
‘‘দেবী প্ৰপন্নাৰ্ত্তিহৰে প্ৰসীদ
প্ৰসীদ মতোজগতখিলস্য
প্ৰসীদ বিশ্বেশ্বৰী পাহি বিশ্বঃ
ত্বমীশ্বৰী দেবী চৰাচৰস্য৷’’
এই চৰাচৰ বিশ্বব্ৰহ্মাণ্ডৰ ঈশ্বৰী জগতৰ প্ৰপান্নাৰ্ত্তি হৰণকাৰিণী অখিল জগতৰ মাতৃ মা দুৰ্গাৰ চৰণত সংসাৰী জীৱই জাগতিক আৰু আধ্যাত্মিক দুয়ো ক্ষেত্ৰতে মুক্তি লাভ কৰিবৰ কাৰণে যুগ–যুগ ধৰি ভক্তসকলে প্ৰাৰ্থনা কৰি আহিছে৷ জাগতিক বা আধ্যাত্মিক আকুলতাৰে আৰ্তি এৰাবলৈ পৰমজনৰ ওচৰত আত্মনিবেদন কৰাই হ’ল প্ৰপন্নতা৷ এই প্ৰপন্নতাপ্ৰাপ্ত হ’বলৈ ভক্তক লাগিব ধৰ্মৰ ওপৰত বিশ্বাস, উপাসনাৰ তাত্বিক জ্ঞান৷
এই লেখাৰ মূল বিষয়বস্তু উপাসনাৰ তাত্বিক জ্ঞানৰ বিষয়ে আলোচনা কৰাৰ আগতে উপাসনা কি জনা দৰ্কাৰ৷ বেদান্তসাৰ নামত শাস্ত্ৰত কৈছে– ‘‘উপাননানি সগুনব্ৰহ্ম বিষয়ক মানসব্যাপাৰ ৰূপানি’’–
অৰ্থ্যাৎ সগুন ব্ৰহ্মাৰ প্ৰতি মনৰ ক্ৰিয়া বিশেষণেই হৈছে– উপাসনা৷
মহামায়াই এই ত্ৰিভূবনত ওতঃপ্ৰোতভাৱে বিৰাজ কৰি আছে৷ আমাৰ শৰীৰৰ বাহিৰে ভিতৰে প্ৰতি অণুপৰমাণুতে তেওঁ বিদ্যামানা৷ সেয়ে ঋক্বেদীয় যুক্তত তেওঁ নিজেই কৈছে–
‘‘অহমেব বাত ইব প্ৰবাস্যাৰভমানা
ভূবনানি বিশ্বা৷
পৰো দিবা পৰ এনা পৃথিব্যৈ তাবতী
মহিমা সম্ভভূব৷৷’’
অৰ্থ্যাৎ মই নিজেই এই ত্ৰিভূবন সৃষ্ট কৰি ইয়াৰ বাহিৰে–ভিতৰে বায়ুৰ দৰে বিৰাজ কৰিছো৷ পৃথিবী আদি সমস্ত লোকতে নিজ মহিমাৰে অধিষ্ঠিতা হৈ আছো৷ সেই মহামায়াই আমাৰ চৌদিশে অধিষ্ঠিত আৰু আমি তেওঁৰ উপাসনাৰে সন্নিহিত আছো৷ তেওঁ নিজৰ শক্তিৰে আমাক শক্তিমান কৰিছে নিজৰ চৈতন্যৰ দ্বাৰা আমাৰ চৈতন্য সম্পাদন কৰিছে৷ প্ৰকৃততে উপাসনাৰ অৰ্থ– এনেধৰণৰ সান্নিধান কৰাটো নুবুজায়৷ তেওঁৰ ধ্যানত তেওঁৰ প্ৰাণত মগ্ন হৈ তেওঁৰ সত্বাত নিজ সত্বাক দুবাই ৰখাই হ’ল উপাসনাৰ লক্ষ্য৷
যিদিনা আমাৰ অন্তৰে অন্তৰে তেওঁক ধৰি ৰাখিব পাৰিম, তেওঁৰ স্বৰূপ উপলব্ধি কৰিব পাৰিম, তেওঁৰ ভাবসাগৰত নিজৰ অস্তিত্ব ডুবাই ৰাখিব পাৰিম তেতিয়াই হ’ব তেওঁৰ সন্নিধান লাভ৷ যাক ‘‘সগুনব্ৰহ্ম বিষয়ক মানস ব্যাপাৰ ৰূপানি’’ বুলি ক’ব পাৰি৷ ভগবানৰ প্ৰতি এইধৰণৰ মনৰ ক্ৰিয়াই হ’ল
– ‘‘প্ৰকৃত উপাসনা৷’’
উপাসনা কিয় লাগে ঃ–
ভগবান শ্ৰীকৃষ্ণই গীতাত অৰ্জুনক কৈছে–
বহুনিমে ব্যাতীতানি জন্মানি তব চা৭১্ুন
তান্যহং বেদ সৰ্বানি ন ত্বং বেত্থ পৰন্তপ৷৷
‘‘হে অৰ্জুন/ মোৰ আৰু তোমাৰ বহু ব্যতীত হৈছে৷ মই সকলো জানো৷ কিন্তু হে পৰন্তপ/ তোমাৰ জ্ঞান শক্তি আবৃত থকাত একোৱেই গম নাপালা৷’’
কৰ্মৰ দ্বাৰাই জীৱই জন্মগ্ৰহণ কৰে আকৌ কৰ্মৰ দ্বাৰাই নষ্টও হয়৷ দেহ বিনষ্ট হ’লে তৎকৰ্ম সমুদয় কৰ্ম অনুৰূপ অন্যদেহ প্ৰাপ্তি কৰোৱায়৷ মুণ্ডকউপনিষদত কৈছে–
কামান্
যঃ কাময়তে মন্যামানঃ
স কামৰ্ভিজায়তে তত্ৰ তত্ৰ
পৰ্য্যাপ্তকামস্য কৃতাত্মনস্তু
ইহৈব সৰ্বে প্ৰবিলীয়ন্তি কামাঃ৷
অৰ্থ্যাৎ যি যেনেকুৱা বিষয় উপভোগৰ কাৰণে কামবান হয় তেনেকুৱা কৰ্মৰ অনুষ্ঠান কৰে তেওঁ সেই বিষয়ৰ উপভোগৰ কাৰণে সেই স্থানত জন্ম পৰিগ্ৰহ কৰি তাক ভোগ কৰে৷ আৰু যি আত্মতত্ব অৱগত হৈ বিষয়ৰ ওপৰত বীতৃষ্ণ হয়, তেওঁৰ ইহজনমতেই সমস্ত কামনা বিলুপ্ত হৈ যায় আৰু বিষয়ভোগৰ কাৰণে বাৰে বাৰে জন্ম ল’ব নেলাগে৷
আসক্তি বা বাসনাহীন কৰ্ম ফলোৎপাদিকাহীন ধানৰ দৰে৷ আসক্তি বা বাসনাই হৈছে জীৱৰ অহং বোধ৷ এই অহংবোধক কোনোৱে মায়া অবিদ্যা বা অজ্ঞান বুলি অভিহিত কৰে৷ অহংবোধেই সমস্ত ক্লেশৰ মূল৷ এই অহংজ্ঞান তিৰোহিত হ’লেই পৰমব্ৰহ্মৰ সাক্ষাৎকাৰ হয়৷ এই সাক্ষাৎকাৰেই হৈছে পৰম মোৰৰূপ ব্ৰহ্মজ্ঞান৷ শাস্ত্ৰত এই ব্ৰহ্মজ্ঞানক আত্মদৰ্শন বুলিও অভিহিত কৰিছে৷
ৰামকৃষ্ণ পৰমহংসই এদিন এজন শিষ্যক কৈছিল– ‘‘আমি ম’লে ঘুচিবে জজ্ঞাল৷’’ অৰ্থাৎ আমিত্ব, অহংভাব শেষ হ’লেই জীবৰ মুক্তি সহজলভ্য হৈ পৰে৷ জীৱনৰ বিষয়াসক্তি নষ্ট কৰাই হ’ল উপাসনাৰ মূল্য লক্ষ্য৷ এই সংসাৰত যিমানবিলাক ভোগ্য বিষয় আছে, যাৰ দ্বাৰা মানুহ সংসাৰত আবদ্ধ হয় সেই সমূদায় মা জগাত্মাৰ চৰণত সমৰ্পণ কৰিব পাৰিলে বিষয়ানুৰাগ নিবৃত্ত হয়৷ এইয়াই হ’ল উপাসনা যোগ বা কৰ্মযোগ৷ ইয়াত জ্ঞান, ভক্তি আৰু কৰ্ম এই তিনিৰ সংমিশ্ৰণ আছে বাবেই ইয়াক মিশ্ৰযোগ বুলিও ক’ পাৰি৷
উপাসনাৰ উপায় ঃ
কোনো এজন ভক্তই ভগৱান প্ৰাপ্তিৰ হেতু উপাসনা কৰিবলৈ হ’লে ভগৱানৰ লগত তেওঁৰ এক নিবিড় সম্পৰ্ক গঢ়িব পাৰিব লাগিব৷ ভগৱান বা ভাগৱতী হৈছে এক Supreme Power, কিন্তু তেওঁৰ লগত ভক্তৰ ভক্তিৰ সম্বন্ধ খুব নিবিড় হ’বই লাগিব৷ ভগবদ শক্তিৰ প্ৰতি অনুৰাগ জন্মাবলৈ হ’লে সম্বন্ধ স্থাপন কৰা আৱশ্যক৷ শাক্তসকলে মাতৃভাব, শৈৱসকলে পিতৃভাব, বৈষ্ণৱসকলে অধিকাৰভেদে পতি, পুত্ৰ,
সখা,
প্ৰভু–প্ৰভূতি ভাব, সৌৰ আৰু স্থাপত্যসকলে প্ৰভুভাব প্ৰতিষ্ঠা কৰিব লাগিব (কৰিব পাৰে)৷ ৰুচি আৰু অধিকাৰধেবে যি যি সম্বনঘ ধৰি যিভাবে তেওঁক ভজন নকৰক কিয় তেওঁৰ সেইভাবেই পৰানুক্তিৰূপে পৰিণত হৈ ভগবদ প্ৰাপ্তি হ’ব৷
মহামুনি শাণ্ডিল্যই কৈছে– ‘‘সা পাণ্ডানুৰক্তিৰীশ্বৰে৷’’
ভক্তিসুত্ৰত নাৰদে কৈছে– ‘‘সা কস্মৈ পৰম প্ৰেমৰূপা৷’’
দেৱদেৱীৰ লগত সম্বন্ধ স্থাপনেই হৈছে পৰমপ্ৰেম লাভৰ প্ৰথম সপোন৷ সমস্ত প্ৰকাৰ ভগবদ্ উপাসনাই কোনো নহয় কোনো পাৰ্থিব সম্বন্ধৰ সাদৃশ্যত সংস্থাপিত৷ সাধকসকলে সেয়ে তেওঁক পিতা, মাতৃ, পতি, প্ৰভু, সখা ইত্যাদি ভাবত, কেতিয়াবা পত্নী, কেতিয়াবা পতি ভাবতো উপাসনা কৰে৷
মাতৃভাবৰ সাধকসকলে তেওঁক অকল্পিত মাতৃভাবত দেখে৷ পুত্ৰৰ দৰে মাতৃৰ ওচৰত কিমান যে আবদাৰ, কিমান অভিমান৷
মা মা ব’লে আবþ ডাকিব না
ওম দিয়েছ দিতেছ কতই যন্ত্ৰণা৷৷

যেতিয়াই যি ভাব মনলৈ আহে সকলো কথাই মাৰ আগত গাই দিয়ে৷ খং কৰে, অভিমান কৰে, কান্দে,
হাঁহে,
প্ৰাৰ্থনা কৰে৷ শিশুৱে যেনেকৈ নিজ গৰ্ভধাৰিণীৰ লগত যি ব্যৱহাৰ কৰে তেওঁলোকেও
(সাধকসকলে)
ইষ্টদেবতাৰ লগত তেনে ব্যৱহাৰ কৰে৷
খং উঠিলে মাককো গালি দিয়ে৷ ঠাকুৰ ৰামপ্ৰসাদেও এদিন নিজৰ প্ৰাণৰ বেদনা জনাবলৈ গৈ কৈছিল– ‘‘গণ্ড যোগে জনমিলে সে হয় ‘মা থেকো’ ছেলে এবাবþ তুমি খাও, কি আমি খাই, মা দুটাবþ একটা ক’ৰে যাব৷’’
পিতৃ সাধকসকলে পিতৃদৃষ্টিত ভগবানৰ ওচৰত অনুৰক্ত হয় আৰু তেওঁৰ সেৱা আৰু পৰিচৰ্যাত সমস্ত ইন্দ্ৰিয় বৃত্তি বিলাক নিয়োজিত কৰে৷
দাস্যভাবত ভগবান প্ৰভু আৰু সাধক দাস৷ আদৰ্শ দাসে যেনেকৈ প্ৰভুৰ সেৱা কৰিবলৈ ব্যস্ত থাকে ভক্তত, তেনেকৈ ভগবানৰ সেৱা কৰাত ব্যস্ত৷ সংসাৰত তেওঁলোকৰ যিমানবিলাক প্ৰিয়বস্তু আছে তাৰ দ্বাৰা নিজৰ প্ৰভু সেৱা কৰিবলৈ বিচাৰে৷ দাস্যভাবৰ সেৱা নিষ্কাম সেৱা৷ ভক্ত হনুমানে ৰামৰ দাসত্ব স্বীকাৰ কৰিয়েই ধন্য হৈছে৷ তেওঁৰ বাবে–
শ্ৰীনাথে জানকীনাথে অভেদঃ পৰমাত্মনি৷
তথাপি মম সৰ্ব্বস্বো ৰামঃ কমল লোচনঃ৷৷
সগ্যভাবগ ভগবানৰ লগত গলাগলি, কোলাকুলি কৰে সাধকসকলে৷ অৰ্জুন, শ্ৰীদাম, সুদাম প্ৰভৃতি সাধকসকলে কৃষ্ণৰ লগত মনৰ কথা পাতে, কৃষ্ণক কান্ধত তুলি ঘুৰায়, নিজেও কৃষ্ণৰ কান্ধত উঠে, কৃষ্ণক নেদেখিলে জগৎ শূন্য বুলি কান্দি পেলায়৷ সখ্যভাবৰ সাধকসকলে ভাবে– ভগবান তেওঁলোকৰ দৰেই আনকি ভক্তই ভগবানৰ আৰু ভগবানে ভক্তৰ উচ্ছিষ্ট খাবলৈ কুণ্ঠাবোধ নকৰে৷
বাৎসল্য ভাবেৰে ভক্তই ভগবানক নিজপুত্ৰৰ দৰে স্নেহ, মৰম কৰে৷ বাৎসল্য ভাব নিষ্কাম ভাবৰ পৰাকাষ্ঠা৷ পিতা–মাতাই পুত্ৰৰ পৰা একো নিবিচাৰে৷ কেবল পুত্ৰৰ মঙ্গল কামনাৰ বাদে আশা নাই আকাংক্ষা নাই৷ বাৎসল্য ভাবেই হৈছে অতি কঠিন উপাসনা৷ বিষয় বিমুঢ় ব্যক্তিৰ পক্ষে ই অতি অসম্ভৱ৷ নন্দ, যশোদা, মেনকা আদি এই ভাবৰ প্ৰকৃত উদাহৰণ৷
মধুৰ ভাবৰ সাধকসকলে ভগবানক নিজৰ পতি ৰূপত কল্পনা কৰি নিজৰ সৰ্বস্ব তেওঁৰ চৰণত অৰ্পণ কৰে৷ সতীনাৰীয়ে যেনেকৈ পতিৰ বাহিৰে অন্য কোনো পুৰুষকে চিনি নাপায়, ভক্তইয়ো সেইদৰে ভগবানৰ বাদে আন কাকো চিনি নাপায়, অৱশ্যে হিন্দুৰ বাহিৰে আন কোনো ধৰ্মতে এনেধৰণৰ আত্মসমৰ্পণ নাই৷ বৃন্দাবনৰ যত গোপী কামগন্ধহীন হৈ মধুৰ ভাবেৰে নিজক কৃষ্ণৰ পদপংকজত অৰ্পণ কৰা কাহিনী সৰ্বজ্ঞাত৷

গৌৰাং মহাপ্ৰভু কৃষ্ণ বিৰহে জ্বৰ জ্বৰ৷ কামগন্ধহীন এই মদনদহনৰূপ প্ৰেমাগ্নি প্ৰজ্বলিত হ’লে সাধক কৃত কৃতাৰ্থ হয়৷ তেতিয়াই সৰ্বস্ব ত্যাগ কৰে৷ তেতিয়া সাধকে ঘৃণা, লজ্জা, ভয়, নিদ্ৰা, নিন্দা, জাতি, কুল, শীল সমস্ত ত্যাগ কৰি ‘‘পাশমুক্তা সদাশিবঃ’’ হয়৷
‘‘ঘৃণা লজ্জা ভয়ং নিদ্ৰা জুগুপ্সা চেতিপঞ্চমং৷
জাতিঃ কুলং শীলং চৈব অষ্ঠো পাশাঃ প্ৰকীত্তিৰ্তাঃ৷৷’’
গীতাত কৈছে–
অভ্যাসেহপ্যসমৰ্থোহপি মৎকৰ্মপৰনো ভব৷
মদৰ্থমপি কৰ্মানি কুৰ্ব্বনসিদ্ধি মবাপ্স্যসি৷৷
(১২ অধ্যায় ১০ নং শ্লোক)
যদি জ্ঞানৰ অভ্যাসত অসমৰ্থ হোৱা তেতিয়া আমাৰ কৰ্ম পৰায়ণ হোৱা৷ সদায় যিকোনো ইন্দ্ৰিয়ৰ দ্বাৰা যিকোনো কৰ্ম অনুষ্ঠান কৰা তেতিয়া মোৰ নিমিত্তে কৰিছা, এই ধৰণৰ বদ্ধ সংস্কাৰ হ’লে জীৱ বিষয়ানুৰাগৰ পৰা বিমুক্ত হৈ তত্ত্বজ্ঞান সম্পন্ন হ’ব৷
ৰামকৃষ্ণ পৰমহংসদেবে গৃহস্থীসলক উপদেশ দিছে– সকলো কৰ্ম কৰিবা৷ কিন্তু ঈশ্বৰক মনত ৰাখিবা৷ পত্নী, পুত্ৰ,
পিতৃ,
মাতৃ সকলোেৱৈ সেৱা কৰিবা পৰিচৰ্য্যা,
প্ৰতিপালন কৰিবা কিন্তু এটা কথা ভালদৰে জানিবা; তেওঁলোক তোমাৰ কোনো নহয়৷ সংসাৰৰ সমস্ত কাৰ্য্য তেওঁৰ৷ পৰমেশ্বৰৰ কাৰ্য্য৷
‘‘মৎকৰ্ম পৰমোভব মদৰ্থমপি কৰ্মানি
কুৰ্বন সিদ্ধি মবাপ্স্যসি৷৷’’
(গীতা)
আমাৰ উদ্দেশ্য নানাবিধ অনুষ্ঠান কৰা৷ তেতিয়াহে ক্ৰমে সিদ্ধিলাভ হ’ব৷
‘‘মননং বিশ্ববিজ্ঞানং ত্ৰানসংসাৰ বন্ধনাৎ
ধৰ্মাৰ্যকামমোক্ষানাং মামন্ত্ৰামন্ত্ৰ উচ্যতে৷৷’’
যাৰ মনৰ পৰা বিশ্ববিজ্ঞান হয়৷ আৰু সংসাৰ বন্ধনৰ পৰা পৰিত্ৰাণ হয়৷ ধৰ্ম–অৰ্থ–কাম–মোক্ষ সকলো লাভ হয় তাকে মন্ত্ৰ বোলে৷ ইন্দ্ৰিয় সংযম কৰি চিত্ত শুদ্ধ কৰি উপাসনাৰ পথ গ্ৰহণ কৰক৷
‘‘আশুচিৰ্বা শুচিধাপি গ২৬ন্তিষ্ঠান্ যথা তথা৷
গায়ত্ৰীং প্ৰজপেৎ ধীমান্
জপাৎ পাপং নিকৃন্ততি৷’’
কি শুচি কি অশুচি যি ভাবেই থাকক, গমনেই হওক বা উপবেশনেই হওক, ধীমান ব্যক্তিয়ে সদায় গায়ত্ৰী জপ কৰিব৷ কাৰণ জপৰ দ্বাৰা পাপ নিবৃত্তি হয়৷ জপ কৰোতে কৰোতে মনৰ পাপ বৃত্তিবিলাক অপসাৰিত হ’ব আৰু সাত্বিজ্ঞ ধৰ্ম্মভাববিলাক উদ্ৰিক্ত হ’ব৷ এদিন সেই সাধকেই পবিত্ৰাত্মা হৈ উত্তৰোত্তৰ চিত্তৰ উৎকৰ্ষ লাভ কৰিব পাৰিব৷ অন্তৰলৈ আহিব সহিষ্ণুতা৷ সাহিষ্ণুতা অবলম্বন কৰি নিজ নিজ প্ৰকৃতি অনুসাৰে উপাসনা কৰিলে চিত্ত নিৰ্মল হৈ আহিব আৰু অৱশেষত সমস্ত শাস্ত্ৰৰ সাৰ লক্ষ্য চিত্ত শুদ্ধি লাভ হ’ব৷ তেতিয়া সমস্ত কামনা ধবংস হৈ আত্মসাক্ষাৎকাৰ প্ৰাপ্তি হ’ব৷
উপাসনাৰ উদ্দেশ্য আমাৰ মনৰ কামনা ৰাশিক ধবংস কৰি চিত্ত নিৰ্মল কৰা৷ কাৰণ চিত্ত শুদ্ধি নহ’লে আত্ম সাক্ষাৎকাৰ নহ’ব৷ যিমান দিন কামনা থাকিব বাসনা থাকিব সিমান দিনলৈকে আত্মজ্ঞান বা শাস্ত্ৰীয় ব্ৰহ্মজ্ঞান সুদুৰ পৰাহত৷ এইয়াই হৈছে ‘‘সৰ্বশাস্ত্ৰ সাৰ সিদ্ধান্ত৷’’
সৰ্বে সন্তু সুখীনঃ সবেসন্তু নিৰাময়াঃ সৰ্বে ভদ্ৰানি পশ্যন্তু মাকেশ্চিদ দুঃখমাং ভবেদ৷
ওঁ শান্তি৷