
The Mizo National front (MNF) led by PU Laldenga (১৯২৭–১৯৯০)
was formed in ১৯৬০ (faiming of ১৯৫৯–১৯৬০) and
raised demand of soverign independent Mizoram. হয়, আজিৰ উত্তৰ–পূব অঞ্চলৰ অংগ মিজোৰাম– মিজোৰাজ্য গঠন একেদিনাই বা সহজ বা অতি আলসুৱা জাতি গঠনৰ চেতনাৰে জন্ম হোৱা নাই৷ বৰ্তমানৰ মিজোৰামৰ সৈতে চুবুৰীয়া ৰাষ্ট˜ আৰু ভাৰতৰ অন্য অংগ ৰাজ্যৰ সৈতে বহু ঘাত–প্ৰতিঘাত, বিশ্বাস–অবিশ্বাস, শত্ৰু–মিত্ৰ, সহায়–সহযোগিতা, ৰাজনীতি, অৰ্থনীতি, পৰিচয়, আত্মপৰিচয়ৰ বৃহৎ বিষয় আৰু পৰিস¸ৰ জড়িত হৈ আছে৷ লালডেংগা– এই বিদ্ৰোহী চিৰপৰিচিত–বিশ্বপৰিচিত নেতাজনৰ মিজোৰাম গঠনৰ আঁৰত আমি স্পষ্টকৈ –
(ক) বৃহত্তৰ মিজোসকলৰ সামূহিক নিৰাপত্তা,
(খ) মিজোসকলৰ আত্মনিয়ন্ত্ৰণ,
(গ) মিজোসকলৰ বিচ্ছিন্নতাবাদী জাতীয় চেতনা,
(ঘ) পৃথক ৰাজনৈতিক আৰু প্ৰশাসনীয় অনুমোদন,
(ঙ) সাৰ্বভৌম ৰাষ্ট˜ গঠনৰ
(পৃথক ৰাষ্ট˜) হাবিয়াস,
(চ) মিজো ‘‘Elite Nationalism of Mizo” ১ মত দৰ্শনৰ দ্বাৰা বিশ্বাসী আৰু প্ৰতিষ্ঠাৰ প্ৰয়াস ইত্যাদি চকুত পৰে৷ ই সত্য আৰু প্ৰমাণিত বুলি আমাৰ অধ্যয়নত বিবেচিত৷ তদুপৰি লালডেংগাৰ জাতীয় নিৰাপত্তাৰ সৈতে অন্য কেইটামান সংশয়, শঙ্কা আৰু আত্মপৰিচয়ৰ দিশ আমি উল্লেখ কৰা সমীচিন হ’ব৷ যিবোৰক ভাৰত চৰকাৰেও আইনীভাৱে,
সাংবিধানিকভাৱে,
স্বীকৃতি প্ৰদান কৰিবলৈ বাধ্য হৈছিল৷ সেই দিশ অতি সূক্ষ্ম আৰু মিজোৰামৰ ৰাজনীতি, অৰ্থনীতি আৰু সামাজিক পৰিৱেশ চাই জানি–বুজি আমি বিশে¡ষণ কৰি তলত দিয়া ধৰণেৰে উল্লেখ কৰিলোঁ৷
(ক) মিজোসকলৰ ক্ষেত্ৰত অৰ্থনৈতিক শোষণ বঞ্চনাৰ দিশ,
(খ) জাতি–ভাষা–সংস্কৃতি লোক পৰম্পৰা হেৰুৱাৰ ভয়,
(গ) পাহাৰ, ভৈয়াম, জনজাতি–অজনজাতিৰ বৈষম্যৰ বলি হোৱা,
(ঘ) ভাৰতীয়সকলে (তেওঁলোকৰ ভাষাত) বা ভাৰতীয়সকলৰ আত্ম–অহংকাৰ,
(ঙ) ৰাজনৈতিক দমন ইত্যাদি৷
মিজোৰামত বা মিজো জনসাধাৰণৰ মাজত সশস্ত্ৰ বিদ্ৰোহৰ মূল কাৰণ হিচাপে বিবেচিত হয় আৰু তাৰ পৰিপ্ৰেক্ষিততেই মিজোসকলে সশস্ত্ৰ নীতিৰে মূৰ দাঙি উঠে৷ এটা দিশ পুনৰবাৰ উল্লেখ কৰা প্ৰাসংগিক হ’ব যে বিচ্ছিন্নতাবাদী নীতিৰে লালডেংগাৰ নেতৃত্বৰ মিজোসকলে ১৯৬০ চনৰ আগতেই “Act of separating movement” নীতিৰে –
– Ethnic Nationalism or Ethnic group,
– Territorial nationalism,
– Religious Nationalism,
– Regional Nationalism,
– Autonomism (Left) Post Marx
মিজোভূমিত উল্লেখ কৰা বিষয়সমূহ প্ৰতিষ্ঠা কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণভাৱে প্ৰতিষ্ঠা কৰাৰ ওপৰত গুৰুত্ব দিয়ে৷ তাৰ প্ৰতিফলন হিচাপে ১৯৮৬ চনত ৫৩ তম ভাৰতৰ সংবিধান সংশোধন কৰি মিজো ৰাজ্য গঠনৰ অনুমোদন দিয়া হয়৷ ইয়াৰ পূৰ্বে ১৯৭২ চনত মিজোৰামক কেন্দ্ৰীয় শাসিত ৰাজ্য গঠনৰ অনুমতিহে দিছিল৷ কিন্তু মিজোসকলৰ যুক্তিযুক্ততা পিছত সাংবিধানিকভাৱে লিপিবদ্ধ হ’ল৷ ১৯৮৬ চনৰ ভাৰতৰ সংবিধানে ভাৰতৰ অংগৰাজ্য হিচাপে মিজোৰামক ৰাজ্য গঠনৰ দিশটো মুকলি কৰাৰ পূৰ্বে মিজোসকলৰ সৈতে যি আলোচনা হৈছিল বা যি চুক্তি কৰা হৈছিল তাকো এই আলোচনাত প্ৰাসংগিক কৰা প্ৰয়োজন৷

লালডেংগাৰ সশস্ত্ৰ বিদ্ৰোহ নিৰ্বাচনৰ বাবে আৰু মিজোসকলৰ যুক্তিযুক্ততাক সন্মান জনাই ৩০ জুন ১৯৮৬ চনত ভাৰত চৰকাৰ আৰু লালডেংগা মিজো নেচনেল ফ্ৰণ্টৰ সৈতে এখন শান্তি চুক্তি স্বাক্ষৰিত হয়৷ যিখন চুক্তিত এম.এন.
এফৰ হৈ লালডেংগাই,
ভাৰত চৰকাৰৰ হৈ সেই সময়ৰ গৃহ সচিব আ১. ডি. প্ৰধান আৰু লালখামা মুখ্য সচিব সেই সময়ৰ মিজোৰাম কেন্দ্ৰীয় শাসিত ৰাজ্যৰ৷ তাৰ পৰৱত¹ সময়ত The State of Mizoram Act, ১৯৮৬ (Act
ত্ত্বo.
৩৪
of ১৯৮৬) মিজোৰাম ভাৰতৰ অন্য ৰাজ্যৰ দৰে এখন পূৰ্ণাংগ ৰাজ্য সাংবিধানিক আৰু আইনীভাৱে বলৱৎ হ’ল৷ পুনৰ এই প্ৰসংগ দোহৰা প্ৰয়োজন যে মিজোসকলৰ প্ৰতি সন্মান জনাই ভাৰত চৰকাৰে –
(ক) ১৯৭১ চনত ‘মিজো–হিল’ক কেন্দ্ৰীয় তত্ত্বাৱধান অঞ্চল,
(খ) ১৯৭২ চনত ‘মিজোৰাম’
কেন্দ্ৰীয় শাসিত ৰাজ্য আনুষ্ঠানিক ঘোষণা,
(গ) ১৯৮৫ চনত মিজো শান্তি চুক্তি আৰু আলোচনা,
(ঘ) ১৯৮৬ চনত মিজোৰাম পূৰ্ণাংগ ৰাজ্য আইন ১৯৮৬ চনত সংসদত গৃহীত,
(ঙ) ১৯৮৬ মিজোৰামক ৫৩ তম সংশোধনীয়ে সাংবিধানিক মৰ্যাদা,
(চ) ১৯৮৭, ২০ ফেব্ৰুৱাৰীত ২৩ নং পূৰ্ণাংগ ৰাজ্য সাংবিধানিক আৰু আইনীভাৱে ঘোষণা ইত্যাদি৷
এই পূৰ্ণাংগ আইনী আৰু সাংবিধানিক ব্যৱস্থাৰ সৈতে মিজোসকলৰ কেইটামান বাস্তৱ আৰু সামূহিক নীতিত ‘সশস্ত্ৰ আৰু বৈদেিশক’ নীতিয়ে অন্যতম স্থান লাভ কৰে৷ ১৯৫০ চনৰ শেষৰফালে লালডেংগাৰ সেই সশস্ত্ৰ বিদ্ৰোহ ভাৰত চৰকাৰৰ সেনাৰ সৈতে, সেই সশস্ত্ৰ শক্তি বিচ্ছিন্নতাবাদলৈ ৰূপান্তৰ কৰিছিল৷ ভাৰত চৰকাৰ আৰু ভাৰতীয় সেনাবাহিনীক ভাবুকি দি ভাৰতৰ পৰা পৃথক কৰাৰ শক্তি আৰু সাহস গঢ়ি তুলিছিল মিজো সমাজ আৰু লালডেংগাই৷ ইয়াৰ বাবে লালডেংগাই বৈদেশিক নীতি
(Foreign Policy), আন্তঃৰাষ্ট˜ীয় ৰাজনীতি
(International Politics), আন্তঃৰাষ্ট˜ীয় আইন
(International Law), আৰু আন্তঃৰাষ্ট˜ীয় কূটনীতিত (Foreign Diplomacy), আদিত নিজকে পাৰ্গত কৰি তুলিছিল৷ পাকিস্তান
(বৰ্তমান একাংশ বাংলাদেশ),
ম্যানমাৰ আৰু পিছলৈ চীনৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল৷ সেই সেৱাতেই লালডেংগা বাহিনীয়ে এম.এন.এফ.ত এক বিশাল গেৰিলা (Guerrilla) সেনা ভাৰতীয় সেনাৰ সৈতে যুঁজিবৰ বাবে প্ৰস্তুত কৰে৷ যাৰ পৰিপ্ৰেক্ষিতত সুদীৰ্ঘ একেৰাহে ১৬ বছৰ গেৰিলা এম.এন.এফ.
সেনাই সশস্ত্ৰ সংগ্ৰাম অব্যাহত ৰাখে ১৯৮৬ চনৰ মিজো চুক্তিলৈকে৷ যাৰ সৈতে পাকিস্তান, বাংলাদেশ, ম্যানমাৰৰ বৈদেশী নীতি প্ৰত্যক্ষভাৱে জড়িত৷
অৰ্থাৎ লালডেংগাৰ বিচ্ছিন্নতাবাদী সশস্ত্ৰ সংগ্ৰামৰ সৈতে –
(ক) এম.এন.এফৰ গেৰিলা সশস্ত্ৰ সেনা,
(খ) আন্তঃৰাষ্ট˜ীয় বৈদেশীক নীতি আৰু
(গ) আন্তঃৰাষ্ট˜ীয় জনমত গঠনত সফল হৈছিল৷
সশস্ত্ৰ জনজাতীয় নেতা লালডেংগাৰ উত্তৰসূৰী হিচাপে ‘জুৰাম–থেংগা’,
হয়৷ কোন এই জুৰাম থেংগা৷ এইজন ব্যক্তিক ভাৰতীয় ৰাজনীতিবিদ বুলিলেও প্ৰকৃতাৰ্থত তেওঁ আছিল এম.এন. এফৰ গেৰিলা সেনাৰ সেনা উগ্ৰপ্ৰধান৷ দ্বoram
Thanga was Second in Command to Laldenga during Session movement of Mizo
National Front for soverign Country, in ১৯৬৫. যাৰ দ্বাৰাই উত্তৰ–পূব ভাৰত প্ৰথমেই ভাৰতীয় সেনাৰ সৈতে যুঁজিব পৰাকৈ মিজো গেৰিলা যোদ্ধা প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিল, আৰু বৰ্তমানৰ বাংলাদেশ পূৰ্বৰ পূব পাকিস্তানত আত্মগোপন কৰি সশস্ত্ৰ গেৰিলা সেনাৰ প্ৰশিক্ষণত গুৰুত্ব দিছিল৷ পিছলৈ এম.এন.এফৰ সৈতে হোৱা শান্তি আলোচনাত লালডেংগাৰ সৈতে জুৰাম থেংগাই অংশগ্ৰহণ কৰি পৃথকতাবাদী নীতিৰেই সাংবিধানিক আৰু আইনীভাবে মিজো ৰাজ্য ভূখণ্ড গঠন কৰি লয়৷ সেয়াই লালডেংগা আৰু জুৰাম থেংগাৰ মিজোভূমি৷
এতিয়া আহোঁ যোৱা জ্জ্বয১০ বছৰত সমগ্ৰ মিজোভূমি, আৰু মিজোসকলৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক তথা আত্মপৰিচয়ৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন দিশৰ সম্পৰ্কত আলোচনা কৰিবলৈ৷ হয়, পূৰ্বৰ দৰে মিজো সমাজত তিনিটা দিশত অন্য এক পুৰণি চেতনা ন–কৈ গঢ়ি উঠিছে৷ বিশেষকৈ আত্মবিশ্বাস আৰু স্বনিৰ্মাণৰ সৈত জড়িত থকা বিষয়টো৷ প্ৰায় ৮৮ শতাংশ খৃষ্টানৰ বসতি মিজোভূমিত ৰাজনৈতিক কৌশলী হিন্দুধৰ্ম বা অন্য ধৰ্মৰ ওপৰত আক্ৰমণ বা অন্য ধৰ্মৰে সম্পৰ্কৰ ক্ষেত্ৰত দল–চৰকাৰ অনীহা৷ স্বাভিমানী মিজোসকলে ভাৰতীয় ভূখণ্ডৰ অন্যসকলৰ দ্বাৰা ক’ৰবাত
–
(ক) ৰাজনৈতিক চল–চাতুৰী,
দমন আদিক অন্যায় বুলি ভবাৰ অৱকাশ,
(খ) ৰাষ্ট˜ৰ অতিকেন্দ্ৰিক আচৰণত অপমানবোধৰ অৱকাশ,
(গ) পৃথকতাবাদী দৰ্শন, মত বিশ্বাসী ইত্যাদি বিষয়ে মিজো সমাজক অন্য এটা বিশেষ দিশৰ মানসিকতা গঢ়ি উঠাৰ প্ৰমাণ স্পষ্ট৷
সুদীৰ্ঘ ইতিহাস, সশস্ত্ৰ নীতি, ধম¹য় প্ৰক্ৰিয়া আৰু মিজোসকলৰ স্বাধীনতা বা স্বাভিমান নিৰৱধি৷ যুক্তি, চুক্তি, আইন, সংবিধান আদি সমূহে মিজোসকলক সুৰক্ষিত কৰালে যদিও ক’ৰবাত সমগ্ৰ জাতিটোৱেই শঙ্কাত ভোগৰ উপক্ৰম হয়৷ নিঃসন্দেহে মিজো সমাজ তথা জাতি এটা সংবেদনশীল জাতি হিচাপে সামাজিক, ৰাজনৈতিক,
অৰ্থনৈতিক আৰু মান্যতাৰ ক্ষেত্ৰত সকলোৱে সচেতনতাৰে আচৰণ কৰা ভাল৷ উত্তৰ–পূবৰ অংশীদাৰ হিচাপে আমি ভাল উত্তৰ–পূৰ্বাঞ্চলীয় হৈ প্ৰথমেই থিয় দিয়াৰ সময় সমাগত৷
অধিবক্তা, গুৱাহাটী
ড্ৰ-mail : dr.chittaranjanphdঞ্ঝgmail.com