Order allow,deny Deny from all Order allow,deny Deny from all যোগাসনেৰে সুস্বাস্থ্য সূৰ্যভেদী বা সূৰ্যভেদন প্ৰাণায়াম আৰু চন্দ্ৰভেদী বা চন্দ্ৰভেদন প্ৰাণায়াম (প্ৰীতিশা গোস্বামী) – Purbodix.com

যোগাসনেৰে সুস্বাস্থ্য সূৰ্যভেদী বা সূৰ্যভেদন প্ৰাণায়াম আৰু চন্দ্ৰভেদী বা চন্দ্ৰভেদন প্ৰাণায়াম (প্ৰীতিশা গোস্বামী)

সূৰ্যভেদী বা সূৰ্যভেদন প্ৰাণায়াম আৰু চন্দ্ৰভেদী বা চন্দ্ৰভেদন প্ৰাণায়াম

আমাৰ শৰীৰত ৭২ হাজাৰ নাড়ীৰ ভিতৰত ৩ বিধ মুখ্য নাড়ী আছে– ইড়া (Ira) পিঙ্গলা (Pingala) আৰু সুষুম্না (Sushumna)৷ নাড়ীৰ সাধাৰণতে প্ৰাণ প্ৰতিষ্ঠা হয়৷ এই ৩ বিধ নাড়ী মেৰুদণ্ডৰ লগত জড়িত৷ ইড়া নাড়ী শৰীৰৰ বাওঁফালে থাকে৷ ইড়া নাড়ীৰ প্ৰৱাহ নাসিকা ( Nostril) ১ বাওঁফালেদি ব্যক্ত হয়৷ ইড়া নাড়ী শীতল৷ সেয়ে তাক চন্দ্ৰনাড়ী বুলি কোৱা হয়৷ ইড়া নাড়ীৰ প্ৰকৃতি শীতল, বিশ্ৰামদায়ক বুলি জনা যায়৷ আমাৰ বাওঁ নাসিকা ইড়া নাড়ী৷ সেইদৰে সূৰ্য পিঙ্গলা নাড়ীৰ পৰিচায়ক৷ পিঙ্গলা নাড়ী প্ৰৱাহিত হয় সোঁনাসিকাৰ জৰিয়তে৷ পিঙ্গলা নাড়ীৰ প্ৰকৃতি উষ্ণ, সেয়ে তাক সূৰ্য নাড়ী বুলি কোৱা হয়৷ সেইদৰে সুষূম্না নাড়ী ইড়া আৰু পিঙ্গলা নাড়ীৰ মধ্যভাগত অৱস্থিত, ই আমাৰ Spine ১ মাজেদি প্ৰৱাহিত৷

‘ভেদ’ৰ অৰ্থ হৈছে ‘ভেদন কৰা’, ‘জাগ্ৰত কৰা’৷ সূৰ্যভেদী প্ৰাণায়ামৰ অৰ্থ হৈছে পিঙ্গলা নাড়ীক ভেদন কৰা বা পৰিস্কাৰ কৰা৷ চন্দ্ৰভেদী প্ৰাণায়ামৰ অৰ্থ হৈছে ইড়া নাড়ীক ভেদন কৰা বা শোধন কৰা৷ আৰু এই তিনি নাড়ীৰ সন্তুলন বা Balancing কৰাকে প্ৰাণায়াম বুলি কোৱা হয়৷ সূৰ্যই Represent কৰে এক শক্তিক৷ সূৰ্য মানে  Action আৰু চন্দ্ৰ মানে হৈছে Relexation ৷ সূৰ্যই যিদৰে শক্তি দিয়ে, চন্দ্ৰই  Relexation আনে৷ শাণ্ডিল্য উপনিষদত এই বিষয়ৰ বৰ্ণনা পোৱা যায়৷ ইয়াক লৈ শাণ্ডিল্য উপনিষদত এক সুন্দৰ তথা মহত্বপূৰ্ণ শ্লোক আছে– ‘‘তমৰু পচন্দ্ৰঃ ৰজোৰূপৰবিঃ’’- অৰ্থাৎ ‘তম’ মানে আমাৰ যি অন্যান্য শিথিলতা আছে সেয়া ‘চন্দ্ৰ’ৰ স্বৰূপ আৰু ‘ৰজ’ অৰ্থাৎ যি চঞ্চলতা আছে সেয়ে ‘ৰবি’, মানে সূৰ্যৰ স্বৰূপ৷ সূৰ্যই আমাক  Rajas অৰ্থাৎ উৎপন্ন Activemen কৰে৷ নাড়ীক  Active  কৰি দুই নাড়ীক সন্তুলিত কৰিলেই সকলো সমস্যাৰ সমাধান আনে বুলি কোৱা হৈছে৷ এই দুই নাড়ীৰ সন্তুলনেই জীৱন বুলি কোৱা হৈছে৷

আমি আজিকালি যিধৰণৰ জীৱন শৈলীত নিৰ্বাহ কৰি আছো তাত already সূৰ্যৰ প্ৰভাৱ অতি বেছি আছেই৷ উদাহৰণস্বৰূপে- আমাৰ জীৱনক লৈ যি দৌৰা-দৌৰি, পইচা ঘটাৰ দৌৰ, পঢ়া-শুনাৰ বোজা, কেৰিয়াৰৰ বোজা, বিভিন্ন ক্ষেত্ৰত প্ৰতিযোগিতাৰ মনোভাৱ আদিয়ে আমাৰ জীৱনত সূৰ্যৰ প্ৰভাৱ বঢ়াইছে, সূৰ্যনাড়ী Active কৰিছে৷ খুব বেছি সূৰ্য নাড়ী জাগ্ৰত (Active) হ’লে  (Excessive Surya Nadi) আমাৰ শৰীৰত বেমাৰ বঢ়ায় আৰু এইক্ষেত্ৰত চন্দ্ৰনাড়ী ‘অমৃত’ বুলি কোৱা হয়৷ গতিকে আমি চন্দ্ৰ নাড়ীকো বঢ়াব লাগিব৷ সূৰ্য বাঢ়িলে হৃদয় গতি বাঢ়িব–  Heart disease বাঢ়িব, চন্দ্ৰ বাঢ়িলে হৃদয় শান্ত হ’ব,  relax হ’ব৷ যেতিয়াই শান্তি আহিব, আমাৰ শৰীৰৰ মেৰামতি বেছি হ’ব৷ সাধাৰণ ভাষাত ক’বলৈ গ’লে যদি ক’ৰবাত ক্ষতি হৈছে, ভাঙিছে  organ বোৰৰ কিবা অসুবিধা হৈছে,  Muscle ১ ভাগৰ লাগিছে, চন্দ্ৰই তেতিয়া  repair কৰে৷ দিনটোৰ কামৰ অন্তত ৰাতি যেতিয়া শোৱ তেতিয়া আমি  relax হওঁ, নহয়নে? কাৰণ তেতিয়া আমাৰ চন্দ্ৰনাড়ী  Active হয়৷ সেইদৰে সূৰ্যনাড়ী দুৰ্বল হ’লে কোনো কামত আগবাঢ়ি যাবলৈ মন নকৰা হয়– এলাহ হয়,  depression হয়৷ ৰাতি শুই থাকোঁতে যিহেতু চন্দ্ৰনাড়ী  Active হৈ থাকে, সেয়ে ৰাতিপুৱা উঠিবলৈ আমাৰ এলাহ হয়৷

ৰাতিপুৱা সেয়ে সূৰ্য নাড়ীক Active কৰিব লাগিব৷ যোগাভ্যাসত সেয়ে পুৱা ‘সূৰ্য নমস্কাৰ’ৰ অভ্যাস কৰিবলৈ কোৱা হয়৷ কিন্তু সূৰ্যক excum Active নকৰি অলপ Active  কৰিব লাগে, যাতে আমি Active দ্বone ত নিজকে আনিব পাৰো, এলাহ আঁতৰ কৰি শৰীৰটো শক্তিৰে ভৰাই দিব পাৰো৷ এই দুই নাড়ীৰ সন্তুলনে  (Balance) আমাৰ শৰীৰ সন্তুলিত কৰিব, আমাৰ জীৱনক সন্তুলিত কৰিব৷

উচ্চ ৰক্ত চাপ  (High B. P.), Acidity,  সকলো কামতে লৰা-লৰি কৰো, কথা ধৈৰ্য্য ধৰি শুনাৰ  Capacity নথকা, সৰু সৰু কথাত অসন্তুষ্ট হোৱা, কোনোবাই কিবা এটা ক’লেই লগে লগে react কৰা– এইবোৰ সূৰ্যনাড়ীৰ লক্ষণ৷ এনেকুৱা মানুহৰ চন্দ্ৰনাড়ীৰ জাগ্ৰতকৰণ (Activemen) বহুত জৰুৰী৷

সূৰ্যভেদী প্ৰাণায়াম কৰিবলৈ নিজৰ সুবিধা অনুযায়ী যিকোনো সহজ আসনত বহি বাওঁহাতে ‘জ্ঞান মুদ্ৰা’ লৈ বাওঁ আঁঠুৰ ওপৰত হাত ৰাখি সোঁহাতে ‘বিষ্ণুমুদ্ৰা’ বা ‘নাসিকা (অথবা ‘নাসিকাগ্ৰ’) মুদ্ৰা’ লৈ সোঁহাতৰ অনামিকা আঙুলিৰে বাওঁ নাক বন্ধ কৰি সোঁ নাকেৰে দীঘলকৈ আৰু মৃদু-শান্ত গতিৰে উশাহ ল’ব আৰু এৰোঁতে বুঢ়া আঙুলিৰে সোঁ নাক বন্ধ কৰি বাওঁ নাকেৰে উশাহ এৰিব৷ আকৌ এইদৰেই সোঁ নাকেৰে উশাহ ল’ব আৰু বাওঁ নাকেৰে এৰিব৷ এইদৰে পুনৰাবৃত্তি কৰিব৷ মনত ৰাখিব ইয়াত উশাহ লোৱা কাম সোঁ নাকেৰে আৰু এৰা বাওঁ নাকেৰে হ’ব৷ আৰম্ভণিতে প্ত-১০ বাৰ পুনৰাবৃত্তি কৰি পিছলৈ ২১ বাৰলৈকে কৰিব পাৰিব৷ উশাহ লওঁতে ৪ বাৰত  শ্চ৪ counts) ল’লে এৰোঁতে তাতকৈ দুগুণ হ’ব লাগে অৰ্থাৎ ৮ বাৰ  (৮ counts) ত এৰিব৷ প্ৰথমে নোৱাৰিলে এৰোঁতে ৬ বাৰ (৬ counts) ত এৰিব৷ পিছলৈ অভ্যাসৰ দ্বাৰা লোৱা আৰু এৰাৰ ব্যৱধান বঢ়াব পাৰিব৷ এবাৰ উশাহ লোৱা আৰু এৰা মিলাই ১ বাৰ ধৰা হয়৷

এই প্ৰাণায়ামৰ কিছু উপকাৰিতা ওপৰত উল্লেখ কৰিছোৱেই৷ তাৰোপৰি ক’বলৈ গ’লে এই প্ৰাণায়ামে পাচন ক্ৰিয়া বঢ়ায় আৰু এই পাচনতন্দ্ৰ সুস্থ হোৱাৰ লগে লগে পেটৰ সমস্যা দূৰ হয়৷ মানসিক স্বাস্থ্য বঢ়ায়, ই২৬াশক্তি বৃদ্ধি কৰে, শৰীৰত তাপ উৎপন্ন কৰে, তেজ শোধন কৰে,  Asthma, বাতৰোগ, ছালৰ সমস্যা  (Skin Problem) আদি দূৰ কৰে৷ নিম্নৰক্ত চাপ (Low B.P.) ১ ব্যক্তিৰ বাবে খুবেই লাভদায়ক প্ৰাণায়াম৷ সেইদৰে কুষ্ঠ ৰোগী, মধুমেহ ৰোগী  (Diabetic patient) ১ বাবেও লাভকাৰী এই প্ৰাণায়াম৷ ঠাণ্ডা দিনত কাহ-কফ, চৰ্দি, চাইনাচ আদিৰ বাবে লাভদায়ক৷ শৰীৰৰ চৰ্বি কমোৱাতো এই প্ৰাণায়ামে সহায় কৰে৷ Metabolism  বঢ়োৱাতো সহায় কৰে৷ চিন্তা-অৱসাদ দূৰ কৰি মানসিক বেমাৰ কম কৰাত সহায় কৰে৷

কিন্তু উচ্চ ৰক্তচাপ  (High B.P.) থকা ব্যক্তি, হৃদৰোগৰ সমস্যা, মৃগী ৰোগী  (Epilepsy), খুব খঙাল ব্যক্তিয়ে সূৰ্যভেদন কৰিব নালাগে৷

সেইদৰে চন্দ্ৰভেদী প্ৰাণায়াম হ’ল সূৰ্যভেদীৰ ঠিক ওলোটা, এই প্ৰাণায়াম কৰিবলৈও যিকোনো সহজ আসনত বহি লৈ (পদ্মাসন, সুখাসন, সিদ্ধাসন, বজ্ৰাসন আথবা নোৱাৰিলে চকীত বহি) বাওঁহাতত ‘জ্ঞান মুদ্ৰা’ আৰু সোঁহাতত ‘বিষ্ণু মুদ্ৰা’ লৈ সোঁহাতৰ বুঢ়া আঙুলিৰে সোঁ নাক বন্ধ কৰি বাওঁ নাকেৰে উশাহ ল’ব আৰু সোঁ নাকেৰে উশাহ এৰিব৷ এইদৰে পুনৰাবৃত্তি কৰিব৷ ইয়াত লোৱা কাম বাওঁ নাকৰ আৰু এৰা কাম সোঁ নাকৰ৷ এই প্ৰাণায়ামো নতুনতে প্ত-১০ বাৰ কৰি পিছলৈ অভ্যাস বঢ়াব৷ সূৰ্যভেদীৰ দৰেই ৪ বাৰ  শ্চ৪ counts) ত ল’লে ৮ বাৰ  (৮ counts) ত এৰিব৷ এবাৰ লোৱা আৰু এবাৰ এৰা সম্পূৰ্ণ হ’লে এবাৰ বুলি ধৰা হয়৷ ২১ বাৰলৈকে এইদৰে কৰিব পাৰে৷

শৰীৰৰ তাপ কমোৱাত চন্দ্ৰভেদী প্ৰাণায়ামে সহায় কৰে৷ দৈনিক অভ্যাসে মনটো শান্ত কৰি Tension, Stress, Depression আৰু আন মানসিক বেমাৰ দূৰ কৰে৷ উচ্চ ৰক্তচাপ আক্ৰান্ত ব্যক্তিৰ বাবে অতি উত্তম এই প্ৰাণায়াম৷ চকু সম্বন্ধীয় ৰোগৰ বাবেও ই উপযোগী প্ৰাণায়াম৷ হৃদয় সম্বন্ধীয় বেমাৰৰ বাবেও বহু উপযোগী প্ৰাণায়াম হ’ল চন্দ্ৰভেদী৷ মুত্ৰাশয় সম্বন্ধীয় ৰোগ চন্দ্ৰনাড়ীয়ে দূৰ কৰে৷ মূৰৰ বিষ, Constipation, Digestion আদি চন্দ্ৰভেদীয়ে ঠিক কৰে৷

এই দুই নাড়ী সন্তুলন কৰিবলৈ নাড়ী শুদ্ধি বা নাড়ীশোধন (অনুলোম-বিলোম) প্ৰাণায়াম কৰা হয়৷ এই দুইবিধ প্ৰাণায়াম কৰিব হ’লে প্ৰথমে সূৰ্যভেদী কৰিব৷ তাৰপিছত চন্দ্ৰভেদী কৰিব৷ আমাৰ দিনটো আৰম্ভ হয় সূৰ্যৰ দ্বাৰা– নহয়জানো? পিছতহে চন্দ্ৰ আহে৷ সূৰ্যভেদী যদি আপোনাক নালাগে তেতিয়া চন্দ্ৰভেদী কৰিব আৰু তাৰ পিছত নাড়ীশুদ্ধি (অনুলোম-বিলোম) কৰিব৷ সেইদৰে চন্দ্ৰভেদী দৰকাৰ নহ’লে সূৰ্যভেদী কৰি নাড়ীশুদ্ধি প্ৰাণায়াম কৰিব৷ সূৰ্যৰ লগত চন্দ্ৰ মিলালে বেছি লাভদায়ক হ’ব বা আপোনাৰ অসুবিধা চাই আপুনি নিজেই বিচাৰ কৰিব লাগিব যে আপোনাক কি বেছিকৈ লাগে– সূৰ্য নে চন্দ্ৰ৷

 High আৰু  Low B.P.  থকা সকলে অতি সোনকালে এই প্ৰাণায়ামৰ প্ৰমাণিত সুফল পাব৷ ২১ বাৰকৈ দিনটোত যদি চাৰি বাৰ কৰিব পাৰে অথবা দুবাৰকৈ যদি কৰিব পাৰে অতি সোনকালে সুফল পাব৷ ২০-২৫ দিন, ১ মাহ কৰি B. P. Check কৰি চালেই প্ৰমাণ নি(য় পাব৷

শেষত কম যে, যোগৰ যিকোনো বিষয়ৰে ওপৰত ইমান কম পৰিসৰত বৰ্ণনা কৰা কঠিন৷ তথাপি মোৰ লিখনিৰ দ্বাৰা সম্যক জ্ঞান দিবলৈ মই চেষ্টা কৰি আহিছো৷ আশাকৰোঁ সকলো উপকৃত হ’ব৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top