আমেৰিকাৰ ডায়েৰী (৭) (গিতাঞ্জলী বৰুৱা) – Purbodix.com

আমেৰিকাৰ ডায়েৰী (৭) (গিতাঞ্জলী বৰুৱা)

শৰতৰ আগমনত, শেৱালি ফুলৰ সুবাসে দেহমন সকলো আমোলমোলাই যায়৷ নিয়ৰসনা দুবৰিৰ পৰশে শীতৰো আগজাননী দিয়ে৷

আমেৰিকাৰ শৰৎকাল পিছে কিছু সুকীয়া, নিয়ৰসনা দুবৰিৰ অনুভৱো অলপ বেলেগ৷ ইয়াত অক্টোবৰ মাহ সোমোৱাৰ লগে লগে উষ্ণতা লাহে লাহে কমি আহিবলৈ ধৰে৷ বলি থাকে এজাক মিহি বতাহ, শৰীৰত বতাহৰ স্পৰ্শই শীতৰ এটি মৃদু আমেজ দি যায়৷ প্ৰকৃতিয়েও নিজৰ ৰূপ সলায়৷ গছবোৰক নোবা শিল্পীয়ে যেন ৰং কৰিহে যায়, এটাৰ পাছত আনটো ৰং৷ প্ৰকৃতিৰ এই মনোৰম দৃশ্য উপভোগ কৰিবলৈ পাই মোৰ মনলৈও নতুন আশা, নতুন সপোন জাগি উঠিছিল৷ Duluth নামৰ ঠাইটুকুৰা বিভিন্ন ধৰণৰ গছৰ সমাহাৰ৷ উত্তৰ আমেৰিকাৰ বিখ্যাত হ্ৰদ সমূহৰ ভিতৰত সৰ্ববৃহৎ হৃদটো হৈছে  Lake Superior আৰু Lake Superior পাৰৰ এখনি সুন্দৰ মনোমোহা চহৰ Duluth কিমান দূৰ যে বাটকুৰি বাই গৈছিলো গছৰ নতুন ৰূপটো উপভোগ কৰিবলৈ৷ ৰাস্তাৰ দুয়ো পাৰে শাৰী শাৰী গছ৷ আচৰিত লাগিল এটা কথা মন কৰি, গছবোৰৰ উচ্চতা প্ৰায় সমান৷ সিমানবোৰ সৰু গছ দেখা পালো শাৰী শাৰীকৈ আছে একেই উচ্চতা আৰু ঠিক তেনেকৈ ডাঙৰ গছবোৰৰো৷ কোনোবা কাৰিকৰে যেন কিবা নতুন শৈলী উদ্ভাৱন কৰি গছবোৰৰ ৰুই গৈছে একে সমান উচ্চতা বাঢ়ি যাব পৰাকৈ৷ পাতবোৰৰ সৌন্দৰ্য্য বৰ্ণনা কৰিবলৈ যে মোৰ ওচৰত আজি শব্দৰ অভাৱ৷

 কোনো এজোপা গছ যদি গুলপীয়া, কোনো এজোপা আকৌ ৰঙা৷ কোনো কোনো গছ হালধীয়া হৈ পৰিছে৷ ঠিক হালধীয়া সোণাৰু জোপাই৷ পিছে গছবোৰত ফুল নাই, এইয়া পাতৰহে বিভিন্ন বৰণে আৱৰি ধৰিছে৷ বিভিন্ন আকাৰৰ পাতবোৰক যেন ৰঙা, হালধীয়া, গোলপীয়া ৰং কৰাহে আছে৷ কোমল গোলাপী ৰঙৰ পাতেৰে আৱৰা গছ কেইজোপাৰ উচ্চতা বৰ এটা বেছি নহয়, গাগছডালো পাতল৷ ওচৰলৈ লে যেন কিবা কথাহে , বতাহজাক এফালৰপৰা আনফাললৈ যাওঁতে পাতবোৰে হাত বাউলিহে মাতে৷ কিছুমান ঠাইত গছবোৰ এনেকুৱাকৈ ৰোৱা আছে এজোপাৰ পৰা আনজোপালৈ দূৰত্ব প্ৰায় সমান৷ কাৰ্পেট ঘাঁহবোৰৰ ওপৰত শাৰী শাৰীকৈ থকা গছবোৰ, অলপ সময়ৰ কাৰণে স্বৰ্গত বিচৰণ কৰি থকাৰ নিচিনা অনুভৱ এটা হয়৷ গছবিলাকৰ গুৰিৰ পৰা ডালপাতকে ধৰি আগটোলৈ অকণো খঁুট নথকাকৈয়ে ভগবানে স্ৰজিছে৷ আচলতে প্ৰকৃতিক বৰ সুন্দৰকৈ সংৰক্ষণ কৰিব জানে আমেৰিকাবাসীয়ে৷ বঢ়া গছবোৰ সময়ত কাটি দিয়ে৷ পোকপৰুৱাই যাতে গছবোৰ অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে কীটনাশক দি যায়৷ গুৰিবোৰৰ চাৰিওকাষে ধুনীয়াকৈ চিকুণাই গছ কাটি লৈ ৰৈ যোৱা গছৰ টোকোৰাবোৰ মিহি মিহিকৈ কাটি ছটিয়াই থয়৷ গছবিলাকৰ সৌন্দৰ্য দুগুণে চৰে৷ যিফালেই যাও শাৰী শাৰী গছেই পাও, যাৰ বাবে হয়টো প্ৰদূষণমুক্ত দেশ৷ মুকলি আকাশখনক লা ডাৱৰে নহয় বগা ডাৱৰেহে আৱৰি থাকে৷ কাৰখানা বৰ বেছি দেখা নাই দুই এটাহে দেখিবলৈ পাইছোঁ৷ কিন্তু তাৰ পৰা নিগৰিত হোৱা ধোঁৱাবোৰ বগা৷

গছবিলাক হৈছে প্ৰকৃতিৰ অনবদ্য ৰূপ৷ গছেই জীৱৰ প্ৰাণ, গছজোপাৰ বাবেই আমি উশাহনিশাহ পাৰিছো, গতিকে গছৰ প্ৰতি আমাৰ প্ৰত্যেকৰে দায়িত্বও বহুত আছে৷ গছ সংৰক্ষণ অতিকৈ প্ৰয়োজন৷

Leave a Reply

Your email address will not be published. Required fields are marked *