
বৰ্তমান সময়ত সামাজিক মাধ্যমত নৱ–প্ৰজন্মৰ দায়িত্ব, মানসিকতা আৰু ট্ৰোল, কোন দিশে গতি কৰিছে সেয়া এক চিন্তনীয় বিষয় ৰূপে পৰিলক্ষিত হৈছে৷ যদি নৱ–প্ৰজন্মৰ একাংশ ব্যস্ত নিজ নিজ প্ৰতিভা পাৰদৰ্শিতাত আৰু আগবাঢ়ি যোৱাৰ উদ্যম হেঁপাহত, আনহাতে একাংশ ব্যস্ত বিয়োগাত্মক দিশত৷ বৰ্তমান সময়ত পৃথিৱীত বিভিন্ন বিষয়ৰ মাজতো অধিক চৰ্চাৰ বিষয় বূুলি ক’লে সামাজিক মাধ্যম (ছ’চিয়েল মিডিয়া)ৰ নাম উল্লেখনীয়৷ বিভিন্ন সময়ত বৰ্তমানৰ আমাৰ সচেতন ৰাইজে সুখ–দুখ,
খং,
বিৰাগ,
অভিমান,
চিন্তা–চৰ্চা,
নিজ প্ৰতিভা ইত্যাদি সকলো প্ৰকাশ কৰা বা ব্যক্ত কৰা মাধ্যমটোৱে হ’ল সামাজিক মাধ্যম৷ আমি আচলতে সামাজিক মাধ্যমত ইমানে নিৰ্ভৰশীল হৈছো যে, কাষত থকা মানুহজনৰ লগত ভাবৰ আদান–প্ৰদান এৰি হকে–বিহকে এনেকুৱা কিছুমান বিষয়ৰ ওপৰত লিখা আৰম্ভ কৰো যিবোৰ আচলতে লিখিবলগীয়া কথা নহয়৷ যিটো আচলতে ৰাজহুৱাভাৱে নিলিখিলেও হয়৷ সামাজিক মাধ্যমটো এতিয়া যেন এনেকুৱা হৈছে সকলোৱে যি ই২৬া তাকেই কৰিব পাৰে৷ যি মন যায় তাকেই লিখিব৷ সামাজিক দায়িত্ববোধ যেন নাই তেনে অনুভৱ কৰা হৈছে কিছুমান কথা, কিছুমান আচৰণ দেখি৷
আচাৰ–ব্যৱহাৰত শালীয়নতা,
সংযম নোহোৱা হৈ আহিছে যেন অনুভৱ কৰিছো৷ হয় সকলো বিষয় বা বস্তুৰে কিছুমান ভাল গুণ আৰু কিছুমান বেয়া গুণ থাকে৷ যেনেকৈ মানুহ হিচাপেও আমাৰ সকলোৰে চিন্তাধাৰা বেলেগে বেলেগ৷ সকলোৰে গুণ, আচাৰ–ব্যৱহাৰ, ৰীতি–নীতি, মানসিকতা, ভাবধাৰা, ভাল লগা, বেয়া লগা ইত্যাদি বেলেগ, সেয়ে আমি ব্যৱহাৰ কৰা সামাজিক মাধ্যমত আমাৰ সকলোৰে ভিন্ন চিন্তা, ভিন্ন চৰ্চা প্ৰতিফলিত হয়, কিন্তু এইক্ষেত্ৰত আমি অলপ সচেতন হ’ব নোৱাৰো নে? যোগাত্মক দিশৰ কথাবোৰ পাতিব নোৱাৰো নে? নিজেই মনতে ভবা আৰু সামাজিক মাধ্যম এটাত লিখাৰ মাজত যে যথেষ্টখিনি পাৰ্থক্য আছে বুলি এচামে নাভাবে কিয়?
হাতত ম’বাইলটো আছে বুলিয়ে ফেচবুক একাউণ্টটো আছে বুলিয়েইতো সকলো কথা লিখাৰ উপযোগী নহয়৷ কিছুমান কথা আমি নিজে শুদ্ধ বিচাৰ কৰি আনলৈ বিয়পাই নিদিলেও হয়৷ কথাবোৰ আমি চালি জাৰি চাই লিখিব পৰা যায়৷ নে সেইখিনি ভাবোতে কাৰোবাক ঠাট্টা কৰা সুযোগটো আমি হেৰুৱাই দিম৷ কথাটো আচলতে ৰাস্তাঘাট নোচোৱাকৈ পিক্
পেলোৱাৰ দৰে একেই হৈ নপৰিছেনে?
নিজৰ ঘৰখন আমি যেনেকৈ ধুনীয়াকৈ ৰাখো, ৰাস্তা এটাৰে খোজকাঢ়োতে য’তে ত’তে লেতেৰা কৰোতে নাভাবো কিয় ৰাস্তাটোৱো আমাৰ ঘৰখনৰ দৰে সুন্দৰকৈ ৰাখিব লাগে৷
কেতিয়াবা আপুনি লিখা কোনটো কথাত কাৰ কি ক্ষতি হ’ব পাৰে সেয়া হয়তো আপুনি নাজানে বা সেইটো কথা ভবাৰ মানসিকতা আপোনাৰ নাই৷ সেইবাবেই ঘপকৈ সামাজিক মাধ্যমত লিখি দি নিজে সন্তুষ্টি লাভ কৰে৷ হয় সমাজক লৈ সকলোৰে দায়িত্ব আছে৷ ভুল দিশবোৰ আমাৰ আলোচনাৰ প্ৰয়োজন আছে৷
এই যে কিবা এটা হ’লেই ফেচবুকত লিখা হয় সকলো কথাৰেই ঠিকনা জানো ফেচবুক হ’ব পাৰে? সাম্প্ৰতিক সময়ত সামাজিক মাধ্যম হিচাপে ফেচবুক, হোৱাটচ এপ ইত্যাদি ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এখন আমাৰ সকলোৰে হাতে হাতে আছে সেয়ে এই মাধ্যমবোৰক ভালদৰে ব্যৱহাৰ কৰাটোও আমাৰ সকলোৰে দায়িত্ব আৰn কৰ্তব্য৷
কিছুমান অলাগতিয়াল কথাৰ ভঁৰাল কৰিবলৈতো ফেচবুক সৃষ্টিকৰ্তাৰ মূল উদ্দেশ্য নাছিল৷ আমি কেনেকৈ আমাৰ ভাল দিশসমূহ লৈ বেয়া দিশ সমূহক সমাজৰ পৰা আঁতৰাব পাৰো সদায় যোগাত্মক কথাবোৰ ভাবি আনৰ লগত ব্যক্ত কৰি আনকো নেগেটিভ চিন্তাৰ পৰা মুক্ত কৰিব পাৰো সেই কথাত গুৰুত্ব দিয়া উচিত৷ কিন্তু নাই, কিবা এটা চেলু পালেই ফেচবুক, হোৱাটচআপ আদিত সেই বিশেষ বিষয়টোক চেয়াৰ কৰি শেষত পজিটিভ মানুহখিনিকো হাৰাশাস্তি কৰাটোৱেই যেন এচামৰ মূল উদ্দেশ্য হৈ পৰে৷

আনহাতে, ট্ৰোল এটা বিশেষ চৰ্চাৰ বিষয় হৈ পৰিছে৷ কাৰোবাক ট্ৰোল কৰাটো যেন ইমান সহজ হৈ পৰিছে যেন ভাতৰ লগত পানী খোৱা নিচিনা কথা৷ ট্ৰোল কৰাটো কিমানদূৰ উপযোগী বা যুক্তিসংগত সেয়াও এক চিন্তাৰ বিষয়৷ ট্ৰোল কৰোতে কিবা নিয়ম–নীতি চোৱা হয়নে? নে যাক য’তে পায় ত’তে ধৰা হয় কোনো আগ গুৰি নোচোৱাকৈ?
সকলো কথাতে ট্ৰোল কৰাটো আমাৰ কিছুমানৰ অভ্যাসত পৰিণত হৈছে নেকি? ট্ৰোল কৰোতে মানসিক চাপৰ কথা ভবা হয়নে? কাৰণ কথা কওঁতে সকলোৰে ভুল হয় বা হ’ব পাৰে, পৰিৱেশ পৰিস্থিতিও কেতিয়াবা চোৱা উচিত বা দায়ী৷ মানুহ মাত্ৰে ভুল হোৱাটো স্বাভাৱিক কথা৷ কেতিয়াবা আমি কোনো জ্যেষ্ঠ লোকৰো ভুল হোৱা দেখিবলৈ পাওঁ৷ ভুলৰ শুধৰণিও থাকে৷ কিন্তু বাৰে বাৰে কৰি থকা ভুলক ভুল বুলি ক’ব পৰা নাযায়, সেই ব্যক্তিজনৰ অভ্যাস বুলি আমি ধৰি ল’ব পাৰো৷
বিভিন্ন সময়ত কোনোবা ৰাজনৈতিক দলৰ ব্যক্তিক ট্ৰোল কৰি থকা দেখো৷ কোনোৱে কৰে, ভাব হয়, কৰিবই কাৰণ সেই ব্যক্তিয়ে আনক সুযোগ দিছে৷ তেওঁৰ কথাত কোনো নিশ্চিয়তা নাই৷ আজি যদি কিবা কৈছে, কালি আকৌ কিবা বেলেগ কৈছে মিনিটত কথাৰ দিশ তথা বিষয়বস্তু সলনি হৈছে৷ তেনেকুৱা ব্যক্তিক ট্ৰোল কৰিছে কাৰণ তেওঁ নিজৰ কথাতে স্থিৰ নহয়৷ কিন্তু তাকেই কৰিব গৈ যদি ট্ৰোলৰ নামত সৰু ল’ৰা–ছোৱালীক মানসিক চাপ দিয়া হয় সেয়াতো শুদ্ধ নহয়৷ তাই বা সি বুজাব নোৱাৰিবও পাৰে বা কথাখিনি কওঁতে খেলিমেলিও হ’ব পাৰে৷ তাকে লৈ এটা ট্ৰোল কণ্টেণ্ট প্ৰস্তুত কৰাতো জানো শুদ্ধ? তাইৰ বা তেওঁৰ কেনেকুৱা লাগিব পাৰে কণ্টেণ্টটো বনোৱাৰ আগতে এবাৰ ভাবি চাব পাৰে ট্ৰোল কৰা সকলে৷ এইটো কৰি সমাজক তেওঁলোকে কি মেচেজ দিব বিচাৰে বুজি পোৱা নাযায়৷ আনক য’তে ত’তে ট্ৰোল কৰি ৰস লোৱাটো শুদ্ধ নহয়৷ মিনিটতে এনেকৈ কাৰোবাক সমাজত ট্ৰোল কৰি সামাজিকভাৱে মানসিক কষ্ট দিয়াটো এক অপৰাধ হিচাপে গণ্য কৰা হয়৷ আমাৰ সকলোৰে কথা কোৱাৰ অধিকাৰ আছে সেইবুলি কথা কোৱাৰ সীমা চেৰোৱাটো ভাল কথা নহয়৷ নীতি শিক্ষাবোৰ আমি মনত ৰখা উচিত৷ তাক পাহৰি যোৱাটো উচিত নহয়৷ আমি যিহেতু সকলো মানুহ, আমি আচলতে এজনে আনজনৰ সাহস হোৱা উচিত, কিন্তু তেনে নকৰি এজনে আনজনক কেনেকৈ বিপদত পেলাব পাৰো তাৰহে চেষ্টাত ব্ৰতী হৈ থকা যেন অনুভৱ হয়৷ এতিয়া বহু পৰিবৰ্তন হৈছে, সময় সলনি হৈছে, চিন্তা–ধাৰা সলনি হৈ পৰিছে যদিও আমাৰ মানসিকতা লাহে লাহে বিপথে পৰিচালিত হৈছে৷ আচলতে সকলো পৰিস্থিতিৰ লগত খাপ খুৱাই নিজে আগবাঢ়ি যাবলৈ চেষ্টা কৰি যাব লাগে৷ আমাৰ সকলোৰে এটা বিশেষ গুণ থাকে আৰু সকলোৱে যিকোনো বিষয়তে নিজৰ পাৰদৰ্শিতা দেখুৱাই গৈ আছে৷ যাৰ পৰা আমি প্ৰত্যেকে এজনে আনজনৰ পৰা শিকিব পাৰো৷ সামাজিক মাধ্যম হৈছে এনেকুৱা এটা শক্তিশালী দিশ, য’ত আমি জ্ঞানৰ, ভাব–চিন্তাৰ, প্ৰতিভাৰ বিষয়ে কথা পাতিব পাৰো, আনৰ লগত ঘৰতে বহি আলোচনা কৰিব পাৰো৷ ভাল বন্ধু গঢ়িব পাৰো৷ আনৰ পৰা কোনো বিষয় শিকি নিজে জনা বিষয়টো আনক দিব পাৰো৷ কিন্তু তাকেই নকৰি কিছুমানে সামাজিক মাধ্যমৰ অসৎ ব্যৱহাৰ কৰে৷ সামাজিক মাধ্যমৰ সৎ ব্যৱহাৰ কৰক৷ যিয়ে ভৱিষ্যতে আপোনাৰ নিজস্বতাক সুন্দৰকৈ গঢ় দিব পাৰে৷
এই যে কাৰোবাৰ বিনা কাৰণত ট্ৰোল এটা কৰি হাঁহি উৰুৱাই দিছো৷ সেই একেই পৰিস্থিতিতে নিজক বহুৱাই এবাৰ চালেও নিজৰ কিমান সাহস আছে বুজি পোৱা যায়৷ বিভিন্ন সময়ত মানসিক স্বাস্থ্যৰ কথা কৈ থাকি বা পঢ়ি থাকি লাভ নাই যদিহে আমি নিজেই নিজৰ মানসিকতা বুজি উঠাৰ বা সলনি কৰাৰ চেষ্টা নকৰো বা সলনি নহও৷ এই যে কাৰোবাক ট্ৰোল কৰা দেখি আমি কিছুমানে হাঁহিলোঁ, ঠাট্টা কৰিলো৷ আমি বাৰু নিজেই একো একোজন খুব বিদ্যমান পণ্ডিত নেকি নে আমি সকলো দিশৰ পৰা পাৰ্ফেক্ট? যদি নহয় বেলেগক ট্ৰোল কৰি আমোদ লোৱাটো জানো কিবা যুক্তিসংগত?
সকলো কথাকে বা সকলো মানুহকে ট্ৰোল কৰাটো যুক্তিসংগত নহয়৷ ট্ৰোল কৰোতেও বহু কথা অধ্যয়ন কৰা উচিত৷
এই যে পৰীক্ষাৰ ফলাফল বিষয়টোক কেন্দ্ৰ কৰি ছাত্ৰীজনীয়ে ব্যক্ত কৰা মনৰ অনুভৱটোও মুকলি কৈ ক’বলৈ এৰি দিব নোৱাৰো বা এচামে পৰা নাই কিয়? নে তাতো এতিয়া কোনোবাই নিজৰ মনৰ কথাখিনি ক’বলৈ ট্ৰোলৰ নামত ভয় খাই ক’বলগীয়া কথাখিনিও নক’ব বা ভৱিষ্যতে ক’বলৈ ভয় কৰিব৷ সৰু ল’ৰা–ছোৱালীক আমি বুজাবলৈ আগবাঢ়িম ক’ত এতিয়া ট্ৰোল কৰিবলৈ বা হাঁহিবলৈ হে আমি আগবাঢ়িছো আমাৰ সমাজৰে এচাম লোকে৷ সেয়ে সামাজিক মাধ্যমৰ বিয়োগাত্মক দিশৰ চিন্তাধাৰাৰ পৰা বিৰত থাকি যোগাত্মক দিশৰ প্ৰতিহে আগ্ৰহী হোৱা উচিত বুলি বিবেচনা কৰো৷ ইয়াৰ দ্বাৰাহে নৱ–প্ৰজন্মই সামাজিক মাধ্যমক আঁকোৱালি ল’ব পাৰিব৷