
প্ৰকৃতিৰ ৰূপ–ৰং অনন্য ঐশ্বৰ্য আৰু সৌন্দৰ্যৰে ভৰা৷ মানৱ জাতিক সন্মোহিত কৰি অহা প্ৰকৃতিৰ গুণ আৰু মহিমা বৰ্ণনা কৰি আমি কেতিয়াও শেষ কৰিব নোৱাৰো৷ চাই চাই ভাগৰি নপৰাকৈ আমি মাথো নিজক বিলীন কৰিব পাৰো প্ৰকৃতিৰ অনন্য সৌন্দৰ্যৰ মাজত৷
প্ৰকৃতিৰ ৰূপ ৰঙেৰেই সমৃদ্ধ হৈ ধৰাৰ বুকুলৈ আহে শৰৎ৷ ঋতুচক্ৰৰ হিচাপত শৰতৰ স্থান তৃতীয়৷ শৰত মানেই জোনাক, শৰত মানেই মুকলি এখনি আকাশ, শৰত মানেই শান্তি, শৰত মানেই সমৃদ্ধি৷
শৰতৰ ৰূপ আৰু বিচিত্ৰতাত মানৱ জাতি সদায়ে সন্মোহিত হৈ আহিছে৷ শৰত যে ঋতুৰ ৰাণী৷ শাওনৰ বৰষুণৰ পিছত দেখা মুকলি এখন আকাশ, তুলাৰ দৰে দেখা ডাৱৰৰ সমদল, স্নিগ্ধ জোনাক, মৃদু বতাহ, দিগন্ত বিয়পা সেউজীয়া ধাননি… সকলোতেতো আছে শৰতৰ মায়া৷
গ্ৰীষ্ম আৰু বৰ্ষা ঋতুৰ অন্তত আৰম্ভ হয় শৰত৷ গ্ৰীষ্মৰ প্ৰখৰ ৰ’দ আৰু বাৰিষা কালৰ মুষলধাৰ বৰষুণৰ ফলত সাৰুৱা হৈ পৰা মাটিত শৰতে কঢ়িয়াই আনে শস্য শ্যামলা ফল–ফুলৰ এখনি সম্ভাৱনাৰ নতুন পৃথিৱী৷
শৰতে আশা কঢ়িয়াই আনে, আনে কৃষকৰ বাবে প্ৰাচুৰ্যৰ বতৰা৷ হাড়ভঙা পৰিশ্ৰমেৰে কৃষকে ৰোপণ কৰা ধানৰ থোকবোৰ এই শৰতৰ দিনবোৰতেই সপোনৰ দৰে বাঢ়ি আহে লহপহকৈ৷ কৃষকৰ হাতত প্ৰাণ পাই উঠা এই পথাৰবোৰে প্ৰকৃতিৰ ৰূপত সোণত সুৱগা চৰাই৷ শৰতৰ এই সুবিমল পৰিৱেশত আমি কিছু সময়ৰ বাবে হ’লেও পাহৰি থাকিব পাৰো আমাৰ দুখ–বেদনা৷ শৰতৰ সৌন্দৰ্যত যে আছেই এই যাদুকৰী মায়া৷ শৰতৰ শেৱালীৰ সুবাস, নৈৰ পাৰৰ কহুঁৱাৰ বিলাস, ৰিব ৰিব কৈ বলি থকা মলয়া বা/ আসঃ কি নাই শৰতত৷
পদূলিৰ শেৱালিজোপাই গোটেই ৰাতি আমোলমোলাই ফুলি আমাক সমৃদ্ধ কৰি ৰাখে৷ আৰু যেন ৰৈ থাকে প্ৰতি পুৱাই আমাক আদৰিবলৈ এখনি qw দলিচা হৈ৷ আৰু ইফালে কহুঁৱাৰ লাৱনি নাচোন৷ আকাশৰ qwতাক তুলি ধৰিবলৈয়ে যেন ফুলি উঠে কহুঁৱা৷ নৈৰ পাৰত এই শৰতৰ দিনবোৰতেই কহুঁৱাই পাৰি দিয়ে এখনি qw আচল৷ আকাশ চুব বিচৰা এই qwতাই কাক বাৰু আমনি নকৰে/ এই মনোৰম সৌন্দৰ্যই সকলোৰে বাবে কঢ়িয়াই আনিব পাৰে অফুৰন্ত আশা আৰু প্ৰেৰণাৰ বতৰা৷ সেয়ে গীত, কবিতা সকলোতে বিয়পি আছে কহুঁৱাৰ মায়াসনা সৌন্দৰ্য৷ কহুঁৱা আৰু শেৱালিৰ অবিহনে যে শৰতৰ বৰ্ণনা একেবাৰেই অসম্পূৰ্ণ৷
কহুঁৱা, শেৱালিৰ লগতে এই শৰতৰ দিনবোৰতেই ফুলি উঠে মাধৈ–মালতি,
কৰৱী,
যুতি,
পাৰিজাত৷ ফুলৰ লগতে শৰতৰ দিনবোৰ বিভিন্ন ফলৰ সম্ভাৰেৰেও উপচি পৰে৷ সেয়ে ইংৰাজী কবি জন কীটচে শৰতক কুঁৱলী আৰু ফলৰ ভৰপক বতৰ বুলি কৈ গৈছে৷ এই সময়তে জলফাই, আমলখি,
পনিয়ল আদি ফলে পক ধৰে৷
শৰতৰ শেৱালি, নিয়ৰ,
কহুঁৱা,
qw এই আকাশ এই সকলোবোৰেই কঢ়িয়াই আনে এক উৎসৱমুখৰ পৰিৱেশ৷ উৎসৱ মানেইতো আনন্দ৷ শাৰদী ৰাণীৰ অৱগাহনতেই আৰম্ভ হয় দেৱী বন্দনা৷ শাৰদীৰ শংখধবনিত চাৰিওফালে গুঞ্জৰিত হয় শৰত উৎসৱ৷ অশুভ শক্তি নাশ কৰিবলৈ এই শৰতৰ দিনবোৰতেই আৰম্ভ হয় প্ৰাৰ্থনা আৰু কুশলে থকাৰ চিন্তা৷ ন দিন ন ৰাতিলৈ ধূপ–ধূনাৰ ধোৱাত বাজি থাকে দেৱী বন্দনাৰ ৰাগ৷

এই শৰতৰ দিনবোৰতেই তুলসী তলত জ্বলি উঠে ঢিমিকঢামাক এগচি চাকি৷ অসমীয়া সমাজৰ ঐতিহ্য আৰু বিশ্বাসৰ সাক্ষী হিচাপে এই শৰত কালতেই পতা হয় আমাৰ হেঁপাহৰ কাতি বিহু৷ এই শৰততেই হয় ৰাসলীলা৷ শ্ৰীকৃষ্ণ আৰু গোপীসৱৰ ঐশ্বৰিক প্ৰেমৰ জৰিয়তে ভক্তিৰসৰ সঞ্চাৰ দিবলৈ আৰম্ভ হয় এই আনন্দোৎসৱৰ৷ গীত, নৃত্য,
বাদ্য,
ভাওনা আদিৰ জৰিয়তে আৰম্ভ হয় এক অনন্য উৎসৱৰ৷
এই উৎসৱ সমূহেইতো ৰক্ষা কৰে আমাৰ ঐতিহ্য আৰু সংস্কৃতিৰ পৰম্পৰা৷ ঐতিহ্যৰ বাহকৰ লগতে এই উৎসৱ সমূহে আমাৰ মানৱ জীৱনতো এক অনন্য পৰিৱৰ্তন সাধন কৰে৷ ব্যস্ততাৰে ভৰা দিনবোৰ পাহৰি কিছু সময়ৰ বাবে হ’লেও মানুহ বিলীন হ’ব পাৰে এই উৎসৱমুখৰ পৰিৱেশত৷ কিছু হ’লেও সময় ইজনে সিজনক দিব পাৰে নিজৰ ব্যস্ততাৰে ভৰা ৰুটিন এখনৰ পৰা৷ অভাৱ–অভিযোগেৰে পাৰ হোৱা দিনবোৰ কিছু সময়ৰ বাবে হ’লেও ভৰি পৰিব পাৰে আনন্দ আৰু প্ৰাপ্তিৰে৷
এই প্ৰাপ্তি এই উৎসৱৰ দিনবোৰেই আনে, এই শৰতৰ দিনবোৰেই আনে৷ সকলো অপায় অমঙ্গল, অসূয়া–অশান্তি পাহৰি আহকচোন প্ৰকৃতিৰ লগতে আমিও এই শৰতৰ দিনবোৰতেই জী উঠো ন কৈ৷