
জয়গুৰু শংকৰ সৰ্বগুণাকৰ
যাকেৰি নাহিকে উপাম
তোহাৰি চৰণে ৰেণু শতকৌটি
বাৰেক কৰোহোঁ প্ৰণাম৷
অসমীয়া জাতিৰ হৃদয়ৰ স্পন্দন, জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা, পোন্ধৰ–ষোল্ল শতিকাত আধুনিক সভ্যতাৰ পোহৰ নোপোৱা তথা কুসংস্কাৰে আবৃত কৰি ৰখা ৰুগ্ন ভগ্ন জাতিটোক নতুনকৈ গঢ়ি ভাষা–সাহিত্য–সংস্কৃতিৰ ভঁৰাল সমূদ্ধ কৰি থৈ যোৱা, বৰ অসমৰ বুকুত বসবাস কৰা বৰ্ণাঢ্য জাতি–জনগোষ্ঠীসমূহৰ মাজত সমন্বয়ৰ সেঁতু গঢ়োতা, বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তনৰ জৰিয়তে জাতিটোৰ অন্তৰাত্মাত আধ্যাত্মিক চেতনাবোধ জগাই তোলা, উদাৰ অসমীয়াত্বৰ অভিকেন্দ্ৰ স্বৰূপ সত্ৰ–নামঘৰৰ পবিত্ৰ মজিয়াত সকলোৱে ঈশ্বৰৰ উপাসনাৰ জৰিয়তে মানৱৰ কল্যাণৰ লগতে মুক্তিৰ পথ সন্ধান কৰিবলৈ বাট দেখুৱাই থৈ যোৱা গুৰুজনাক আমি অসমীয়া জাতিয়ে অসমৰ চুকে–কোণে সত্ৰ নামঘৰত গোটেই ভাদ মাহটোত হৰিনামৰ অমিয়া মাধুৰীৰে আকাশ–বতাহ মুখৰিত কৰি তেৰাৰ চৰণত সেৱা জনাই জাতীয় হৃদয় উজাৰি তেখেতক স্মৰণ কৰো, ভক্তিৰ অঞ্জলিৰে কৰণি ভৰাই প্ৰণিপাত জনাওঁ৷
কিন্তু ঈশ্বৰৰ কি লীলা৷ জীৱনৰ প্ৰাতঃকালতেই শংকৰদেৱে পিতৃ–মাতৃ দুয়োকে হেৰুৱাব লগা হ’ল আৰু সেইবাবে আইতাক খেৰসুঁতিয়ে তেওঁক ডাঙৰ–দীঘল কৰিছিল৷ শিক্ষাগুৰু যশস্বী পণ্ডিত মহেন্দ্ৰ কন্দলিৰ টোলত জীৱনৰ আদিপাঠ শিকোতেই আকাৰ, ইকাৰ নোহোৱা এটা অতি তত্বগধুৰ কবিতা লিখিছিল–
‘‘কৰতল কমল কমল দল নয়ন
ভবদৰ দহন গহন বন শয়ন
নপৰ নপৰ পৰ সতৰত গময়
সভয় মভয় ভয় মমহৰ সততয়
……………………….’’৷
গুৰু মহেন্দ্ৰ কন্দলিয়ে শংকৰবৰক ভূয়সী প্ৰশংসা কৰিছিল আৰু তেখেতক দেৱ উপাধি প্ৰদান কৰিলে৷ দেউতাক মাকে জন্মতে দিয়া নাম আছিল শংকৰবৰ৷ শ্ৰীমন্ত শংকৰদেৱৰ পূৰ্বপুৰুষসকলৰ নামবোৰো বৰ ধৰ আদি ছন্দোবদ্ধ৷ চণ্ডীবৰ–ৰাজধৰ–সূৰ্যধৰ–কুসুম্বৰ–শংকৰবৰ৷ প্ৰতিজন মহান ব্যক্তিৰ জন্ম হৈছিল কোনোবা নিৰাকাৰ প্ৰভূক পূজা কৰি বৰ পোৱাৰ পিছত৷ অতি কম দিনৰ ভিতৰত শংকৰদেৱৰ জীৱনশৈলী সুশৃঙ্খলিত হৈ পৰিছিল আৰু চৈধ্যখন ব্যাকৰণ, চাৰিখন বেদ, ওঠৰখন পুৰাণ পঢ়ি তাৰ সাৰমৰ্ম আয়ত্ব কৰিবলৈ সক্ষম হৈছিল৷ ডেকাগিৰী শংকৰদেৱ সুশ্ৰী, কেঁচা সোণবৰণীয়া পুৰুষ আছিল, অনন্য সম্ভ্ৰান্ত ব্যক্তিসত্বা, বিশাল পাণ্ডিত্যৰ অধিকাৰী, পদুমৰ পাহি সদৃশ নয়নযুগল, গুৰু গম্ভীৰ পদসঞ্চালন,
সুগভীৰ প্ৰজ্ঞাৰত্নৰ অফুৰন্ত ভাণ্ডাৰ আৰু সেই কাৰণেই গুৰুজনাৰ একান্ত শিষ্য শ্ৰীশ্ৰীমাধৱদেবে গুৰু ভটিমাত উল্লেখ কৰিছে–
দৰশিত সুন্দৰ গৌৰ কলেৱৰ
যৈচন সুৰ পৰকাশ
সকল সভাসদ ৰঞ্জন যাকেৰি
দৰশনে পাপ বিনাশ৷
বঢ়াৰপো মাধৱদেৱে গুৰু ভটিমাত আৰু কৈছে–
ত্ৰিভূৱন বন্দন দৈৱকী নন্দন
যো হৰি মাৰল কংস
জগজন তাৰণ দেৱ নাৰায়ণ
শংকৰ তাকেৰি অংশ৷
চীন দেশৰ মাওলুঙৰ পৰা পশ্চিমৰ দিশে আহি স্বৰ্গদেউ চাউলুং চু–কা–ফাই হাজাৰ হাজাৰ সতীৰ্থক লগত লৈ ১২১৫ খ্ৰীঃৰ পৰা ১২২৮ খ্ৰীঃলৈকে ১৩ বছৰ যাত্ৰাৰ পৰিসমাপ্তি ঘটাই সৌমাৰখণ্ডৰ পূব দিশত পাটকাইৰ সেঁওতাইদি নামি আহি ছশ বছৰীয়া আহোম ৰাজশাসনৰ সোণালী ইতিহাসৰ পাতনি মেলাৰ এটা শতিকা অতিক্ৰম কৰাৰ পিছত ১৩২০ খ্ৰীঃত শ্ৰীমন্ত শংকৰদেৱৰ পূৰ্বপুৰুষ চণ্ডীবৰৰ নেতৃত্বত সাত ঘৰ কায়স্থ পৰিয়াল– চণ্ডীবৰ–শ্ৰীধৰ–হৰি শ্ৰীহৰি–শ্ৰীপতি–চিদানন্দ–সদানন্দ আৰু আন সাত ঘৰ ব্ৰাহ্মণ পৰিয়ালক লগত লৈ কনৌজৰ পৰা পূবলৈ গতি কৰি কিছু বছৰৰ পিছত গৌড় দেশত প্ৰৱেশ কৰি সেই দেশৰ ৰজা ধৰ্মনাৰায়ণৰ প্ৰিয়ভাজন হৈ সমশক্তি সম্পন্ন গৌড়ৰাজ আৰু কমতাৰাজৰ সন্ধি অনুসৰি ধৰ্মনাৰায়ণৰ পৰা দুৰ্লভ নাৰায়ণে তেওঁলোকক অতিথিৰ দৰে গ্ৰহণ কৰিলে আৰু পৰৱতীৰ্ কালত চণ্ডীবৰ আগবাঢ়ি আহি এদিন তেওঁলোকে বৰদোৱাত নিগাজিকৈ বসবাস কৰিবলৈ আৰম্ভ কৰিছিল আৰু আজি যি ঠাইক দ্বিতীয় বৈকুণ্ঠ বুলি সগৌৰৱে জাতিয়ে অভিহিত কৰে, য’ত হৰিনামৰ ৰসেৰে ভগৱৎ প্ৰেমামৃতৰ জুৰ মলয়া বলে, ভক্তিৰ দ্ৰৱন্তীৰ বক্ষস্থল উজ্জীৱিত কৰি বৰদোৱাক জগতৰ নয়নত দোলায়িত কৰালে সেই পূণ্যভূমি বৰদোৱাৰ আলিপুখুৰীত ১৯৪৯ চনত পিতৃ কুসুম্বৰৰ ঔৰসত আৰু স্বৰ্ণ প্ৰসৱিনী মাতৃ সত্যসন্ধাৰ পবিত্ৰ উদৰত ক্ষণজন্মা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল৷

শৈশৱ আৰু যুগ্মজীৱনৰ পাতনি শংকৰদেৱৰ বাবে আছিল এক বৰ্ণনাতীত দুৰ্বিহ পৰিবেদনাৰে ভৰা কাহিনী৷ শংকৰদেৱৰ প্ৰথম কন্যা হৰিপ্ৰিয়াক জন্ম দি ৰূপে–গুণে দেৱীস্বৰূপা অনিন্দিতা পত্নী সূৰ্যৱতীয়ে অকালতে অপ্ৰত্যাশিতভাৱে জীৱন নাটৰ পৰিসমাপ্তি ঘটাব লগা হোৱাত মনুষ্য জীৱনৰ আদিম পুৱাত পৰমপিতা পৰমেশ্বৰে ভাগ্যলিপি লিখনিত আঁকি দিয়া ৰেখাডালেৰে জীৱনৰ বাটত বাট বুলিবলৈ মন স্থিৰ কৰি শংকৰদেৱে ১৪৮১ খ্ৰীঃ (১৪০৩ শক)ত ৩২ বছৰ বয়সত শিক্ষাগুৰু মহেন্দ্ৰ কন্দলিকে প্ৰমুখ্য কৰি সোতৰজন ভকতক সঙ্গী কৰি ১৪ বছৰীয়া তীৰ্থভ্ৰমণ কৰে– পুৰী,
বাৰাণসী,
প্ৰয়াগ,
সীতাকুণ্ড,
কুৰুক্ষেত্ৰ আদি নানা পুণ্যঠাই ভ্ৰমণ কৰি ভক্তি ৰসৰ সমুদ্ৰত অৱগাহন কৰি গুৰুজনাই হৰিনামৰ অমৃত মন্থন কৰি তাৰ সৰগীয় অমিয়া মাধুৰী মানৱক পান কৰাই থৈ গ’ল৷ সেই সময়ত এবাৰ শংকৰদেৱে আশ্ৰম এখনত থাকোঁতে ১৪৮৯ চনৰ পহিলা জেঠত তেৰাৰ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ এজন সাৰস্বত যোগ্য উত্তৰসুৰীৰ আগমন ঘটিছিল এই ধৰালৈ গোবিন্দগিৰী আৰু সম্বন্ধীয় বায়েক মনোহাৰীৰ পুত্ৰৰূপে শ্ৰীশ্ৰী মাধৱদেৱৰ৷
অসমীয়া জাতিৰ আধ্যাত্মিক, সাংস্কৃতিক, সামাজিক ক্ষেত্ৰখনৰ ধমনী স্বৰূপ, জাতিৰ স্বাভিমানৰ ৰূপৰেখা, হৃদয়ৰ স্বৰ্ণিল স্তম্ভ, আধ্যাত্মিক ঐতিহ্যৰ চানেকি বহনকাৰী মৰতৰ ক্ষুদ্ৰ বৈকুণ্ঠ তথা জাতীয় জীৱন পৰিক্ৰমাৰ গৌৰৱোজ্জ্বল ইতিহাসেৰে সমৃদ্ধ পবিত্ৰ সত্ৰ, নামঘৰৰ প্ৰতিস্থাপক জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ ১৫২২ খ্ৰীঃত সাংস্কৃতিক প্ৰাণকেন্দ্ৰ সত্ৰনগৰী মাজুলীৰ ধুৱাহাট, বেলগুৰিত হোৱা ঐতিহাসিক মহামিলন অসমৰ নৱবৈষ্ণৱ ভক্তি আন্দোলনৰ ইতিহাসত এক যুগান্তকাৰী পৰিঘটনা৷ দুজনা মহামানৱৰ অপূৰ্ব মিলনক জাতিয়ে বিৰল মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰিলে আৰু এই যাউতিযুগীয়া সংযোগে অসমৰ পূণ্য ধৰাতল চিৰ উজ্জীৱিত কৰি তুলিলে অনাদি অনন্ত কাললৈ৷ তেওঁলোকৰ ঐক্যৱদ্ধ সবল নেতৃত্বত মণিকাঞ্চন সংযোগৰ পৰৱতীৰ্ কালত অসমৰ বুকুত এক শক্তিশালী ভক্তি আন্দোলন গঢ় লৈ উঠিল আৰু তাৰেই সুদুৰ প্ৰসাৰী প্ৰভাৱ জনগণৰ হৃদয়ে হৃদয়ে নিগাজিকৈ খোদিত হ’ল৷ আধ্যাত্মিক দৰ্শনপুষ্ট,
মহামানৱৰ উত্তৰসুৰী শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ সাংস্কৃতিক, আধ্যাত্মিক, ধাৰ্মিক দৰ্শন আৰু আদৰ্শৰে জাতিক উদ্বুদ্ধ কৰি থৈ যোৱা চিৰ প্ৰজ্বলিত দুগছি অক্ষয় সোণালী প্ৰদীপ৷
শ্ৰীমন্ত শংকৰদেৱে নামঘৰৰ মজিয়াত সকলোকে সমদৃষ্টি পোষণ কৰিছিল৷ গাৰোৰ গোবিন্দ, নগাৰ নৰোত্তম, মিকিৰৰ বলাই, মুছলমানৰ চান্দসাই, যৱনৰ জয়হৰি, আহোমৰ নৰহৰি, মিৰিৰ পৰমানন্দ,
কছাৰীৰ ৰমানন্দ, কৈৱৰ্তৰ পূৰ্ণানন্দ,
ভূটিয়াৰ জয়ানন্দ, ব্ৰাহ্মণৰ মহেন্দ্ৰ কন্দলিকে ধৰি সকলোকে নামঘৰত ভকতৰ শাৰীত ধনী–দুখীয়া, উচ্চ–নীচ জাতিকুলৰ ভেদাভেদ পৰিহাৰ কৰি সমান স্থান দিছিল৷
তেওঁ লিখা এই কথাখিনিয়ে সেই কথা স্পষ্ট কৰে–
কিৰাত কছাৰী খাছি গাৰো মিৰি
যৱন কংক গোৱাল৷
অসম মুলুক ৰজক তুৰুক
কুবাচ ম্লেছ চণ্ডাল৷৷
আনো যত নৰ কৃষ্ণ সেৱকৰ
সংগতে পবিত্ৰ হয়৷
ভকতি লভিয়া সংসাৰ তৰিয়া
বৈকুণ্ঠে সুখে চলয়৷৷
তাৰোপৰি গুৰুজনাৰ কীৰ্তন ঘোষাত থকা এষাৰ কথাই বৈষ্ণৱ ধৰ্মৰ সমদশীৰ্ মহত্ব প্ৰতিপন্ন কৰে–
কুকুৰ শৃগাল গদৰ্ভৰো আত্মা ৰাম৷ জানিয়া সৱাকো কৰিবা প্ৰণাম৷
অসমীয়া জাতিলৈ শংকৰদেৱৰ সৰ্বোত্তম উপহাৰ আৰু একক অৱদান হৈছে গুৰুজনাৰ বৈপ্লৱিক সপোনৰ চানেকি, সমাজৰ দাপোণ স্বৰূপ তথা জাতীয় বৈভৱ আৰু গৰিমা, অসমী আইৰ উদাৰতা – চিন্তা চেতনাৰ পৰি২৬ন্নতা প্ৰতিফলন ঘটা, সমজুৱাভাৱে প্ৰভু ভগৱন্তক উপাসনা কৰাৰ কেন্দ্ৰস্থলৰূপে পৰিগণিত হোৱা লোক সংস্কৃতিৰ অনুপম সম্ভাৰেৰে সমৃদ্ধ সত্ৰ, নামঘৰ সমূহ যাৰ বুকুত অনুৰণিত হয় বৰ অসমৰ কৃষ্টিৰ বৰ্ণাঢ্য অত্যুজ্জ্বল ৰূপটো৷ এই ভক্তিপীঠ সমূহ হৈছে এক উন্মুক্ত পদূলি, যি কঢ়িয়াই আনিব পাৰে সামাজিক বৈভৱ, শৈল্পিক জীৱনবোধ, সম্প্ৰীতিৰ মাধুৰী, গতিশীল চেতনাবোধ আৰু মানৱীয় প্ৰমূল্যবোধেৰে উজ্জীৱিত এক সুস্থ ঐশ্বৰ্যশীল সামাজিক বাতাবৰণ৷
শিক্ষা, সংস্কৃতি, পৰিৱৰ্তনশীল যুগ আৰু সভ্যতাৰ উত্তৰণৰ আলোক নোপোৱা, কুসংস্কাৰ–জাতিভেদ– বৰ্ণ বৈষম্যৰ কাল এন্ধাৰে গ্ৰাস কৰি থকা যুগত ৰুগ্ন–ভগ্ন মধ্যযুগৰ অসমীয়া সমাজখনক পুনৰ প্ৰতিষ্ঠা কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ হ’ল আৰু কৃষ্ণ সংস্কৃতিৰ বিপ্লৱৰ সূচনাৰে কৃষ্ণকেই শ্ৰেষ্ঠত্ব প্ৰদান কৰি সেই সময়ত প্ৰচলিত বিভিন্ন মূৰ্তি পূজাৰ সমান্তৰালভাৱে তাহানি যুগতেই ধৰ্মনিৰপেক্ষতাৰ আধাৰত দূৰদৰ্শী দৃষ্টিভঙ্গীৰে সুকীয়া নৱবৈষ্ণৱবাদৰ চোতাল এখন চিকুণাই নিৰাকাৰ ভগৱন্তক উপাসনাৰ বাবে কৃষ্ণকেন্দ্ৰিক বাতাবৰণৰ জৰিয়তে নামঘৰ প্ৰতিষ্ঠাৰ চিন্তাধাৰাক আগুৱাই নিছিল আৰু সকলো শ্ৰেণীৰ লোকৰ বাবে ১৫০৯ খ্ৰীঃত নগাঁৱৰ বটদ্ৰবাত, পিছলৈ মৰমৰ বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰ হোৱা মুছলমান ধৰ্মাৱলম্বীৰ চান্দসাইৰ কৰকমলেৰে নামঘৰৰ লাইখুঁটা স্থাপন কৰিলে৷ সেই নামঘৰৰ মজিয়াত গুৰুজনাৰ আহ্বানক্ৰমে সমাজৰ বিভিন্নজনে আহি একশৰণ হৰিনাম ধৰ্ম গ্ৰহণ কৰি মহাপুৰুষীয়া সমাজ এখন গঢ়িলে৷ সকলোকে সমমৰ্যাদা দি ঐক্য–সংহতি সমন্বয়মুখী চিন্তা চেতনাৰে অভূতপূৰ্ব মানৱপ্ৰেমী মহাজাগৰণ আৰু অনন্য মহামিলনৰ দোলেৰে গাঁথি দুনাই জাতিটোক নিকটকটীয়াকৈ বান্ধি সাংস্কৃতিক উজ্জীৱনৰ ভক্তি আন্দোলনৰ মাধ্যমেৰে এখন ঊমৈহতীয়া সাম্যবাদী অসমীয়া সমাজৰ পাতনি মেলিলে৷ ভাদ মাহৰ হৰিনামৰ ধবনিয়ে আধ্যাত্মিক সংস্কৃতিৰ হিমালয় সমগিৰি বৰপেৰাত তুলনাবিহীন ঔজ্জ্বল্য প্ৰদান কৰে৷
তেৰাৰ ধৰ্মত, চিন্তা চেতনাত, কৰ্মত সমানতা প্ৰাধান্য দিছিল৷ তেখেতে কৈ গৈছে–
লাহি ভকতিতে জাতি অজাতি বিচাৰ
হৰি ভকতিতে সমস্তৰে অধিকাৰ৷
কৈৱৰ্ত কলিতা কোঁচ ব্ৰাহ্মণ সমস্ত
একেলগে খাই দুধ কল চিৰা যত
সমস্তৰে একে আত্মা মানয় মনত
সেহিজন জানিবাহা উত্তম ভকত৷
শংকৰ–মাধৱ দুয়োজনা গুৰুৱে যথাক্ৰমে সৃষ্টি কৰা নাম–কীৰ্ত্তন– দশম– বৰগীত আৰু ভক্তি ৰত্নাৱলী–
নামঘোষা–
বৰগীত অসমৰ অমূল্য সম্পদৰাজি৷ কীৰ্ত্তন–নামঘোষা দুয়োখনেই অসমীয়া জাতিৰ বাবে অপূৰ্ণ প্ৰজ্ঞানময় যাত্ৰাৰ পূৰ্ণ অভিধান, নৱমাত্ৰা প্ৰদানকাৰী অভিনৱ পৰিপূৰক আৰু অসমীয়া ভাষা–ধৰ্ম–সাহিত্যৰ শ্ৰেষ্ঠ গ্ৰন্থৰূপে আত্মপৰিচয় দিছে জগতত৷

নামত ভকতে গায়–
ভাগৱতৰ ভৱনদী দশম কীৰ্ত্তন নৌকা
নামঘোষা নাৱৰীয়া ৰত্নাৱলী বঠা৷
হৰিনামৰ ধবনিয়ে জাতিৰ প্ৰাণ উজ্জীৱিত কৰে, আধ্যাত্মিক উদ্দীপনা সঞ্চাৰ কৰে, সঞ্জীৱনী শক্তি দিয়ে, ভক্তিভাবৰ জোৱাৰ আনে৷ আইনামৰ অমিয়া গুঞ্জনে, দশম কীৰ্ত্তন ভাগৱত পাঠৰ ভক্তিৰসৰ সুৰৰ ঝংকাৰে, লোকসংস্কৃতিৰ দেৱবাদ্য সমূহ আৰু নাট ভাওনাৰ আখৰাই ভক্তপ্ৰাণ ৰাইজৰ বুকুত আধ্যাত্মিক অনুৰণনৰ প্লাৱন আনে৷ ধৰ্ম সংস্কৃতিৰ আধাৰত সত্ৰ নামঘৰত নৈতিক আদৰ্শ আৰু মানৱীয় সত্তাৰ উত্তৰণ ঘটে৷
হৰিনাম ৰসে বৈকুণ্ঠ প্ৰকাশে
প্ৰেম অমৃতৰ নদী
শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে
বঢ়ে ব্ৰহ্মাণ্ডক ভেদি৷
আকৌ কৈছে–
শংকৰদেৱে দি গ’ল নামৰ মালা
মাধৱদেৱে দি গ’ল ভকতি ধাৰা৷
ভকতিৰ ৰস বান্ধৈ নাম হৰি নাম
ভকতৰ সঙ্গত বহি লোৱা হৰি নাম৷
ভাদৰ দিবা নৈশ একাকাৰ কৰি জাতিয়ে যেন তাকেই কৰিছে৷ হৰিনামৰ মায়াময় বান্ধোনেৰে সকলোকে বান্ধি মানৱৰ হৃদয় আধ্যাত্মিক ৰসেৰে জীপাল কৰি তুলিছে৷
জাতিৰ প্ৰাণৰ স্পন্দন, নয়নৰ মধ্যমণি, কলা কৃষ্টিৰ বাটকটীয়া শ্ৰীমন্ত শংকৰদেৱে জাতিক দি যোৱা অন্যতম অনবদ্য অৱদান হ’ল নাট ভাওনা৷ গুৰুজনাৰ উদ্ভাৱিত অংকীয়া নাট ভাওনা সাহিত্যৰ সুউচ্চ হিমালয় শিখৰত গৰিমাৰ অনলোজ্জ্বল কিৰিটি স্তম্ভ হৈ উজলি আছে৷ অংকীয়া নাট ভাওনা হৈছে বৈষ্ণৱ ধৰ্মৰ আদৰ্শ, আধ্যাত্মিক চেতনা বিস্তাৰৰ উৎকৃষ্ট গণ মাধ্যম আৰু ভাওনাৰ সৈতে প্ৰতিজন অসমীয়াৰ অন্তৰাত্মাৰ নিবিড়তা আছে৷ ভাওনা সমগ্ৰ ভাৰতৰ ভিতৰতে প্ৰথমখন চাক্ষুষ নাট্যাভিনয় বুলিব পাৰি৷
অংকীয়া নাট ভাওনাৰ মূল নায়ক হৈছে সূত্ৰধাৰ আৰু মৃদং খোল–তালত গায়ন–বায়নৰ যাদুকৰী হাতৰ আঙুলিৰ বুলনিত জী উঠা বাদ্যধবনিয়ে ভাওনাৰ সমাৱেশক উজ্জ্বল কৰে৷ গায়ন বায়নে ন–ধেমালি, বৰ–ধেমালি, সৰু–ধেমালি, ৰাগ ধেমালি, নাট ধেমালি, দেৱ ধেমালি আৰু ঘোষা ধেমালি কৰি প্ৰভুক ভক্তিৰ বন্দনা কৰে আৰু লগে লগে জোৰ উঠে৷ ভাৱৰীয়াৰ সংলাপ, চৰিত্ৰৰ আৱেগ– অনুভূতিয়ে প্ৰেক্ষাভূমি প্ৰাণৱন্ত কৰি ভাওনাপ্ৰেমী দৰ্শকৰ মন–প্ৰাণ উদ্বেলিত কৰাৰ লগতে মনোৰঞ্জনৰ মৌ বৰষায়৷
ভাওনা এখন সফলভাৱে মঞ্চস্থ কৰিবলৈ মধ্যযুগত বিজুলী বাতি আৱিস্কাৰ নোহোৱা যুগতো অগ্নিগড়
– নববিধা ভক্তিৰ প্ৰতীক, ভোটা,
ম’তা বা মহতা আৰু শ্ৰৱণ–কীৰ্তনৰ প্ৰতীক আৰিয়া প্ৰজ্বলনৰ দ্বাৰা চমকপ্ৰদ আলোক ব্যৱস্থাপনাৰ যোগেদি একেলগে দহহেজাৰ লোকে নাট ভাওনা চাব পাৰিছিল৷ দিন–ৰাতিৰ মাজত প্ৰভেদ নোহোৱা হৈছিল৷ মহাপুৰুষজনাই দাইনা সাত আঙুল আৰু বেঁৱা তেৰ আঙুল জোখৰ খোল চোৱালে৷ কোৰোলা বাঢ়ৈৰ হতুৱাই, বৰবায়ন হৈ নিজে খোল শিকালে, হৈ নাচ শিকালে, ভাৱৰীয়াক অভিনয় কৰিবলৈ শিকালে৷ হেঙুল–হাইতাৰ ৰঙেৰে সমস্ত বৈকুণ্ঠ আঁকিলে৷ গুৰুজনাৰ প্ৰস্তুতিক এনেদৰে ব্যাখ্যা কৰিছে–
হেঙুল–হাইতাল যেতিক্ষণে আনিলন্ত
যতু কৰি পটে বৈকুণ্ঠ লিখিলন্ত৷
এহিমতে পটে যেবে নাট লিখিলন্ত
নতুৱা শিকায়া তেবে সঙ্গী কৰিলন্ত৷
বৰ ধেমালি সৰু ধেমালিক বাইলা
নাট ধেমালি বাই লোকক তুষিলা৷
পাছে ধৰিলন্ত দেৱ বৰ ধেমালিত গই
আগে পাচে ন গোটী কোল আছা লই৷
ৰাম ৰাম গুৰু পাচে সুত্ৰ চিয়াইলন্ত
অঙ্গি ভঙ্গি কৰি শংকৰে নাচন্ত৷
শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম সৃষ্টি আছিল ‘‘চিহ্নযাত্ৰা’, য’ত কোনো সংলাপ নাছিল কেৱল শাৰীৰিক অঙ্গ সঞ্চালনৰ জৰিয়তে দৰ্শকক মুগ্ধ কৰিছিল৷ মহাপুৰুষজনাৰ লেখত ল’বলগীয়া নাট সমূহ হ’ল– পত্নীপ্ৰসাদ, কালিয় দমন,
কেলিগোপাল,
ৰুক্মিণীহৰণ,
পাৰিজাতহৰণ আৰু ৰামবিজয়৷ কাব্যসৃষ্টিৰ ভিতৰত অজামিল উপাখ্যান,
গজেন্দ্ৰ উপাখ্যান, ৰুক্মিণীহৰণ কাব্য, বলিছলন কাব্য, অমৃত মন্থন আদি৷ ভক্তি প্ৰদীপ, অনাদি পাতন, ভক্তি ৰত্নাকৰ, নিমি–নৱ–সিদ্ধি–সংবাদ আদি ভক্তিূমূলক গ্ৰন্থ৷
জীৱনৰ শেষৰফালে দ্বিতীয়বাৰ তীৰ্থ ভ্ৰমণ কৰি আহি কোঁচ ৰজা নৰনাৰায়ণৰ বিনম্ৰ আহ্বানত শ্ৰীকৃষ্ণৰ লীলা প্ৰতিফলিত কৰি শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ উমৈহতীয়া প্ৰযত্নত বৰপেটাত জাতিৰ গৌৰৱ বৃন্দাবনী বস্ত্ৰ বৈ উলিয়াইছিল৷ দুয়োজনা গুৰু চিৰদিন জাতীয় জীৱনৰ বক্ষস্থলত চিৰ উজ্জীৱিত হৈ থাকিব৷ কবি যতীন্দ্ৰ নাথ দুৱৰাদেৱে এনে মহাপুৰুষৰ জীৱনী লিখাটো অসাধ্য কাম বুলি কৈছে তেওঁৰ কবিতাত–
কোন দূৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি
তৱ পূণ্য কিৰণেৰে কৰিলা পৱিত্ৰ ভূমি
নিৰজে বজাই বীণ কোন কবি কাননত
স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত
——–
তোমাৰ জীৱনী দেৱ৷ লিখে এনে সাধা কাৰ
গোটেই অসম ভূমিত বিস্তৃত জীৱনী যাৰ
অসমীয়া জাতিৰ হৃদয়ৰ বেদীত, মনৰ সাঁচিপাতত গুৰুজনা অজৰ–অমৰ হৈ ৰ’ব, আদৰ্শ আৰু অনুপ্ৰেৰণাৰ নিৰ্মল উৎস হৈ ৰ’ব৷ পূৱৰ নীল আকাশত উদিত অৰুণৰ সপ্তবৰ্ণ ৰঞ্জিত সোণালী আভা হৈ প্ৰতি নৱ প্ৰভাতত জাতিটোক উদ্ভাসি তোলক, ৰূপহী অসমৰ জোনাৰী বাটেৰে আমাক আগুৱাই যাবলৈ দূৰ–দিগন্তৰ পৰা আশিস যাচক৷ দুয়োজনা মহাপুৰুষৰ পৱিত্ৰ শ্ৰীচৰণত সেৱা জনাইছোঁ৷