
অসমৰ বৰ্তমান সময়খিনিত শৰৎ কালৰ আগমনে যদিও মনত এক উৎসাহ আৰু শীত কালৰ আগমনৰ কথা সোঁৱৰাই দিয়ে তথাপিও কিছু বছৰৰ পৰা গৰমৰ প্ৰখৰ ৰ’দ আৰু আদ্ৰৰ্তাৰে ভৰা দিনবোৰ যেন আজিকালি আমি ডিচেম্বৰ মাহৰ প্ৰথম ভাগলৈ অনুভৱ কৰি থাকো৷ এয়াই গ্ল’ৱেল ৰ্ৱ’মিং৷ যিয়ে নহওক আমি ভাৰতীয় সকল সদায়ে নিজৰ উৎসৱ–পাৰ্বন লৈ যিকোনো পৰিস্থিতিতে উৎসাহিত হৈ থাকো৷ অক্টোবৰ মাহ মানেই পূজাৰ বতৰ৷ দ্বীপাৱলীৰ আগমন… বিয়া–বাৰুৰ আয়োজন, নৱবৰ্ষ আৰু যে ক’ত কি…?
ঘৰ্মাক্ত দেহ আৰু চুলিয়ে আমাৰ বিভিন্ন সমস্যাৰ সৃষ্টি কৰে৷ মুখত কিবা এটা সানিলেই যেন আৰু বেছি গৰম লাগিব, চুলিৰ গুৰিবোৰ ঘমাৰ কাৰণে… চুলি সৰা… চুলিৰ গুৰিত উফিৰ জন্ম… ইত্যাদি৷ আহকচোন কিদৰে এইবোৰৰ পৰা পৰিত্ৰাণ পাব পাৰি থোৰতে জানি লওঁ৷
মুখৰ ছালখন সতেজ কৰি ৰাখিবলৈ সঘনাই পানীৰ ব্যৱহাৰ কৰক… ভিজা কাপোৰ অথবা ৱেট ছি{¨ (Wait Tissue)ৰ ব্যৱহাৰ কৰি মুখখনত সামান্য হেঁচা প্ৰয়োগ কৰি মচি পেলাওক৷
কেলামাইন (Calamine) যুক্ত মইশ্বাৰাইজাৰ ব্যৱহাৰ কৰক৷ চকুৰ গুৰি আৰু ওঁঠৰ ওচৰৰ জেগা সমূহত ব্যৱহাৰ নকৰিব৷ দিনত ৩য৪ ঘণ্টাৰ বাবে পেছাদাৰী কোম্পানীৰ দ্বাৰা স্বীকৃত ৩০ SPF (Sun Protection Factor) যুক্ত ছানস্ক্ৰীণ ব্যৱহাৰ কৰিব৷ ওট্ছৰ (Oats)
গুৰি দৈৰ সৈতে মিহলাই লগাব৷ তিয়হৰ ৰস লগাব৷ তেলৰ পৰিমাণ একেবাৰে নথকা সামগ্ৰীৰ ব্যৱহাৰ কৰক৷ পানী খাবলৈ যত্ন কৰিব… দিনটোত ৮১ পৰা ১২ গ্লাছ৷ নেশ্যাৰেল ট’নাৰ ব্যৱহাৰ কৰিব৷ ভিটামিন ‘চি’ জাতীয় উপাদানেৰে ভৰপূৰ খাদ্য অথবা ফল খাব৷ গৰম পানীত মৌ জোল দুচামুছ মিহলাই খাব৷ ছালৰ উজ্জ্বলতা,
মসৃণতা ঘূৰাই পাব৷
গৰমৰ প্ৰকোপত চুলি সৰাটো এক প্ৰকাৰ প্ৰধান সমস্যা হৈ থাকে৷ এনে সময়ত চুলিখিনিত গভীৰ আদ্ৰতাপূৰ্ণ (Deep conditioning treatment) ট্ৰিটমেণ্টৰ প্ৰয়োজন হৈ পৰে৷ চুলিৰ আদ্ৰৰ্তা বজাই ৰাখিবলৈ আৰু চুলিখিনি সুস্থ কৰি ৰাখিবলৈ শ্বিয়া বাটাৰ, অৰগন অইল, কেৰাটিন য প্ৰটিন থকা সামগ্ৰীযুক্ত টিট্মেণ্ট এই সমস্যাসমূহৰ পৰা মুক্ত হোৱাত খুবেই সহায়ক৷ শ্বেম্পু কৰোতে মন কৰিব লাগে যাতে চুলিৰ গুৰিবোৰ ভালকৈ চাফা হয়, কণ্ডিশ্য’নাৰ গুৰিত নলগাই চুলি খিনিতহে ভালকৈ সানিব লাগে৷ ২য৩ মিনিট ৰাখিব লাগে৷ নাৰিকলৰ তেল, পিঁয়াজৰ ৰস, এভ’কাডো
(Avocado) আৰু ঘৃতকুমাৰীৰ ৰস (Aloe
Vera) এইক্ষেত্ৰত খুবেই সহায়ক৷
এই সমূহ আমাৰ ছাল–চুলিৰ গঠন উপযুক্ত কৰি ৰাখিব এটা নিৰ্দিষ্ট দিনত এটা ভাল মেক্আপ ল’বলৈ আৰু আগন্তুক উৎসৱৰ দিনকেইটাৰ প্ৰত্যেকটো মুহূৰ্তত এক সজীৱ পৰিৱেশ পাবলৈ আৰু সুস্থ হৈ থাকিবলৈ৷

গ’ল্ড আৰু ব্ৰ’ঞ্জ মেক্আপ লুক এতিয়া আটাইতকৈ ট্ৰেণ্ডি,
দ্বীপাৱলী অথবা আন যিকোনো পাটীৰ্ লুক এটাৰ বাবে এই গ’ল্ডেনয ব্ৰ’ঞ্জ লুক খুবেই জনপ্ৰিয় হৈ পৰিছে৷ আমাৰ ভাৰতীয় গাৰ বৰণৰ লগত এইবিধ মেকআপে খুবেই নেশ্যাৰেল ৰূপ প্ৰদান কৰে৷
(ৰ) মইশ্ব’ৰাইজাৰ ( Oily to normal skin) লগক নিজৰ মুখ, কাণ আৰু ডিঙিত, তাৰ পাছত প্ৰাইমাৰ লগাওক এটা ভাল বেছ্
অথবা ফাউণ্ডেশ্যনৰ বাবে৷
(২) ক’নশ্বিগাৰ ব্যৱহাৰ কৰক, যদি যিকোনো ধৰণৰ দাগ অথবা পিগ্মেণ্ট ঢাকিবলৈ, যিবোৰ আপুনি খালী চকুৰে দেখা পাই আছে৷ লুজ ফেচ্
পাউদাৰ প্ৰয়োগ কৰি মুখখন উজ্জ্বল আৰু এক পৰিস্কাৰ ফিনিশ্বং দিবলৈ চেষ্টা কৰক৷
(৩) কন্শ্বিলাৰ চকুৰ পতাত লগাওক৷ আইব্ৰ’ ব’ন ডালত বগা হাইলাইটাৰ ব্যৱহাৰ কৰক৷ আইশ্বেড’ৰ ব্ৰাউন ৰঙেৰে চকুৰ পতাত ভাল আইশ্বেডছ ব্ৰাছেৰে বুলাই লওঁক৷ পিগমেণ্ট গল্ডেন ৰং লওক চকুৰ মাজভাগৰ বাবে৷ ব্ৰ’ঞ্জ ৰঙৰ আইশ্বেড’ৰে বাহিৰৰ কৰ্ণাৰটোত দ্দ আকাৰ দিয়াৰ যত্ন কৰক৷ বৰ সূক্ষ্ম আৰু মসৃণ ব্ৰাছৰ সহায়েৰে৷
(৪) চেলাউৰিযুৰি আইব্ৰ’ পাউদাৰ অথবা পেঞ্চিলেৰে খালী জেগাবোৰ ভৰাই ধেনুভেৰীয়া আকাৰ দিবলৈ যত্ন কৰক৷ ভলিউম মাস্কাৰা ব্যৱহাৰ কৰক৷ ফল্ছ আইলেশ্
লগাব থাকিলে নেশ্যাৰেল ফলছ লেশ্বেছ লগাব পাৰে৷ চকুৰ তলৰ ৱাটাৰ লাইন নিউড্
( NUDF) লাইনাৰ ব্যৱহাৰ কৰিব পাৰে চকুযুৰি উজ্জ্বল দেখুৱাবলৈ৷
(৫) ক’নট’ৰ আৰু হাইলাইটাৰ ব্যৱহাৰ কৰক একেবাৰে কমকৈ৷ ব্ৰাছাৰ লগাওক গাল দুখনত এক নেশ্ব্যাৰেল গুলপীয়া আভা দিবলৈ৷ মুখখনৰ ব’ন ষ্ট্ৰাকছাৰছ সমূহ উজ্জ্বল কৰিবলৈ৷
(৬) কফি ব্ৰাউন অথবা নিউড পিট্ছ লিপষ্টিক লগাওক৷ কাপোৰৰ ৰঙৰ লগত মিলাই ৰঙা, ডাঠ ৰঙা, ক’লা অথবা গুলপীয়া৷ ফোঁট লওক৷ অৱশেষত মেকআপ মিক্সিং স্প্ৰে গোটেই মুখতে বুলাই লওক৷
সদায়ে এটা নতুন হেয়াৰ ষ্টাইল কৰিবৰ মন সকলোৰে থাকে৷ এই উৎসৱৰ দিন কেইটাত প্ৰত্যেক দিনাই এটা নতুন ৰূপৰ বাবে নিজৰ হেয়াৰ ষ্টাইল সলনি কৰক৷ কালাৰড আৰু হাইলাইটে্ড চুলিয়ে সদায় এটা হেয়াৰ ষ্টাইলৰ দুগুণ ৰং চৰায়৷ কিয়নো পাতল ৰঙে সদায় চুলিত কৰা ব্ৰেড বান্ এইবোৰ বেছিকৈ ফুটাই তোলে৷ হাফ, ডাউন হাফ টপু হেয়াৰ ষ্টাইল খুবেই জনপ্ৰিয় আজিৰ দিনত৷ মোছ ল’ বান এটা কৰিব পাৰে৷ সতেজ ফুল এপাহ অথবা ট্ৰেডিশ্ব’নেল ডেক’ৰেটিভ্
হেয়াৰ পিন্
লগাব পাৰে৷ প্ৰাকৃতিকভাৱে উপলব্ধ সকলো বস্তু সদায়ে ট্ৰেণ্ডত থাকে৷
আহক নিজৰ শৰীৰ, ছাল, চুলিৰ লগতে গোটেই পৰিৱেশবোৰ আমি সুস্থ আৰু সতেজ কৰি ৰাখিবলৈ সামান্য প্ৰয়াস কৰো৷