
বহুতে ভাবে বিশ্বব্ৰহ্মাণ্ড আপোনা আপুনি সৃষ্টি হোৱা নাই৷ কোনোবা এগৰাকী স্ৰষ্টা বা নিৰ্মাতা নি(য় আছে বুলি সৰ্বসাধাৰণ এচাম ভাৰতীয়ই ভাবে৷ সেইসকলে ভাবে, যিসকলে আদৃষ্ট, অদৃশ্য দৈনিক, ঐশ্বৰিক শক্তিত বিশ্বাস কৰে৷ এই বিশ্বাসৰ পৰম্পৰা সৃষ্টি হৈ পুৰুষানুক্ৰমে এচাম হিন্দুৰ মাজত ঈশ্বৰ, নাৰায়ণ ৰায়, কৃষ্ণ,
বিষ্ণু,
ব্ৰহ্মা,
মহেশ্বৰ তথা আন দেৱ–দেৱী, যেনে দুৰ্গা, লক্ষ্মী,
সৰস্বতী,
গণেশ,
বিশ্বকৰ্মা,
কালি,
শনি,
মনসা আদিৰ ঐশ্বৰিক তথা দৈনিক কাৰ্যকলাপ বিভিন্ন হিন্দু শাস্ত্ৰযোগে ধৰ্মভীৰু হিন্দু সৰ্বসাধাৰণৰ মাজত সেই দেৱ–দেৱী তথা ঈশ্বৰৰ নানা অৱতাৰ ৰাম, নাৰায়ণ, কৃষ্ণলৈ ভয়, ভক্তিৰ বিশ্বাস চলি আহিছে৷ ইয়াৰ সত্য অন্বেষণ, বিজ্ঞানসন্মত যুক্তিবাদৰ তুলাচনীত ইয়াৰ সত্যাসত্য নিৰূপণ কেতিয়া হ’ব কোনেও নাজানে৷ গতিকে ধৰ্মৰ নামত বিশ্বাস, ভক্তি, পৰম্পৰা এনেদৰে চলি থাকিব৷
এতিয়া যিহেতু হিন্দু শাস্ত্ৰমতে বিশ্বব্ৰহ্মাণ্ডৰ নিৰ্মাতা বিশ্বকৰ্মাৰ পূজা ভাদ মাহত আহিছে সেয়ে বিভিন্ন শাস্ত্ৰৰ আলমত বিশ্বকৰ্মাৰ বিষয়ে কিছু আভাস দি লৈছো৷ হিন্দু পুৰাণশাস্ত্ৰ মতে বিশ্বকৰ্মাক– ট্ট God of creation বুলি কোৱা হয়৷ তেওঁ আছিল বিশ্বব্ৰহ্মাণ্ডৰ স্থাপত্যবিদ৷ চাৰি যুগত তেওঁ বিভিন্ন স্থল আৰু সামগ্ৰী নিৰ্মাণ কৰিছিল৷ তেওঁ হৈছে ব্ৰহ্মাৰ সন্তান৷ তেওঁ দেৱ–দেৱীসকলৰ আবাসস্থল সমূহো হেনো নিৰ্মাণ কৰিছিল৷ বিশ্বকৰ্মাৰ হাত আছিল চাৰিখন৷ এক মুকুট পৰিধান কৰিছিল আৰু শৰীৰত নানা সোণৰ অলংকাৰ পৰিধান কৰিছিল৷ হাতত এক পানীৰ পাত্ৰ, গ্ৰন্থ আৰু নিৰ্মাণ সঁজুলি ৰাখিছিল৷
বিশ্বকৰ্মাক কমাৰ, সোণাৰী,
মিস্ত্ৰী আৰু আন যি যি যান্ত্ৰিক উপকৰণ আছে সামগ্ৰী নিৰ্মাণৰ সেই সকলোৰে দেৱতা বুলি কোৱা হয়৷ তেওঁক স্থাপত্যবেদ বা চতুৰ্থ উপবেদ আৰু ৬৪ টি কলাৰ দক্ষ দেৱতা আছিল বুলি কোৱা হয়৷
দেৱ–দেৱীসকলৰ উৰন্ত বাহনৰো তেওঁ নিৰ্মাতা আছিল লগতে তেওঁলোকে ব্যৱহাৰ কৰা ঐশ্বৰিক অস্ত্ৰ–শস্ত্ৰৰো গৰাকী আছিল৷ বিশ্বকৰ্মাই হেনো ইন্দ্ৰদেৱতাৰ বজ্ৰ অস্ত্ৰ ডিজাইন কৰিছিল৷ তাক নিৰ্মাণ কৰা হৈছিল ঋষি দধিছীৰ অস্থিৰ পৰা৷ ৰাৱনৰ ৰথ আৰু লংকাৰ সোণৰ নগৰী বিশ্বকৰ্মাই নিৰ্মাণ কৰা উল্লেখ আছে শাস্ত্ৰত৷ কৃষ্ণ আৰু বিষ্ণুৰ সুদৰ্শন চক্ৰও বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল৷ পাণ্ডৱসকলৰ বাবে ইন্দ্ৰপ্ৰস্থ নগৰ বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল৷ বিশ্বকৰ্মাই নগৰখনত পুখুৰীবোৰ এনেকৈ নিৰ্মাণ কৰিছিল যে পকা মজিয়া বুলি দৃষ্টি বিভ্ৰম ঘটাইছিল৷ যাৰ বাবে দুৰ্যোধন পুখুৰীত পৰি যাওতে দ্ৰৌপদীয়ে অন্ধৰ পুত্ৰ অন্ধ বুলি দুৰ্যোধনক ইতিকিং কৰিছিল৷ তাৰোপৰি কৃষ্ণৰ দ্বাৰকা নগৰী এৰাতিৰ ভিতৰতে বিশ্বকৰ্মাই হেনো নিৰ্মাণ কৰিছিল৷
বিশ্বকৰ্মাই সত্য যুগত স্বৰ্গ, ত্ৰেতা যুগত ৰাৱণৰ লংকা, দ্বাপৰ যুগত কৃষ্ণৰ দ্বাৰকা আৰু কলি যুগত ইন্দ্ৰপ্ৰস্থ নিৰ্মাণ কৰিছিল৷ উল্লেখ্য যে বিশ্বকৰ্মা পূজা ভাদমাহৰ শেষ দিনটোতে ইংৰাজী তাৰিখ ১৭ ছেপ্তেম্বৰতে উদ্যাপন কৰা হয়৷ কাৰণ বিশ্বকৰ্মাই ১৭ ছেপ্তেম্বৰত জন্মগ্ৰহণ কৰিছিল৷ তেওঁ হৈছে ব্ৰহ্মাৰ সপ্তমগৰাকী ধৰ্মপুত্ৰ৷ বিশ্বাসমতে বিশ্বকৰ্মাই দেৱতা আৰু অসুৰসকলে অমৃতৰ সন্ধানত কৰা সমুদ্ৰ মন্থনত জন্ম লাভ কৰিছিল৷ সূৰ্য্য দেৱতাই হেনো বিশ্বকৰ্মাৰ কন্যা সঞ্জনা ওৰফে সাৰণ্যক বিবাহ কৰাইছিল৷
কিন্তু বিশ্বকৰ্মা সম্পৰ্কে বিশ্বাস, পৰম্পৰা,
পূজা–পাৰ্বনৰ বিপৰীতে আমাৰ মনত প্ৰশ্ন জাগে পুৰাণ সভ্যতাত ইমান আগবঢ়া হিন্দু ৰাষ্ট্ৰ ভাৰতবৰ্ষত আজি সকলো বৈজ্ঞানিক উদ্ভাৱনত পিছ পৰি গ’ল কিয়? আজি সেই টেলিফোন, ডিনামাইট,
এৰোপ্লেন,
যান–বাহন,
ৰেডিঅ’,
টেলিভিশ্বন,
মোবাইল,
লেপটপ আদি অধিকাংশ যান্ত্ৰিক সঁজুলি পাশ্চাত্যত উদ্ভাৱন হৈ আছে কিয়? তেওঁলোকৰতো বিশ্বকৰ্মা নাই৷ বিশ্বকৰ্মা পূজা নাই? কেৱল আছে গড৷ গড’ৰ আৰাধনা৷ এই প্ৰশ্ন সুধী সমাজলৈ এৰিলো৷ আশা কৰো সদুত্তৰ তথা মতামত পাম৷