম দিছে৷

এতিয়া আহোঁ NIA দ্বাৰা ব্যৱস্থাকৰা কেইখনমান আইন এই আইন অনুসন্ধানৰ সময়ত, অনুষ্ঠানৰ পিছত অভিযোগ নামা আদালতত যোগান ধৰা সময়ত গোচৰ পঞ্জীয়ন কৰা সময়ত বিশেষ কেইখন মান আইনৰ ধাৰা প্ৰয়োজন কৰে৷

ৰ৷          Un lawful Activities (Prevention) Act ১৯৬৭;

২৷           The Arms Act, ১৯৫৯,

৩৷          IPC ১৮৬০ বিশেষ ধাৰা যেনে ৰাষ্ট্ৰবিৰোধী অপৰাধ ধাৰা–  ১২১ পৰা ১২৪ () ৰাষ্ট্ৰদোহ ইত্যাদি বহুটো যিহেতু উল্লেখ কৰা আইন, আইনৰ ধাৰাৰ সৈতে এই বিশেষ অনুসন্ধান কৰা অনুষ্ঠানটোৰ লক্ষ্য উদ্দেশ্য আৰু কাৰ্য্য পৰিসৰৰ সৈতে মিল আছে৷ ওপৰত উল্লেখ কৰা UAP Act, ১৯৬৭ আনিৰ উদ্দেশ্যই ব্যক্তি বা কোনো ব্যক্তিসমষ্টিয়ে সন্ত্ৰাস কাৰ্যকলাপত লিপ্ত হয় বা উদগনি দিয়ে৷ তেতিয়া NIA এই আনিৰ ধাৰাসমূহ গোচনৰ পঞ্জীয়ন আৰু অনুসন্ধানৰ সময় ব্যৱহাৰ হয়৷ এই UAP Act ১৯৬৭ ধাৰা১৬, (Punishment For terrorist Act), NIA  বাবে পৰিচিত ধাৰা৷

বহুক্ষেত্ৰত NIA অনুসন্ধান পঞ্জীয়ন গোচৰ আৰু বিচাৰ প্ৰক্ৰিয়া লগতে অন্য আইনী প্ৰয়োজনৰ ক্ষেত্ৰত অভিযোগ নথকা নহয়৷ লক্ষ্য উদ্দেশ্য আৰু¸ আইনৰ নীতিৰ পৰা বিচলিত হৈ ৰাজনৈতিক নেতামন্ত্ৰী বা তেনে প্ৰভাৱশালী ব্যক্তিৰ প্ৰভাৱতপ্ৰৰোচনাত নিৰ্দেশত NIA  কাৰ্য ৰূপায়নৰ ভয়ভূৰ অভিযোগ নথকা নহয়৷ উদাহৰণস্বৰূপে অসমৰ বেলিকা নাগৰিকত্ব সংশোধনী আইন বিৰোধিতাৰে (CAA) ৰাইজৰ সৈতে কৰা আন্দোলনৰ অন্যতম নেতা অখিল গগৈ ক্ষেত্ৰত নিয়াৰ গোচৰঅনুসন্ধান আৰু লেহেমী অভিযোগনামা আদিত চৰকাৰৰ লগতে অনুসন্ধানকাৰী সংস্থাৰ লগতে NIA আইনখনৰ প্ৰতি মানুহে অসন্তোষ প্ৰকাশ কৰিছে৷ আদালতৰ নিৰ্দেশত তাৰেই পূৰ্ণ প্ৰমান কৰিছে৷ চাবুৱা থান গোচৰত আদালতৰদোষমুক্তঘোষনা কৰাৰ পিছত ইয়াৰ প্ৰমান স্পষ্ট ল৷ ৰাজনৈতিক বক্তব্য আন্দোলনৰ ভাষন আদি সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰাষ্ট্ৰদোহ বা সাৰ্বভেমত্ব অখণ্ডতাৰ অপৰাধ নহয়৷ (….) আইনৰ অধীনত৷ বিশেষ NIA আদালতত গোচৰত, গোচৰীয়া অখিল গগৈৰ বিৰূদ্ধে NIA যি তদন্ত বা অভিযোগ খণ্ডন কৰি ৫৮ পৃষ্ঠাৰ ৰায়দানত এই কথা গগৈ সম্পৰ্কত মত প্ৰকাশ কৰি কয় যে am of the Considerd opinion that the Omission of ট্ট (Accused gogoi) revealed by the materials cannot be Prime-Facle said to be a terrorist act done with the intention of threatening Unity, integrity, sovereiginty and Security of India প্সঙ্মব্জ a terrorist act done with intention to stroke terroe in the people. (Das held in the ৫৮ page order) অৰ্থাৎ অখিল গগৈক দোষমুক্ত ঘোষণা কৰি সন্ত্ৰাসবাদ সম্পক¹ ভিন্ন ধাৰাক ন্যায়লয়ে অৰ্থহীন বুলিছে উল্লেখ্য যে উক্ত গোচৰত অৰ্থাৎ Spl. (NIA) case No- ০৩/২০২০, regd, হু/ব্দ১২(B)/১৪৩/১৪৭/১৪৮/১৪৯/৩২৬/৩০৭/৩৩৩/৩৫৩/৪২৭, TPC, ত্ম/দ্দ্ব-Section, ১৬ of the UA (ত্ন) Act ১৯৬৭ জামিন প্ৰদান কৰে৷  উল্লেখ কৰা যেচাবুৱা থোনা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়ালৈ শিল গুটি মৰা অভিযোগত চাবুৱা থানাতগ আছিল হোৱা গোচৰ –Chabua PS Case No-২৮৯/২০১৯, হু/ত্ৰ১২০(B)১৪৭/,১৪৮/,১৪৯/,৩৩৬/,৩০৭/,৩৫৩/,৩২৬/,১৫৩(ট্ট), ১৫৩(B) IPC ত্ম/দ্দ্ব/Sction- ১৫ () (a)/১৬ of UA (ত্ন) Act সন্নিবিষ্ট৷

শেষ উল্লেখ কৰা ভাল যে ধাৰা ১৫ (b),১৬ UAPট্ট আইনৰ জৰিয়তে অখিল গগৈক NIA সন্ত্ৰাসবাদী হিচাপে অভিযোগনামা দখিল কৰিছিল আৰু ধাৰা ১৪৮ আৰু ধাৰা ৩২৬ ভাৰতীয় দণ্ডবিধি প্ৰয়োগ কৰি NIA দ্বাৰা অখিল গগৈয়ে মাৰাত্মক অস্ত্ৰশস্ত্ৰ আৰু তেনে অবৈধ অস্ত্ৰ ব্যৱহাৰৰ অভিযোগ তুলিছিল৷ যিটো ন্যায়লয় নাকচ কৰি দোষমুক্ত কৰিছে৷

অধিবক্তা, গুৱাহাটী

Email– dr.chittaranjanphd@gmail.com

Leave a Reply

Your email address will not be published. Required fields are marked *