
বাটচ’ৰা
ইতিহাস সদায় অতীতৰ দৈৱবাণী হৈ ৰয়৷ ডুবিৰ পৰিহৰেশ্বৰ দেৱালয়ৰো ইতিহাস আছে৷ সেই ইতিহাস জীয়া ইতিহাস৷ বাস্তৱতাৰ কাৰুণ্যৰে ভৰা সেই ইতিহাস৷
ৰজা শিৱসিংহৰ আদেশত প্ৰথমতে খেৰ–বাঁহ–কাঠৰ দ্বাৰা এটি আহল–বহল সভা ঘৰ নিৰ্মাণ কৰা হ’ল৷ চৌহদৰ এফালে কাম–বন কৰিবলৈ পঠোৱা পাইক–সেৱাইত সকল থাকিবৰ বাবে উপযুক্তভাৱে এটা দীঘল ঘৰ সজোৱা হ’ল৷ সভাঘৰৰ আনহাতে গায়ন–বায়ন আৰু দেৱদাসী থাকিবৰ বাবেও সুকীয়া ঘৰ এটি সাজি উলিয়ালে৷
ৰজাৰ নিৰ্দেশমতেই মূল মন্দিৰ ভাগ সজা হ’ল৷ গৰ্ভ–গৃহ সমন্বিতে চাৰিকোণীয়াকৈ সজা এই মন্দিৰ ডাঙৰ ডাঙৰ শিলাখণ্ডৰে নিৰ্মাণ হ’ল৷ শিলাখণ্ডবোৰ বহুত পুৰণি৷ পূৰ্বতে কোনো লোকে স্থায়ীকৈ নিৰ্মাণ কৰা মন্দিৰত এইবোৰ নি(য় ব্যৱহৃত হৈছিল৷ শিৱলিংগ থকা ঠাইখনৰ পিছফালে থকা দ’ ঠাইখনৰ পৰা এই শিলবোৰ উদ্ধাৰ কৰা হৈছিল৷ খনিকৰৰ নিৰ্দেশত নিয়মানুসাৰেই মন্দিৰভাগ সজা হ’ল৷
সকলো সম্পূৰ্ণ হোৱাৰ খবৰ পাই ৰজা শিৱসিংহ আৰু বৰৰজা ফুলেশ্বৰী কুঁৱৰী আহি ডুবিৰ বাহৰত উপস্থিত হ’ল৷ দিন–বাৰ চাই মন্দিৰত এটা উৎসৱৰ আয়োজন চলিল৷
ৰজা শিৱসিংহই এখন তামৰ ফলি নিৰ্মাণ কৰাই ডুবিৰ এই পৰিহৰেশ্বৰ দেৱালয়লৈ ভূমি সম্পত্তি, পাইক আদি যোগান ধৰা বুলি উল্লেখ কৰি শ’ক–তাৰিখ দিলে৷ উল্লেখ কৰা হ’ল যে গায়ন–বায়ন সহ দেৱদাসীও মন্দিৰত থাকিব৷ ফলিখনত সম্পত্তিৰ কথাও উল্লেখ কৰা হ’ল৷
ফলিমতে মন্দিৰলৈ আগবঢ়োৱা মাটিৰ পৰিমাণ সাতশ ষাঠি পুৰা৷ ইয়াৰে কিছুমান নিষ্পিখেৰাজ আৰু কিছুমান লাখেৰাজ৷ মন্দিৰৰ পুজাৰী, গায়ন–বায়ন,
দেৱদাসী,
পাইক,
সেৱাইত আদিৰ ভৰণ–পোষণ ইয়াৰ পৰাই হ’ব৷ নিষ্পিখেৰাজ,
পাইক আৰু নটী বা দেৱদাসীৰ বাবে দিয়া হৈছে৷ পাইকৰ সংখ্যা বৰ গোট৷ নটী বা দেৱদাসী দুজনী৷
গায়ন–বায়নৰ দলটো এজন কাঠ বায়নৰ তলত৷ ৰুদ্ৰসিংহৰ দিনতে দেৰগাঁওৰ পৰা এটা গায়ন–বায়ন নটুৱাৰ দল৷
ৰাজ্যৰ বাহিৰত শিকাই–বুজাই নেঘেৰিটিং শিৱ মন্দিৰৰ বাবে অনাইছিল৷ তাৰপৰাই গায়ন–বায়নৰ দল এটা পৰিহৰেশ্বৰৰ বাবে নিয়োগ কৰা হ’ল৷
নেঘেৰিটিঙত কেইবাজনীও প্ৰশিক্ষিত নৰ্তকী তথা দেৱদাসী আছিল৷ তেওঁলোকেৰ মাজৰে মন্দিৰা নামৰ এজনী ধুনীয়া নৰ্তকীক দেৱদাসীৰূপে পঠাবলৈ ফুলেশ্বৰীয়ে ৰজাক পৰামৰ্শ দিলে৷ মন্দিৰাৰ লগত আৰু এজনী নতুন নৰ্তকী ৰম্ভাক লোৱা হ’ল৷ কাঠবায়নৰ নেতৃত্বত গায়ন–বায়ন আৰু নৰ্তকীৰ দলটো এখন নাওঁত উঠি ধনশিৰিয়েদি গৈ বৰলুইতৰ বুকুত উঠিল৷ দলটো ভটিয়াই গৈ গৈ এদিন পৰিহৰেশ্বৰত উপস্থিত হ’লগৈ৷
নিৰ্দিষ্ট দিনটো আছিল শিৱ চতুদৰ্শী৷ ফাগুন মাহ৷ শিৱৰাত্ৰীৰ দিনা ৰজা, বৰৰজা দুয়ো ডুবিত উপস্থিত হৈ আয়োজনৰ খবৰ– বাতৰি ল’লে৷ শিৱসিংহই বজালী অঞ্চলৰ বহুত লোকক নিমন্ত্ৰণ দিয়াইছিল৷ নিৰ্দিষ্ট দিনটোৰ আগবেলাতে এইসকল ডুবি মন্দিৰৰ চৌহদত উপস্থিত হৈ নিজ নিজ কৰ্মত প্ৰবৃত্ত হ’ল৷ শৈৱ, শাক্ত, বৈষ্ণৱ, তান্ত্ৰিক, বৌদ্ধ আদি সকলো মানুহৰ মাজত উলাহ–আনন্দৰ সৃষ্টি হ’ল৷ বজালীৰ আবাল–বৃদ্ধ–বনিতা সকলো মানুহৰ সমাগমত বিৰ দি বাট নোপোৱাৰ পৰিৱেশ সৃষ্টি হ’ল৷ শাৰী পাতি পাতি মানুহে বিগ্ৰহ তথা লিংগ দৰ্শন কৰিলে৷ পূজাৰ আয়োজন চলি থকাৰ বাবে মানুহবিলাকে দূৰৰ পৰাই নিৰীক্ষণ কৰিব লগাত পৰিল৷
যথাসময়ত ৰজা শিৱসিংহ আৰু ৰাণী ফুলেশ্বৰী মন্দিৰ প্ৰাংগণত উপস্থিত হ’ল৷ পূজাৰী শিৱবৰ শৰ্মাৰ নেতৃত্বত দহ–বাৰ জনীয়া ব্ৰাহ্মণ পূজাৰীৰ দল এটাই মন্ত্ৰ উচ্চাৰণেৰে দুয়োকে স্বাগতম জনালে৷ ফুলেশ্বৰী ৰাণীয়ে শিৱবৰ পূজাৰীৰ হাতত পাট কাপোৰেৰে মেৰিয়াই অনা এটা পিতলৰ মূৰ্ত্তি দিলে৷ এই মূৰ্ত্তি দুৰ্গা গোঁসানীৰ৷ ৰাণীয়ে ৰংপুৰতে এই মূৰ্ত্তি নিৰ্মাণ কৰাই আনিছে৷ পৰিহৰেশ্বৰৰ শিৱমন্দিৰত শিৱৰ লগতে এতিয়াৰ পৰা দুৰ্গাদেৱীৰো আৰাধনা, পূজা–পাতল নিয়মীয়াকৈ হৈ থাকিব৷
মূৰ্ত্তিভাগ গ্ৰহণ কৰি শিৱবৰ শৰ্মাই এজন শাক্ত পূজাৰীৰ হাতত ততালিকে সভাঘৰৰ পূৱকোঠাত প্ৰতিষ্ঠাৰ বাবে সমৰ্পণ কৰিলে৷ তেওঁ লগতে ক’লে– পূৰ্বতে এই মন্দিৰত ভগৱতীৰ অৰ্চনা–বন্দনা হৈছিল বুলি শুনা যায়৷ পূৰণি মূৰ্ত্তি এতিয়ালৈকে উদ্ধাৰ হোৱা নাই৷ কাষৰ জাৰণিখনত এতিয়াও বহুত বস্তু বিলুপ্ত হৈ আছে৷ তাত হয়তো এনে মূৰ্ত্তি ওলাবও পাৰে৷
ৰাণী ফুলেশ্বৰীয়ে ক’লে– এতিয়াৰ পৰা গোসাঁনীৰ নিয়মীয়া পূজা হ’ব৷ শাৰদীয় পূজাভাগ কিন্তু ধুম–ধামেৰে হ’ব লাগিব৷ শিৱৰৰ শৰ্মাই শলাগিলে–হ’ব, সেইমতেই হ’ব৷ সময়ত পূজা আৰম্ভ হ’ল৷ ৰজা নিজে আহি মন্দিৰ কক্ষত উপস্থিত হ’ল৷ বৰৰজা ফুলেশ্বৰীও আহিল৷ মন্ত্ৰৰ উচ্চাৰণৰ ধবনিৰ মাজত দুয়ো শিৱ সনাতনলৈ সেৱা জনালে৷ বম্ বম্ ধবনিত আকাশ–পাতাল ৰজনজনাই গ’ল৷
নিয়মানুসাৰে দুৰ্গাদেৱীৰো প্ৰতিষ্ঠা হ’ল৷ ডুবিৰ পৰিহৰেশ্বৰে এক নতুনত্ব লাভ কৰিলে৷ একে সময়তে বৃদ্ধা দেৱদাসী প্ৰেমদাৰ লগত মন্দিৰা আৰু আনজনী নৰ্তকীয়ে মন্দিৰত প্ৰৱেশ কৰিলে৷ শংখ–ঘণ্টা–কাঁহৰ ধবনিত তেওঁলোকে আৰতি আৰম্ভ কৰিলে৷ বৃদ্ধা প্ৰেমদাই সোলা মুখেৰে এটি গীত গালে৷ মন্দিৰাই নাচিলে৷ তাৰ পিছত দেৰগঞা গায়ন–বায়ন আহিল৷ আৰম্ভ হ’ল দেৱদাসী নৃত্য৷ মন্দিৰাৰ ছন্দোবদ্ধ নৃত্যত যেন সাৰপাই উঠিল তমোহৰদেউ,
নটৰাজ শিৱ৷ মন্দিৰৰ চৌহদত উপস্থিত সকলৰ অনেকেই আৰতিৰ ছন্দত নাচিবলৈ ধৰিলে৷ এনে আনন্দ–ধেমালিত চলি থাকিল৷ সকলো উছৰ্গা সম্পূৰ্ণ কৰি ৰজা আৰু বৰৰজা বাহৰলৈ উভতি গ’ল৷ বিষয়া, অমাত্যও ৰজাৰ পিছ ল’লে৷ উপস্থিত ৰাইজো কিছু কমিবলৈ ধৰিলে৷
ৰাতিলৈ চতুৰ্দশীৰ বিহিত পূজাৰ সমাপন ঘটিল৷ পুৱালৈ মন্দিৰ পৰিষ্কাৰ কৰা হ’ল৷ প্ৰেমদা বুঢ়ীৰ লগত মন্দিৰা আহি উপস্থিত হৈ দুগছি তৈল বন্তি জ্বলালে৷ নিজ নিজ অভিপ্ৰায় মনতে স্মৰণ কৰিলে৷ মন্দিৰৰ একাষত বহিলৈ প্ৰেমা বুঢ়ীয়ে চন্দনাক কিছুমান তাইৰ নিজৰ অতীতৰ কথা কৈ গ’ল৷ তাৰপিছত বিগ্ৰহলৈ উছৰ্গিত দেৱদাসীৰ বিপদ সমূহৰ আভাস দিলে৷
বিগ্ৰহৰ লগত যদি তোমাৰ বিয়া হয়, ‘‘তেন্তে সাৱধান/ পূজাৰী দুৰ্বল হ’লে তুমি ভোগৰ সামগ্ৰীত পৰিণত হ’ব লাগিব৷ মন্দিৰৰ পূজাৰী, সন্যাসী, অভ্যাগতক সংগসুখ দিব লগা হ’ব পাৰে৷ আটাইতকৈ ভয়, মন্দিৰলৈ অহা ৰজাৰ বিষয়া সামন্তলৈ৷ নিজৰ মন ডাঠ কৰিলে অৱশ্যে এইবোৰেও একো কৰিব নোৱাৰে৷ বুজিছ আই, যুগে যুগে মন্দিৰৰ দেৱতাৰ নামত আমি দেৱদাসীবোৰ পুৰি পুৰি ছাই হৈছোঁ৷ কুমাৰীত্ব,
নাৰীত্ব সকলো হেৰুৱাইছোঁ৷ আমাৰ এই দেহা পাপৰ দেহা৷ আমাৰ দেহটো ধৰ্মৰ নামেৰে নৰকগামী কৰি তোলা হয়৷ বৰ্তমানৰ পুজাৰীজন অতি সৎস্বভাৱৰ গৃহীলোক৷ তেওঁ তোমালোকক বিগ্ৰহৰ নামত উপভোগ কৰাৰ কথা ভাবিব নোৱাৰে৷ কিন্তু বাকী মানুহবোৰৰ পৰা নিজক বচাই ৰাখিবা৷ দিন–কাল কিছু সলনিও হৈছে৷ মই শুনিছোঁ, নেঘেৰীটিঙৰ দেৱালয়ৰ দেৱদাসী নৰ্তকীবোৰ এনেবোৰ গোপন কাৰ্যৰ বলি নহয়৷ তেওঁলোকে নিজৰ পৰিয়ালত থাকি মন্দিৰৰ সেৱা আগবঢ়াব পাৰে৷ ইয়াতো এই নিয়ম হ’ব লাগে৷ যিকোনো প্ৰকাৰে মুঠতে নিজত্ব বজাই ৰাখিবা৷
এই মন্দিৰত কালিকা আছে৷ লাহে লাহে সকলো ধৰিব পাৰিবা৷’’
প্ৰেমদাই এইদৰে বহু দিহা–পৰামৰ্শ মন্দিৰাৰ আগত দাঙি ধৰিলে৷ মন্দিৰাইও প্ৰেমদাৰ কথাবোৰ ‘হা’কৈ মুখ মেলি শুনি গ’ল৷
প্ৰথম অধ্যায়
পিছদিনাখন এটি শুভুহূৰ্তত পূজাৰী শিৱবৰ শৰ্মাই প্ৰথমগৰাকী দেৱদাসী অৰ্থাৎ মন্দিৰাৰ অভিষেক পাতিলে৷ যথাসময়ত ব্ৰতাদি সম্পন্ন কৰি পূজাৰীৰ মন্ত্ৰ পাঠৰ সৈতে মন্ত্ৰোচ্চাৰণ কৰি মন্দিৰাই বিগ্ৰহক পতিৰূপে বৰণ কৰি শিৱলিংগত মাল্যদান কৰিলে৷ পাষাণ মূৰ্তিৰ প্ৰতি শিৰ অৱনত কৰি পতিদেৱ বুলি মন্দিৰাই অশ্ৰু অঞ্জলি যাঁচি বিগ্ৰহৰ আশিষ নিৰ্মালি ল’লে৷ সেইসময়ত মন্দিৰাৰ অশ্ৰু অঞ্জলিৰ অৰ্থ বুজিবলৈ কোনো নাছিল৷ উপস্থিত থকা সকলোৱে মাথো মন্দিৰাৰ লাৱনি দেহৰ লয়–লাস ভংগীৰ নাগৰাৰ ছেৱে ছেৱে নৃত্যৰতা মন্দিৰাকহে চাই চাই আমোদত মত্ত হৈ থাকিল৷ নাচি নাচি এটা সময়ত মন্দিৰা মূ২৬১্া গ’ল৷ লগে লগে জয়–শিৱ–শম্ভু শব্দৰ তালত মন্দিৰ ৰজন–জনাই উঠিল৷
পূজাৰীয়ে ক’লে–
শিৱ সনাতনে মন্দিৰাক গ্ৰহণ কৰিলে৷ মন্দিৰাৰ মুখ মণ্ডলত পূজাৰীয়ে কমণ্ডলুৰ পৰা পানী ছটিয়াই দিয়াত তাইৰ মূ২৬১্া ভাগিল৷ আচৰিত হৈ ইফালে–সিফালে চাই পূজাৰীক দেখি সুধিলে– ‘‘মোৰ কি হৈছিল?’’ পূজাৰীয়ে ক’লে–
‘‘নাচি নাচি তুমি মূচ্ছিৰ্ত হৈছিলা, কিন্তু তোমাৰ নাচ শেষ হৈছে৷ তুমি দেৱতাক প্ৰসন্ন কৰি আশিষ ধন্যা হৈছে৷ দেৱতাই তোমাক গ্ৰহণ কৰিলে৷ তুমি বৰ ভাগ্যৱতী৷ তোমাৰ অভিষেক সম্পূৰ্ণ হৈছে৷ এতিয়া তুমি যোৱা৷ ঘৰত অলপ বিশ্ৰাম লোৱাগৈ৷ সন্ধিয়া আৰতিত তুমি পুনৰ নাচিব লাগিব৷ তাৰ পিছত দেৱতাৰ নিৰ্দেশমৰ্মে তোমাৰ আত্মসমৰ্পণ৷’’
মন্দিৰাই নিজৰ বাসস্থানলৈ আগবাঢ়িল৷ তাইৰ কাণত কিন্তু বাজি ৰ’ল মাত্ৰ এটা শব্দ ‘‘আত্মসমৰ্পণ’’৷ কিন্তু কেনেকৈ? ক’ত?
কাৰ ওচৰত? আত্মসমৰ্পণ৷ তাই যেন বহু ক্লান্ত হৈ পৰিছিল কৌতুহলত নে নাচি নাচি? নিজেই অনুভৱ কৰিব পৰা নাই৷ কিবা এক ৰহস্যৰ আৱৰ্তত যেন তাই সোমাই পৰিছে৷ বৃদ্ধা দেৱদাসী প্ৰেমদাক সুধিব নেকি তাই? নাই নুসুধে মন্দিৰাই৷ কাৰণ প্ৰেমদাইও কথাবোৰ কিবা পাক লগাইহে কয়৷ ওচৰত শুবলৈ লোৱা ৰম্ভাই নানা কথা সুধিলে তাইক৷ মন্দিৰাইও অৱসাদপূৰ্ণ মিচিকিয়া হাঁহি এটিৰে পিছত ক’ম বুলি বিছনাত দীঘল দি পৰিল৷ অভিষেক অনুষ্ঠানলৈ প্ৰেমদা বুঢ়ীয়ে ৰম্ভাক যাবলৈ দিয়া নাছিল৷ ঘৰৰ পৰাই মন্ত্ৰ ধবনি, নাগাৰা তালৰ শব্দ শুনি আছিল৷ তাই মন্দিৰলৈ মন্দিৰাৰ অভিষেক চাবলৈ যাব খুজি প্ৰেমদাক বৰকৈ খাটিছিল৷ কিন্তু প্ৰেমদা একেবাৰে নাচোৰবান্দা হৈ ৰম্ভাক কোনোপধ্যে যাবই নিদিলে৷ তাইও বুজি উঠিছিল, কিবা যেন ডাঙৰ ৰহস্য আছে তাইক যাবলৈ নিদিয়া কথাটোত৷ প্ৰেমদাই মাথো ৰম্ভাক কেইদিনমানৰ পিছত তাইৰো সেই একেদৰেই অভিষেক হ’ব বুলিহে কৈছিল৷ ৰম্ভা মন্দিৰাতকৈ বয়সত অলপ সৰু৷ মন্দিৰা ৰম্ভাতকৈ যথেষ্ট গহীন–গম্ভীৰ, ওখ–পাখ আৰু দেখনীয়াৰো৷ সেয়েহে প্ৰেমদাই প্ৰথমতে মন্দিৰাকে…….৷ ৰম্ভাই মন্দিৰাৰ অলস চকুহাল আৰু ক্লান্ত শৰীৰ দেখি ভাবিলে…
তায়ো কেইদিনমান পিছত বিগ্ৰহক পতিৰূপে বৰণ কৰিব লাগিব৷ তাইৰো এনে অৱস্থাই হ’ব নি(য়৷ ভালেই হৈছে৷ প্ৰেমদা বুঢ়ীয়ে তাইক নপঠালে৷
সন্ধিয়ালৈ আকৌ মন্দিৰত আৰতি হ’ল৷ মন্দিৰাই আকৌ প্ৰাণ ঢালি নাচিলে৷ নাচৰ শেষত ভোজন পৰ্ব চলিল৷ উপস্থিত সকলোকে ভোজন কৰাই বিদায় দিলে৷ মন্দিৰৰ চৌহদত পূজাৰী আৰু পূজাৰীৰ কামত সহায়ক ভোলাৰ বাদে আন কোনো নাথাকিল৷ সেইদিনাই মন্দিৰৰ বৃদ্ধ পূজাৰী আৰু তেওঁৰ লগৰীয়াজনে পৰিহৰিশ্বেৰৰ পৰা বিদায় লৈ পূৰ্ব দেশৰ ফালে গমন কৰিছিল৷ শিৱবৰ শৰ্মাই অভিষেক অনুষ্ঠানলৈ তেওঁলোকক জোৰ কৰি নাৰাখিলে৷
মন্দিৰাক অলপ ক্ষীৰ খাবলৈ দিলে৷ ৰম্ভালৈ প্ৰসাদ আৰু ক্ষীৰ অকণমান ভোলাৰ হাততে পঠিয়াই দিয়া হ’ল৷ তাৰ পিছত পূজাৰীয়ে মন্দিৰাক এটা গোপন কোঠালৈ মাতি নিলে৷ তাৰ পিছত মাটিত পাৰি ৰখা এখন পাতিত শুৱলৈ দি ক’লে–
‘‘তুমি ইয়াতে বিশ্ৰাম লৈ থাকা৷ বিগ্ৰহৰ আদেশত কোনো প্ৰতিনিধি আহিব পাৰে৷ তেওঁলৈ অপেক্ষা কৰিব লাগিব৷’’
পূজাৰী শিৱবৰ শৰ্মাই মন্দিৰাক সেই স্থানতে ৰাখি ওলাই গ’ল৷ দিনটো নিজৰ ঘৰ আৰু পৰিয়ালৰ খা–খবৰ তেওঁ ৰখাই নাছিল৷ ঘৈণীয়েক বিজয়লক্ষ্মী বৰ চতুৰ তিৰোতা৷ ক’ত কি কয়, ক’ত কি কৰে একো ঠিক নাই৷ সেই কাৰণেই তেওঁ হাতত কিছু প্ৰসাদ, কল, দৈ, ক্ষীৰ আদি লৈ ঘৰ পালেগৈ৷
বিজয়লক্ষ্মীয়ে মুখ ওফোন্দাই ঘৰতে বহি গিৰিয়েক অহালৈ বাট চাই আছিল৷ গিৰিয়েকৰ আগমনত তাই মনে মনে আনন্দিত হ’ল যদিও বাহিৰত একো প্ৰকাশ নকৰিলে৷ বৰঞ্চ গিৰিয়েকক কটাক্ষ কৰিহে ক’লে– ‘শেষ হ’ল নে মন্দিৰৰ নটীৰ নৃত্য উপভোগ? শিৱ দেৱতা অৰ্থাৎ ঈশ্বৰ সৰগৰ পৰা আহিছিল নে?’’ ‘‘আস তেনেকৈ ক’ব নাপায় নহয়৷ বিগ্ৰহে ৰূপ ধাৰণ নকৰে নহয়৷ প্ৰভু শিৱ স্বয়ং কৈলাশ পৰ্বততহে বিৰাজমান হৈ থাকে৷’’ এইবুলি শিৱবৰ শৰ্মাইও ততালিকে যিমান পাৰি অতি শান্তভাৱেই ক’লে৷ এইবাৰ বিজয়লক্ষ্মীয়ে উচাৎ মাৰি উঠি ক’লে– ‘‘তেনেহ’লে ইয়াত মানে মন্দিৰত নৈবেদ্য প্ৰদান কৰি, নৃত্যাঞ্জলী দি, দেৱদাসী তেওঁলৈ উ২৬১্গা কৰি জানো কিবা লাভ আছে?’’
‘‘তুমি বৰ নাস্তিকৰ নিচিনাকৈ কথা কৈছা৷ এই দেশৰ অশুভ তন্ত্ৰ–মন্ত্ৰই তোমাক স্পৰ্শ কৰিছে নেকি? শিৱ হৈছে আদি দেৱতা, তেওঁ সৰ্বভূতৰ গৰাকী, ভূতনাথ৷ তেওঁৰ ওপৰত আৰু কোনো নাই৷’’
‘‘নাথাকিব পাৰে৷ আৰু কোনো অশুভ তন্ত্ৰ–মন্ত্ৰই মোক উন্মাদ কৰা নাই৷ উন্মাদ কৰিছে আপুনি৷ মন্দিৰৰ পূজাৰী হ’ল বুলিয়েই ঘৰলৈ পিঠি দিব লাগে নেকি? সৰু ল’ৰাটোৱে বাপেকক বিচাৰি বিচাৰি টোপনিত পৰিল৷ আৰু মই দিনটো অনাহাৰে থাকিলো৷ সময়মতে মন্দিৰৰ ভোগ অকণ দি যাবলৈও আপোনাৰ মনত নপৰিল৷ মোকো মন্দিৰত অভিষেক, পূজা এইবোৰ থকা বুলিহে কৈ থাকিল৷ এবাৰলৈও মন্দিৰলৈ যাবলৈ হ’লে নেমাতিলে৷’’ এইবুলি বিজয়লক্ষ্মীয়ে ক্ষোভ উজাৰি ক’লে৷
‘‘সময় উলিয়াব নোৱাৰিলো সোণজনী৷ দোষ নধৰিবা৷ এতিয়া প্ৰসাদ আৰু ক্ষীৰখিনি গ্ৰহণ কৰা আৰু তুমি ভাত–পানী ৰান্ধিছিলা যদি মোক দিয়াচোন হাজাৰ হ’লেও অন্নমুঠিৰ সমান একো হ’ব নোৱাৰে অ’’৷ শৰ্মাদেৱৰ কথাত বিজয়লক্ষ্মীৰ অলপ বেয়াও লাগিল৷ ঠিকেই, সদায় খাই থাকিলে মন্দিৰৰ ভোগো আমনিদায়ক আৰু অতৃপ্তিকৰ হয়৷ তাই ল’ৰালৰিকৈ ভাত বাঢ়ি আনি মজিয়াখন অলপ হাতেৰে মুচি তাতে ভাতৰ কাঁহীখন ৰাখি ক’লে,
‘‘আহক, ভাত দিছোঁ৷’’
‘‘তোমাৰ ক’ত?’’
ভাতৰ পাতত বহি শৰ্মাদেৱে সুধিলে৷
‘‘মই পিছত খাম, পিছত খোৱাটোৱেই নাৰীৰ ধৰ্ম৷ আগতে আপুনি অনা প্ৰসাদ অকণ খাই লওঁ ৰ’ব৷’’ ক্ষীৰখিনি খাবলৈ মন যোৱা নাই৷ পোনাটিক পুৱাৰ ভাগত খুৱাই দিম৷
ভাত পানী খাই, পত্নীক খুৱাই বোৱাই সাদৰেৰে মাত লগাই পূজাৰী শৰ্মাই কিবা এটা অজুহাত দেখুৱাই আকৌ মন্দিৰলৈ গ’ল৷ মন্দিৰত তেতিয়া ভোলাৰ বাদে আন কোনো নাছিল৷ বিগ্ৰহৰ ওচৰত থকা বন্তিত সৰিয়হৰ তেল অলপমান দি পূজাৰী শৰ্মাদেৱ লাহে লাহে গোপন কোঠাৰ ফালে আগবাঢ়িল৷
গোপন কোঠাটোৰ পাটিত মন্দিৰা তেতিয়া শুই আছিল৷ তাই গভীৰ টোপনিত৷ পূজাৰী শৰ্মাদেৱে তাইলৈ কিছুপৰ চাই ৰ’ল৷ ৰূপ–যৌৱনেৰে পৰিপূৰ্ণা এজনী ষোড়শী গাভৰু৷ পূজাৰীয়ে ধৰো–নধৰোকৈ মন্দিৰাৰ হাতত ধৰি তাইক উঠাই দিলে টোপনিৰ পৰা৷ ‘‘প্ৰভু// অ’ নহয়, আপুনি দেখোন পূজাৰীহে৷’’ ‘‘এৰা মন্দিৰা,
বিগ্ৰহৰ দ্বাৰা মই প্ৰেৰিত হৈছোঁ৷ প্ৰভু ঈশ্বৰে তোমাক মোৰ ওচৰত সমৰ্পণ হ’বলৈ আদেশ দিছে৷ সেয়েহে মোক পত্নীৰ দৰে সুখী কৰাৰ দায়িত্ব তোমাৰ৷ তোমাৰ দেহ এতিয়া মোৰ ওচৰত অৰ্পিত৷ তুমি বাধা দিলেই প্ৰভু ঈশ্বৰ ৰুষ্ট হৈ পৰিব৷ তোমাৰতো অপকাৰ হ’বই,
লগতে মোৰ আৰু দেশৰো অনিষ্ট হ’ব৷ গতিকে আহা মোৰ বুকুৰ মাজলৈ আহা দুয়ো প্ৰভু ঈস্বৰৰ দাস–দাসী হৈ তেওঁৰ আদেশ অনুযায়ী আমাৰ দুটি দেহৰ মিলন ঘটাই তুমি মোক সন্তুষ্ট কৰা মোৰ সাধ্যনুসৰি তোমাকো সন্তুষ্ট কৰোঁ৷’’ এয়া কি কৈছে আপুনি? আপুনি যে মোৰ গুৰুজন৷ তাতে আপুনি এজন গৃহস্থী পুৰুষ৷ আপোনাৰ এটি পুত্ৰ সন্তান আৰু সুন্দৰী পত্নীও আছে বুলি প্ৰেমদাই কৈছে৷ লগতে আপুনি ভাল মানুহ বুলিও কৈছিল৷ আপোনাক মই ৰক্ষক বুলি ভাবিছিলোঁ কিন্তু ই কি? আপুনিহে দেখোন এতিয়া ভক্ষক হৈ পৰিছে৷ অলপো বিচলিত নহৈ শিৱবৰ শৰ্মাই গহীন মাতেৰে ক’লে–
‘এয়ে মন্দিৰৰ নিয়ম, প্ৰভু ঈশ্বৰৰ আদেশ৷ আমাৰ তাত মাতিবলগীয়া বা আপত্তি কৰিবলগীয়া একো নাই৷ মই মন্দিৰৰ পূজাৰী হৈ যদি প্ৰভুৰ আদেশ উলংঘা কৰোঁ হয়তু ৰৌ ৰৌ নৰকত ভূগিম৷ আৰু মোৰ দৰে সাধাৰণ নৰমনিচে জানো প্ৰভুৰ আদেশ অমান্য কৰিব পাৰোঁ? গতিকে সময় নষ্ট নকৰিবা৷ তোমাৰ বিগ্ৰহৰ স’তে বিবাহ যেতিয়া হৈছেই এইবোৰ আবোল–তাবোল কথা ভাবি লাই নাই৷’’
মন্দিৰাৰ মুখৰ মাত হেৰাল৷ ইমানদিনে তাই শুনি অহা কথাবোৰ তেন্তে সঁচা৷ তাৰমানে আজিৰ পৰা তাই মন্দিৰৰ সম্পত্তি৷ তাই বুজি পালে যে ফুলশয্যালৈ কোনো দেৱতা নাহে৷ আহে মাথো ধৰ্মৰ নামত পূজাৰীৰ দৰে নৰপশু একোটা৷ প্ৰেমদাই কোৱা মতে পূজাৰীজন গৃহস্থী যদিও সাধু পুৰুষ নহয়৷ অসৎ চৰিত্ৰৰ হে৷
মন্দিৰাই চিঞৰিব খুজিছিল৷ কিন্তু নোৱাৰিলে৷ ভয়–ভীত,
খং–ৰাগেৰে তাইৰ গোটেই মন–মগজু আগুৰি অণ্ঠ–কণ্ঠ শুকাই যোৱাত মাত নোলাল৷ তাইৰ সমস্ত বাধা, অশ্ৰু নেওচি পূজাৰী শিৱবৰ শৰ্মাই সাইলাখ এটা অজগৰৰ দৰে তাইক যেন গিলিব ধৰিলে৷ অসহায়, অলস, ভাগৰুৱা দেহেৰেই তাই চকু দুটি লাহে লাহে জপাই দিলে৷ কিন্তু এটি মাত্ৰ শব্দই অট্ৰহাস্য কৰি কাণ দুখনক ব্যতিব্যস্ত কৰি তুলিলে৷ এতিয়াহে তাই ভালদৰে বুজি পালে সেই শব্দটিৰ অৰ্থ– ‘‘আত্মসমৰ্পণ’’…..‘‘আত্মসমৰ্পণ’’…..
‘‘আত্মসমৰ্পণ’’৷
আগলৈ…