অতীজৰে পৰা নাৰীৰ বাবে অপৰিহাৰ্য শব্দটিয়ে হ’ল মেকআপ বা শুদ্ধ অসমীয়াত ৰূপচৰ্চা৷ সচৰাচৰ আজিকালি আমাৰ পৰিচিত কিছুমান মেকআপ হ’ল, ব্ৰাইডেল মেকআপ বা কইনাৰ মেকআপ, পাৰ্টি মেকআপ, পৰ্টফলিঅ মেকআপ, ফেশ্যন মেকআপ, ভিজুৱেল মেডিয়াৰ মেকআপ, যেনে চলচ্চিত্ৰ, নাটক, গানৰ ভিডিঅ’বোৰৰ মেকআপ বা কৰ্মক্ষেত্ৰ ভিত্তিক মেকআপ৷ মুঠতে আমি বিশেষকৈ নাৰীয়ে কম–বেছি পৰিমাণে হ’লেও মেকআপ সকলোৱে কৰো৷ এতিয়া কথা হ’ল,
দাম বা ব্ৰেণ্ড যিয়েই নহওঁক, ধুনীয়া প্ৰসাধন সামগ্ৰীৰে নিজকে সজাই পৰাই সকলোৱে ভাল পায়৷ কিন্তু কেৱল বহুত কিবা মুখত প্ৰসাধন প্ৰলেপ সানিলেই বা ফাউণ্ডেশ্যন
(foundation) লগোৱাকে মেকআপ কৰা নুবুজায়৷ বহুতে ভাবে যে ফাউণ্ডেশ্যন লগোৱা মানেই মেকআপ কৰা, সেয়া প্ৰকৃততে নহয়৷ এটি সুন্দৰ মেকআপৰ আঁৰত বহুত কথাই সোমাই থাকে, যিহেতু মুখৰ ছালৰ লগত জড়িত বিষয়৷ বিশেষকৈ মেকআপ কৰাৰ পূৰ্বে ছালখনৰ যত্নও আমি সমানে ল’ব লগা হয়৷ যদিহে আমি ছালখনৰ বা মুখমণ্ডলৰ ভালদৰে যত্ন নলওঁ, আমাৰ মেকআপ ভালদৰে ফুটি নুঠে, লগতে মুখৰ ছালৰ বহুত সমস্যাই দেখা দিয়ে৷ সেয়ে আমি মেকআপ কৰাৰ আগত নিজৰ মুখৰ ছালখনক ভালকৈ জানি লৈ সঠিকভাৱে যত্ন লোৱাটো খুবেই প্ৰয়োজন৷ আৰু সচৰাচৰ দেখা যায়, কেতিয়াবা মেকআপ কৰিবলৈ আগতীয়াকৈ ক্ৰিম বা কাজল আদিও লগাই আহে৷ তেনে অৱস্থাত সেইবোৰ ভালদৰে আঁতৰাই লৈহে আমি মেকআপৰ বাবে ছালখন সাজু কৰিব লাগে৷
আমাৰ মুখমণ্ডলৰ ছাল সাধাৰণতে ৫ প্ৰকাৰৰ হয়৷
যেনে ৰ) শুষ্ক বা ৰুক্ষ ছাল (Dry), ২) সাধাৰণ প্ৰাকৃতিক
(Natural), ৩) তেলেতীয়া (Oily), ৪) মিশ্ৰিত
(Combination), প্ত) সংবেদনশীল (Sensitive)৷ এই আটাই প্ৰকাৰৰ ছালৰ ল’ব লগা যত্নও কিছু ক্ষেত্ৰত পৃথক হয়৷ গতিকে আমি ভালদৰে ছালখন জানি লৈহে সঠিক মতে আমি যত্ন ল’ব পাৰো৷ মেকআপৰ পূৰ্বে কৰা যত্নক আমি চমুকৈ CTML বুলি কওঁ৷ CTML
হৈছে
Cleansing, Toning, Moisturizing আৰn Lip Balm৷ এই
CTML সঠিকভাৱে কৰাৰ পিছতহে আমাৰ ছালখন মেকআপ ল’বৰ বাবে প্ৰস্তুত হৈ পৰে৷ গতিকে CTML খুবেই প্ৰয়োজনীয় আৰু যিকোনো প্ৰকাৰৰ ছালত একেধৰণে এই CTML কৰিব পাৰে৷ কিন্তু ছাল হিচাপে যি সামগ্ৰী
(Product) ব্যৱহাৰ কৰিব লগা হয়, সেয়া কিছু পৃথক হয়৷ CTML ১ বাবে, প্ৰথমে আমি ছালখন পৰিস্কাৰ কৰি ল’ম৷ তাৰ বাবে আমি ক্লীনজাৰ (Cleanser) বা ফেচৱাশ্ব (Facewash) ব্যৱহাৰ কৰিব পাৰো৷ সেই মতে সকলো ছালৰ উপযোগী হোৱাকৈ আমি ফেচৱাশ্ব ব্যৱহাৰ কৰিব পাৰো আৰু বজাৰত সকলো ছালৰ উপযোগী ফেচৱাশ্ব কিনিবলৈ পোৱা যায়৷ ফেচৱাশ্ব লগাই পৰিস্কাৰ পানীৰে মুখখন ধুই লোৱাৰ পিছত, আমি এক্সফলিয়েটৰ স্ক্ৰাৱ
(Exfolioator Scrub) চমুকৈ স্ক্ৰাৱ লগাব লাগে৷ আমাৰ মুখত থকা ছালৰ মৃতকোষ (Dead Skin Cell) আঁতৰাবলৈ বা আমাৰ ছালৰ ছিদ্ৰসমূহত সোমাই থকা প্ৰদূষিত ধুলি বা ছালৰ পৰা নিঃসৰিত তেলে তেলেতীয়া কৰি ৰখা ছালৰ বাবে ক্ৰাবিং (scrubbing) কৰা খুবেই প্ৰয়োজন৷ স্ক্ৰাৱ ব্যৱহাৰ কৰি, ছালৰ ছিদ্ৰৰ পৰা সেইবোৰ আঁতৰাই পৰিস্কাৰ কৰিব পাৰি৷ স্ক্ৰাৱ কৰাৰ পিছত আমি ট’নাৰ (toner) লগাব লাগে৷ ট’নাৰ আমি সকলো ছালৰ উপযোগী লগাব পাৰো বা ছালবিশেষে বজাৰত পোৱা ভাল ব্ৰেণ্ডৰ ট’নাৰ লগাব পাৰো৷ এই ট’নাৰ ব্যৱহাৰ কৰিলে আমাৰ ছালৰ যি অপেনপ’জ
(openpose) বা বহল ছিদ্ৰৰ সমস্যা থাকে সেয়া কিছুপৰিমাণে কম হোৱা দেখা যায়৷ কিন্তু লগতে ছালখন কিছু পৰিমাণে ডাঠ কৰে৷ সেয়েহে ইয়াৰ পিছত আমি মুখৰ ছালখনত খুব ভালদৰে মইশ্বাৰাইজাৰ (moisturizer) লগাব লাগে৷ যিকোনো ছালৰ মানুহে মইশ্বাৰাইজাৰ লগাব পাৰে৷ বহুতৰ ভুল ধাৰণা আছে যে, তেলেতীয়া ছালত মইশ্বাৰাইজাৰ লগাব নোৱাৰে৷ দৰাচলতে কিন্তু তেনে নহয়৷ মইশ্বাৰাইজাৰয়ে হ্মণ্ড্ৰ ভাৰসাম্য ৰক্ষাত সহায় কৰে৷ ছালখন কোমল হোৱাত বা বাহিৰৰ ধূলি আদিৰ পৰাও ৰক্ষা কৰে৷ গতিকে মইশ্বাৰাইজাৰ লগোৱা খুবেই প্ৰয়োজন৷ কেৱল মেকআপ কৰা বুলিয়েই নহয়, আমি দৈনিক মইশ্বাৰাইজাৰ লগালে ছালখন ভালে থাকে৷ মইশ্বাৰাইজাৰ বহুত ধৰণৰ পোৱা যায়৷ দিনৰ ভাগত সূৰ্য্যৰ অতি বেঙুণীয়া প্ৰতিৰোধী বা প্ৰদূষণ প্ৰতিৰোধী মইশ্বাৰাইজাৰ যেনেকৈ পোৱা যায়, তেনেকৈ ৰাতিৰ বাবেও পোৱা যায়৷ লগতে বিভিন্ন ছালৰ হিচাপতো মইশ্বাৰাইজাৰ পোৱা যায় বা সকলো ছালৰ উপযোগী হোৱা উমৈহতীয়া মইশ্বাৰাইজাৰ পোৱা যায়৷ সেয়ে আমি আমাৰ নিজৰ প্ৰয়োজন অনুসাৰে মইশ্বাৰাইজাৰ লগাব লাগে৷ মইশ্বাৰাইজাৰ লগৱোৰ আগত চি ভিটামিন যুক্ত ছিৰাম
(Serum) আমি আমাৰ মুখত লগাব পাৰো৷ এনেকৈ আমি মেকআপৰ পূৰ্বে মুখৰ ছালখনৰ যত্ন ল’ব পাৰো৷ তাৰ পিছত ওঁঠৰ বাবে, মেকআপ কৰাৰ আগতে বা লিপষ্টিক লগোৱাৰ পূৰ্বে আমি যিকোনো লিপবাম ওঁঠত লগাই ৰাখিব লাগে৷ ই ওঁঠযুৰি কোমল কৰি ৰখাত সহায় কৰে৷ এইখিনি আছিল, আমাৰ মেকআপ কৰাৰ আগতে মুখৰ ছালখনৰ যত্ন বা CTML৷ এইখিনি কৰিবৰ বাবে আমাক যথেষ্টখিনি সময়ৰ প্ৰয়োজন হয়৷
কিন্তু যদি আমাৰ হাতত সময় খুউব কম থাকে বা এই আটাইবোৰ কৰিব পৰা সম্ভৱ নহয়, তেনে অৱস্থাত আমি খুউব সহজে যদি ছালখন পৰিস্কাৰ কৰিব লগা হয়, তেনেহলে আমি যিকোনো ভাল ব্ৰেণ্ডৰ সিক্ত টিছ্যু (wet tissue) বা সিক্ত ৱাইপচ্ (wet wipes) ব্যৱহাৰ কৰিব পাৰো৷ টিছ্যু বা ৱাইপচ্ প্ৰথমে লগোৱাৰ পিছত আমি toner ব্যৱহাৰ কৰিব পাৰো৷ কিছু সময় তেনেদৰে ৰাখি আমি আমাৰ মেকআপ প্ৰয়োগ কৰিব পাৰো৷ এনেদৰে যদি আমি ছালখনৰ যত্ন লওঁ, তেতিয়া যিকোনো মেকআপে খুউব সুন্দৰকৈ ফুটি উঠিব৷ তেনেকুৱাত বহুত সময়লৈকে আমাৰ মেকআপখিনি সঠিকভাৱে ছালখনে উজ্জ্বলকৈ ধৰি ৰাখিব৷ আৰু মেকআপ কৰাৰ পিছত কিছুমানৰ ছালৰ যিবোৰ সমস্যা দেখা দিয়ে সেয়াও নোহোৱা হ’ব৷ সেয়ে আমি খুউব ভালদৰে আমাৰ মুখখন পৰিস্কাৰ কৰি ৰাখিব লাগে৷ লগতে প্ৰচুৰ পৰিমাণে পানী খাব লাগে৷ পানীয়ে আমাৰ ছালখন আদ্ৰৰ্তা সঠিককৈ ৰাখি উজ্জ্বল কৰি ৰাখে৷ লগতে আৰু এটা কথা জানি থোৱা ভাল, কইনাৰ মেকআপৰ এসপ্তাহ মান আগত এবাৰ ভালদলে ফেচিয়েল (Facial) বিশেকৈ গল্ড ফেচিয়েল
(Gold Facial) কৰি ল’ব লাগে, যাতে মেকআপৰ বাবে ছালখনৰ সজীৱ আৰু উজ্জ্বল হৈ থাকে৷ এয়াই হৈছে সংক্ষেপে মেকআপৰ আগত ল’ব লগা মুখৰ যতন৷