
লেখক পৰিচিতি ঃ অমৰ কথা সাহিত্যক আৰ্নেষ্ট হেমিংওয়ে আছিল আমেৰিকাৰ এগৰাকী জনপ্ৰিয় লেখক৷ হেমিংওয়েৰ জন্ম হৈছিল ১৮৯১ ১ ২১ জুলাইত৷ অত্যন্ত জনপ্ৰিয় এইগৰাকী সাহিত্যিকে ১৯৫৪ চনত নোবেল বঁটা লাভ কৰে৷ এ ফেয়াৰ টু আৰ্মচ, ফৰ হুম দা বেল টোলস, এ মুভেবল ফিষ্ট আদিকে ধৰি বহু উপন্যাস সৃষ্টিৰে সাহিত্য জগত চহকী কৰিছিল৷ এই ‘নিঃসংগতা’
শীৰ্ষক গল্পটো তেওঁৰ অনবদ্য ৰচনা ‘‘এ ক্লিন ওয়েল লাইটেড প্লেস’’ গল্পৰ মুকলি অনুবাদ৷ দুখৰ কথা ১৯৬১ চনৰ ২ জুলাইত এইগৰাকী জনপ্ৰিয় লেখকে আত্মহত্যা কৰে৷
গভীৰ নিশা চাৰিওফালে নিৰ্জনতা৷ ক্যাফেখনো প্ৰায় শূন্য হৈ পৰিছে৷ সকলো গ্ৰাহক ইতিমধ্যে গৈছেই৷ মাত্ৰ এজন বয়সীয়া মানুহৰ বাহিৰে সকলোতে শূন্যতা৷ নিয়ন লাইটৰ সেমেকা পোহৰ গছৰ ওপৰত পৰিছে৷ গছজোপাৰ ছাঁ মাটিত পৰিছে৷ বুঢ়া মানুজন গছৰ তলত বহি আছে৷ দিনত ৰাস্তাত বৰ ধূলি হ’লেও নিশা কুঁৱলীয়ে ধূলি সামৰি আনে৷ মানুহজন ক্যাফেখনত বহু ৰাতি পৰ্যন্ত বহি থাকে৷ হয়তো কাণেৰে ভালকৈ শুনাও নাপায়৷
ৰাতি গভীৰ হোৱাৰ লগে লগে পৰিৱেশটো শান্ত হৈ আহে৷ এই সময়খিনি মানুহজনৰ বাবে অলপ বেলেগ যেন লাগে৷ ক্যাফেখনৰ ভিতৰত থকা ওৱেটাৰ দুটাই ভালকৈ বুজিছে যে বুঢ়া এতিয়া পুৰা নিচাগ্ৰস্ত৷ দুজন ওৱেটাৰৰ মাজত এজনৰ বয়স বহুত কম৷ সিহঁতে ভালকৈ জানে যে বুঢ়াজন ভাল কাষ্টমাৰ৷ অৱশ্যে বেছি মদ খালে হয়তো পইচা নিদিয়াকৈ উঠি যাব পাৰে বুলি সিহঁতে তেওঁৰ ওপৰত পুৰা চকু দি থাকে৷
‘এজন ওৱেটাৰে ক’লে যে যোৱা সপ্তাহত বুঢ়াজনে আত্মহত্যা কৰিবলৈ ওলাইছিল৷’
‘ইচ্
কিয়?’
‘একো কাৰণ নাছিল৷’
‘কেনেকৈ জানিলা একো কাৰণ নাছিল বুলি?’
‘তেওঁৰ বহুত টকা–পইচা৷’
ক্যাফেৰ দুৱাৰখনৰ কাষত এখন টেবুলত দয়োজন ওৱেটাৰ বহি আছিল৷ বুঢ়াজনক চাই চাই কথা পাতিছিল৷ সকলো টেবুল খালী৷ মাত্ৰ গছ পাতৰ ছাঁৰে আৱৰি থকা টেবুলখনত বুঢ়া বহি আছিল৷ বতাহত ছাঁ কঁপি উঠিছিল৷
সন্মুখৰ ৰাস্তাৰে এজনী ছোৱালী গৈছিল৷ লগত এজন সেনাৰ লোক৷ ৰাস্তাৰ লাইটৰ পোহৰত সেনাজনৰ চাৰ্টৰ বেজটো জিলিকি গৈছিল৷ ছোৱালীজনীৰ মুৰত একো কাপোৰ নাই৷ সেনাজনৰ লগে লগে খৰকৈ খোজ দিছে তাই৷ এজন ওৱেটাৰে ক’লে,
‘সেনাজনে তাইক ধৰিব৷ ইমান ৰাতি৷’
ইজন ওৱেটাৰে বিৰক্তিত ক’লে,
‘যিয়ে যি কৰে কৰক আমাৰ কি আহে যায়?’
তথাপি তাই ইমান ৰাতি এইফালে নোসোমাৱাই ভাল আছিল৷ সেনা এইফালে অহা–যোৱা কৰি থাকে৷
যুৱক ওৱেটাৰজন বুঢ়া মানুহজনৰ ওচৰলৈ গ’ল আৰু সুধিলে, ‘কিবা লাগিব নেকি?’
বুঢ়াজনে তালৈ চাই ক’লে,
‘আৰু লেপ ব্ৰেণ্ডি৷’
ওৱেটাৰজনে ক’লে,
‘আপোনাৰ পুৰা নিচা লাগিছে৷ আৰু খালে আৰু অলপ বেছি হ’ব৷’
বুঢ়াই কিন্তু তাৰফালে চাইয়ে থাকিল৷
উপায়হীন হৈ যুৱক ওৱেটাৰজনে ব্ৰেণ্ডি আনিবলৈ গ’ল৷ লগৰজনক খঙেৰে ক’লে,
‘এই বুঢ়া আজিও গোটেই ৰাতি থাকিব ছাগে৷’
‘মোৰ খুব টোপনি ধৰিছে৷ ৰাতি তিনিটাৰ আগতে শুবলৈ নোপোৱাই হৈছো৷ যোৱা সপ্তাহত বুঢ়াই আত্মহত্যা কৰিবলৈ লৈছিল, মৰাই ভাল আছিল৷’
যুৱক ওৱেটাৰজনে এবটল ব্ৰেণ্ডি আৰু এটা গিলাচ লৈ বুঢ়াৰ কাষ পালে আৰু বুঢ়াক এগিলাচ ঢালি দিলে৷ বুঢ়াৰ মুখ আনন্দৰে ভৰি উঠিল৷ ওৱেটাৰজনে খঙতে বুড়াক ক’লে যোৱা সপ্তাহত মৰি যাব লাগিছিল যদিও সি জানে বুঢ়া কলা, তেওঁ একো শুনা নাপায়৷ তথাপি মনৰ খং মাৰ নিয়াবলৈকে২ এনেদৰে ক’লে৷
বুঢ়াক আৰু অলপ দিবলৈ আঙুলিৰে ইচাৰা দিলে৷
ওৱেটাৰে আৰু বাকী দিলে পূৰ্ণ গিলাচৰ পৰা অলপ টেবুলত পৰি গ’ল৷ বটলটো লৈ সি ক্যাফেৰ ভিতৰ পালেগৈ৷ লগৰজনক ক’লে, ‘বুঢ়া পুৰা মাতাল হৈ গৈছে৷’
‘এইয়াতো প্ৰতি ৰাতিৰে কথা’- ইজনে ক’লে৷
‘কি কাৰণে বা এই বয়সত আত্মহত্যা কৰিবলৈ গৈছিল?’
‘মই কেনেকৈ জানিম?’ যুৱক ওৱেটাৰে ক’লে৷
‘কেনেকৈ মৰিবলৈ গৈছিল?’
‘ডিঙিত ৰচি লগাই৷ মানে ফাঁচী ল’বলৈ বিচাৰিছিল৷’
‘ৰচি কাটি তেওঁক কোনে নমালে?’
‘তেওঁৰ ভায়েকৰ ঘৈণীয়েকে৷’

‘কিয় বা বচালে তেওঁক?’
‘ভূতৰ ভয়ত ছাগে৷’
‘তেওঁৰ বহুত টকা আছে৷’
‘তেওঁৰ বয়স ৮০ বছৰ মান হ’ব৷’
‘অ’ তেনেকুৱাই হ’ব৷’
‘উঃ কেতিয়া যে ঘৰলৈ যাব পাৰিম?’
‘ৰাতি ৩ টা বজাৰ আগতে কেতিয়াও যোৱা নহয়৷’
‘এইটো কি শোৱাৰ সময়?’
‘বুঢ়াৰ ভাল লাগে সেইকাৰণে ৰাতি এনেদৰে থাকে৷’
‘মানুহটো আচলতে বৰ নিঃসংগ৷ কিন্তু আমিতো নিঃসংগ নহয়৷ আমাৰ পৰিয়াল আছে৷ ঘৈণীয়ে ছাগে এতিয়াও অপেক্ষা কৰি আছে৷’
‘এটা সময়ত তেওঁৰো ঘৈণীয়েক আছিল৷’
‘কিন্তু এতিয়া আৰু তেওঁৰ ঘৈণীয়েক তেওঁৰ কোনো কামত নাহে৷’
‘তুমি তেনেকৈ নক’বা৷ কাৰণ তেওঁৰ এইটো বয়সত ঘৈণীয়েক থকা হ’লে বহুত সুবিধা হ’লহেঁতেন৷’
‘কিয় তেওঁৰ ভায়েকৰ ঘৈণীয়েকে তেওঁক বচায় বুলি দেখোন তুমি কৈছিলা৷’
‘মই তেওঁৰ দৰে বুঢ়া হ’ব নিবিচাৰো৷ বুঢ়া বয়স সঁচাকৈ বৰ জঘন্য৷’
‘সদায় নহয়৷ এই বুঢ়া মানুহজন বৰ সৰল৷ কেতিয়াও কষ্ট কৰি মদ নাখায়৷ আনকি এই মাতাল অৱস্থাতো নষ্ট নকৰে৷ চোৱাচোন এবাৰ তুমি৷’
‘নাই নাই মই নাচাও৷ মই বিচাৰিছো তেওঁ ঘৰলৈ যাওঁক৷ আমাৰ দৰে মানুহৰ কাৰণে তেওঁৰ দয়া নাই৷’
এইবাৰ বুঢ়াজনে সিহঁতৰ ফালে চালে৷ গিলাচটো দেখুৱাই মদৰ অৰ্ডাৰ দিলে৷
যুৱক ওৱেটাৰজন যোৱাৰ বাবে খৰখেদা লগাইছিল৷ সি বুঢ়াৰ ওচৰলৈ গ’ল আৰু ক’লে আজি ৰাতি আৰু নহ’ব৷ ক্ষমা কৰিব৷
বুঢ়া নাচোৰ বান্দা৷ আকৌ ক’লে, ‘মোক আৰু লাগে৷’
‘নহ’ব৷ আজিৰ বাবে ইয়াতে শেষ৷’ ওৱেটাৰজনে টেবুল মচি মচি ক’লে৷
বুঢ়া উপায় নাপাই উঠিল৷ টেবুলত থকা গিলাচ আৰু প্লেটবোৰ হিচাপ কৰি কোনোমতে পকেটৰ পৰা ব্ৰাউন ৰঙৰ পাৰ্চটো উলিয়াই দাম দিয়াৰ লগতে ওৱেটাৰজনকো তাৰ টিপচ দিলে৷
ওৱেটাৰ দুটাই দেখিলে নিৰ্জন জাৰণিখনত বুঢ়া অকলে খোজকাঢ়ি গৈ আছে৷ খোজবোৰ দেখিলেই বুজা যায় কিমান মৰ্যদাসম্পন্ন তেওঁ৷
তেওঁক আৰু অলপ সময় থাকিবলৈ দিব লাগিছিল৷ ইজন ওৱেটাৰে ডেকা ওৱেটাৰজনক ক’লে৷ কথা কৈ কৈ দুইজনে ক্যাফেৰ ছাটাৰ নমালে৷ এতিয়াও আঢ়ৈ বজাই নাই৷
‘মই ঘৰলৈ যাওঁ৷ শুব লাগে৷’
‘অলপ সময় ৰ’বা৷’
‘নাই নাহ,× মই যাওঁ৷’
‘ইমান লৰালৰি কিয়?’
‘তুমি বুঢ়াৰ দৰে কথা কৈছা৷’
‘বুঢ়াই এটা বটল কিনি ঘৰতে খাব পাৰে দেখোন আৰামত৷’
‘এটাইতো একো নহয়৷’
‘সেইটো হয়৷’ যুৱক ওৱেটাৰে স্বীকাৰ কৰিলে৷ আৰু ক’লে, ‘তাৰ ঘৰলৈযোৱাৰ অলপ লৰালৰি আছে৷’
‘হ’ব দিয়া৷ তলা মাৰা এতিয়া৷’
‘যিসকল এই ক্যাফেত দেৰীলৈ থাকিব বিচাৰে মই তেওঁলোকৰ দলৰ৷’ ইজনে ক’লে,
‘যি ৰাতি বিচনাত শুবলৈ যাব নিবিচাৰে তেঁৱো সেই দলৰ৷ ৰাতি যাৰ বাবে অন্ধকাৰ নহয় পোহৰৰ দৰকাৰ মই তেওঁলোকৰ দলৰ৷
‘মই ঘৰলৈ যাবলৈ বিচাৰো আৰু শুবলৈও বিচাৰো৷’
‘আমি দুজন দুটা ভিন্ন প্ৰকৃতিৰ মানুহ৷’ যুৱকজন ঘৰলৈ যাবলৈ প্ৰস্তুত হ’ল৷
‘এইয়া কেৱল যৌৱন আৰু আশা–হতাশাৰ কথা নহয়৷ তথাপি দুয়োটাই সুন্দৰ৷ প্ৰতি ৰাতি ক্যাফেত সচৰাচৰ কোনোবা নহয় কোনোবা এজন থাকেই৷ যাৰ ইয়াত থকাতো প্ৰয়োজন হয়৷ আৰু মই সেইবাবে ক্যাফে বন্ধ কৰিব নিবিচাৰো৷ ৰাতি যিসকলে পোহৰ বিচাৰে মই সেই দলৰ৷
‘মই ঘৰলৈ যাব বিচাৰো আৰু শুবলৈও বিচাৰো৷’
‘আমি দুজন দুটা বেলেগ প্ৰকৃতিৰ মানুহ৷’ যুৱক ওৱেটাৰজন ঘৰলৈ যাবলৈ প্ৰস্তুত হ’ল৷
‘এইয়া অকল যৌৱন আৰু হতাশাৰ কথা নহয়৷ অৱশ্যে যদিও দুয়ো সুন্দৰ৷ প্ৰায় ৰাতি ক্যাফেত কোনোবা এজন নহয় কোনোবা থাকে৷ যি হয়তো বিচাৰে ক্যাফেত থকাটো আৰু মই সেইবাবে ক্যাফেৰ ছাটাৰ বন্ধ কৰিব নিবিচাৰো৷’
‘বহুত ধাবা আছে যিবোৰ ৰাতিও খোলা থাকে৷’
‘তুমি বুজি নোপোৱা৷ ক্যাফেবোৰ সুন্দৰ আৰু মনোৰম৷ পোহৰেৰে ভৰি থাকে৷ লগত থাকে গছৰ পাতৰ মায়াবী ছাঁ৷’
‘শুভৰাত্ৰি’ বুলি কৈ যুৱক ওৱেটাৰজন গ’ল৷
সিজন ওৱেটাৰেও
‘শুভৰাত্ৰি’
বুলি কৈ কথা শেষ কৰিলে৷ লাইট নুমুওৱাৰ পাছত সি নিজে নিজে ক’লে, ‘পোহৰ থাকিলেই নহ’ব পৰিস্কাৰ হ’ব লাগিব৷ তুমি হয়তো সংগীত ভাল নাপাবাও পাৰা আৰু হয়তো পাবও পাৰা৷ আৰু হয়তো ইমান সময়ত বাৰ খোলা থাকিলে তুমি মৰ্যদাৰ সৈতে বাৰৰ সন্মুখত থিয় হ’ব নোৱাৰা৷ সেইয়া ভয়ো হ’ব পাৰে৷ কিছুমান মানুহে খুব সুন্দৰভাৱে সজোৱা পোহৰেৰে ভৰা ঠাই বিচাৰে৷ হাঁহি হাঁহি ওৱেটাৰজন এখন বাৰৰ সন্মুখত ৰ’লগৈ৷ কফি মেলিনৰ পৰা লোভনীয় গোন্ধ আৰু ধোৱা উৰি আছিল৷
বাৰমেনজনে তাক দেখি সুধিলে, ‘কি লাগে তোমাক?’
‘নাডা৷’
বাৰমেনজনে সুধিলে, ‘এটা নে?’
‘হয় এটা লাগে৷’ ওৱেটাৰজনে ক’লে৷
বাৰমেনজনে তাক এটা সৰু কাপত দিলে৷
ওৱেটাৰজনে ক’লে ইয়াত পোহৰ বৰ সুন্দৰ যদিও বাৰখন বৰ লেতেৰা৷
বাৰমেনজেন ওৱেটাৰজনক চালে, কিন্তু বিশেষ একো নক’লে৷ মাত্ৰ ক’লে,
‘এইটো কথা পতাৰ সময় নহয়৷ বহুত দেৰী হৈ গৈছে৷ তোমাক কি আৰু লাগিব?’
‘নালাগে৷ ধন্যবাদ৷’
কথাষাৰ কৈ ওৱেটাৰজন গ’লগৈ৷ বাৰ, ধাবা এইবোৰ তাৰ পছন্দৰ নহয়৷ একো চিন্তা নকৰাকৈ সি ঘৰলৈ যাব লাগে বিছনাখন পালেই শুই যাব লাগে৷ দিনৰ পোহৰ আহিলেহে তাৰ টোপনি যাব৷ সি নিজকে নিজে ক’লে এইটো হয়তো ‘‘ইনসোমনিয়া’’
এক প্ৰকাৰ বেমাৰ৷ বেমাৰ হ’লেও বহুতৰ বাবে এইটো থকা দৰ্কাৰ৷
‘নহয়নে বাৰু?’