
‘‘ডাক্টৰনী বাইদেউ৷ ছোৱালীজনীক বচাওক৷ উশাহ লোৱাত বহুত কষ্ট পাইছে৷ এক সপ্তাহ এনেকৈয়ে আছে৷ খোৱা–বোৱাও কৰা নাই৷ মই ৰাতিপুৱা চাৰি বজাত ঘৰ সোমাই এইক বেছি বেয়া অৱস্থাত দেখি লৈ আহিছোঁ৷ দামী কাষ্ট’মাৰে নাচ শেষ হ’লে আমাক অলপ ফুৰাবলৈ লৈ যায়৷ আপুনিতো জানেই বাইদেউ? আমি এনেকৈয়ে চলো৷’’
‘‘তুমি কেঁচুৱাৰ মাক নেকি?’’
‘‘নহয় বাইদেউ, মই গোলাপ৷ আমাৰ নামবোৰ আমাৰ বাঈজীয়ে ঠিক কৰি দিয়ে৷ মই ‘বানজাৰা হোটেল’ৰ বাৰ গাৰ্ল৷ মই বিখ্যাত বাৰ গাৰ্ল ৰ’জমেৰীৰ ছোৱালী৷’’
‘‘মাক কিয় অহা নাই? দেউতাক হ’লেও আহিব লাগিছিল৷’’
‘‘এইৰ দেউতাক বহুত৷ কিন্তু কামত এজনো নাই৷’’
‘‘মানে?’’
‘‘ৰ’জমেৰী বহু ধুনীয়া বাইদেউ, বহুত ভাল নাচে৷ বহুত ডাঙৰ ডাঙৰ বাবুৰ তাই বহুত আলাসৰ লাৰু৷ তাৰে এজন বাবুৱে ৰ’জমেৰীক লৈগত লৈ ক’ৰবাত ফুৰিবলৈ গৈছে৷ এক মাহৰ বাবে গৈছে৷ এনেকৈয়ে ময়ো এবাৰ গৈছিলোঁ৷ ইনকাম বহুত ভাল হয়৷ বহুত দিন নানাচিলেও ভালদৰে চলি থাকিব পাৰি…’’
‘‘হয় নেকি? তোমালোকৰেই ভাল দিয়া৷ ৰ’জমেৰী বাৰু চিংগাপুৰলৈ গৈছে নেকি?’’
‘‘হয় হয় বাইদেউ… চিংগাপুৰলৈ গৈছে৷’’
‘‘তাইক লগত লৈ যোৱা বাবুটো শকত, পেটটো বহুত ডাঙৰ হয়নে?’’
‘‘হয় বাইদেউ…
কিন্তু আপুনি কেনেকৈ জানিলে?’’
‘‘বাবুটোৰ চুলি নাই, তপা… সেইকাৰণে টুপি পিন্ধি থাকে… হয়নে?’’
‘‘হয় বাইদেউ৷’’
‘‘কথা কওঁতে চকু এটা টিপিয়াই থাকে,
হয়নে বাৰু?’’
‘‘একদম হয়…’’
‘‘গোলাপ, তুমি একদম জেগাত আহি গ’লা৷ কেঁচুৱাটোৰ সম্পূৰ্ণ দায়িত্ব মোৰ৷ মই নিজে তাইক চাম৷ তুমি একেবাৰে চিন্তা কৰিব নালাগে৷ তাইৰ ডিঙিটো ঘেৰঘেৰাই আছে৷ কফ বেছি হৈ তাই কষ্ট পাইছে৷ দৰৱ পৰিলেই ভাল হৈ যাব৷’’
‘‘বাইদেউ, খৰচ পাতি, আপোনাৰ ফীজ…’’
‘‘একো নালাগে, মই যি কৰিব লাগে কৰিম, তুমি নাজানা নেকি? যোৰহাট মেডিকেল কলেজৰ শিশু বিভাগটো সম্পূৰ্ণ বিনামূলীয়া৷ কিমান চাফ–চিকূণ চোৱা৷ সৌ যে দেখিছা, মানুহবোৰ শাৰী পাতি আছে, তাতে এটা টিকট লৈ লোৱাগৈ যোৱা৷’’
‘‘বাইদেউ, আপুনি বহুত ভাল ডাক্টৰনী৷’’
‘‘ৰ’জমেৰী বাবুটোৰ সমান ভাল নহয়…’’
‘‘বাইদেউ, বাবুটোক আপুনি ভালকৈ চিনি পায়৷’’
‘‘নাই নাই, বাবুটোক মই চিনি নাপাওঁ৷ মই মোৰ মানহটোকেই চিনি নাপালোঁ৷ দেখাত কিন্তু তুমি কোৱা বাবুটোৰ নিচিনাই৷ তুমি টিকটটো লোৱাগৈ যোৱা… ছোৱালীজনীক সোনকালে ভাল কৰাটোহে আচল কথা…’’৷