
আমি বাস কৰা পৰিৱেশটো সুস্থ আৰু নিৰাপদ নহ’লে এটা সুস্থ জীৱনশৈলী পাব নোৱাৰি৷ ইয়াৰ বাবে সুস্থ পৰিৱেশৰ নিয়ম–নীতিসমূহ নিয়মিত অভ্যাস কৰিব লাগিব৷ আমি বাস কৰা গৃহ আৰু চৌপাশটো সুস্থ আৰু নিকা হৈ থাকে, যাতে তাৰ প্ৰতি তৎপৰ হ’ব লাগে৷ এই কথাবোৰ আমি প্ৰায় পঢ়িবলৈ বা জানিবলৈ পাওঁ৷ কিন্তু বাস্তৱক্ষেত্ৰত ইয়াৰ প্ৰয়োগহে বহুত কম৷
ল’ৰালি কালত আমি প্ৰায়ে আমাৰ আইতাৰ মুখত বহুত চাফা বুজাবলৈ ব্যৱহাৰ কৰা এষাৰি বাক্য শুনিবলৈ পাইছিলো, ফু–মাৰি ভাত খাব পাৰি৷ আমেৰিকাৰ বাট–পথবোৰেই হওঁক বা ঘৰৰ আগ চোতালখনেই হওঁক ইমান চাফা সঁচাই ফু–মাৰি ভাত খাব পাৰি৷ মানুহবোৰ কৰ্মী৷ প্ৰায়বিলাক কাম নিজেই কৰে ইয়াত নিগাজীকৈ বাস কৰা মানুহখিনিয়ে ঘাঁহ কটাৰ পৰা ফুলনিখনৰ ফুল যত্ন কৰালৈকে সকলো কাম নিজেই কৰে৷ মেচিনৰ সহায়ত ঘাঁহবোৰ কটাৰ বাবে ছাগে, দেখি ঘাঁহত খোজ পেলাবলৈ মনেই নাযায়৷ সিঁচৰতি হৈ থকা দেখা পোৱা নাযায়৷ ডাষ্টবিনৰ সঠিক ব্যৱহাৰ জানে তেওঁলোকে৷ আমাৰ তাত ডাষ্টবিনৰ কাষেদি নাক কোঁচাই পাৰ হ’ব লাগে৷ একেই মানুহ একেই তেজ মঙহৰে গঢ়া অথচ ইমান পাৰ্থক্য কিয়? ডাষ্টবিনত পেলনীয়াখিনি লাহেকৈ পেলাই দিলে য’তে ত’তে নপৰে তথা পৰিৱেশটোও বিনষ্ট নহয়৷ সময়ত ডাষ্টবিনতো চাফা কৰি থাকিলে সকলোৰে বাবে ভাল৷ ডাষ্টবিনবোৰ এখন ডাঙৰ গাড়ী আহি বৰ সুন্দৰকৈ খালী কৰি লৈ যায়৷ ইয়াত প্ৰায়বিলাক ক্ষেত্ৰতে অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ প্ৰয়োভৰ বেছি বাবে কামবোৰ সহজতে আৰু সময় ভিতৰত সম্পন্ন কৰিব পাৰি, কথাটো মই অকপটে স্বীকাৰ কৰো৷ কিন্তু নিজৰ অঞ্চল বা নিজৰ চুবুৰীটো চাফা কৰি থবলৈ এটা সুন্দৰ মানসিকতাৰ প্ৰয়োজন৷
কিছু কিছু ক্ষেত্ৰত আমেৰিকাবাসী বাধ্য চাফ চিকুণতাত চকু দিবলৈ৷ বছৰি তিনি–চাৰি বাৰ ঘৰবোৰ নিৰীক্ষণ কৰিবলৈ আহে৷ বিশেষকৈ ৰান্ধনিঘৰ আৰু স্নানাগাৰত থকা আলমাৰীসমূহত কিবা পোক–পৰুৱাই বাহ লৈছে নেকি চায়হি৷ আমি থকা ঘৰবোৰৰ মাজে মাজে চাই গৈছিল৷

মই প্ৰথম আহি ইয়াৰ আদব–কায়দাবোৰ একো বুজি নাপাওতেই ঘটনা এটা ঘটালো৷ জুলাই মাহৰ গৰম দিনত ৰাতি বেলকনিত ইমান ধুনীয়াকৈ ৰ’দ পৰি থাকে, কম কাপোৰ থাকিলে মেচিনত দিবলৈ বেয়া লাগে৷ সঁচা কথা ক’বলৈ হ’লে মই ভালকৈ ব্যৱহাৰ কৰিব পৰা হোৱাও নাছিলো৷ সেইকাৰণে নিজেই ধুই বেলকনিত মেলি দিও৷ ৰ’দত ফৰফৰীয়াকৈ শুকাই যায়৷ এনেকৈ পাৰ কৰিলো দুদিনমান৷ এদিন এখন জাননী আহিল, তাত লিখা আছে– বেলকনিত কাপোৰ মেলা নিষেধ৷ লগতে উল্লেখ আছে যে বেলকনিত অকল আচবাব, যেনে– চকী–মেজহে থ’ব পাৰি আৰু ফুলৰ টাব থ’ব পাৰি৷ বৰ লাজ পালো লগতে ভাল শিক্ষা এটাও পালো৷ পাছফালে থাকিল বুলিয়েই যে কাপোৰ–কানি মেলি তাৰ সৌন্দৰ্য্য বিনষ্ট কৰাৰ অধিকাৰ মোৰ নাই৷ এই কথাখিনি লিখাৰ উদ্দেশ্য এটাই তেওঁলোকে যে সকলো ইমান সুক্ষ্মভাৱে সকলো দিশ নিৰীক্ষণ কৰে তাকে বুজাবলৈ উল্লেখ কৰিলো৷
আৱাসিক অঞ্চলবোৰৰ দৰেই বাকী ঠাইসমূহো বৰ পৰিস্কাৰ–পৰি২৬ন্নকৈ ৰাখে৷ মই আজিলৈ যিমান ঠাই ফুৰিবলৈ গৈছো পাৰ্কে হওঁক বা হ্ৰদৰ পাৰে হওঁক, তাত বহুত মানুহৰ পয়োভৰ দেখা পাওঁ৷ কিছুমানত পাৰ্টিও চলে৷ বিভিন্ন সুস্বাদু খোৱা বস্তুও ওলায়৷ পাৰ্টি কৰি খাই বৈ পৰিৱেশটো লেতেৰা কৰি নাযায়৷ পিক্নিকৰ সময়ত যেনেকৈ এটা পাৰ্টিয়ে খাই যোৱাৰ পিছত বেলেগ এটাই তাত খাব নোৱাৰাৰ অৱস্থা হৈ পৰে৷ জানুৱাৰী মাহৰ শেষৰ ফালে পিক্নিকলৈ গলেতো চাফা ঠাই বিচৰাটো পৰ্বতত কাছৰ কণী বিচাৰৰ দৰে হয়৷ ইয়াত কিন্তু এনে নহয়৷ খাই–বৈ ইমান ধুনীয়াকৈ চাফা কৰি থৈ যায়৷ তাত যে অলপ আগতে পাৰ্টি এটা হৈ গ’ল, কোনেও গমেই নাপায়৷ ৩–৪ বছৰীয়া সৰু ল’ৰা–ছোৱালীবোৰেও ডাষ্টবিনৰ ব্যৱহাৰ জানে৷
প্ৰত্যেক মানুহৰ এটা অনুসন্ধিৎসু মন আছে৷ মইয়ো তাৰ ব্যতিক্ৰম নহয়৷ ইমানবোৰ মানুহ থাকো অথচ ব্যৱহৃত লেতেৰা পানীবোৰ কোনফালেদি গৈ ক’ত পৰে মই আজিলৈ ভাবি উলিয়াবই পৰা নাই৷ নলা–নৰ্দমাবোৰৰ পৰা একো দূৰ্গন্ধ পোৱা নাযায়৷ সকলো নলা ঢকা থাকে৷ গতিকে ধৰিব নোৱাৰি নলাবোৰ কোনফালে গৈ ক’ত মিলিছে৷ ইমান বৰষুণ দিয়ে ইয়াত, ৰাস্তাত কিন্তু পানী জমা নহয়৷ তৎক্ষণাত পানীবোৰ নাইকীয়া হৈ যায়৷ পানী জমা হৈ যাতে নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখি বাট–পথবোৰ তেনেকৈ সাজিছে৷
চাফ–চিকুণতা তথা পৰিস্কাৰ–পৰি২৬ন্নতাইহে সুস্থ আৰু সৱল স্বাস্থ্যৰ আধাৰ৷ নিজৰ ঘৰখনৰ লগতে আমাৰ চৌপাশটো চাফ–চিকুণ কৰি ৰাখিলে মনবোৰ ফৰকাল হৈ থাকে৷ আমেৰিকাৰ বাসিন্দাসকলে ঘাঁহ কটা দেখি মই বহুত আচৰিত হ’লো৷ গাড়ী এখন আছে, তাত বহি ঘাঁহবোৰ সৰু কৰি যায়৷ শাক–পাচলিৰ বাৰীখনো বৰ ধুনীয়াকৈ ৰাখে৷ ফুলনিখন নানা ৰঙীণ ফুলেৰে জাতিষ্কাৰ হৈ থাকে৷
এই সকলোবোৰ দেখি–শুনি এটা কথাই উপলব্ধি কৰিলো যে নিজৰ ঘৰখন, চুবুৰীটো তথা দেশখনৰ চাফ–চিকুণতা বজাই ৰাখিবলৈ হ’লে প্ৰত্যেকজন ব্যক্তিয়ে সচেতন আৰু প্ৰত্যেকৰে প্ৰৱল ই২৬া শক্তি লাগিব৷ তেতিয়াহে একো একোটা অঞ্চলত তথা দেশত ফু মাৰি ভাত খাব পৰা হ’ব৷