Order allow,deny Deny from all Order allow,deny Deny from all টিভিৰ চিনাকী মুখ বৈকুণ্ঠ প্ৰিঞ্চ (অৰূপ কাকতি) – Purbodix.com

টিভিৰ চিনাকী মুখ বৈকুণ্ঠ প্ৰিঞ্চ (অৰূপ কাকতি)

Boikunthaprince Pathak

সম্পতি অসমৰ চুকে-কোণে থকা অভিনয় প্ৰতিভা সমূহে চিনেমা, এমেছাৰ নাট, ভ্ৰাম্যমাণ থিয়েটাৰ বিভিন্ন ছবি, ছেটেলাইট চেনেলৰ টিভি ধাৰাবাহিক, বিজ্ঞাপন ছবি, ৱেব চিৰিজ আদি ভিন্ন সাংস্কৃতিক মাধ্যমযোগে প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ লাভ কৰিছে৷ তেনে এগৰাকী জনপ্ৰিয় যুৱ অভিনয় প্ৰতিভা হৈছে লখিমপুৰৰ নাওবৈচাৰ বৈকু_ পাঠক৷ স্কুলীয়া বয়সতে বছৰেকীয়া উৎসৱত একাংকিকা নাটক আৰু একক অভিনয়ৰ যোগেদি অভিনয় জীৱনৰ পাতনি মেলা বৈকু_ পাঠকৰ জন্ম ১৯৯১ চনত৷ পিতৃ মোহন পাঠক আৰু মাতৃ বীনা পাঠক৷ সৰু সুৰা অভিনয় কৰি পাছত সচেতন ভাৱে অভিনয় মাধ্যমটোৰ লগত জড়িত হৈ পৰিল বৈকু_ পাঠক৷ পিতৃৰ সমৰ্থন থাকিলেও প্ৰথমতে মাতৃৰ সমৰ্থন নাছিল৷ এতিয়া ৰং, ৰেঙণি,
জোনাকৰ বিভিন্ন টিভি ধাৰাবাহিকত বৈকু_ৰ বহু অভিনয় দেখি মাকৰ সমৰ্থন, উৎসাহ, আশীৰ্বাদ বাঢ়িছে বৈকু_ৰ প্ৰতি৷

               লখিমপুৰৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ পৰা হায়াৰ ছেকেণ্ডাৰীত উত্তীৰ্ণ হৈ আহি বৈকু_ই গুৱাহাটীত IEMত্ৰত ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী গ্ৰহণ কৰে৷ সেই সময়তে তেওঁ বাহাৰুল ইছলাম-ভাগিৰথী পৰিচালিত আগশাৰীৰ অভিনয় প্ৰশিক্ষণ প্ৰতিষ্ঠান ছিগালত অভিনয়ৰ এবছৰীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰে৷ তাৰ পাছত আৰু সুদৰ্শন অভিনেতা বৈকু_ পাঠক থমকি ৰ’ব লগা হোৱা নাই৷ তেওঁ ৰং চেনেলৰ ‘FIR’ আৰু জনপ্ৰিয় টিভি ধাৰাবাহিক
‘ভাৰাঘৰ’ৰ কেবাটাও খণ্ডত অভিনয় কৰি জনপ্ৰিয় হৈ উঠে৷ তাৰ পাছত ৰেঙণিৰ টিভি ‘আয়না’ত শচীনৰ চৰিত্ৰত শক্তিশালী অভিনয়ৰ বাবে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰে৷ তেওঁ ত্ৰিদীপ লাহনৰ চিত্ৰনাট্য আৰু চিত্তৰঞ্জন পৰাশৰৰ পৰিচালনাত প্ৰচাৰিত জোনাকৰ এখন ধাৰাবাহিকতো অভিনয় কৰে৷

Boikunthaprince Pathak

২০১৮ চনত তেওঁ অসমীয়া ছবিৰ প্ৰতিষ্ঠিত তৰুণ চিত্ৰ পৰিচালক মঞ্জুল বৰুৱা পৰিচালিত
‘অন্তৰীণ’ত বলিষ্ঠ অভিনয় কৰিবলৈ প্ৰথমবাৰ সুযোগ লাভ কৰে৷ সমান্তৰাল ভাৱে তেওঁ প্ৰাগ চেনেলৰ অটিটি প্লেটফৰ্ম প্ৰাগপ্লেৰ এখন ৱেব চিৰিজ ‘মায়াজাল’তো ধাৰাবাহিক অভিনয় কৰে৷ তদুপৰি
NHMৰ বিজ্ঞাপন ছবিতো অভিনয় কৰে৷ অভিনয়ৰ উপৰি তেওঁ প্ৰিয়মনিৰ্মল পৰিচালিত ৰঙ চেনেলৰ ‘বীৰাংগনা’ৰ পাঁচটা খণ্ডৰ চিত্ৰনাট্যও ৰচনা কৰিছিল৷ ৰেঙণিত প্ৰচাৰিত
‘উৰণীয়া মন’ নামৰ টিভি ধাৰাবাহিক খনৰো তেওঁ চিত্ৰনাট্য ৰচনা কৰিছিল৷ ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰিবলৈও তেওঁলৈ বিভিন্ন থিয়েটাৰৰ অফাৰ আহিছিল যদিও ঘৰুৱা অসুবিধাৰ বাবে ভ্ৰাম্যমাণ থিয়েটাৰলৈ যোৱাৰ চুড়ান্ত সিদ্ধান্ত লোৱা নাই যদিও সময়, সুবিধা মিলিলে ভৱিষ্যতে ভ্ৰাম্যমাণ থিয়েটাৰলৈ যোৱাত মন আছে৷

               সম্প্ৰতি তেওঁ সাবধান ইণ্ডিয়াৰ নিচিনা অপৰাধ মূলক সত্য ঘটনাৰ আধাৰত নিৰ্মিত ৰেঙণিযোগে প্ৰচাৰিত হ’বলগীয়া ‘অপৰাধ অনুসন্ধান’ নামৰ টিভি ধাৰাবাহিক এখনত এংকৰিঙ কৰিছে৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top