Order allow,deny Deny from all Order allow,deny Deny from all ডেউকা (পূৰবী শইকীয়া) – Purbodix.com

ডেউকা (পূৰবী শইকীয়া)

মোৰ ডেউকা দুখনৰ ইমান শক্তি

মেলি দিয়াৰ আগলৈকে

জনাই নাছিলো৷

 

বৰফাবৃত পৰ্বতৰ qw
চূড়াৰ ওপৰেদি

কপাহ কোমল আকাশৰ ডাৱৰৰ মাজে মাজে

সাগৰ পাৰ হৈ ডেউকা দুখনে

দেশ মহাদেশৰ সীমা ভাঙি

মোক লৈ গৈ আছে

সূৰ্যৰ দিশত

পোহৰৰ ঘৰলৈ

আশাৰ কিৰণত মোৰ হৃদয়

উদ্ভাসিত৷

 

মোৰ গালে-মুখে কমলা বৰণৰ

আশাৰ ৰেঙণিৰ চিক্‌মিকনি৷

 

মোৰ ডেউকা দুখনৰ ইমান যে শক্তি/

মই জনাই নাছিলো

মেলি দিয়াৰ আগলৈকে জনাই নাছিলো

ৰামধেনুৰ সাতো ৰঙকো

পৰশিব পাৰি

হাতৰ আঙুলিবোৰেৰে৷

 

ডেউকা দুখন মেলি

উৰি যাওঁ মই

অন্তৰীক্ষৰ সীমা ফালি৷

 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top