
এনকাউণ্টাৰ আৰু হত্যা আজিৰ বা নতুন শব্দ বা চৰ্চাৰ বিষয় নহয়৷ পৌৰাণিক আইন আৰু শাসন ব্যৱস্থাত এই এনকাউণ্টাৰৰ সপক্ষে–বিপক্ষে যুক্তি আৰু নানা ধৰণৰ বিতৰ্ক আলোচনা–সমালোচনা অব্যাহত আছিল৷ তথাপিও আইনীভাৱেই হওক বা অবৈধ বা প্ৰতিশোধমূলকভাৱেই হওক বা কৌশলপূৰ্ণভাৱে হওক বা কাৰোবাৰ ভুলৰ বাবেই হওক এনকাউণ্টাৰ কাৰ্যপ্ৰক্ৰিয়াৰ বিষয়ে আমি বিভিন্ন সময়ত বিভিন্ন ঠাইত দেখি আহিছো৷ সেয়ে চৰিত্ৰ, অভিযোগ প্ৰতি–অভিযোগ যুক্তি আৰু আইনী বিচাৰৰ ফালৰ পৰা আমি এনকাউণ্টাৰক দুই প্ৰকাৰত ভাগ কৰিব পাৰো –
(ৰ) আইনসন্মত এনকাউণ্টাৰ
(২) বে–আইনী বা ভুৱা এনকাউণ্টাৰ
থাউকতে কোৱা সমীচিন হ’ব যে আইনজীৱী বা আইনজ্ঞ বা ৰাষ্ট˜ীয়–আন্তঃৰাষ্ট˜ীয় আইন অধ্যয়ন কৰা গৱেষকৰ মত অনুসৰি এনকাউণ্টাৰ হ’বলৈ দুয়োপক্ষৰ মাজত সংশয় আৰু নৃশংসতাৰ পৰিৱেশ উদ্ভৱ হ’ব লাগিব৷ বহুক্ষেত্ৰত অস্ত্ৰৰ উপস্থিতি থকা বাঞ্চনীয়৷ ইয়াক আইনসন্মত বা নিয়ম সম্পক¹য় এনকাউণ্টাৰ হিচাপে বিবেচিত কৰা হয়৷ অন্যথা কিবা উদ্দেশ্য প্ৰণোদিতভাবে কোনো কোনো আৰক্ষী বা নিৰাপত্তাৰক্ষীৰ হাতত বা কষ্টত থাকোঁতে বা পুলিচৰ আবেষ্টনীত বা হাতত হেণ্ডকাফ লগাই তদন্তৰ কৰোঁতে উদ্দেশ্য প্ৰণোদিতভাৱে গুলিচালনা কৰা, গুলিচালনা কৰি আহত কৰা বা গুলিচালনা কৰি হত্যা কৰা ইত্যাদি ভুৱা এনকাউণ্টাৰ হিচাপে বিবেচিত হয়, ই আইন অনুসৰি দণ্ডণীয়৷
এতিয়া আহো ইয়াৰ প্ৰয়োজনীয় আলোচনা বা সূত্ৰ অধ্যয়নলৈ৷ প্ৰকৃতাৰ্থত আমি এনকাউণ্টাৰৰ কোনো সৰ্বজন গ্ৰাহ্য আইনী সূত্ৰ বা তত্ত্ব নাপালেও ব্যৱহাৰিক–যুক্তিপূৰ্ণ দৃষ্টিৰে আমি ক’ব পাৰো “কোনো তাৎক্ষণিক প্ৰতিশোধ প্ৰতিহিংসা বা সন্মুখ সমৰক” অৰ্থাৎ এনকাউণ্টাৰে দুটা পক্ষৰ মাজত চলা হিংসা–প্ৰতিহিংসাৰ প্ৰত্যক্ষ ক্ৰিয়া মাথোঁ৷ য’ত বিপদজনক মাৰাত্মক অস্ত্ৰ সঞ্চালন চকুত পৰে৷ যাৰ ফলত প্ৰতিপক্ষ
(ৰ) আহত, গুৰুতৰ আহত (২)
মৃত্যু হয়৷
আমি অতি সহজ অৰ্থত এনকাউণ্টাৰক “প্ৰত্যুত্তৰমূলক সামৰিক আক্ৰমণক বুজাব পাৰো – য’ত
– Counter Attack প্ৰত্যুত্তৰমূলক আক্ৰমণ;
– Arms or military Attack অস্ত্ৰ বা সৈনিক আক্ৰমণৰ বিষয় প্ৰত্যক্ষভাৱে জড়িত হয়৷
‘‘Encounter or Encounter Killing known as Extra judicial executions and
killing. Same time it also known as Retaliatory Killings” ইয়াতো থাউকতে উল্লেখ কৰা সমীচিন হ’ব যে এনকাউণ্টাৰ বহু ক্ষেত্ৰত জৰুৰী আৰু বহু ক্ষেত্ৰত অ–প্ৰাসংগিক লগতে অনেক সময়ত অপ–ব্যৱহাৰ কৰা উদাহৰণ অনেক আছে৷ প্ৰকৃততে – Encounter Killing is a
– Right to personal defenceজ্ব Right to every oneজ্ব
(Right) including the police অৰ্থাৎ এনকাউণ্টাৰক আমি প্ৰতিজনেই প্ৰয়োজনত ‘আত্মৰক্ষাৰ অধিকাৰ’ বা আত্মৰক্ষাৰ বাবে হত্যা বা হত্যাৰ অধিকাৰ বুলিলেও ইয়াৰ সৈতে যুক্তি, প্ৰমাণ,
সাক্ষী নিৰ্দিষ্ট আইন আৰু পূৰ্বৰ বিচাৰৰ বিচাৰক ৰায় আৰু সঠিক ব্যৱহাৰ অ–ব্যৱহাৰ বহু বিষয় জড়িত থাকে৷ তথাপিও ইয়াক আত্মৰক্ষাৰ অধিকাৰ হিচাপে গণ্য কৰা হয়৷ তৎসত্ত্বেও বহু বাধা–নিষেধ আছে৷
আত্মৰক্ষাৰ সম্পৰ্কত ভাৰতীয় দণ্ডবিধি আইনৰ প্ৰধান ধাৰাসমূহে কি কয় তাক ফঁহিয়াই চোৱাৰ প্ৰয়োজন আছে৷ ভাৰতৰ দণ্ডবিধি আইনৰ ধাৰা–৯৬ ১ পৰা ধাৰা ১০৬ লৈ আত্মৰক্ষাৰ সম্পৰ্কে উল্লেখ আছে৷ যাৰ দ্বাৰা আমি এনকাউণ্টাৰৰ justify কৰাৰ থল আছে৷ কোৱা প্ৰাসংগিক হ’ব যে ভাৰতীয় দণ্ডবিধিত কোনো ক্ষেত্ৰতেই
– (ক) Encounter Killingজ্ব (খ) Counter Killingজ্ব (গ) Extra
Judicial Killing সম্পৰ্কত উল্লেখ কৰা নাই৷ ইয়াক কেৱল আত্মৰক্ষাৰ আহিলা হিচাপে ব্যবহাৰ হয়৷ তাকো বাধা–নিষেধ অনুসৰি৷
এতিয়া আহো ভাৰতীয় দণ্ডবিধি আইনৰ আত্মৰক্ষাৰ সম্পক¹য় আইনৰ ধাৰাৰ বিতং আলোচনালৈ – ধাৰা ৯৭ অনুসৰি শৰীৰ আৰু সম্পত্তি ৰক্ষা কৰা অধিকাৰ৷ আত্মৰক্ষাৰ ক্ষেত্ৰত কিন্তু কিছুমান চৰ্ত আৰু বাধা–নিষেধ দুয়োটাই আছে৷ চৰ্ত আৰু বাধা–নিষেধৰ মাজেৰে কৰা আত্মৰক্ষাহে আইনসন্মত আৰু ধাৰা ৯৭ অনুসৰি আইনীভাৱে বিবেচিত হ’ব৷ কোৱা হৈছে যে ‘Right to private defence of the body and
property’ হয় মানুহৰ আত্মৰক্ষাৰ ক্ষেত্ৰত ব্যক্তিৰ শৰীৰ আৰু সম্পত্তি ৰক্ষাৰ দুটা প্ৰধান দিশ সামৰি লোৱা হয়৷ শৰীৰ আৰু সম্পত্তিৰ ক্ষেত্ৰত আমি তলত দিয়া ধৰণে ফঁহিয়াই চাব পাৰো (Human body) শৰীৰ বুলি ক’লে ব্যক্তিৰ নিজা শাৰীৰিক আৱয়ব বা নিজে আৰু অন্য ব্যক্তি বা ব্যক্তিৰ শৰীৰক বুজায়৷ (খ)
সম্পত্তি বুলিলে (movable and immovable) ঃ সম্পত্তি ব্যক্তিৰ নিজা বা অন্য ব্যক্তিৰ বা আত্মীয়ৰ, যিবোৰ আইনৰ দ্বাৰা বৈধ৷
উল্লেখ কৰা বিষয় দুটি ৰক্ষা বা আত্মৰক্ষাৰ কৰাতো ‘ব্যক্তিৰ অধিকাৰ’ হিচাপে ধৰা হয়৷ আত্মৰক্ষাৰ বাবে বা আত্মৰক্ষা প্ৰয়োগৰ ক্ষেত্ৰত ‘যি কাম কৰা হয়’ যি আইন অনুসৰি অপৰাধ হিচাপে গণ্য নহয়৷ অৰ্থাৎ প্ৰকৃত শৰীৰ, সম্পত্তি ৰক্ষা আৰু সুৰক্ষাৰ ক্ষেত্ৰত আইনে সুবিধা আৰু অধিকাৰ প্ৰদান কৰাই নহয় আত্মৰক্ষাক বৈধতাৰ স্বীকৃতি দিছে৷ কেৱল আইন বুলিয়েই নহয় আত্মৰক্ষা, আত্মৰক্ষা বা নিজ বা তেনে পৰিচিত অ–পৰিচিত অথচ বৈধ সম্পত্তিৰ নিৰাপত্তা দিয়া–লোৱাটো এক অন্য পৌৰাণিক মানৱ আৰু সময়ৰ পৰম্পৰা৷
এইবাৰ আলোচনা কৰা হওক কোনবোৰক আত্মৰক্ষাৰ অধিকাৰ হিচাপে বিবেচিত হয়৷ বা আত্মৰক্ষাৰ শক্তি, কৌশল বল প্ৰয়োগ কৰিলেও অপৰাধ বুলি বিবেচিত নহয় – ধাৰা ৯৮ অনুসৰি যদি কোনো কাৰ্য্য শিশু, বুদ্ধিহীন লোক, বিকৃত মানসিকতাৰ ব্যক্তি, মাতাল বা বলিয়া ব্যক্তিয়ে ভুল কৰিলেও অপৰাধ হিচাপে গণ্য নহয়, ধাৰা ৮৪ অনুসৰি হ’লেও তেনে ব্যক্তিৰ পৰা ব্যক্তিৰ শৰীৰ সম্পত্তি হানিকাৰক বিশেষ মুহূৰ্তত অন্য ভুক্তভোগী ব্যক্তিয়ে আত্মৰক্ষাৰ অধিকাৰ প্ৰয়োগ কৰিব পাৰে কিয়নো তেনে ব্যক্তিৰ আক্ৰমণত আত্মৰক্ষা নল’লে অন্য ব্যক্তিৰ মৃত্যু হ’ব পাৰে৷ অন্য এটা ধাৰা ১০০ অনুসৰি আমি এটা অতি বিশেষ অৱস্থাৰ কথা উল্লেখ কৰিব বিচৰা হৈছে৷ আত্মৰক্ষা আৰু মৃত্যু প্ৰসংগৰ ক্ষেত্ৰত আক্ৰমণৰ ফলত আক্ৰমণকাৰীৰ দ্বাৰা কাৰোবাৰ মৃত্যু বা অত্যধিক ক্ষতি হোৱাৰ সম্ভাৱনা আৰু আশংকা থাকে বা বলাৎকাৰ বা অস্বাভাৱিক কাম প্ৰবৃত্তি নিবাৰণৰ উদ্দেশ্য বা কাৰোবাক লৈ যোৱা বা বে–আইনী অপৰাধ কৰাৰ উদ্দেশ্য আক্ৰমণ কৰা হয়, তেনে ক্ষেত্ৰত আত্মৰক্ষাৰ অধিকাৰ প্ৰয়োগৰ ক্ষেত্ৰত আক্ৰমণকাৰী ব্যক্তিজনৰ মৃত্যুও হ’ব পাৰে৷ ই বে–আইনী নহয়৷
একেদৰেই আত্মৰক্ষাৰ ক্ষেত্ৰত ধাৰা ১০৬ অনুসৰি মাৰাত্মক আক্ৰমণ বা মাৰণাস্ত্ৰৰ আক্ৰমণ শীৰ্ষক আত্মৰক্ষাৰ কথা বিশদ বিবৰণ হিচাপে আছে৷ এই আইনৰ ধাৰাৰ উপৰিও আমি ফৌজদাৰী কাৰ্যবিধি Crpe আইনৰ ধাৰা ৪৬ অনুসৰি আচামী বা অভিযুক্তক গ্ৰেপ্তাৰৰ সম্পৰ্কত বিৱৰণ দিবলৈ গৈ কোৱা হৈছে যে কোনো অভিযুক্ত ব্যক্তিক গ্ৰেপ্তাৰৰ সময়ত গ্ৰেপ্তাৰ কৰিবলৈ যোৱা আৰক্ষী বিষয়া বা দলক সহায় নকৰি বাধা দিয়ে বা পলায়ন কৰে তেতিয়া পুলিচ বিষয়াজনে প্ৰয়োজনত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে৷ ইয়াত ‘বিশেষ ব্যৱস্থাই’ পুলিচ বিষয়া আৰু দলটোক বহু ক্ষমতাই প্ৰদান কৰিছে৷ ইয়াৰ দ্বাৰা আৰক্ষী ৰদলটোৱে –
(ক) আত্মৰক্ষাৰ ক্ষেত্ৰতে হওক বা (খ) পলাব বিচৰা অভিযুক্তৰ ভবিষ্যতৰ ক্ষতি আশংকা কৰিয়েই হওক বা (গ) অভিযুক্তই আক্ৰমণ বা তেনে বিপদজনক আচৰণ কৰিলে বা (ঘ) IPC Section-৯৬ ১ মতে বা

Crpe Section-৪৬ অনুসৰি গুলিচালনা বা এনকাউণ্টৰৰ দৰে নিজ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে৷ কিন্তু এইবোৰ অভিযুক্ত বা অপৰাধী মৃত্যুদণ্ড বা যাৱজ্জীৱন কাৰাদণ্ডৰ দ্বাৰা বিবেচিত নহয়, তেনে ব্যক্তিক গুলিয়াই মৃত্যু ঘটাব নোৱাৰিব৷
কোৱা প্ৰাসংগিক হ’ব যে ওপৰত উল্লেখ কৰা আইনৰ ধাৰাৰ সুবিধাৰে অত্যন্ত কৌশলেৰে অভিযুক্তক গুলিয়াই আহত বা নিহত কৰা হৈছে৷ যাক ভুৱা এনকাউণ্টাৰ বুলি সজোৰে দাবী উত্থাপন হৈছে৷ বহু ক্ষেত্ৰত ওপৰত উল্লেখ কৰা আইনৰ ধাৰাৰ অত্যন্ত অপ্ৰয়োগ ঘটা উদাহৰণ অনেক৷ আৰক্ষীৰ বেষ্টনী থকা অভিযুক্তই পলায়নৰ চেষ্টা কৰা আৰু অভিযুক্তক গুলিয়াই আহত বা নিহত কৰা অবাঞ্চিত দিশ তদন্তৰ আওতালৈ আহিব লাগে আৰু ইয়াক বন্ধ কৰা প্ৰয়োজন আছে৷ ইয়েই ফেক এনকাউণ্টাৰৰ উদাহৰণ৷ বহু ক্ষেত্ৰত বহু অিভযুক্তক অন্য আনুষংগিক বা মূল অভিযুক্তক ঢাকি ৰখাৰ স্বাৰ্থত গ্ৰেপ্তাৰৰ পূৰ্বে হত্যা কৰা বা গুলিয়াই হত্যা কৰি ইত্যাদিয়ে কেৱল মানৱ অধিকাৰ ভংগ কৰাই নহয় এনে হত্যাই অন্য এক অপৰাধৰ বাবে উদগনি বা মূল অপৰাধ পোহৰলৈ অনাৰ ক্ষেত্ৰত সহায় কৰা হয়৷ ইও কেছ এনকাউণ্টাৰৰ দ্বাৰা অপৰাধী কৰাৰ অন্য উদাহৰণ৷ এনে কেছ এনকাউণ্টাৰ সম্পৰ্কত
National Human rights commission (NHRট্ৰ) টাকৈ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ এই তথ্য আমি ২০১৫ চনৰ জানুৱাৰী ১ তাৰিখৰ পৰা ২০ মাৰ্চ ২০১৯ বৰ্ষলৈ উল্লেখিত (গৱেষণাৰ তথ্যৰ আলমত)৷ ইয়াৰে ৫৭ টা কেছ অন্ধ্ৰপ্ৰদেশত,
৩৯ টা কেছ উত্তৰ প্ৰদেশত, ২২ টা গোচৰ উৰিষ্যাত, ঝাৰখণ্ডত ১৩ টা, চত্তিছগড়ত ১০ টা, ফেক এনকাউণ্টাৰত জড়িত অভিলেখ ইয়াৰ তদন্ত অব্যাহত৷ অসমতে যোৱা সময়ছোৱাত ৪০ টাকৈ অধিক এনকাউণ্টাৰ সংঘাত হৈছে৷ ৰাষ্ট˜ীয় মানৱ অধিকাৰ আয়োগৰ তথ্য অনুসৰি কেচ এনকাউণ্টাৰ ২০০২–২০০৮ বৰ্ষত মুঠ ৪৪০ টা সংঘটিত হৈছিল৷ ইয়াৰ ইউ.পি. ২৩১, ৰাজস্থান–৩৩, মহাৰাষ্টৰ–৩১, দিল্লী–২৬, অন্ধ্ৰপ্ৰদেশ–২২ আৰু উত্তৰাখণ্ডত ১৯ টা গোচৰ৷ এনেদৰে ২০০৯য১০ বৰ্ষত লগতে ২০১৩ বৰ্ষলৈকে ৫৫৫টা কেচ NHRট্ৰ ১ দ্বাৰা তদন্ত কৰা হৈছে৷ ইউ.পি.
– ১৩৯, মণিপুৰত–৬২, অসমত – ৫২, বেংগলত – ৩৫, ঝাৰখণ্ডত–৩০ টা৷
এনকাউণ্টাৰ কিলিঙৰ সম্পৰ্কত দেশৰ উচ্চতম ন্যায়ালয়তে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছে৷
People’ব্দ of union for civil liberties গু Anr Vs State of
Maharastra (Criminal Ahpeal No-১২৫৫ of ১৯৯৯গ্গ/SC/CAJ
গোচৰৰ অন্তত ২৩ চেপ্তেম্বৰ ২০১৪ তাৰিখে এনকাউণ্টাৰ বা স্কেছ এনকাউণ্টাৰ কিলিং সম্পৰ্কত ১৬ টা নীতি নিৰ্দ্ধাৰণ কৰিছে৷ যাৰ দ্বাৰা তদন্ত সম্ভৱ আৰু বিষয়টি ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ১৪১ ১ মতে বিবেচনাধীন৷ অৰ্থাৎ যদি উচ্চতম ন্যায়ালয়ে ভাৰতৰ এই উল্লেখ কৰা অনুচ্ছেদ অনুসৰি আইনী বিচাৰ কৰা যায় তেনেহ’লে ন্যায়ালয়ৰ নিৰ্দেশনা দেশত আইন হিচাপে গণ্য হয়৷
কেছ এনকাউণ্টাৰ সম্পৰ্কত ৰাষ্ট˜ীয় মানৱ অধিকাৰ আয়োগৰ চেয়াৰপাৰ্চন এ ১৯৯৭ চনতেই ভাৰতৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকললৈ এক নিৰ্দেশনা জাৰি কৰি ৰাজ্যৰ পুলিচ বাহিনীক প্ৰকৃত আইন বলবৎ কৰাৰ ওপৰত গুৰুত্ব দিছে৷
শেষত আমি অতি স্পষ্টকৈ উল্লেখ কৰা প্ৰাসঙ্গিক হ’ব যে আইনৰ সুপ্ৰয়োগ সকলোৰে বাবে মংগল৷ আমি বহু আইন দেখিছো, বিশেষকৈ পুলিচৰ সৈতে জড়িত আইনৰ অ–প্ৰয়োগৰ প্ৰয়োভৰ অনেক, বিশেষকৈ আত্মৰক্ষাৰ নামত এনকাউণ্টৰ কৰা বা ফেক এনকাউণ্টাৰৰ দ্বাৰা কাৰোবাক হত্যা কৰা বা অভিযুক্ত আচামীক হত্যা কৰি প্ৰমাণ নষ্ট কৰা উদাহৰণ অনেক৷ ইফালে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ লোৱা কৌশল বা কৌশলৰ সৈতে অন্তৰ্নিহিত অন্য উদ্দেশ্যে লুকাই থাকে তাৰো উদাহৰণ অলেখ৷
সেয়ে আমি আশা কৰিম – (ক)
আইনৰ সুপ্ৰয়োগ, প্ৰকৃত প্ৰয়োগ হওক৷ (খ) আৰক্ষী প্ৰশাসনীয় বিষয়াসকলে আইন কিছু অধ্যয়ন কৰা উচিত৷ (গ)
আত্মৰক্ষাৰ নামত বিবেচনাহীনভাৱে সশস্ত্ৰ আক্ৰমণ বেআইনী৷ (ঘ) অভিযুক্তক হঠাৎ হত্যা কৰাতকৈ কৰায়ত্ত কৰাটোহে আৰক্ষী অপৰাধ উদ্ভাৱনৰ কৌশল আইনসন্মত হয়৷ (ঙ)
অিভযুক্ত বা আচামীক অপৰাধী হিচাপে গণ্য কৰাটো বে–অআইনী৷ কিয়নো অভিযুক্ত অপৰাধী হয়নে নহয় সেয়া বিচাৰ কৰা দায়িত্ব আৰক্ষী মহলৰ নহ’য়, আদালতৰহে৷ (চ) মৃত্যুদণ্ডৰে দণ্ডিত যোগ্য অপৰাধী বা যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত অপৰাধী বিবেচিত নহয় তেনে ব্যক্তিক আত্মৰক্ষাৰ নামত হত্যা কৰাতো বে–আইনী বা হত্যা কৰিব নোৱাৰে৷
E-mail :
dr.chittaranjanphd@gmail.com