ডিপ্ৰেছন বা হতাশা – সজাগতা, প্ৰতিৰোধ আৰু নিৰাময় (ডঃ নৱনীতা দাস) – Purbodix.com

ডিপ্ৰেছন বা হতাশা – সজাগতা, প্ৰতিৰোধ আৰু নিৰাময় (ডঃ নৱনীতা দাস)

হতাশা বা ডিপ্ৰেছন (Depression) এবিধ মানসিক ব্যাধি৷ এই ৰোগত ভুগিলে ৰোগীৰ মনত অত্যন্ত দুঃখ বা হতাশা ভাবৰ সৃষ্টি হয়, সচৰাচৰ কৰি ভাল পোৱা কামৰ প্ৰতি আগ্ৰহ কমি যায় আৰু একেবাৰে চৰম পৰ্যায়ত আত্মহননৰ চিন্তা পৰ্যন্ত মনলৈ আহে৷ সৌভাগ্যক্ৰমে, এই ৰোগ ধৰা পেলাব পাৰি আৰু লগতে চিকিৎসা তথা অন্য উপায়েৰে ইয়াৰ পৰা উপশমো লাভ কৰিব পাৰি৷

ডিপ্ৰেছন সমগ্ৰ বিশ্বজুৰি এক ভয়াৱহ সমস্যাৰূপে দেখা দিছে আৰু এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমাৎ বাঢ়িবলৈ ধৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থা ( WHO) সমীক্ষা অনুযায়ী প্ৰতিবছৰে প্ৰায় লাখ লোকে ডিপ্ৰেছনৰ বাবে আত্মহত্যা কৰে৷ ১৫২৯ বছৰ বয়সৰ যুৱকযুৱতীৰ মৃত্যুৰ দ্বিতীয় প্ৰধান কাৰণ হৈছে আত্মহত্যা৷ এক অতি ভয়াৱহ তথ্য৷ আমাৰ দেশত প্ৰায় ১৫.১ণ  লোক এই ৰোগৰ চিকাৰ হয়৷

এইখিনিতে উল্লেখযোগ্য যে, ভিড১৯ অতিমাৰীৰ সময়ত মানসিক ৰোগ তথা ডিপ্ৰেছনৰ মাত্ৰা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ ইয়াৰ কাৰণ পৰোক্ষ যদিও সহজে বোধগম্য৷ ৰোগত আক্ৰান্ত হোৱা, ভাইৰাছ সংক্ৰমণৰ ভয়, আত্মীয় লোকৰ অকাল বিয়োগ, বেপাৰবাণিজ্যত প্ৰচুৰ ক্ষতি, জীৱিকাহীনতা অথবা নিবনুৱা অৱস্থা আৰু সামাজিক ব্যৱস্থাত আকস্মিক আৰু অভাৱনীয় পৰিৱৰ্তন আদিয়ে মানসিক স্বাস্থ্য হানি কৰাত অৱদান যোগাইছে৷

ডিপ্ৰেছনৰ কাৰণসমূহ

আধুনিক যুগত সকলো বয়সৰ লোকে বিভিন্ন কাৰণত সৃষ্টি হোৱা মানসিক চাপৰ ( stress) সন্মুখীন হয়৷ আৰু এই মানসিক চাপক সঠিকভাৱে পৰিচালনা কৰিব নোৱাৰাটো ডিপ্ৰেছনৰ প্ৰধান কাৰণ৷ তাৰ উপৰি বংশগত কাৰণ, মগজুৰ গাথনিৰ সালসলনি, মগজুৰ ৰাসায়নিক ভাৰসাম্যৰ পৰিৱৰ্তন, জটিল আৰু দীৰ্ঘদিনীয়া শাৰীৰিক ৰোগ (যেনে কৰ্কট ৰোগ), সুষম আহাৰ তথা ব্যয়ামৰ অভাৱ আৰু কিছুমান দৰৱৰ পাৰ্«ক্ৰিয়াৰ বাবে ডিপ্ৰেছন পাৰে৷

মানসিক চাপৰ উৎসমূহ বিভিন্ন ধৰণৰ পাৰে৷ উদাহৰণস্বৰূপেসামজিক কাৰণ, ব্যক্তিগত আৰু কৰ্মজীৱনৰ সমস্যা, প্ৰিয়জনৰ মৃত্যু অথবা বিচ্ছেদ আৰু আৰ্থিক সমস্যা ইত্যাদি৷ অত্যাধিক পঢ়াশুনাৰ হেঁচা, প্ৰতিযোগিতা, অন্য শিশুৰ লগত তুলনা কৰা আৰু শাৰীৰিক বা মানসিক নিৰ্যাতন শিশুসকলৰ বাবে ডিপ্ৰেছনৰ কাৰণ পাৰে৷

ডিপ্ৰেছনৰ লক্ষণসমূহ

প্ৰাপ্তবয়স্ক পুৰুষ, মহিলা আৰু বৰ্তমানে শিশু তথা কিশোৰকিশোৰীসকল এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়৷ ভয়, শংকা, চিন্তা আৰু কিছুপৰিমাণৰ মানসিক চাপ জীৱনৰ ঘাতপ্ৰতিঘাত, অনি(য়তা বা আগন্তুক সংকটজনক পৰিস্থিতিৰ প্ৰতি মানৱজাতিৰ স্বাভাৱিক প্ৰতিক্ৰিয়া৷ বিভিন্ন অনুভুতিৰ সন্তুলিত মিশ্ৰণে আমাক ‘‘মানুহ’’ কৰে৷ দৈনন্দিন জীৱনৰ প্ৰতিকূল পৰিস্থিতিত সৃষ্টি হোৱা মনৰ দুঃখভাৱ সময়ৰ লগত আঁতৰি যায়৷ কিন্তু, ডিপ্ৰেছন এনেবোৰ মন বেয়া লগা মানসিক অৱস্থাতকৈ পৃথক৷ মনৰ ঋণাত্মক অনুভূতি যেতিয়া অত্যাধিক, অস্বাভাৱিক আৰু দীৰ্ঘদিনীয়া হয়, তেতিয়া সেইয়া ডিপ্ৰেছনৰ লক্ষণ পাৰে৷ তলত চমুকৈ ডিপ্ৰেছনৰ কিছুমান লক্ষণ উল্লেখ কৰা

vঅত্যাধিক খং বা খিংখিঙীয়া স্বভাৱ

vঅনিয়মীয়া টোপনি বা নিদ্ৰাহীনতা

vকামৰ প্ৰতি ৰুচিৰ অভাৱ

vআগতে কৰি ভাল পোৱা কাম ভাল নলগা হোৱা

vএকেবাৰে ভোক নলগা বা অত্যাধিক ভোক লগা

vসঘনাই দুঃখ লগা, ভাগৰ লগা আৰু অপ্ৰয়োজনত দোষী মনোভাৱ

vমনোযোগ দিয়াত অসুবিধা

vচৰম পৰ্যায়ত আত্মহত্যাৰ চেষ্টা

vশাৰীৰিক সম্পৰ্কৰ প্ৰতি উদাসীনতা

আহাৰ আৰু ডিপ্ৰেছনৰ সম্পৰ্ক

আমি সকলোৱে জানো যে সুস্থ শৰীৰৰ বাবে এটি সুস্থ মন অতি গুৰুত্বপূৰ্ণ৷ আৰু সেয়েহে মন আৰু দেহ দুয়োৰে বাবে সুষম আহাৰ অতি প্ৰয়োজনীয়৷ বিভিন্ন গৱেষণাৰ জৰিয়তে দেখা গৈছে যে নিৰামিষ ভোজন মানসিক স্বাস্থ্যৰ বাবে উত্তম৷ সেউজীয়া শাকপাচলি, ফলমূল আৰু বীজ জাতীয় (seeds)খাদ্যই আমাৰ মনৰ ওপৰত সুপ্ৰভাৱ পেলায়৷ আনহাতে মাছমাংস, কণী ইত্যাদিত থকা আৰ্কিডনিক এচিডে (Archidonic acid) মগজুত ৰাসায়নিক প্ৰভাৱ পেলাই ডিপ্ৰেছন বা অন্যান্য মানসিক ৰোগৰ সৃষ্টি কৰিব পাৰে৷ তাৰ বিপৰীতে শাকপাচলি আৰু ফলমূলে আমাৰ মগজুত চেৰটনিন ( Serotonin) নামৰ ৰাসায়নিক পদাৰ্থবিধৰ মাত্ৰা বঢ়াই মগজুৰ ভাৰসাম্য ৰক্ষা কৰে আৰু আমাক ডিপ্ৰেছন হোৱাৰ পৰা যথেষ্ট পৰিমাণে ৰক্ষা কৰে৷ ইয়াৰ উপৰিও কফি আৰু কেশৰৰ (saffron) ব্যৱহাৰে যথেষ্ট সুফল দিয়া দেখা গৈছে৷

কৃত্ৰিম মিঠা দ্ৰৱ্য এছপাৰটেম (Aspartame)

আজিকালি আমি ঘৰৰ সুষম আহাৰৰ পৰিৱৰ্তে বজাৰত পোৱা কেতবোৰ কৃত্ৰিম খাদ্যৰ প্ৰতি আকৰ্ষিত হৈছো৷ এইবোৰৰ নিয়মীয়া ভক্ষণে আমাৰ শৰীৰ আৰু মন দুয়োৰে ক্ষতি কৰে৷ এছপাৰটেম (aspartame) নামৰ এবিধ কৃত্ৰিম মিঠা দ্ৰৱ্য (artificial sweetner) আমি আজিকালি খোৱা বিভিন্ন বস্তুত ব্যৱহাৰ হয়৷ চিকিৎসক আৰু বিজ্ঞানীসকলে গৱেষণা কৰি প্ৰমাণিত কৰিছে যে ইয়াৰ সেৱনে আমাৰ মানসিক স্বাস্থ্যৰ ক্ষতি কৰে৷ সেয়েহে ইয়াৰ প্ৰতি সজাগতা আৰু ইয়াৰ ভক্ষণ পাৰ্যমানে হ্ৰাস কৰাটো ডিপ্ৰেছনৰ বিৰুদ্ধে এটি দৰকাৰী পদক্ষেপ৷

যোগ, ব্যায়াম আৰু ধ্যান

সুষম আহাৰৰ লগতে নিয়মীয়া শাৰীৰিক ব্যায়াম বা যোগ অভ্যাস, মানসিক ৰোগৰ বাবে ব্যৱহাৰ কৰা দৰৱৰ সমকক্ষ আৰু সমানেই প্ৰভাৱশালী বুলি কেতবোৰ গৱেষণাত দেখা গৈছে৷ ঠিক তেনেদৰে দৈনিক ধ্যান (meditation) অভ্যাসে আমাৰ মন স্থিৰ আৰু শান্ত কৰি ৰখাত সহায় কৰে৷ ফলস্বৰূপে আমাৰ মগজুৱে জটিল পৰিস্থিতিৰ সন্মুখীন লে উপযুক্ত প্ৰতিক্ৰিয়া দেখুৱাবলৈ সক্ষম হৈ উঠে আৰু সেয়েহে মানসিক চাপ যথেষ্ট পৰিমাণে কমি আহে৷

চিকিৎসকৰ সহায় আৰু পৰামৰ্শঃ

বৰ্তমান ডিপ্ৰেছনৰ বাবে ফলপ্ৰসূ চিকিৎসাও উপলব্ধ৷ ইয়াৰ লক্ষণসমূহ পৰিলক্ষিত লে অভিজ্ঞ মনোৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো অতি জৰুৰী আৰু প্ৰয়োজন অনুসৰি দৰৱ, কাউন্সেলিং (counselling) বা অন্যান্য থেৰাপী (therapy) সহায়ত ইয়াক নিৰাময় কৰিব পাৰি৷

ডিপ্ৰেছনক আমি ব্যক্তিগত বেমাৰ বুলি নাভাবি, সামাজিক সমস্যা বুলি গণ্য কৰা উচিত৷ ডিপ্ৰেছনত ভোগা লোকক পৰিয়াল আৰু বন্ধুবান্ধৱ তথা সহকৰ্মীসকলৰ মৰম, সহায়, বুজাপৰা, উদাৰতা আৰু সহানুভূতিৰ প্ৰয়োজন৷ শিশুসকলৰ গঢ় লৈ থকা কুমলীয়া মনমগজুৰ প্ৰতি অভিভাৱক আৰু শিক্ষকসকল সংবেদনশীল হোৱা উচিত৷ সাধাৰণতে আমি শাৰীৰিক অসুস্থতাৰ বাবে ৰোগীক শুশ্ৰূষা কৰিবলৈ তৎপৰ হওঁ৷ কিন্তু মানসিক ৰোগৰ বাবে এতিয়াও সমাজত সজাগতাৰ অভাৱ৷ সেয়েহে, ডিপ্ৰেছনৰ দৰে বিভিন্ন মানসিক ৰোগত ভোগা ৰোগীয়ে সঠিক চিকিৎসা, সহায় আৰু সহানুভূতিৰ অভাৱত আত্মহত্যাৰ দৰে চৰম পন্থা অৱলম্বন কৰে৷ আহক, আমি সকলোৱে মিলি এই ৰোগক বুজিবলৈ আৰু ইয়াৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰি এখন মানসিক ৰোগমুক্ত সমাজ গঢ়ি তোলো৷

Leave a Reply

Your email address will not be published. Required fields are marked *