
শিক্ষা আৰু মানৱতাৰ বাবে উৎসৰ্গিত মনলৈ ওৰেটো জীৱন সমাজৰ পথ প্ৰদৰ্শক হৈ, বিৰল ব্যক্তিত্ব, ত্যাগ আৰু আদৰ্শৰে মানৱ সমাজৰ কল্যাণৰ বাবে অমূল্য অৱদান আগবঢ়াই থৈ যোৱা এই মহাজীৱনৰ গৰাকীয়েই হ’ল প্ৰজ্ঞাৰ সাধক, দাৰ্শনিক পণ্ডিত, সুবক্তা, ৰাজনীতিবিদ, সুলেখক, ৰাষ্ট্ৰনেতা তথা সুশিক্ষক ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণ৷ সমাজ জীৱন আৰু ৰাজনীতিলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াই থৈ যোৱাৰ সমান্তৰালভাৱে এগৰাকী মহান শিক্ষক তথা শিক্ষাবিদ হিচাবে ৰাধাকৃষ্ণণে শিক্ষাজগতলৈ আগবঢ়াই গৈছে তেখেতৰ অনবদ্য বহুমূলীয়া অৱদান৷ যদিও তেখেত ৰাষ্ট্ৰনেতা তথা দেশৰ সংবিধানৰ মুৰব্বী ভাৰতৰ ৰাষ্ট্ৰপতি
(দ্বিতীয়গৰাকী)ৰ পদ অলংকৃত কৰিছিল, তথাপিও তেখেতৰ প্ৰথম পৰিচয় আছিল এগৰাকী মহান আৰু আদৰ্শবান শিক্ষক হিচাবে৷ এইগৰাকী মহান মনীষিৰ প্ৰজ্ঞা, দৰ্শন, শিক্ষকতা, আদৰ্শ আৰু মোহনীয় ব্যক্তিত্বৰ উজ্বল নিদৰ্শন এপাহি সুগন্ধি ফুলৰ দৰেই ইয়াৰ সুৱাস আৰু সুৰভি সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল৷
এইগৰাকী মহান শিক্ষক তথা ৰাষ্ট্ৰনেতাৰ জন্ম হৈছিল ১৮৮জ্জ্ব চনৰ ৫ ছেপ্তেম্বৰ তাৰিখে মাদ্ৰাজৰ (বৰ্তমান চেন্নাই)ৰ তিৰুতানি নামে এখন অখ্যাত গাঁৱত৷ এটি তেলেগু নৈষ্ঠিক ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰা ৰাধাকৃষ্ণণৰ পিতৃৰ নাম আছিল বীৰস্বামী (তেখেতে বৃটিছ চৰকাৰৰ জমিদাৰৰ অধীনত ৰাজহ কৰ্মচাৰী হিচাবে কাম কৰিছিল) আৰু মাতৃৰ নাম আছিল সীতাস্মা৷ সৰুৰে পৰাই ঘৰখনত পোৱা আধ্যাত্মিকতাৰ ভাব আৰু নীতি–নিয়মৰ মাজেৰেই তেওঁ ডাঙৰ–দীঘল হৈছিল৷ ৰাধাকৃষ্ণণৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল তিৰুতানি গাঁৱৰ এখন প্ৰাথমিক বিদ্যালয়ত৷
১৯০৯ চনত তেওঁ দৰ্শন বিষয়ত সুখ্যাতিৰে শীৰ্ষস্থান দখল কৰি এম. এ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু তাৰ পাছতেই তেওঁ মাদ্ৰাজৰ খ্ৰীষ্টীয়ান কলেজত দৰ্শন বিভাগৰ সহকাৰী অধ্যাপকৰ পদত যোগদান কৰে৷ তাৰ পাছত ১৯১৮ চনত ৰাধাকৃষ্ণণে মহীশুৰ বিশ্ববিদ্যালয়ত দৰ্শন শাস্ত্ৰৰ অধ্যাপক ৰূপে নিযুক্ত হয়৷ তেওঁৰ অগাধ পাণ্ডিত্যই ছাত্ৰ–ছাত্ৰী সকলক গভীৰভাৱে প্ৰভাৱিত কৰিছিল৷ অনুসন্ধিৎসু বিদ্যাৰ্থীসকলৰ বাবে তেওঁ আছিল প্ৰেৰণাৰ উৎসস্বৰূপ৷ এই সময়ছোৱাতে ৰাধাকৃষ্ণণে
‘‘The Philosophy of Rabindranath Tagore’’ শীৰ্ষক এখনি গ্ৰন্থ ৰচনা কৰে৷ এই গ্ৰন্থখনেই তেওঁক বিশ্বত পৰিচয় কৰাই দিয়ে৷ তাৰ পাছত ৰাধাকৃষ্ণণৰ বৰ্ণিল জীৱন কৃতিৰ এক স্বৰ্ণিল অধ্যায়৷
১৯৩১ চনত ৰাধাকৃষ্ণণ অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য হয়৷ সেই সময়ছোৱাতে তেওঁ গৌতম বুদ্ধৰ জীৱন দৰ্শনৰ ওপৰত প্ৰদান কৰা এটা বক্তৃতাই গোটেই বিশ্বতে সমাদৰ লাভ কৰে আৰু পাশ্চাত্যৰ পণ্ডিতসকলৰ চকুত তেওঁৰ ভাৱমূৰ্তি উজ্জ্বল কৰি তোলে৷ ফলস্বৰূপে, কিছুদিনৰ পাছতেই ব্ৰিটিছ একাডেমীৰ ফেল’ হিচাবে তেওঁ নিৰ্বাচিত হয়৷ এইদৰেই অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাবে নিযুক্তি পোৱা ৰাধাকৃষ্ণণেই প্ৰথম ভাৰতীয় অধ্যাপক৷ ১৯৩৯ চনত ৰাধাকৃষ্ণণ কাশীৰ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত উপাচাৰ্য্যৰূপে যোগদান কৰে আৰু ১৯৪৮ চনলৈকে এই পদত কাৰ্যনিৰ্বাহ কৰে৷ ১৯৪৬ চনত তেওঁ ছোভিয়েট ৰাছিয়াত ভাৰতীয় ৰাষ্ট্ৰদূত হিচাবে কাৰ্যনিৰ্বাহ কৰে৷
কোৱা হয়, ‘‘ৰজা নিজ ৰাজ্যে পূজিত কিন্তু বিদ্যান সৰ্বত্ৰে পূজিত৷’’ সঁচাই পণ্ডিত, মনীষিসকলে যুগে যুগে সন্মান লাভ কৰে৷ স্বামী বিবেকানন্দ, কবিগুৰু ৰবীন্দ্ৰ নাথৰ আদৰ্শৰে অনুপ্ৰাণিত, গতিশীল লিখক, সুবক্তা,
সু–শিক্ষক ৰাধাকৃষ্ণণক ১৯৫৪ চনত মানৱ সমাজলৈ আগবঢ়োৱা অসাধাৰণ বৰঙণিৰ স্বীকৃতি স্বৰূপে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘‘ভাৰত ৰত্ন’’ প্ৰদান কৰা হয়৷

Simple living and high thinking – এই নীতিৰে জীৱন উদ্যাপন কৰা ৰাধাকৃষ্ণণ যদিও ভাৰতৰ সৰ্বোচ্চ পদ ৰাষ্ট্ৰপতিৰ আসন অলংকৃত কৰিছিল তথাপি তেওঁ নিজকে এজন শিক্ষক হিচাবেহে পৰিচয় দি ভাল পাইছিল৷ তেওঁ গোটেই বিশ্বত শিক্ষাৰ জেউতি বিলাই ফুৰিছিল আৰু এজন নমস্য শিক্ষক হিচাপে সকলোৰে পৰাই সমাদৰ লাভ কৰিছিল৷ এগৰাকী সুবক্তা আৰু আদৰ্শ শিক্ষক হিচাপে নিজৰ জ্ঞান আৰু বাগ্মীতাৰে বিশ্ব জয় কৰিবলৈ সক্ষম হৈছিল৷ এবাৰ এজন ছাত্ৰই তেখেতৰ জন্মদিন ‘প্ত ছেপ্তেম্বৰ’ৰ দিনটো উদ্যাপন কৰিবলৈ অনুমতি বিচাৰিছিল৷ তেতিয়া মহান দাৰ্শনিক পণ্ডিতগৰাকীয়ে ছাত্ৰগৰাকীক কৈছিল ‘‘মোৰ জন্মদিন পাতিব বিচৰাটো মোৰ বাবে সৌভাগ্য আৰু গৌৰৱৰ কথা, কিন্তু এই দিনটো দেশৰ জ্ঞান মন্দিৰৰ পূজাৰী মহান শিক্ষকসকলৰ অক্লান্ত শ্ৰম আৰু ত্যাগক স্বীকৃতি দি ‘‘শিক্ষক দিৱস’’ হিচাবে পালন কৰিলে মই আৰু অধিক আনন্দিত হ’ম৷ তাৰ পাছৰ পৰাই অৰ্থাৎ ১৯৬২ চনৰ পৰা ৫ ছেপ্তেম্বৰৰ দিনটো ‘শিক্ষক দিৱস’ হিচাবে পালন কৰি অহা হৈছে৷
ইংৰাজীত এষাৰ কথা আছে–
ক্টIt is easy to be a successful Prime Minister of a country than to
be a successful teacher.ক্ট সঁচাইদেশৰ এজন প্ৰধানমন্ত্ৰীতকৈ এজন যোগ্য শিক্ষক হ’বলৈ বেছি সামৰ্থৰ প্ৰয়োজন হয়৷ শিক্ষকতা কিমান কষ্টকৰ আৰু ধৈৰ্যশীল বৃত্তি বা এজন ভাল শিক্ষক হ’বলৈ হ’লে কিমান গুণগত মানদণ্ডৰ হ’ব লাগিব, জ্ঞানৰ সাগৰ হ’ব লাগিব সেই কথা আমাক ৰাধাকৃষ্ণণ দেৱে দেখুৱাই থৈ গৈছে৷ শিক্ষকসকলক দেশৰ আটাইতকৈ শ্ৰেষ্ঠ সম্পদ বুলি অভিহিত কৰি তেখেতে কৈছিল– ক্টTeachers
should be the best minds in the country.ক্ট কেৱল এগৰাকী শিক্ষাপ্ৰাণ তথা সমাজপ্ৰাণ শিক্ষকেহে সমাজখন পোহৰাব পাৰে বুলি তেখেতে উল্লেখ কৰিছে৷
এতিয়া মূল কথাটো হ’ল,
তেখেতে দেখুৱাই যোৱা আদৰ্শ, উদাৰ মানসিকতা আৰু পৰামৰ্শসমূহ আমি শৈক্ষিক জীৱনত ব্যৱহাৰ আৰু সফল প্ৰয়োগ কৰিব পাৰিলেহে ‘শিক্ষক দিৱস’ পালনৰ সাৰ্থকতা হ’ব৷ লগতে সু–শিক্ষা দানেৰে নৱ–প্ৰজন্মক সৰ্বাংগীন উন্নতিৰ শিখৰলৈ আগুৱাই লৈ যাব লাগিব৷ য’ত তেওঁলোকৰ বৌদ্ধিক, মানসিক,
শাৰীৰিক,
আধ্যাত্মিক সকলো ক্ষেত্ৰৰে সমানে বিকাশ সাধন হ’ব৷ এতিয়া কথা হ’ল, ছাত্ৰ–ছাত্ৰীৰ সৰ্বাংগীন বিকাশ সাধনেৰে আগুৱাই নিবলৈ হ’লে শিক্ষকসকলে অলেখ ত্যাগ স্বীকাৰ কৰিব লাগিব৷ সেইয়াও কৰিব, কিন্তু শিক্ষকৰ সমস্যা অনেক৷ ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা শিক্ষকসকলৰ বহুখিনি সমস্যা সমাধান কৰিছে যদিও অনেক কৰিব লগা আছে৷ বিশেষকৈ, আৰ্থিক নিৰাপত্তাৰ বিষয়টো প্ৰথমে আহি পৰে৷ আজিও বহু শিক্ষকে বেতন নোপোৱাকৈয়ে শিক্ষাদান কৰি আছে৷ যিহেতু, অন্নচিন্তা চমৎকাৰ৷ তেওঁলোকেও পৰিয়াল পোহ–পাল দিব লাগে৷ তেওঁলোক মানসিক নিচামুক্ত হ’লেহে সু–শিক্ষা দানেৰে ছাত্ৰ–ছাত্ৰীসকলক আগুৱাই লৈ যাব পাৰিব৷ গতিকে, শিক্ষক দিৱসৰ এই পৱিত্ৰ ক্ষণতে, আমি আশা ৰাখিছো সমস্যাৰে জৰ্জৰিত যিসকল শিক্ষক আছে, তেখেত সকলৰো সমস্যাবিলাকৰ সমাধান হওক৷ বৰ্তমান চৰকাৰখনে শিক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি প্ৰশংসাসূচক কাম কৰিছে আৰু যিখিনি বাকী ৰৈ গৈছে সোনকালেই সেইখিনি কৰি শিক্ষকসকলৰ ৰৈ যোৱা সমস্যাখিনিৰো এক আশু সমাধান কৰি শিক্ষা ক্ষেত্ৰখনত এক নতুন দিগন্তৰ সূচনা কৰিব বুলি আশাবাদী৷ লগতে প্ৰতি বছৰে চৰকাৰে শিক্ষক দিৱসৰ পৱিত্ৰক্ষণত কৃতি শিক্ষকসকলক বঁটা প্ৰদানেৰে কামৰ স্বীকৃতি দি উৎসাহিত আৰু অনুপ্ৰাণিত কৰি আহিছে৷ ই খুবেই প্ৰশংসনীয় পদক্ষেপ৷ ভাৰতীয় ঐতিহ্যই অতীতৰে পৰাই শিক্ষকসকলক বিশেষ মৰ্যাদা দি আহিছে ই বৰ্তমানেও অক্ষুণ্ণ আছে৷ কিন্তু সন্মানৰ লগতে ভুক্তভোগী শিক্ষকসকলক আৰ্থিক স্বচ্ছলতাৰে নতুন মৰ্যাদা দিব পাৰিলেহে তেওঁলোকৰ মনৰ হতাশা আঁতৰি কৰ্তব্যত আত্মনিয়োগ কৰিবলৈ মনোবল বৃদ্ধি পাব৷ গতিকে, অবোধ শিশুক জ্ঞানৰ মণি–মুকুতাৰেজ্ঞানী,
সভ্য আৰু সংস্কৃতিবান কৰি গঢ়ি তোলা শিক্ষকসকলক যথাযোগ্য সন্মান প্ৰদৰ্শন কৰাৰ লগতে তেওঁলোকৰ সুখ–দুখৰ প্ৰতিও দৃষ্টি ৰাখিব লাগিব৷ তেতিয়াহে
‘‘শিক্ষক দিৱস’’ উদ্যাপনৰ প্ৰকৃত সাৰ্থকতা হ’ব৷ লগতে ৰাধাকৃষ্ণণৰ আদৰ্শ আৰু সৃষ্টিৰাজিক হৃদয়ত সজীৱ কৰি ৰাখিব পাৰিলেহে ভাৰতীয় সমাজ আৰু শিক্ষাৰ প্ৰকৃত উত্তৰণ ঘটিব৷