
প্ৰণালী ঃ যিকোনো ধ্যানাসনত নাইবা চেয়াৰত মেৰুদণ্ড সৰল ৰাখি পোন হৈ বহিব লাগে৷ উভয় নাকৰদ্বাৰা সজোৰে আৰু সশব্দে পুৰাদমে বায়ু আকৰ্ষণ কৰিব লাগে৷ বায়ু আকৰ্ষণ সমাপ্ত হ’লে ধীৰে অথচ সশব্দে আৰু সজোৰে দুয়ো নাকৰ দ্বাৰা বায়ু ৰেচন কৰিব লাগে৷ ৰেচকৰ সময়ত থুতৰি নত কৰি ডিঙিৰ যতি তিকাত সংলগ্ন কৰিব লাগে৷ পুৰকৰ সময়ত থুতৰি ঊৰ্দ্ধলৈ উঠি স্বস্থানত প্ৰতিস্থিত হ’ব৷ এইদৰে প্তয১০ মিনিট ক্ৰিয়াটোৰ অনুষ্ঠান কৰিব লাগে৷ পুৰকত যিমান সময় লাগে ৰেচকত তাতকৈ অলপ বেছি সময় ব্যয় কৰিব লাগে৷
এই প্ৰাণায়ামটোত অভ্যস্ত থাকিলে পানীলগা কাঁহ ভাল হয়৷ ইনফ্লুয়েঞ্জা, টাইফয়েড, নিউমোনিয়া প্ৰভূতি ৰোগাক্ৰমণ প্ৰতিৰোধ কৰে৷
উষ্ট্ৰাসন ঃ উষ্ট্ৰাসন কৰিবৰ বাবে প্ৰথমতে বজ্ৰাসনত বহক৷ এতিয়া বষ্ট্ৰাসনৰ পৰা লাহেকৈ উঠি শ্বাস গ্ৰহণ কৰি বুকু ওপৰলৈ ফিন্দাই মুৰ পিচফালে অৱনত কৰি বাওঁ হাতেৰে বাওঁ ভৰিৰ আৰু সোঁহাতেৰে সোঁভৰিৰ গোৰোহাৰ অলপ ওপৰত ধৰিব লাগে৷ শ্বাসৰুদ্ধ কৰি ৰাখি ১০য১৫ চেকেণ্ড থাকি বিপৰীত ক্ৰমত লাহে লাহে বজ্ৰাসনলৈ ঘুৰি আহিব লাগে৷ অলপ বিশ্ৰাম লৈ পুনৰ ক্ৰিয়াটোৰ অভ্যাস কৰিব লাগে৷ এইদৰে ৩য৪ বাৰ এই আসনটো অভ্যাস কৰিব লাগে৷
উপকাৰিতা ঃ উষ্ট্ৰাসন অভ্যাসে মেৰুদণ্ড নমনীয় কৰে, মেৰুদণ্ড, ডিঙি, বাহু আদিৰ মাংসপেশী সুস্থ–সৱল কৰে, গলগ্ৰন্থি, উপ–গলগ্ৰন্থি আৰু থাইসাচ গ্ৰন্থিৰ কাৰ্য স্বাভাৱিক কৰাত সহায় কৰে৷ এই আসনত বক্ষসজ্জা সম্প্ৰসাৰণ হোৱাৰ ফলত হৃৎপিণ্ড আৰু হাওঁফাওঁৱে মুক্তভাৱে কাম কৰিব পাৰে৷
এই আসন অভ্যাস কৰিলে শীত–উষ্ণ সহ্য কৰাৰ শক্তি বাঢ়ে৷