কোভিড,শিশুৰ সংক্ৰমণ,খাদ্য আৰু স্বাস্থ্য সতৰ্কতা (নন্দিতা ভাৱনা) – Purbodix.com

কোভিড,শিশুৰ সংক্ৰমণ,খাদ্য আৰু স্বাস্থ্য সতৰ্কতা (নন্দিতা ভাৱনা)

খাদ্য আমাৰ বাবে চালিকা শক্তি৷ আমি যি খাদ্যই খাওঁ, সেই প্ৰতিটো উপাদানেই আমাৰ শৰীৰৰ বিভিন্ন অংগ, প্ৰত্যংগৰ ওপৰত ভাল অথবা বেয়া প্ৰভাৱ পেলায়৷ সেয়ে খাদ্যাভাস সদায়েই স্বাস্থ্যসন্মত হোৱাটো বাঞ্ছনীয়৷ প্ৰকৃতিয়ে আমাক কল্পনা কৰিব নোৱাৰা খাদ্য সম্ভাৰ প্ৰদান কৰিছে৷ তাৰ ভিতৰত আমি নিজৰ বাবে কি বাছনি কৰোঁ, সেইটোও আমাৰ ওপৰতেই নিৰ্ভৰ কৰে৷

বিশেষকৈ শিশু সকলৰ ক্ষেত্ৰত আমি এই বিষয়ে বেছি সতৰ্ক হোৱা উচিত৷ কাৰণ শিশুসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যিমানেই ভাল হয়, সিমানেই সংক্ৰমণৰ সম্ভাৱনা কম থাকে৷

এই মহামাৰীৰ সময়ত যিহেতু শিশুসকলে খেলাধূলাৰ পৰা বঞ্চিত হৈ আছে, শুদ্ধ মুকলি বতাহ পাবলৈও বাহিৰলৈ ওলাব পৰা নাই, ইতিমধ্যেই কণমানিবোৰৰ মানসিক আৰু শাৰীৰিক অৱনতি ঘটাতো স্বাভাৱিক হৈ পৰিছে৷ সেয়ে এই সময়ত শিশসকলক সুষম আহাৰৰ লগতে ৰোগ প্ৰতিৰোধবৰ্ধক খাদ্য যোগান ধৰাটো পিতৃমাতৃৰ দায়িত্ব হৈ পৰিছে৷ যেন শিশুটি সহজে বেমাৰত নপৰে অথবা দুৰ্বল হৈ নপৰে৷

আজি মই চমুকৈ ১০ বিধ খাদ্যৰ বিষয়ে আপোনালোকক জনাই থব বিচাৰিছোঁ, যিবোৰ খাদ্যই শিশুসকলৰ ইমিউনিটি শক্তিশালী কৰাত সহায় কৰে৷

) সেউজীয়া শাকপচলি এনেধৰণৰ খাদ্যত ভিটামিন বি প্ৰচুৰ পৰিমাণে পোৱা যায়৷ মেথি শাক, পালেং শাক আদিত যথেষ্ট পৰিমামে জিংক, ফলিক, আইৰণ, ভিটামিন চি আৰু ডি পোৱা যায়৷ ভিটামিন চি আৰু ডি ইমিউনিটি বঢ়োৱাত যথেষ্ট সহায় কৰে৷

সেউজীয়া শাকপাচলি খুব বেছি সময় জুইত ৰান্ধিলে ইয়াৰ উপাদানবোৰ নষ্ট হোৱাৰ সম্ভাৱনা থাকে৷ সেয়ে এনে খাদ্যক চালাড বনাই অথবা ষ্টিম কৰি সুন্দৰকৈ মাখন বা ক্ৰীম আদিৰ লগত খাবলৈ দিব পাৰে৷

) বতৰৰ ফল শিশুসকলক যথেষ্ট পৰিমাণে বতৰৰ ফল খাবলৈ দিয়া উচিত৷ বিশেষকৈ পকা অমিতা৷ পকা অমিতাত যথেষ্ট পৰিমাণে ভিটামিন চি পোৱা যায়৷ নানা ধৰণৰ ৰঙেৰে চকুত লগা ফল দেখিবলৈ যিমান ধুনীয়া সিমান স্বাস্থ্যবৰ্ধকো হয়৷ এই বতৰৰ ফলত যথেষ্ট পৰিমাণে পটেছিয়াম আৰু মেগনেছিয়াম পোৱা যায়, যিটো ইমিউনিটি বঢ়োৱাত যথেষ্ট সহায় কৰে৷ এই ফলৰ ৰস উলিয়াই খাব নিদি, ফল হিচাবে দিলেহে বেছি কামত আহে৷

)  Citrous ফল এইবোৰ ফল ভিটামিন চি ভৰপূৰ পোৱা যায়৷ যেনে কমলা, নেমু, মধুৰিআাম আদি৷ শিশুসকলক, vit ¸চি suhplement দিয়াতকৈ এইবোৰ ফল খাবলৈ দিয়াটো অতিকৈ প্ৰয়োজনীয়৷ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত এই ভিটামিন চি নিত্যান্তই আৱশ্যকীয়৷

) নহৰু ভাৰতীয় পাকঘৰত নহৰু এবিধ অত্যাৱশ্যকীয় সামগ্ৰীত সংযোজিত হয়৷ এই নহৰু এবিধ মহৌষধ বুলিব পাৰি বহুগুণৰ অধিকাৰী এই নহৰুৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও ভাবিব নোৱাৰা৷ কাৰণ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ তেজত শ্বেত ৰক্ত কণিকাৰ ( WBচি) অতি প্ৰয়োজন হয়৷ আৰু এই শ্বেত ৰক্ত কণিকা বৃদ্ধি কৰিবলৈ নহৰুৱে যথেষ্ট সহায় কৰে৷ তাৰোপৰি জিংক যথেষ্ট পোৱা যায় নহৰুত৷ শিশুৰ বাবে ৰন্ধা তৰকাৰী অথবা চুপ আদিত নহৰু আদি দিলে সুস্বাদুও হয় আৰু সুস্বাস্থ্যকৰো হয়৷

প্ত)  Nuts যেনে কাজু বাদাম, আখৰোট আদি৷ অতি সুস্বাস্থ্যকৰ, বহুবিধ প্ৰয়োজনীয় উপাদান, ভিটামিনৰ সম্ভাৰ এই  Nuts জাতীয় খাদ্য সামগ্ৰী৷ এই Nuts শৰীৰৰ বাবে আৱশ্যকীয় কলেষ্টৰেল (Good Cholesterol) আছে, অমেগাত ফেটি এচিড (Omega  fatty Acid) আছে৷ এই Nuts ভিটামিন ডি আছে৷ তাৰোপৰি মেগনেছিয়াম আছে৷ এই আটাইবোৰ উপাদানেই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ সেয়ে চোবাই খালে দিবও পাৰে অথবা গাখীৰৰ লগত মিক্সিত milkshake প্ৰস্তুত কৰিও দিব পাৰে৷ অতি সুস্বাদু হয় এই Nuts

) দৈ বা yoghurt  অসমীয়া পাকঘৰত দৈ সচৰাচৰ থাকেই৷ দৈত যথেষ্ট সূক্ষ্মজীৱ  (pro biotics) থাকে৷ এই  pro biotic বোৰে আমাৰ শৰীৰত থকা ক্ষতিকাৰক বেক্টেৰিয়াৰ লগত যুঁজিবলৈ সহায় কৰে৷ তাৰোপৰি ভিটামিন ডি যথেষ্ট পোৱা যায় দৈত৷ যাৰফলত ৰোগ প্ৰতিৰোধ ক্ষমতা অক্ষুণ্ণ থাকে শৰীৰত৷ এই দৈ সুস্বাদু কৰিবলৈ মৌৰ সৈতে খাবলৈ দিব পাৰে৷

) কণী কণীক চুপাৰ ফুড বুলি কোৱা হয়৷ কাৰণ কণী এটা সম্পূৰ্ণ প্ৰটিনেৰে ভৰা খাদ্য হয়৷ ইয়াৰ বগা অংশত ৫০ণ আৰু কুহুম অংশত ৫০ণ প্ৰটিন থাকে৷ এটা কণীত গ্ৰাম প্ৰটিন থাকে৷ গ্ৰাম বগা অংশত আৰু গ্ৰাম কুহুমত থাকে৷ সেয়ে সম্পূৰ্ণ এটা কণী শিশুক খাবলৈ দিয়া উচিত৷ তেতিয়াহে সম্পূৰ্ণ প্ৰটিন শৰীৰে পাব৷ তাৰোপৰি ২২ বিধ এমিনো এচিডৰ ( Amino Acid) ১১ বিধ বগা অংশত আৰু ১১ বিধ কুহুমত থাকে৷ যদি শিশুটিৰ একো অসুবিধা নাথাকে বা কোনো এলাৰ্জি নাই, তেন্তে কণী নিজেই খাদ্য তালিকাত সন্নিৱিষ্ট কৰাটো উচিত৷

) আদা আয়ুৰ্বেদ মতে আদাক ৰোগ নিবাৰণৰ মহৌষধ বুলি গণ্য কৰে৷ চৰ্দি, কাহ লে আদা চাহ খোৱাটো সাধাৰণ কথা আমাৰ বাবে৷ আদাত বহু এনে উপাদান আছে, যিয়ে ভাইৰেল ৰোগ নিৰাময়ত সহায় কৰে৷ সেয়ে শিশুৰ খাদ্যত এই মহামাৰীৰ সময়ত আদা সংযোজন কৰাটো নিত্যান্তই প্ৰয়োজনীয়৷

) হালধি হালধি ভাৰতীয় পাকঘৰৰ সদায় ব্যৱহাৰ হোৱা এবিধ সামগ্ৰী৷ কিন্তু হালধি এবিধ এণ্টিচেপ্টিক৷ সেয়ে আঘাত পালে, শৰীৰৰ বিষ লে গাখীৰৰ লগত হালধি মিলাই খাবলৈ দিয়া হয়৷ সেয়ে শিশুক কেঁচা হালধিৰ ৰস গাখীৰৰ লগত মিহলাই খাবলৈ দিব লাগে৷

১০)  Berrys  এইবিধ খাদ্যত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায়৷ ৰোগ প্ৰতিৰোধত এটা গুৰুত্বপূৰ্ণ ভূমিকা ভিটামিন চি আছে৷ সেয়ে শিশুসকলক  strawberry, blueberry, cherry খাবলৈ দিয়াটো উচিত৷  Strawberry, cherry আমাৰ সহজ লভ্য৷ গাখীৰৰ লগত  Milkshake প্ৰস্তুত কৰিও শিশুক খাবলৈ দিলে ভাল পাব খাই৷ আচলতে সুস্বাদু হয় এনেকুৱা  Milkshake বোৰ৷

আজি প্ৰধান ১০ বিধ খাদ্যৰ কথা মই ওপৰত উল্লেখ কৰিলোঁ৷ শিশুৰ ৰোগ প্ৰতিৰোধত যিবোৰ খাদ্যই সহায় কৰে৷ যিহেতু প্ৰকৃতিৰ পৰশৰ পৰা শিশুসকল এই মহামাৰীৰ সময়ত বিচ্ছিন্ন হৈ পৰিছে, খেলাধূলা কৰিব পৰা  নাই, সেয়ে ঘৰত এটি আনন্দকৰ পৰিৱেশ বজাই ৰখাটোও সিহঁতৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ পক্ষে খুবেই প্ৰয়োজনীয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *