হেঁপাহৰ এনাজৰীত মাধুৰ্য ৰ অভিনয় যাত্ৰা (অৰূপ কাকতি) – Purbodix.com

হেঁপাহৰ এনাজৰীত মাধুৰ্য ৰ অভিনয় যাত্ৰা (অৰূপ কাকতি)

প্ৰেম, হাস্যৰস আৰু নাটকীয়তাৰে পৰিপূৰ্ণ এখন পূৰ্ণ দৈৰ্ঘৰ ছবি দৰ্শকৰ মাজলৈ উলিয়াই দিয়াৰ উদ্দেশ্যে দৃশ্য গ্ৰহণৰ কাম আৰম্ভ হৈছে৷ এখন নতুন অসমীয়া ছবিহেঁপাহৰ এনাজৰী কুৱেৰ ৰাজ চিনে প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ বলগীয়া এই ছবিখনৰ কাম ক্ৰমান্বয়ে আৰম্ভ হৈছে৷ প্ৰযোজনাৰ লগতে পৰিচালনা কৰিব হেঁপাহৰ এনাজৰী শীৰ্ষক এই মনোৰঞ্জনধৰ্মী ছবিখন কুৱেৰ ৰাজ বৰদলৈয়ে৷ ছবিখনত দৰ্শকে দেখিবলৈ পাব কেইবাগৰাকীও দক্ষ অভিনেতাঅভিনেত্ৰী৷ পৰিচালক কুৱেৰ ৰাজ বৰদলৈয়ে নিজেও অভিনয় কৰা ছবিখনত আন বিভিন্ন চৰিত্ৰত অভিনয় কৰিবলগীয়া অভিনেতাঅভিনেত্ৰীসকল বিদ্যা ৰাও, জুবিন গাৰ্গৰকাঞ্চনজংঘা অন্তৰা চৰিত্ৰত অভিনয় কৰা জেৰিনা বৰুৱা, জাট্ৰু বৰুৱাৰভগা খিৰিকী অভিনয় কৰা সঞ্জয় খাৰঘৰীয়া, বড়ো চলচ্চিত্ৰৰ অভিনেত্ৰী হেলিনা দৈমাৰী, জয়ন্ত বেজ, আদ্ৰিতা ভট্টাচাৰ্য, ৰাহুল ভৰদ্বাজ, ৰিমছি থিনছিন৷ এই ছবিখনত পোনপ্ৰথমবাৰৰ বাবে শিশু অভিনেতা হিচাপে অভিনয় কৰিছে  NPত্ৰ International School ছাত্ৰ আৰু চানমাৰী কৃষ্ণনগৰ নিবাসী মনোজ চৌধুৰী আৰু ডাঃ কৰবী হাজৰিকা চৌধুৰীৰ পুত্ৰ মাধুৰ্য্য ৰাজ চৌধুৰী৷ অৰিণ সীয়ান আৰু ধনঞ্জয় শইকীয়াই সংগীতৰ দিশটো অতি সমাপন কৰিবলগীয়াহেঁপাহৰ এনাজৰী গীতকেইটাত কণ্ঠদান কৰিব প্ৰণৱ গগৈ আৰু নয়নিকা ভট্টাচাৰ্যই৷ ৰোমন্থন ফটোগ্ৰাফী এণ্ড ফিল্মছ’- বিভিন্ন মনোমোহা লোকেশ্বনত দৃশ্যগ্ৰহণ কৰা ছবিখনৰ প্ৰডাকচন ডিজাইন অমল মেছৰামৰ আৰু প্ৰডাকচন সমন্বয়কৰ দায়িত্বত আছে হিমাংশী দাগগৰ৷ কুৱেৰ ৰাজ চিনে প্ৰডাকচনে ছবিখন সম্পূৰ্ণ লেই সমগ্ৰ অসমৰ লগতে দিল্লী, বাংগালোৰ, ছত্তিশগড়, মুম্বাই আৰু পুনেতো দৰ্শকৰ বাবে মুকলি কৰি দিয়া বুলি জানিবলৈ দিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *