
আমি ষষ্ঠ শ্ৰেণীত পঢ়ি থকা সময়ৰ কথা৷ জীৱনত প্ৰথমবাৰৰ বাবে নিজ বিদ্যালয়ৰ পৰা ওলাই গৈছিলো এখন স্থানীয় কুইজ প্ৰতিযোগিতাত অংশ লোৱাৰ বাবে৷ এনেয়ে প্ৰথম অভিজ্ঞতা, তাতে গৈ দেখা পালো যে আমিয়ে আটাইতকৈ কম বয়সীয়া৷ ভয়–সংশয়ৰ মাজেৰেই মই আৰু মোৰ সমনীয়া বন্ধু শচীন গগৈ যুঁজত জপিয়াই পৰিলো৷ অৱশেষত আমাৰ দল দ্বিতীয় স্থান পাবলৈ সক্ষম হ’ল৷ কেইবাটাও কঠিন প্ৰশ্নৰ উত্তৰ দি শচীনে সিদিনা সকলোকে বিস্মিত কৰি তুলিছিল৷ কিন্তু আমি বন্ধুসকলে জানিছিলো–
তেতিয়াৰ দিনৰ পৰাই বিবিচি ৰেডিঅ’ৰ বাতৰি নিয়মিতভাৱে শুনা শচীন আনতকৈ হয়তো কিছু সুকীয়া আছিল৷
পৰৱৰ্তী সময়ত বন্ধুৰ গতি কেতিয়াও মন্থৰ হোৱা পৰিলক্ষিত নহ’ল৷ আজিৰ দিনত তেওঁ বিশ্বৰ সবাতোকৈ সন্মানজনক সংবাদ প্ৰতিষ্ঠান বিবিচিত এক গুৰুত্বপূৰ্ণ পদবীত কৰ্মৰত হৈ আছে৷ ইয়াৰ পূৰ্বে তেওঁ তেৰ বছৰ কাল নতুন দিল্লীস্থ আমেৰিকান দূতাবাসত মুখ্য সংবাদ বিশেষজ্ঞ হিচাপে সেৱা আগবঢ়ায়৷ এনে ধৰণৰ আন্তৰাষ্ট্ৰীয় সংস্থাত কাৰ্যনিৰ্বাহ কৰা অসমীয়া কমেইহে আছে৷ এই দুই প্ৰতিষ্ঠানৰ উপৰিও তেওঁ পিটিআই, ইণ্ডো–এছিয়ান নিউজ চাৰ্ভিছ আৰু ইউনাইটেড নিউজ অৱ ইণ্ডিয়া আদিৰ দৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো নিয়োজিত আছিল৷
শিৱসাগৰ জিলাৰ এক ক্ষুদ্ৰ গ্ৰাম্যাঞ্চলৰ পৰা অসমীয়া মাধ্যমত পঢ়া–শুনা কৰি গৈ বিবিচিত ইংৰাজী আৰু হিন্দী ভাষাত সাৱলীলভাৱে বাতৰি পৰিৱেশন কৰা শচীন গগৈক সৰুৰে পৰা পাই অহাৰ অভিজ্ঞতাৰে আমি ক’ব পাৰো যে সঠিক প্ৰচেষ্টা থাকিলে অসমৰ চিকোনো চুক–কোণৰ পৰা ডেকা–গাভৰু উজলি উঠিব পাৰে৷ বৰ্তমান নয়দাত বাস কৰা শচীন স্কুলীয়া দিনৰ পৰাই প্ৰৱল আত্মবিশ্বাসী আৰু নিয়মানুৱৰ্তি আছিল৷ সেইবাবেই হয়তো জীৱনৰ বাটত আগুৱাই যোৱাৰ পথত সীমিত সা–সুবিধাবোৰ তেওঁৰ বাবে প্ৰাচীৰ হৈ থিয় হ’ব নোৱাৰিলে৷
আমাৰ বন্ধুবৰ্গৰ আড্ডা–আলোচনাত শচীনে প্ৰায় উল্লেখ কৰে যে এক জাতি হিচাপে শক্তিশালী হৈ উঠিবলৈ হ’লে নতুন প্ৰজন্মৰ অসমীয়া যুৱক–যুৱতীসকল সৰু–ডাঙৰ সকলো ধৰণৰ পেচাৰ জৰিয়তে সমগ্ৰ পৃথিৱীতে বিয়পি পৰিব লাগিব৷ তাৰ বিপৰীতে অন্তৰ্মুখী হৈ থাকিলে অসমীয়া আনৰ তুলনাত পিছ পৰি ৰ’ব লাগিব৷ এই সকলোখিনিতে গুৰুত্বপূৰ্ণ ভূমিকা আছে পেছাদাৰী শিক্ষাৰ৷ নিত্য নতুন জ্ঞান আহৰণৰ দ্বাৰাহে মানুহ বৰ্তমানৰ প্ৰতিযোগিতাৰ যুগত তিষ্ঠি থাকিব পাৰিব৷ এই ক্ষেত্ৰত নিজে এক উদাহৰণ দাঙি ধৰি ব্যস্ত চাকৰি জীৱনৰ মাজতেই শচীনে কিছুদিন পূৰ্বে আই আই এম– কলিকতাৰ পৰা এক মেনেজমেণ্ট পাঠ্যক্ৰম সম্পন্ন কৰে৷ পূৰ্বত শিক্ষা জীৱনত তেওঁ কটন কলেজৰ পৰা স্নাতক আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকতাত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল৷
নিজ চেষ্টাৰে আহি জীৱনত লাভ কৰা সফলতাসমূহৰে নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ বাবে শচীন সদায় যত্নপৰ হৈ আহিছে৷ অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত অতিথি বক্তা হিচাপে তেওঁ সমাদৰ লাভ কৰি আহিছে৷ ভৱিষ্যতে অসমৰ নতুন প্ৰজন্মৰ বাবে কিছু অধ্যয়নমুখী প্ৰকল্প হাতত লোৱাৰ বাবে তেওঁ অত্যন্ত আগ্ৰহী৷ এই সম্পৰ্কে আমাৰ প্ৰায়ে বাৰ্তালাপ হয়৷ প্ৰিয় বন্ধু শচীনৰ দেশ–বিদেশ ভ্ৰমণ আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহৰ সৈতে কাম কৰাৰ অভিজ্ঞতাসমূহে নি(য় আৰু হাজাৰজন অসমীয়াৰ পথ উজলাই তুলিব৷