
৬ মাৰ্চ, ২০০৭ চন৷ কলকাতাৰ প্ৰসিদ্ধ সংগীত বাণীৱদ্ধ কোম্পানী ‘সাৰেগামা’ই (পূৰ্বতে এইচ এম ভি নামেৰে বিখ্যাত) প্ৰযোজনা কৰা এখন জীৱনীমূলক ভিডিঅ’ ছবিৰ ু«টিং৷ অভিনেতা মাথোঁ এজনেই৷ ছবিখনৰ নিৰ্মাণ হৈছে তেওঁৰ জীৱনৰ কেইটামান অধ্যায়ক লৈ৷ ৮০ বছৰ বয়সীয়া অভিনয় শিল্পীজনে দিনৰ ১০ বজাৰ পৰা কোনো
break নোলোৱাকৈ একেৰাহে আবেলি ৩ বজালৈকে ু«টিং কৰে৷ Pack upৰ পিছত কিছুদিনৰ পৰা চিকিৎসাধীন হৈ থকা শিল্পীগৰাকীয়ে ক’লে– ‘মোৰ কামখিনি ভাল হৈছিলনে? মই ভালকৈ কৰিব পৰা নাই যেন ভাব হয়৷ ভাল হোৱাখিনি ৰাখি বেয়া হোৱাখিনি editing ত কাটি দিবা৷’ শিল্পীগৰাকী হ’ল ড॰ ভূপেন হাজৰিকা৷ ‘মই এটি যাযাবৰ’ নামৰ এই জীৱনীমূলক ছবিখনৰ পৰিকল্পনা আছিল দেউতাৰ (পবিত্ৰ কুমাৰ ডেকা)৷ কাৰিকৰী নিৰ্দেশক আছিলো মই৷ ‘সাৰেগামা’ই ছবিখন কিয় মুক্তি নিদিলে বুজা নগ’ল৷ যি কি নহওক, ড॰ ভূপেন হাজৰিকাৰ সৈতে জীৱনত এটা কাম কৰাৰ এক বিৰল আৰু মিঠা অভিজ্ঞতা হৈছিল৷ ভূপেন হাজৰিকাৰ মূলতে গীত আৰু সংগীতৰ কথাহে বেছিকৈ চৰ্চা হয়৷ কেৱল এই দুটা পৰিচয়ৰে তেওঁ মানুহৰ মনৰ মাজত প্ৰায় এটা শতাব্দী ধৰি এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু সংগীতৰ লগতে তেওঁ এজন সু–সাহিত্যিক, চিত্ৰ–সাংবাদিক আৰু চলচ্চিত্ৰ পৰিচালকো যে হয় সেই কথা প্ৰায়ে overlook কৰা হয় যেন ভাব হয়৷ ১৯৫৫ চনৰ পৰা ১৯৮৮ চনৰ ভিতৰত ভূপেন হাজৰিকাই কেইবাখনো ছবি নিৰ্মাণ কৰে অসমীয়া, বাংলা আৰু হিন্দী ভাষাত৷ চলচ্চিত্ৰৰ প্ৰতি ভূপেন হাজৰিকাৰ আকৰ্ষণ নি(য় শিশুকালতে অংকুৰিত হৈছিল৷ জ্যোতিপ্ৰসাদৰ সান্নিধ্য আৰু ‘ইন্দ্ৰমালতী’ ছবিত অভিনয় কৰাৰ মধুৰ স্মৃতিয়ে তেওঁৰ ওপৰত ক্ৰিয়া নকৰাকৈ থকা নাছিল৷ তদুপৰি তেওঁ আছিল
Mass communication ১ ছাত্ৰ৷ বিদেশত পঢ়িছিল, দেশ–বিদেশৰ নানান ছবিও চোৱাৰ অভিজ্ঞতা হৈছিল৷ কিন্তু ১৯৫৬ চনত তেওঁ যেতিয়া প্ৰথমখন ছবি ‘এৰা বাটৰ সুৰ’ কৰিলে, সেইখন কোনো বিদেশী ছবিৰ আৰ্হিত নাছিল, নতুবা গতানুগতিক অসমীয়া ছবিও নহয়৷ ছবিখন আছিল আত্মজীৱনীমূলক৷ কাহিনী
off beat, অৱশ্যে গীত–নৃত্যও আছে৷ কিন্তু পৰিচালকৰ নিজা
vision সু–স্পষ্ট৷ ভূপেন হাজৰিকাই তেওঁৰ দ্বিতীয়খন ছবিৰ বিষয় আৰু ভাষা নিৰ্বাচন কৰোতে এক অগতানুগতিক কাম কৰিছিল৷ ১৯৫৮ চনত গোৱালপাৰীয়া ভাষাত নিৰ্মাণ কৰা ছবিখন হ’ল ‘মাহুত বন্ধুৰে’৷ ছবিখনে লোক–সংগীতক এক নতুন মাত্ৰা দিয়াৰ লগতে নতুন প্ৰতিভাৰো জন্ম দিয়ে৷ ‘মাহুত বন্ধু’ মুক্তি পোৱাৰ পিছত লোকশিল্পী প্ৰতিমা পাণ্ডে বিখ্যাত হ’ল, গোৱালপাৰীয়া গীতেও স্বীকৃতি পালে৷ এই প্ৰসংগতে উল্লেখ কৰিব পাৰি যে ভূপেন হাজৰিকাই হিন্দী সু–সাহিত্যিক মহাদেৱী বাৰ্মাৰ এটি কাহিনীৰ আলমত ‘নীল আকাশেৰ নীচে’ নামৰ এখন বাংলা ছবি কৰাৰ পৰিকল্পনা কৰিছিল, কিন্তু শেষ মুহূৰ্তত বাতিল হ’ল৷ হতাশ হৈ ভূপেন হাজৰিকাই কোনো তাৰকা নলৈ এটি লোক–কাহিনীৰ আলমত ‘মাহুত বন্ধুৰে’ কৰিছিল৷ উক্ত ‘নীল আকাশেৰ নীচে’ ছবিখন পিছত তেওঁৰ বন্ধু আৰু বংগৰ বিখ্যাত পৰিচালক মৃণাল সেনে পৰিচালনা কৰিছিল৷ ‘মাহুত বন্ধুৰে’ ছবিখন বাংলা ছবি বুলি যদিও কোৱা হয়, প্ৰকৃততে ছবিখন যিহেতু গোৱালপাৰীয়া ভাষাত নিৰ্মিত, সেইখনক অসমীয়া বা অসমৰ ছবি বুলি ক’লেহে বেছি উপযুক্ত হ’ব৷ ভূপেন হাজৰিকাৰ তৃতীয়খন ছবি হ’ল ‘শকুন্তলা’ (১৯৬১)৷ ছবিখনৰ সন্দৰ্ভত তেওঁ নিজেই কৈছে যে এখন ধ্ৰুপদী ছবি কৰাৰ তেওঁৰ বৰ মন, সেইবাবে কালিদাসৰ অমৰ ৰচনা ‘শকুন্তলা’ক নিৰ্বাচন কৰিলে৷ প্ৰথমখন ছবি ‘এৰা বাটৰ সুৰ’ বাণিজ্যিকভাৱে সফল হোৱা নাছিল বা কোনো পুৰস্কাৰ পোৱা নাছিল৷ সেইবাবেও হয়তো তেওঁ এনে এক বিষয়বস্তু বাছি ল’লে, যি আছিল জনপ্ৰিয় সাহিত্য আৰু সকলোৰে গ্ৰহণযোগ্য৷ এই ‘শকুন্তলা’ ছবিৰ বাবে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবি হিচাপে সেই বছৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰে৷ ১৯৬৬ চনত ভূপেন হাজৰিকাই আকৌ এখন অগতানুগতিক বা different ছবি কৰে৷ নাম ‘লটিঘটি’৷৬ মাৰ্চ, ২০০৭ চন৷ কলকাতাৰ প্ৰসিদ্ধ সংগীত বাণীৱদ্ধ কোম্পানী ‘সাৰেগামা’ই (পূৰ্বতে এইচ এম ভি নামেৰে বিখ্যাত) প্ৰযোজনা কৰা এখন জীৱনীমূলক ভিডিঅ’ ছবিৰ ু«টিং৷ অভিনেতা মাথোঁ এজনেই৷ ছবিখনৰ নিৰ্মাণ হৈছে তেওঁৰ জীৱনৰ কেইটামান অধ্যায়ক লৈ৷ ৮০ বছৰ বয়সীয়া অভিনয় শিল্পীজনে দিনৰ ১০ বজাৰ পৰা কোনো
break নোলোৱাকৈ একেৰাহে আবেলি ৩ বজালৈকে ু«টিং কৰে৷ Pack upৰ পিছত কিছুদিনৰ পৰা চিকিৎসাধীন হৈ থকা শিল্পীগৰাকীয়ে ক’লে– ‘মোৰ কামখিনি ভাল হৈছিলনে? মই ভালকৈ কৰিব পৰা নাই যেন ভাব হয়৷ ভাল হোৱাখিনি ৰাখি বেয়া হোৱাখিনি editing ত কাটি দিবা৷’ শিল্পীগৰাকী হ’ল ড॰ ভূপেন হাজৰিকা৷ ‘মই এটি যাযাবৰ’ নামৰ এই জীৱনীমূলক ছবিখনৰ পৰিকল্পনা আছিল দেউতাৰ (পবিত্ৰ কুমাৰ ডেকা)৷ কাৰিকৰী নিৰ্দেশক আছিলো মই৷ ‘সাৰেগামা’ই ছবিখন কিয় মুক্তি নিদিলে বুজা নগ’ল৷ যি কি নহওক, ড॰ ভূপেন হাজৰিকাৰ সৈতে জীৱনত এটা কাম কৰাৰ এক বিৰল আৰু মিঠা অভিজ্ঞতা হৈছিল৷ ভূপেন হাজৰিকাৰ মূলতে গীত আৰু সংগীতৰ কথাহে বেছিকৈ চৰ্চা হয়৷ কেৱল এই দুটা পৰিচয়ৰে তেওঁ মানুহৰ মনৰ মাজত প্ৰায় এটা শতাব্দী ধৰি এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু সংগীতৰ লগতে তেওঁ এজন সু–সাহিত্যিক, চিত্ৰ–সাংবাদিক আৰু চলচ্চিত্ৰ পৰিচালকো যে হয় সেই কথা প্ৰায়ে overlook কৰা হয় যেন ভাব হয়৷ ১৯৫৫ চনৰ পৰা ১৯৮৮ চনৰ ভিতৰত ভূপেন হাজৰিকাই কেইবাখনো ছবি নিৰ্মাণ কৰে অসমীয়া, বাংলা আৰু হিন্দী ভাষাত৷ চলচ্চিত্ৰৰ প্ৰতি ভূপেন হাজৰিকাৰ আকৰ্ষণ নি(য় শিশুকালতে অংকুৰিত হৈছিল৷ জ্যোতিপ্ৰসাদৰ সান্নিধ্য আৰু ‘ইন্দ্ৰমালতী’ ছবিত অভিনয় কৰাৰ মধুৰ স্মৃতিয়ে তেওঁৰ ওপৰত ক্ৰিয়া নকৰাকৈ থকা নাছিল৷ তদুপৰি তেওঁ আছিল
Mass communication ১ ছাত্ৰ৷ বিদেশত পঢ়িছিল, দেশ–বিদেশৰ নানান ছবিও চোৱাৰ অভিজ্ঞতা হৈছিল৷ কিন্তু ১৯৫৬ চনত তেওঁ যেতিয়া প্ৰথমখন ছবি ‘এৰা বাটৰ সুৰ’ কৰিলে, সেইখন কোনো বিদেশী ছবিৰ আৰ্হিত নাছিল, নতুবা গতানুগতিক অসমীয়া ছবিও নহয়৷ ছবিখন আছিল আত্মজীৱনীমূলক৷ কাহিনী
off beat, অৱশ্যে গীত–নৃত্যও আছে৷ কিন্তু পৰিচালকৰ নিজা
vision সু–স্পষ্ট৷ ভূপেন হাজৰিকাই তেওঁৰ দ্বিতীয়খন ছবিৰ বিষয় আৰু ভাষা নিৰ্বাচন কৰোতে এক অগতানুগতিক কাম কৰিছিল৷ ১৯৫৮ চনত গোৱালপাৰীয়া ভাষাত নিৰ্মাণ কৰা ছবিখন হ’ল ‘মাহুত বন্ধুৰে’৷ ছবিখনে লোক–সংগীতক এক নতুন মাত্ৰা দিয়াৰ লগতে নতুন প্ৰতিভাৰো জন্ম দিয়ে৷ ‘মাহুত বন্ধু’ মুক্তি পোৱাৰ পিছত লোকশিল্পী প্ৰতিমা পাণ্ডে বিখ্যাত হ’ল, গোৱালপাৰীয়া গীতেও স্বীকৃতি পালে৷ এই প্ৰসংগতে উল্লেখ কৰিব পাৰি যে ভূপেন হাজৰিকাই হিন্দী সু–সাহিত্যিক মহাদেৱী বাৰ্মাৰ এটি কাহিনীৰ আলমত ‘নীল আকাশেৰ নীচে’ নামৰ এখন বাংলা ছবি কৰাৰ পৰিকল্পনা কৰিছিল, কিন্তু শেষ মুহূৰ্তত বাতিল হ’ল৷ হতাশ হৈ ভূপেন হাজৰিকাই কোনো তাৰকা নলৈ এটি লোক–কাহিনীৰ আলমত ‘মাহুত বন্ধুৰে’ কৰিছিল৷ উক্ত ‘নীল আকাশেৰ নীচে’ ছবিখন পিছত তেওঁৰ বন্ধু আৰু বংগৰ বিখ্যাত পৰিচালক মৃণাল সেনে পৰিচালনা কৰিছিল৷ ‘মাহুত বন্ধুৰে’ ছবিখন বাংলা ছবি বুলি যদিও কোৱা হয়, প্ৰকৃততে ছবিখন যিহেতু গোৱালপাৰীয়া ভাষাত নিৰ্মিত, সেইখনক অসমীয়া বা অসমৰ ছবি বুলি ক’লেহে বেছি উপযুক্ত হ’ব৷ ভূপেন হাজৰিকাৰ তৃতীয়খন ছবি হ’ল ‘শকুন্তলা’ (১৯৬১)৷ ছবিখনৰ সন্দৰ্ভত তেওঁ নিজেই কৈছে যে এখন ধ্ৰুপদী ছবি কৰাৰ তেওঁৰ বৰ মন, সেইবাবে কালিদাসৰ অমৰ ৰচনা ‘শকুন্তলা’ক নিৰ্বাচন কৰিলে৷ প্ৰথমখন ছবি ‘এৰা বাটৰ সুৰ’ বাণিজ্যিকভাৱে সফল হোৱা নাছিল বা কোনো পুৰস্কাৰ পোৱা নাছিল৷ সেইবাবেও হয়তো তেওঁ এনে এক বিষয়বস্তু বাছি ল’লে, যি আছিল জনপ্ৰিয় সাহিত্য আৰু সকলোৰে গ্ৰহণযোগ্য৷ এই ‘শকুন্তলা’ ছবিৰ বাবে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবি হিচাপে সেই বছৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰে৷ ১৯৬৬ চনত ভূপেন হাজৰিকাই আকৌ এখন অগতানুগতিক বা different ছবি কৰে৷ নাম ‘লটিঘটি’৷

Raw stock ১ মূল্য যিমান, সিমানেই অপৰিহাৰ্য হ’ল কলা–কুশলীসকল৷ চলচ্চিত্ৰ নিৰ্মাণৰ সময়ছোৱাত ঘটা বহুতো ৰসাল আৰু বৈচিত্ৰ্যময় কাণ্ডবোৰক লৈ নিৰ্মাণ কৰা ‘লটিঘটি’
ছবিখন মূলতে হ’ল এক প্ৰহসন৷ চলচ্চিত্ৰ নিৰ্মাণৰ জ্ঞান নথকা লোকে পৰিচালনা কৰিবলৈ অহা পৰিস্থিতিটোক ব্যংগ ৰূপত দেখুৱাই ক’বলৈ খুজিছে যে চলচ্চিত্ৰ নিৰ্মাণ এক জটিল কলা বা পদ্ধতি৷ ’৬০ দশকত ‘ film about film’ কৰাতো ভাৰততে বিৰল বুলি ক’ব পাৰি৷ গুৰু দত্তই ‘কাগজ কে ফুল’ ছবিখন কৰিছিল, সেইখন অৱশ্যে ছিৰিয়াছধৰ্মী ছবি৷ ‘কাগজ কে ফুল’ৰ পৰা সুধীৰ মিশ্ৰৰ ‘খৈয়া খৈয়া চান্দ’লৈকে যিমানবোৰ ছবি চলচ্চিত্ৰ জগতৰ পটভূমিত নিৰ্মিত হৈছে, প্ৰায়বোৰ বাণিজ্যিকভাৱে অসফল৷ কিন্তু ’৬০ দশকত অসমৰ দৰ্শকে ‘লটিঘটি’ ছবিখন চাই সেইখন হিট কৰালে৷ ভূপেন হাজৰিকাৰ চলচ্চিত্ৰ পৰিচালক হিচাপে শ্ৰেষ্ঠ কৰ্ম হ’ল ‘প্ৰতিধবনি’ ছবিখন৷ বিষয়বস্তু আছিল খাচীসকলৰ এটি লোককাহিনী৷ ছবিখন খুব কলাত্মক, visualবোৰ আছিল সুন্দৰ, সংগীতো আছিল উচ্চমানৰ৷ ভাব হয়– ‘চামেলী মেমচাহাব’ৰ পৰিৱৰ্তে
‘প্ৰতিধবনি’
ছবিৰ বাবে ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান পাব লাগিছিল৷ আটাইতকৈ ডাঙৰ কথা, প্ৰথমবাৰৰ বাবে খাচীসকলে ভাবিলে যে ‘আমাৰ কাহিনীৰেও ফিল্ম হ’ব পাৰে৷’ পাহাৰ আৰু ভৈয়ামৰ সম্প্ৰীতিৰ কাহিনীৰে
‘প্ৰতিধবনি’
কৰাৰ পিছত ১৯৬৯ চনত নিৰ্মাণ কৰে ‘চিক্মিক্ বিজুলী’৷ তাৰকা শিল্পীৰে ভৰা এখন সংগীতমুখৰ ছবি৷ ছবিখন প্ৰযোজনা কৰিবলৈ আহিল প্ৰখ্যাত ৰাজশ্ৰী প্ৰডাকচনৰ তাৰচাঁদ বৰজাত্যাই৷ তাৰ পিছত প্ৰায় দহ বছৰ বিৰতি৷ অৱশ্যে এই সময়ছোৱাত ভূপেন হাজৰিকাই দুখন হিন্দী ছবি পৰিচালনা কৰে৷ ছবি দুখন হ’ল ক্ৰমে– ‘মেৰা ধৰম মেৰি মা’ আৰু
‘ইয়ে গুলিস্তাঁ হামাৰা’৷ ছবিবোৰ যদিও হিন্দী ভাষাত নিৰ্মিত, কিন্তু কাহিনী আছিল উত্তৰ–পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ, নাগালেণ্ড,
অসম আদিৰ৷ ১৯৭৯ চনত তেওঁ পুনৰ এখন অসমীয়া ছবি কৰিলে ‘মন প্ৰজাপতি’৷ বিষয়বস্তু ল’লে এটি Circus Partyৰ অৱলম্বনত সাহিত্যিক নিৰোদ চৌধুৰীয়ে লিখা উপন্যাসৰ পৰা৷ ছবিখনক ক’ব পাৰি সময়তকৈ বহুত আগবঢ়া বুলি–
way ahead of its time৷ কিন্তু ছবিখনৰ নিৰ্মাণশৈলীৰ ফালৰ পৰা ক’ব পাৰি যে পূৰ্বৰ ছবিকেইখনৰ তুলনাত ‘মন প্ৰজাপতি’ সেই মানদণ্ডৰ নহ’ল৷ ছবিখনৰ পৰিকল্পনা প্ৰশংসনীয়,
কিন্তু বিস্তাৰিতভাৱে ছবিখনৰ বহুতো অংশত পৰিচালকে মনোযোগ দিয়া নাই৷ ’৭০ দশকত ভূপেন হাজৰিকা সংগীত জগতত শীৰ্ষতম স্তৰত আছিল, সেয়ে হয়তো পৰিচালনাত বেছি মনোনিৱেশ কৰিব পৰা নাছিল৷ পুনৰ কিছু বছৰ বিৰতিৰ মূৰত ১৯৮৬ চনত নিৰ্মাণ কৰে
Film Division প্ৰযোজিত অসমীয়া ছবি ‘স্বীকাৰোক্তি’৷ ছবিখন চিত্ৰগৃহত commercially মুক্তি লাভ কৰা নাছিল, কেৱল দূৰদৰ্শনত প্ৰচাৰ হয়৷ দূৰদৰ্শনৰ বাবে নিৰ্মাণ কৰা আন এখন ছবি হ’ল ৰজনীকান্ত বৰদলৈৰ ৰচিত ‘মিৰি জীয়ৰী’ উপন্যাসৰ আধাৰত৷ ১৯৮৮ চনত নিৰ্মাণ কৰা ‘চিৰাজ’ ছবিখনকহে ভূপেন হাজৰিকাৰ শেষ পৰিচালিত ছবি বুলি ক’ব পাৰি৷ ১৯৪৮ চনত নিৰ্মাণ হোৱা বিষ্ণু ৰাভা, ফণী শৰ্মা পৰিচালিত ‘চিৰাজ’ ছবিখনক পুনৰ
remake কৰিছিল ভূপেন হাজৰিকাই৷ ভাৰত স্বাধীন হোৱাৰ পিছতে নিৰ্মাণ হোৱা মূল ‘চিৰাজ’ ছবিখনে হিন্দু–মুছলমানৰ সম্প্ৰীতিৰ সেঁতু গঢ়ি নতুন ভাৰতক আগুৱাই নিয়াৰ এক
message ৰাখিছিল৷ কিন্তু ’৮০ দশকৰ ‘চিৰাজ’ৰ মূল কথাখিনি একে ৰাখি পটভূমি, কল্পনা আৰু
interpretation সলনি কৰাহেঁতেন ছবিখনে হয়তো এক নতুন মাত্ৰা পালেহেঁতেন৷ আনপিনে অভিনয় আছিল গতানুগতিক,
কাৰিকৰী দিশ দুৰ্বল৷ একমাত্ৰ সফল দিশটো হ’ল সংগীত৷ ভূপেন হাজৰিকাৰ সংগীতৰ ক্ষেত্ৰত এষাৰ কথা ক’ব পাৰি– ‘Music you can see and picture you can
hear’. শেষত ক’ব পাৰি যে চাৰিটা দশকৰ ভিতৰত ভূপেন হাজৰিকাই পৰিচালনা কৰা ’৫০ আৰু ’৬০ দশকৰ ছবিকেইখন সকলো দিশৰ পৰা বেছি
important. নতুনত্ব আৰু বুদ্ধিদীপ্ত আছিল৷ এতিয়া ভূপেন হাজৰিকাৰ সমগ্ৰ চলচ্চিত্ৰখিনিৰ এটা
retrospective অসম, বংগ, মুম্বাই আদি ঠাইত পাতিব লাগে যাতে নতুন প্ৰজন্মই এই ছবিসমূহ উপভোগ কৰিব পাৰে আৰু গভীৰভাৱে পৰ্যালোচনা কৰিব পাৰে৷ ইতিমধ্যে ‘সাৰেগামা’ই তেওঁৰ গীতসমূহ পুনৰ সমগ্ৰ ৰূপত
‘Legends’ নামেৰে আটকধুনীয়াকৈ উলিয়াইছে৷ এখন আত্মজীৱনীমূলক ছবিও প্ৰযোজনা কৰিছে ‘মই এটি যাযাবৰ’ নামেৰে যিখনৰ কথা প্ৰথমতে উল্লেখ কৰিছিলো৷ সেইখন সোনকালে মুক্তি পাব বুলি আশা কৰিলো৷