by Arup Kakoti

দেৱালী বা দ্বীপান্বিতা হ’ল পোহৰৰ উৎসৱ৷ এই উৎসৱত গাঁৱে-ভূঞে, চহৰে-নগৰে প্ৰতিঘৰৰ পদুলিত চাকি জ্বলে৷ চৌদিশে ফটকা ফুটে, আতছবাজী হয়৷ মাটিৰ চাকি, নানা ৰং-বৰঙী বিজুলী চাকি, ৰং-বিৰঙৰ মমবাতি আৰু আতছবাজীৰ পোহৰে অমাৱস্যাৰ ঘোৰ আন্ধাৰ আঁতৰাই জগত পোহৰাই আমালৈ লৈ আহে অফুৰন্ত আনন্দ আৰু সুখানুভুতি৷ এই উৎসৱত সমাহাৰ ঘটে আনন্দ, আশা আৰু উন্মাদনাৰ৷ সেয়ে আনন্দ, উল্লাস, ৰং-ধেমালি, জ্ঞান, পোহৰৰ সত্বাৰে দেৱালী উৎসৱ অতীজৰে পৰাই উদ্যাপন কৰি অহা হৈছে৷ এন্ধাৰ বিনাশী পোহৰ বিলাই যোৱাৰ উদ্দেশ্যত এই উৎসৱ পালন কৰা হয়৷ মনৰ অজ্ঞান আন্ধাৰ আঁতৰাই জ্ঞানৰ পোহৰ বিলোৱাটোৱেই দীপাৱলী উৎসৱৰ মূল উদ্দেশ্য৷ আন্ধাৰত পোহৰৰ বিজয় সুনিশ্চিত কৰি দেৱালীৰ সন্ধ্যা চৌদিশে বন্তি প্ৰজ্বলন কৰা হয়৷ সেয়ে পোহৰৰ উৎসৱ হিচাপে খ্যাত দেৱালীৰ এক সুকীয়া সৌন্দৰ্য্য আছে৷ কিন্তু উৎসৱ বুলিয়েই গাঁৱে-ভূঁঞে, চহৰে-নগৰে চৌদিশে ফটকা ফুটাই, আতছবাজী আদিৰে সমস্যা কৰি, শব্দ প্ৰদূষণ আৰু পাৰিপািৰ্«কতা বিনাশ কৰি নানা স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব নালাগে৷ দীপাৱলীৰ সময়ত ৰাগিয়াল দ্ৰব্য (বিশেষকৈ সুৰা) সেৱন কৰাৰ ফলত নানা সামাজিক সমস্যাৰ সৃষ্টি হয়৷ অলপ সাৱধানতা অৱলম্বন কৰিলেই আমি এনে সমস্যাবোৰ এৰাই চলি নিৰাপদ দীপাৱলী উদ্যাপন কৰিব পাৰো৷
এই উৎসৱ পালনৰ কেইবাটাও আখ্যান পোৱা যায়৷ ৰামায়ণত উল্লেখ থকা অনুসৰি ৰাক্ষস ৰজা লংকাধিপতি ৰাৱণক বধ কৰি ৰামচন্দ্ৰই যেতিয়া পত্নী সীতা আৰু ভাতৃ লক্ষ্মণৰ সৈতে অযোধ্যালৈ উভতি আহিছিল তেতিয়া অযোধ্যাবাসীয়ে আনন্দ উল্লাসত পদূলি পদুলিয়ে চাকি জ্বলাই তেওঁলোকক আদৰণি জনাইছিল আৰু তেতিয়াৰে পৰা সেই দিনটোত দ্বীপান্বিতা পালন কৰা হৈ আহিছে৷ অন্য প্ৰবাদ মতে, দ্বাপৰ যুগত বৰাহৰূপী বিষ্ণু আৰু বসুমতীৰ পুত্ৰ নৰকাসুৰে স্বৰ্গলোক আক্ৰমণ কৰি দেৱতা সকলৰ সৰ্বস্ব কাঢ়ি আনিছিল৷ কোনো শক্তিৰ দ্বাৰা অসুৰক পৰাস্ত কৰিব নোৱাৰি দেৱৰাজ ইন্দ্ৰ শ্ৰীকৃষ্ণৰ শৰণাপন্ন হয়৷ ভকত বৎসল ভগবন্তই ভকতৰ দুখ দূৰ কৰি নৰকাসুৰৰ আক্ৰমণৰ পৰা নৰগণে মুক্তি পোৱাৰ উল্লাসত চাকি বন্তি জ্বলাই হৰ্ষোল্লাসৰ সৃষ্টি কৰিছিল আৰু তেতিয়াৰ পৰাই দেৱালীৰ প্ৰচলন হৈছিল৷ আন এক পৌৰাণিক বৰ্ণনা অনুসৰি চণ্ড-মুণ্ড অসুৰ বধৰ বাবে দেৱী পাৰ্বতীয়ে কালীৰ ৰূপ ধাৰণ কৰিছিল৷ কালীয়ে এই চণ্ড-মুণ্ড অসুৰক বধ কৰা দিনটোৱে হেনো পোহৰৰ উৎসৱ দেৱালীৰ উৎপত্তিৰ আদি কথা৷ সি যি কি নহওঁক; দেৱালীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এনে বিভিন্ন আখ্যান-উপাখ্যানৰ অন্তনিৰ্হিত তাৎপৰ্য্য বিশ্লেষণ কৰিলে দেখা যায় যে পোহৰৰ প্ৰাৰ্থনাৰে মুখৰিত দেৱালী এন্ধাৰ বিনাশী পৃথিৱীক শান্তিৰ আলোকেৰে উজ্বলাই তোলাক এক আনন্দৰ উৎসৱ৷

সম্প্ৰতি মাটিৰ চাকিৰ সলনি বিভিন্ন ৰঙীন লাইটৰ পয়োভৰ বাঢ়িছে৷ মমবাতিৰ চাহিদা বাঢ়িছে, হিলৈ বাৰুদৰ পৰিৱৰ্তে বিভিন্ন আতচবাজী, ফটকাৰ প্ৰাধান্য দেখা দিছে৷ গাঁৱে-ভঁূঞে, চহৰে নগৰে প্ৰতিঘৰৰ পদূলিত উজ্বলি উঠে ৰং-বিৰঙৰ বিজুলী চাকি, ৰং বিৰঙৰ মমবাতি আৰু আতচবাজীৰ পোহৰে অমাৱশ্যাৰ ঘোৰ এন্ধাৰ আঁতৰাই জগত পোহৰাই তোলে৷ সাৱধানতা অৱলম্বন কৰি দেৱালী উদ্যাপন নকৰিলে দীপাৱলীৰ ধোঁৱা, পোহৰ আৰু ৰাসায়নিক পদাৰ্থই বায়ুমণ্ডল প্ৰদূষিত কৰি পৰিৱেশৰ ভাৰসাম্যতা ধবংস কৰে৷ আমি দগ্ধ হোৱা, এলাৰ্জি হোৱা চকুৰ সমস্যা, প্ৰদূষণ সৃষ্টি হোৱা তথা নানান স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হোৱা দেখা যায়৷ সেয়ে সপ্তাহ জুৰি ফটকা ফুটাই আনন্দ কৰি পৰিৱেশ বিনষ্ট কৰাতকৈ সীমিত সময়ৰ বাবে দীপাৱলী উদ্যাপন কৰি এনে ধৰণৰ সমস্যা দূৰ কৰিব পৰা যায়৷ দেৱালী যিহেতু পোহৰৰ উৎসৱ সেয়ে চাকিৰ শলিতাৰে পৰিৱেশ আলোকময় কৰি সম্প্ৰীতিৰ এনাজৰী তথা পৰম্পৰাগত ঐক্য সংহতিৰে ভাতৃত্বৰ বান্ধোন কটকটীয়া কৰি চৌপাশ হাঁহি-ধেমালি আনন্দৰে মুখৰিত কৰিবলৈ আমি আটায়ে প্ৰতিজ্ঞাবদ্ধ হওঁ আহক৷ দেৱালীৰ প্ৰকৃত পবিত্ৰতা তেল শলিতাৰে জ্বলোৱা বন্তি গছিতহে সীমাবদ্ধ৷ বন্তি গছিতে জড়িত হৈ আছে জগতৰ মংগল কামনা আৰু বন্তিৰ শিখাৰে চৌদিশ আলোকিত হোৱাতেই আছে দেৱালী উৎসৱৰ প্ৰকৃত মাদকতা৷
দুৰ্গাপূজাৰ পিছতে কালীপূজা বা দীপাৱলীৰ বাবে সজ্জ্বিত হৈ উঠে দেশ৷ আলোকেৰে উজ্জ্বল হৈ উঠে দেশৰ প্ৰতিটো কোণ৷ বিভিন্ন ঠাইত দীপাৱলী উপলক্ষ্যে আয়োজিত হয় বিশেষ লক্ষ্মীপূজাৰ৷ আৰু সেই পূজাৰ অংশ হিচাপে পালন কৰা হয় ধনতেৰছ৷ কেলেণ্ডাৰৰ নিয়মমতে দুৰ্গাপূজাৰ সময় শেষ হোৱাৰ লগে লগেই লক্ষ্মীপূজাৰ আয়োজন কৰে বঙালীসকলে৷ ঘৰে ঘৰে লক্ষ্মীপূজাৰ আয়োজন কৰি ধনদাত্ৰী দেৱীৰ আৰাধনাত অকণো ত্ৰুটি নাৰাঙে বঙালীসকলে৷ এই পূজাত গোটেই ৰাতি জাগি থাকি এই পূজা সম্পন্ন কৰাৰ পিছতেই আহি যায় কালীপূজা৷ এই কালীপূজাৰ দিনটোকে ভাৰতৰ বিভিন্ন প্ৰদেশত দেৱালী হিচাবে পালন কৰা হয়৷ দেৱালীৰ আগৰ দিনটোত পালন কৰা হয় ধনতেৰছ৷ লক্ষ্মী, গণেশৰ আৰাধনা কৰি এই বিশেষ উৎসৱত একাধিক ৰীতি-নীতি পালন কৰা হয়৷
এইবাৰ কালীপূজা বা দেৱালী ৪ নৱেম্বৰ তাৰিখে পালন কৰা হ’ব৷ সেইদিনা বঙালীসকলে মা কালীৰ পূজা কৰিব আৰু ধনদাত্ৰী লক্ষ্মী আৰু সিদ্ধিদাতা গণেশৰ আৰাধনা কৰা ভাৰতৰ বিভিন্ন প্ৰান্তত পালিত হ’ব দেৱালী৷ এফালে কৃষ্ণ চতুৰ্দশীৰ আগত ত্ৰয়োদশীৰ দিনা পালন কৰা হ’ব ধনতেৰছৰ অনুষ্ঠান৷ সেইদিনা ভাৰতৰ চৌদিশে পালন কৰা হ’ব এই বিশেষ পূজা৷ এইবাৰ ধনতেৰস পৰিছে ২ নৱেম্বৰ তাৰিখে৷
পুৰাণৰ মতে, সমুদ্ৰ মন্থনৰ সময়ত এই তিথিতেই ধন্বন্তৰী প্ৰকট হয়৷ কথিত আছে, ইন্দ্ৰৰ অভদ্ৰ আচৰণত ক্ষুব্ধ হৈ মহৰ্ষি দুৰ্বাসা তিনিওলোককে শ্ৰীহীন হোৱাৰ অভিশাপ দিয়ে৷ ইয়াৰ ফলতে পৃথিৱীৰ পৰা নিজৰ ঘৰলৈ গমন কৰে অষ্টলক্ষ্মী৷ জগত সংসাৰে শ্ৰী প্ৰতিষ্ঠাৰ বাবে শিৱই সমুদ্ৰ মন্থনৰ পৰামৰ্শ দিলে৷ সমুদ্ৰ মন্থনৰ ফলত ১৪ টি প্ৰমুখ ৰত্নৰ উৎপত্তি হয়৷ চতুৰ্দশ ৰত্ন হিচাপে স্বয়ং অমৃত কলহ লৈ ধম্বন্তৰী প্ৰকট হ’ল৷ ইয়াৰ ঠিক দুদিন পিচত লক্ষ্মী প্ৰকট হ’ল৷ সেইবাবে ধনতেৰাছৰ দুদিন পিছত দীপাৱলীত লক্ষ্মী পূজা কৰা হয়৷
বিষ্ণুই ধনন্তৰীক দেৱতাসকলৰ বৈদ্য আৰু বনস্পতি আৰু ঔষধিৰ অধিপতি নিযুক্ত কৰিলে৷ তেওঁৰ আশীৰ্বাদতেই সমষ্ট বৃক্ষ আৰু বনস্পতিৰ মাজত ৰোগনাশক শক্তিৰ সঞ্চাৰ হয়৷
সমুদ্ৰ মন্থনৰ সময় শৰত পূৰ্ণিমাৰ চন্দ্ৰ, কাৰ্তিক দ্বাদশীৰ দিনৰ কামধেনু, ত্ৰয়োদশীৰ দিনৰ মহালক্ষ্মীৰ উৎপত্তি হয়৷ জনকল্যানৰ বাবে ধনন্তৰীয়ে অমৃতময় ঔষধীৰ সম্ভেদ কৰে৷ তেওঁৰ বংশতেই শল্য চিকিৎসাৰ জনক দিব্যদাসৰ জন্ম হয়৷ মহৰ্ষি বিশ্বামিত্ৰৰ পুত্ৰ সুশ্ৰুতে আয়ুৰ্বেদৰ মহানতম গ্ৰন্থ সুশ্ৰুত সংহিতাৰ ৰচনা কৰিছিল৷ স্বাস্থ্য ৰক্ষাৰ বাবে ধনন্তৰীৰ উপাসনা কৰা হয়৷ এদিন ধন-সমৃদ্ধিৰ বাবে কুবেৰৰো পূজা কৰা হয়৷ পৌৰাণিক ধাৰণা অনুসৰি ধনতেৰাছৰ দিনা বিধি মানি পূজা কৰিলে বা দীপ দান কৰিলে অকাল মৃত্যুৰ পৰা পৰিত্ৰাণ পোৱা যায়৷
ধনতেৰাছৰ লগত জড়িত পৌৰাণিক গল্পমতে এদিন বিষ্ণু মৃত্যুলোকত লক্ষ্মীৰ সৈতে বিচৰণ কৰি থাকেঁাতে ক’লে যে লক্ষ্মী তেওঁৰ সৈতে পৃথিৱীলৈ যাব পাৰে৷ তেওঁৰ কথা মান্য কৰি লক্ষ্মী-বিষ্ণুৰ সৈতে পৃথিৱীলৈ আহিল৷
এটা স্থানত উপস্থিত হৈ বিষ্ণুৱে অপেক্ষা কৰি থাকিব কৈ ক’লে যে তেওঁ দক্ষিণ দিশলৈ যাব আৰু তেওঁ নহালৈ লক্ষ্মীয়ে যেন তাৰপৰা কলৈকো নাযায়৷ লক্ষ্মীৰ মনত দক্ষিণ দিশলৈ বিষ্ণুৰ গমনৰ কাৰণ জনাবৰ কৌতুহল জাগ্ৰত হ’ল৷ আৰু কৌতুহলৰ বাবেই তেৱোঁ বিষ্ণুৰ পিছে পিছে গ’ল৷ কিছু দুৰ যোৱাৰ পিছত সৰিয়হৰ ফুল থকা দেখা পাই সেই ফুলেৰেই লক্ষ্মীয়ে শৃংগাৰ কৰি তাৰপৰা আকৌ অগ্ৰসৰ হয়৷ কিছুদূৰ যোৱাৰ পিছত কুঁহিয়াৰ খেতি দেখি কুঁহিয়াৰ তুলি ৰস পান কৰিলে৷ সেই সময়তে বিষ্ণু তাতে আহি লক্ষ্মীক দেখি ক্ষুব্ধ হৈ উঠিল৷ খঙত অগ্নিশৰ্মা হৈ বিষ্ণুৱে লক্ষ্মীক অভিশাপ দি ক’লে যে মানা কৰা সত্ত্বেও লক্ষ্মীয়ে তেওঁৰ পিছলৈ দৰিদ্ৰ কৃষকৰ খেতিৰ পৰা চুৰি কৰি অপৰাধ কৰা বাবে লক্ষ্মীয়ে বাৰ বছৰলৈ কৃষকৰ সেৱা কৰিবলৈ লাগিব বুলি কৈ বিষ্ণুৱে ক্ষীৰসাগৰ উদ্দেশ্য প্ৰস্থান কৰিলে৷
ইয়াৰ পিছত লক্ষ্মীয়ে কৃষকৰ স্ত্ৰীক স্নান কৰি লক্ষ্মী পূজা আৰু ভোগ ৰন্ধাৰ কথা ক’লে আৰু ক’লে যে পূজাৰ পিছত কৃষক-পত্নীৰ সমস্ত মনৰ কামনা পূৰ্ণ হ’ব৷ কৃষক পত্নীয়েও তাকেই কৰিলে৷ ফলস্বৰূপে দ্বিতীয় দিনাই কৃষকৰ ঘৰ অন্ন, ৰত্ন, ধনেৰে ভৰি গ’ল৷ এনেকৈয়ে কৃষকৰ বাৰবছৰলৈ আনন্দেৰে পাৰ হৈ গ’ল৷ বাৰ বছৰৰ পিছত বিষ্ণুই লক্ষ্মীক নিবলৈ আহিল৷ কিন্তু কৃষকৰ পত্নীয়ে লক্ষ্মীক আহিবলৈ নিদিয়া হ’লত বিষ্ণুৱে জনালে যে লক্ষ্মীক কোনেও যাব দিব নোখোজে৷ কিন্তু লক্ষ্মী চঞ্চলা, ক’তো স্থিৰে থাকিব নোৱাৰে৷ তেতিয়া লক্ষ্মীয়ে সেই কৃষকক জনালে যে, তেওঁৰ কথামতে চলিলে, ভঁৰালত কেতিয়াও অৰ্থৰ অভাৱ নহয়৷ ধনতেৰাছৰ দিনা ঘৰ-বাৰী পৰিস্কাৰ কৰাৰ কথা কৈ ক’লে লক্ষ্মীয়ে¸ ইয়াৰ পিছত ৰাতি ঘীৰ প্ৰদীপ জ্বলাই ৰাখি সন্ধ্যাকালত পূজা কৰিবলৈ ক’লে৷ লক্ষ্মীয়ে কৃষকক ক’লে এটি ৰূপৰ ঘটত তেওঁৰ বাবে টকা ভৰাই ৰাখিব৷ তেওঁ সেই ঘটতেই অৱস্থান কৰিব৷
ইয়াৰ উপৰিও আৰু এটা প্ৰচলিত ধাৰণা অনুযায়ী, ৰজা বলিৰ ভয়ৰ পৰা দেৱতাসকলে মুক্তি পোৱাৰ বাবে বিষ্ণুই বামন অৱতাৰ ধৰিছিল৷ ইয়াৰ পিছত তেওঁ বলিৰ যজ্ঞস্থললৈ গুচি যায়৷
কিন্তু তাত উপস্থিত থকা অসুৰসকলৰ গুৰু শুক্ৰাচাৰ্যই বামনৰূপী বিষ্ণুক চিনি পালে৷ ৰজা বলিক শুক্ৰাচাৰ্যই সাৱধান কৰি ক’লে যে, বামনৰূপে বিষ্ণু সেই স্থানত উপস্থিত হৈছে৷ গতিকে বামনে যি বিচাৰে তাক যেন দিয়া নহয়৷ কাৰণ বামনৰূপী বিষ্ণু দেৱতাসকলক সহায় কৰাৰ বাবে তাত প্ৰকট হৈছে৷
কিন্তু শুক্ৰাচাৰ্যৰ কথা অমান্য কৰি বামনৰূপী হৰিৰ প্ৰাৰ্থনামতে ৰজা বলি বামনৰ তিনিখোজৰ মাটি দান কৰিবলৈ ৰাজি হয়৷ শুক্ৰাচাৰ্য এই দান অসাৰ্থক কৰিবলৈ সৰু ৰূপ ধাৰণ কৰি বিষ্ণুৰ কমগুলু এনেকে প্ৰৱেশ কৰিলে যে শুক্ৰাচাৰ্যৰ এটা চকু নষ্ট হৈ যায়৷
ইয়াৰ পিছত বলি বামনক তিনিখোজৰ সমান মাটি দিবৰ বাবে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিলে৷ বামনে প্ৰথম খোজত সম্পূৰ্ণ পৃথিৱী আৰু দ্বিতীয় খোজত অন্তৰীক্ষ লৈ ল’লে৷ কিন্তু তৃতীয় খোজ ৰখাৰ বাবে কোনো ঠাই নোহোৱাৰ বাবে ৰজা বলিয়ে নিজৰ মূৰটো পাতি দিলে৷ আৰু বামনে বলিৰ মূৰত ভৰি ৰখাৰ লগে লগে বলি পাতাললৈ সোমাই যোৱাত দেৱতাসকল বলিৰ সন্ত্ৰাসৰ পৰা ৰক্ষা পৰিল৷ এই জয়ৰ উৎসৱ হিচাৰে ধনতেৰছ পালন কৰা হয়৷
কোনটো সময়ত ধাতু কিনা শুভ? মূলতঃ ধনতেৰছৰ পূজাৰ সময়ৰ মাজত মহামূল্যবান ধাতু কিনা শুভ বুলি ধৰা হয়৷ সেই সময়ত মূলতঃ বাচন বা ঘৰৰ বস্তু কিনা হয়৷ আকৌ সেইদিনা সোণ কিনিলে লক্ষ্মীলাভৰ সমান ফল দিয়ে৷ সেইবাবে ধনতেৰছৰ দিনা লক্ষ্মী আনিবলৈ সোণ কিনে বুলি কয়৷ ইমান দিনে ২ নৱেম্বৰৰ সন্ধ্যা ৬.১৮ মিনিটৰ পৰা ৮.১ৰ মিনিটৰ ভিতৰত সোণ কিনিলে শুভ ফল দিয়ে৷
ধনতেৰছৰ দিনা গাঁঠিৰ ধন ভাঙি সোণখিনি কিনি অনাৰ লগে লগে ধনখিনি এনেই যায়৷ এয়া একপ্ৰকাৰ বিনিময়হে মাথো৷ অসমীয়া ৰীতি-নীতি কিমান যে সুন্দ১… আমাৰ অসমীয়া সমাজত ঢেৰ ৰীতি-নীতি আছে যিবোৰ খুবেই সুন্দৰ আৰু সাৱলীল৷ তাকে নকৰি আমাৰএচামে বিজতৰীয়া সংস্কৃতিবোৰ আপোন কৰি নিজস্বতা যেন পাহৰি পেলাইছে৷ ধনটেৰছ প্ৰথাটো একপ্ৰকাৰ ব্যৱসায়ৰ দৰে৷ সোণৰ ব্যৱসায়ী সকলৰ বাবেহে ই লাভজনক৷ আমাৰ সমাজত এই প্ৰথাটো কেতিয়াৰ পৰা ইমান জনপ্ৰিয় হ’ল বা আমাৰ অসমীয়া সমাজৰ মানুহেও কিয় আঁকোৱালি ল’লে নাজানো৷ হয়তো আমাৰ অন্যৰ বস্তু বা নীতিৰ প্ৰতি আগ্ৰহটো অলপ বেছি বাবে৷ যি নহওক এই প্ৰথাটোৰ পৰা যাতে কোনো ধৰণৰ সামাজিক অশান্তি আৰু দুখ নহয় তাৰ প্ৰতি আমি সততে লক্ষ্য ৰাখিব লাগিব৷ এইটো নহয় যে অইনৰ প্ৰথা বেয়া বা ল’ব নালাগে, কিন্তু সেই প্ৰথাটো পালিবলৈ যাওঁতে যাতে কাৰো আবেগত আঘাত নকৰে তাৰ প্ৰতি সততে লক্ষ্য ৰখা উচিত৷ ধনতেৰছ আৰু দেৱালীয়ে সকলোৰে বাবে সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক তাৰেই কামনা কৰিলোঁ৷