
ঃ বাৰে বাৰে তই একেটা ভুলকে কিয় কৰ অ’ই ছৌতো?
মেমচাহাবে তাক সোধে৷ একাঁহী ভাতৰ সৈতে জালুক দিয়া ৰন্ধা মাংসৰ আঞ্জাখনৰ পৰা হাত নোতোলাকৈয়ে ছৌতোৱে মেমচাহাবলৈ চায়৷
ঃ কাঁহীত যিগালহে ভাত লৈছ, মানুহে তোক দেখাই নাপাব৷
দহ বছৰীয়া ছৌতোৱে মেমচাহাবক একো নকয়৷ লাহে লাহে মেমচাহাবৰ পৰা সি কামবোৰ শিকি বুজি লৈছে৷ মেমচাহাবে শিকোৱা মতে সি কামবোৰ কৰি যায়৷ কেতিয়াবা তাতে ভুল হৈ যায়৷
ঃ তই বাৰে বাৰে একেটা ভুলকে কিয় কৰ জাননে?
ঃ কিয়?
প্ৰশ্নবোধক দৃষ্টিৰে ছৌতোৱে মেমচাহাবলৈ চায়৷
ঃ কুলি যে তই… সেইকাৰণে৷
ছৌতোৱে মেমচাহাবক বেয়া নাপায়৷ তাৰ মেমচাহাব মৰমীয়াল মানুহ৷ তাক খুব মৰম কৰে৷ বাবু আৰু মাইনাৰ সৈতে একেলগে নতুন কাপোৰ দিয়ে, স্কুললৈ পঠিয়ায়৷ কিন্তু স্কুলতহে তাৰ মন নবহে৷ চিলটত চক মাটিৰে ‘ক’টোৰ ভাজ কৰিবলৈও তাৰ মন নবহে৷ মনটো ৰেল লাইনৰ কাষৰ গলিত উৰুওৱা চিলাখনৰ দৰে উৰি থাকে৷ মেমচাহাবে তাক গালি দিয়ে–
ঃ এনেকৈ হ’বনে? পিছত কি কৰি খাবি? তোক আমি সদায় লগত নাৰাখো নহয়৷
ছৌতোৱে মেমচাহাবৰ কথা মনে মনে শুনি থাকে৷ সি একো নকয়৷ পুৱাতে উঠি বাবু আৰু মাইনাৰ সৈতে সিয়ো গাখীৰ এগিলাচ খায়৷ বাবুৰ স্কুলৰ ৰঙা ছুৱেটাৰটো সৰু হোৱা বাবে আজিকালি বাবুৰ চুৱেটাৰটো মাইনাই পিন্ধে আৰু মাইনাৰ চুৱেটাৰটো ছৌতোক দি দিছে৷ মাইনাৰ স্কুলৰ নাম লিখা চুৱেটাৰটো পিন্ধি ছৌতোৱে মাইনাৰ স্কুল বেগটো পিঠিত লৈ স্কুলৰ বাছখন ৰখাবলৈ দৌৰ মাৰে৷ মাইনা পিছে পিছে দৌৰি আহে৷ ছৌতোক দেখি বাছখনৰ ড্ৰাইভাৰে বাছ ৰখাই দিয়ে৷ ছৌতোক আজিকালি মাইনাৰ লগৰবোৰে চিনি পোৱা হৈছে৷ ৰাজপল্লৱে কেতিয়াবা চাইকেলখন লৈ মাইনাক লগ কৰিবলৈ সিহঁতৰ বাংলালৈ আহে৷ সি ৰাজপল্লৱক কয়–
ঃ ৰাজদা, মই চাইকেলখন অকণমান চলাওঁনে?
ৰাজপল্লৱ আৰু মাইনাই পঢ়া–শুনাৰ কথা আলোচনা কৰি থাকে৷ ছৌতোৱে চিংৰা ৰসগোল্লাৰ সৈতে চাহকাপ দি ৰাজপল্লৱৰ চাইকেলখন লৈ বাগানৰ গলিত ঘূৰি ফুৰে৷
বাবু, মাইনাহঁত ডাঙৰ হৈছে৷ পঢ়া–শুনাৰো বোজা বাঢ়িছে৷ ছৌতোৱে স্কুল যাবলৈ এৰি দিছে৷ আজিকালি ছৌতোৱে মেমচাহাবৰ ওচৰতে বহি বৰ্ণমালা শিকে৷ লাহে লাহে সি নিজৰ নামটো লিখিব পৰা হৈছে৷
ৰাজপল্লৱে আজিকালি মাইনাক লগ কৰিবলৈ আহোঁতে চাইকেলখন নানে, দেউতাকৰ স্কুটাৰখন লৈ আহে৷ ছৌতোৱে চাহ দিবলৈ আহোঁতে কয়– ‘‘ৰাজদা,
আপোনাৰ ঘৰটো সৌটোহে, কিয়নো এইখন লৈ আহিব লাগে? চাইকেলখন লৈ আহিবচোন?
ঃ অ’ তোৰ কাৰণে আনিব লাগে?
মাইনাই তালৈ পেন্দোৱাকৈ চায়৷
তেতিয়া মাইনাই টেষ্ট পৰীক্ষা দি উঠিছে৷ এদিন ছৌতোৱে শুনিলে মাইনাই মেমচাহাবৰ ফোনটোৰ পৰা কাৰোবাৰ সৈতে ফোনত কথা পাতি আছে৷ ছৌতোৱে কাণ উজাই ল’লে ঘড়ীটো চাই দেখিলে তিনিটা বাজিবৰ হ’ল৷
পুৱা ব্ৰেকফাষ্ট কৰিবলৈ আটাইকেইটা ডাইনিং টেবুলত বহিছে৷ ছৌতোৱে মেমচাহাবৰ কাণে কাণে গৈ কিবা কৈ আছে আৰু আঙুলিৰে অঙ্গী ভঙ্গী কৰি দেখাই আছে তিনিটা… তিনিটা৷ মেমচাহাবে একো বুজি পোৱা নাই৷ ছৌতোৱে হাতৰ তিনিটা আঙুলি দেখাই মাইনাৰ ফালে চাই তাৰ মেমচাহাবক চকুৰে ইঙ্গিত দি আছে তিনি… তিনিটালৈ৷

মাইনাই কিবা অলপ উমান পাই ছৌতোক ধমক লগায়– ‘‘ছৌতো,
মাক তই কি দেখাই আছ? আজিৰ পৰা তোৰ চাইকেল চলোৱা শেষ বুলিয়ে ধৰ৷’’
ঃ কি হ’ল?
মেমচাহাবে তাক সোধে৷
ঃ মাইনাই তিনিটা ৰুটি খাব মেমচাহাব৷
বাবু–মাইনাৰ আইতাক সিহঁতৰ ঘৰলৈ থকাকৈ আহিলে ছৌতোৰ লগত ভীষণ কাজিয়া হয়৷ ছৌতোৱে বুঢ়ীজনীক ঘনাই ঘনাই চাহ দি থাকিব লাগে৷ তেওঁ ৰাতি ঘনাই চৰিয়াত প্ৰস্ৰাৱ কৰিবলৈ উঠে৷ সেই কেইদিন ছৌতোৰ শান্তি নাই৷ বুঢ়ীজনীয়ে তাক গালি শুনাই থৈ যায়৷ ছৌতোৰ বিছনাৰ কাষতে বুঢ়ীৰ বিছনাখন৷ বুঢ়ীয়ে ৰাতিখন উঠি লাখুটিৰে খোচ এটা দি ছৌতোক কয়–
ঃ অ’ই ছৌতো ৰাতি পুৱালে৷ যা চাহ এবাতি লৈ আন৷
ছৌতোৱে কণামুনাকৈ ঘড়ী চাই দেখে দুই বাজিছেহে৷ এই বুঢ়ীৰ এইটোৱে সমস্যা৷ নিজৰ টোপনি নহয়৷ ছৌতোকো শান্তি নিদিয়ে৷ তাতে পুহমহীয়া জাৰত ছৌতোৰ লেপৰ তলৰ পৰা ওলাই আহিবলৈ এলাহ লাগে৷ লেম্পটো হাতত লৈ বুঢ়ীয়ে তাক লাখুটিৰে খুচি থাকে৷
ঃ ছৌতো, অ’ই মৰাটো… জহনীত যোৱা মাতি থাকিলেও সাৰ নাপাৱ নেকি?
ছৌতোৱে এঙামুৰি দি কয়–
ঃ ৰাতিপুৱা হোৱাই নাই৷ যাওক শুই থাকক৷ চাহ ৰাতিপুৱাহে বনাম৷
কেতিয়াবা মেমচাহাবে কোৱা কথা ছৌতোৱে পাহৰি যায়৷ ভাত একাঁহী লৈ ছৌতো ডাইনিং টেবুলত বহে৷ মেমচাহাবে তাক কয়–
ঃ তই আকৌ ভুলকে কিয় বাৰে বাৰে কৰ ছৌতো?
ঃ কুলি যে মই সেইকাৰণে৷
ছৌতোৰ খং উঠে৷ মেমচাহাবে আৰু খং উঠায় তাক৷
ঃ নহয়৷ লেবাৰ যে তই সেইকাৰণে৷
মেমচাহাবহঁত এদিন দিনজানলৈ গুচি যায়৷ ছৌতোৰ বেয়া লাগে৷ তাক লৈ যাবলৈ সি মেমচাহাবক খাটনি ধৰে৷ কিন্তু মেমচাহাবক এতিয়া ছৌতোৰ প্ৰয়োজন নাই৷
কেইবছৰমান পিছত হঠাতে মেমচাহাবৰ ফোনটোলৈ অচিনাকি নম্বৰ এটাৰ পৰা ফোন আহে৷
ঃ হেল্ল’…
ক’ৰ পৰা কৈছে?
নেটৱৰ্ক নাথাকে দিনজানত৷
ঃ হেল্ল’…
কোন হয়?
ঃ মই ছৌতো মেমচাহাব৷ চেন্নাইৰ পৰা কৈছোঁ৷
ঃ আৰে/ ছৌতো//
তই তাত কি কৰি আছ?
ঃ মই ইয়াত কোম্পানীৰ কাম পাই গুচি আহিলোঁ৷ অসমলৈ গ’লেই মই আপোনালোকৰ তালৈ যাম৷
ঃ আহিবি, আহিবি৷ চিনি পাবিতো?
ঃ কিয় চিনি নাপাম? অকলে অকলে চেন্নাইলৈ আহিলোঁ৷ দিনজান চিনি নাপামনে?
ছৌতোৱে মেমচাহাবক তাৰ সাহস জাহিৰ কৰিবলৈ লাগি যায়৷
ঃ বিশ্বাস হোৱা নাই আপোনাৰ মেমচাহাব?
ঃ নাই হোৱা৷
ঃ কিয়? মই কুলি যে সেইকাৰণে/
মেমচাহাবে হাঁহে৷
পুৰণি দিনবোৰ স্মৃতিপটত সজীৱ হৈ উঠে৷ অতীতৰ কবৰ খান্দি মেমচাহাবে এৰি অহা দিনবোৰলৈ উভতি চায়৷