by Arup Kakoti

সৰুতে সুখৰ বিষয়ে পঢ়া কবিতা এটাত পাইছিলো এনেকৈ–
সুখ নাই সুখ নাই চিৰ ৰুগীয়াৰ
অনুমাত্ৰ সুখ নাই কত ধৰুৱা১… ইত্যাদি
এই কবিতাটোৰ মূলভাবটো আজিও মনত আছে৷ জন্মৰে পৰা মৃত্যুলৈকে শৈশৱ, কৈশোৰ, যৌৱন, পৌঢ় আৰু বাৰ্দ্ধক্য- এই অৱস্থা কেইটা দেখা যায়৷ জীৱনৰ এই প্ৰত্যেকটো অৱস্থাৰে নিজৰ চৰিত্ৰ, সৌন্দৰ্য আৰু মাদকতা আছে৷ প্ৰতিগৰাকী মানুহেই সুখী হ’ব বিচাৰে৷ সুখী মানুহে সুন্দৰ চিন্তাত নিমগ্ন হৈ সুখৰ প্ৰবাহ জীৱনত অব্যাহত ৰাখিব পাৰে৷ সুখৰ কাৰণ সুস্থ মানসিক অৱস্থা৷ ইয়াৰ বাবে লাগে মানসিক নিৰাপত্তা৷ নিজক যি সৎ বুলি ভাবিব পাৰে আৰু বুজি পায়, তেন্তে তেওঁ নি(য় মানসিক নিৰাপত্তা অনুভৱ কৰিব৷ লগতে লাগিব জীৱন সম্পৰ্কে এক স্বচ্ছ দৃষ্টিভঙ্গী৷ যি দৃষ্টিভঙ্গীয়ে নিজকে মানসিকভাৱে শক্তিশালী কৰি ৰাখিব পাৰে৷ জীৱনত সৎ উপায়েৰে লক্ষ্য পুৰণৰ বাবে কৰা সংগ্ৰামেই মানুহক সুখী কৰি ৰাখে৷
আত্মীয় স্বজন, বন্ধু-বান্ধৱ, সহযোগী, সহকৰ্মী আৰু ওচৰ-চুবুৰীয়া সকলৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰি চলিলে কৰ্মশক্তি বৃদ্ধি পোৱাৰ লগতে মানুহৰ চিন্তা-চেতনাক সমাজমুখী কৰি ৰাখে৷
শৈশৱৰ পৰাই নিজৰ শাৰীৰিক, মানসিকভাৱেই হওক বা মেধা প্ৰতিভাৰে হওক শ্ৰেষ্ঠত্বখিনি উজাৰি দিলে মানুহে নিজকে গৌৰৱ কৰাৰ সুযোগ পাব৷ এই অনুভৱেই মানুহক সুখী কৰে৷ কিছুমান সূক্ষ্ম কথাৰ প্ৰতি মনোযোগ দিলেও স্বৰ্গীয় সুখ অনুভৱ কৰিব পাৰি৷ যেনে- শিশুৰ আধাফুটা মাত, চিপচিপীয়া বৰষুণ, ৰামধেনু, বসন্ত কালৰ মদাৰ, পলাশ ফুলৰ ৰং, পাহাৰ, আকাশ, ফুলনিৰ বাৰেবৰণীয়া ফুল, সন্ধ্যা তৰা ইত্যাদি৷
অতীত আৰু ভৱিষ্যতৰ বিষয়ে কমকৈ ভাবি বৰ্তমান জীৱনক লৈ ব্যস্ত থকা ভাল৷ অতীতৰ ব্যৰ্থতা আৰু অশান্তিৰ কথা কৰ্মব্যস্ততাৰ মাজেদি পাহৰি থকা ভাল আৰু অতীতৰ ভুলবোৰ শুধৰাবলৈ চেষ্টা কৰিব লাগে৷ তদুপৰি কোনোৱে অন্যায়, অপকাৰ কৰিছে যদি তেওঁৰ পৰা সাৱধান হোৱা ভাল কিন্তু প্ৰতিশোধৰ পৰিৱৰ্তে পাৰিলে ক্ষমা কৰি দিয়ক৷
আমি বুজা ভাল যে প্ৰত্যেকটো কথাতে বাগী ধৰি নালাগে৷ সলনাসলনি বুলিও ধৰিব নালাগে৷ মানৱীয় মূল্যবোধেৰে দুঃস্থজনৰ লগত সহমৰ্মিতা প্ৰদৰ্শন কৰিব পাৰিলেহে সুখ অনুভৱ হ’ব৷ কাৰণ ই২৬া থাকিলেও মানুহে সকলো কাম কৰিব নোৱাৰে৷ যিহেতু মানুহ অৱস্থাৰ দাস৷

আত্মবিশ্বাসেৰে প্ৰতিটো খোজ দিলে নি(য় ভৱিষ্যতেও মানুহ সুখী হ’ব পাৰিব৷ বিভিন্ন সামাজিক আৰু অৰ্থনৈতিক অৱস্থাৰ ইমাজেদিয়েই মানুহৰ শৈশৱ আৰু কৈশোৰ অৱস্থা পাৰ হয়৷ ঘৰতেই শিশুৰ শিক্ষাৰ আচল ঠাই৷ মাতৃগৰাকীয়েই প্ৰকৃত শিক্ষক৷ য়াক পালে নৈতিক চৰিত্ৰৰ বলেৰে মানুহ সৎ আৰু সাহসী হৈ উঠে৷
সুখ সুখ বুলি মানুহ বলীয়া, নেদেখে সুখৰ মুখ৷
সুখ বিচাৰোঁতে পায় মাথো দুখৰ উপৰি দুখ৷৷
শৈশৱ আৰু কৈশোৰতে গঢ় লোৱা ব্যক্তিত্বই যৌৱন আৰু প্ৰৌঢ় অৱস্থাত সকলো কৰণীয় কামবোৰ কৰিব লগা হয়৷ এই সময়ৰ কৰ্মৰাজীয়েই আলোচনা কৰিবলৈ লোৱা জীৱনৰ শেষ সময় ‘বাৰ্দ্ধক্যক’ প্ৰভাৱ পেলায়৷ নিজে ক’ব নোৱাৰাকৈয়ে অনাকাংক্ষিত বৃদ্ধ অৱস্থা আহি পৰে৷
মানৱীয় মূল্যায়নো ঘটে বৃদ্ধ বয়সত৷ ক’ৰবাত পঢ়া মনত আছে বৃদ্ধৰ মুখমণ্ডল পবিত্ৰ মন্দিৰৰ বন্তি গছিৰ দৰে সুন্দৰ৷ বাৰ্দ্ধক্য এক সৌন্দৰ্যৰ প্ৰতীক৷ জীৱনটো প্ৰাপ্তি-অপ্ৰাপ্তিৰ হিচাপত ব্যস্ত থাকোঁতেই পাৰ হৈ যায়৷ এটা কবিতা পঢ়িছিলোঁ– ‘জীৱনটো বিলাসত উটুৱাই নিদিবা, প্ৰচেষ্টা কৰি যাবা আৰু নিজৰ বোজা আনৰ ওপৰত জাপি নিদিবা৷’ কথাষাৰে মোক আজিও ৰেখাপাত কৰি আছে৷ সেইকাৰণে বাৰ্দ্ধক্যৰ বাবে আগতেই প্ৰস্তুত থকা ভাল৷
এফালৰ পৰা চাবলৈ গ’লে কৰ্মজীৱনৰ পৰা অৱসৰ ল’লে ৰুটিন মাফিক বাধ্য-বাধকতাৰ পৰা মুক্তি পায়, মানসিক চাপো কমে৷ দায়বদ্ধতা থাকিলেও সম্পূৰ্ণ স্বাধীনভাৱে সময় কটাব পাৰি৷ গতিকে বাৰ্দ্ধক্য জীৱন অভিশপ্ত হ’ব নোৱাৰে৷ জ্যেষ্ঠতাই আপোনাক পূৰ্ণতা আনি দিয়ে৷ সেয়ে বাৰ্দ্ধক্যৰ সময়ছোৱা জীৱন-পৰিক্ৰমাৰ শ্ৰেষ্ঠ সময় বুলি ক’ব পাৰি৷ এজন ৰুগীয়া ডেকাতকৈ তেওঁ বেছি সুখী হ’ব পাৰে৷ কোনোবা এজন লিখকে বাৰ্দ্ধক্যৰ বিষয়ে এনেদৰে কৈছিল– ‘পুৰণি কাঠ ভালকৈ জ্বলে, পুৰণি চাউলৰ ভাত বাঢ়ে, পুৰণি কোমোৰা, জামু ৰস, থেকেৰাৰ ঔষধি গুণ বাঢ়ে, পুৰণি বন্ধু বিশ্বস্ত বন্ধু৷’ সেইদৰে মানৱীয় মূল্যায়ন ঘটে বিভিন্ন জ্ঞান আৰু অভিজ্ঞতাপুষ্ট বৃদ্ধ বয়সত৷ এজোপা বৃদ্ধ গছে কুঁহিপাত মেলি পথিকক ছাঁ দি বিনিময়ত একো নিবিচৰাৰ দৰে মনোবলৰ গৰাকী হৈয়ো কিছুমান কামৰ মাজত অনাবিল আনন্দ পাব পাৰে৷
কিছু ব্যক্তিগত ঃ আমি প্ৰায় ডেৰ কুৰিমান অৱসৰপ্ৰাপ্ত ব্যক্তিয়ে ‘অৱসৰ বিনোদন চ’ৰা, নাজিৰা’ নামৰ এটি অনুষ্ঠান গঢ়ি তুলিছিলো৷ দুই-এজনৰ বাহিৰে প্ৰতিষ্ঠাপকসকলে ইতিমধ্যে ইহসংসাৰৰ পৰা বিদায় লৈছে৷ বৰ্তমান ক’ভিড পৰিস্থিতিৰ বাবে ই সক্ৰিয় নহয়৷ এই অনুষ্ঠানটো প্ৰতিমাহে এজন সদস্যৰ নিমন্ত্ৰণ ক্ৰমে তেখেতৰ ঘৰত বৈঠক এখন অনুস্থিত হয়৷ এভাগী প্ৰাৰ্থনাৰে বৈঠক আৰম্ভ হয় আৰু বৈঠকৰ অন্তত ‘অ’ মোৰ আপোনাৰ দেশ’ গীতেৰে সামৰা হয়৷ বৈঠকত এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত আলোচনা হয়৷ কেতিয়াবা সদস্যসকলৰ ভিতৰতে বা কেতিয়াবা কোনো জ্ঞানপুষ্ট ব্যক্তিক নিমন্ত্ৰণ কৰি অনা হয়৷ বিষয় আধ্যাত্মিকৰ পৰা সামাজিক, ৰাজনৈতিক আদি যিকোনো হ’ব পাৰে৷ গীত, খুহুতীয়া বক্তব্য, ব্যঙ্গ লেখা আদিৰে অনুষ্ঠানটো আকৰ্ষণীয় হৈ থাকে৷ এই বৈঠকতে পিছৰ মাহৰ বৈঠকলৈ নিমন্ত্ৰণ দিয়ে আনজন সদস্যই৷
পিছৰ বৈঠকলৈ সকলো সদস্যই আগ্ৰহেৰে বাট চাই থাকে৷ বছৰত এখন মুখপত্ৰ উলিওৱা হয়৷ সদস্য-সদস্যাসকলৰ পৰাই সকলো লেখনি লোৱা হয়৷ বাহিৰৰ কোনো প্ৰতিস্থিত লিখকৰ লিখনি লোৱা নহয়৷ ইয়াৰ ফলত সকলো সদস্যই সাধ্য অনুযায়ী গল্প, কবিতা, প্ৰৱন্ধ লিখিবলৈ প্ৰচেষ্টা কৰিবলৈ লয়৷ কোনোদিন লিখিবলৈ হাতত কলম নোলোৱাজনেও কিবা এটা লিখিবলৈ প্ৰেৰণা লাভ কৰে৷ চ’ৰাৰ ই এটা ডাঙৰ সফলতা৷ প্ৰতিবছৰে চ’ৰাৰ অধিৱেশন পতা হয়৷ ইয়াত আশী বছৰ উৰ্দ্ধৰ ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয়৷ তেখেতসকলৰ জীৱন শৈলী জানিবলৈ পোৱা যায় আৰু পাছৰসকলে অনুকৰণ কৰিবলৈ সুবিধা পায়৷
সকলোতকৈ ডাঙৰ কথাটো হ’ল যে পৰিয়ালৰবোৰৰ মাজত সু-সম্পৰ্ক, বুজাপৰা আৰু আত্মীয়তা গঢ়ি তুলিবলৈ সক্ষম হৈ বাৰ্দ্ধক্যৰ শ্ৰদ্ধা বুটলিবলৈ সক্ষম হোৱা অনুষ্ঠানটো সফল হৈছিল৷ এইটো পৃথিৱীৰ ভিতৰতে একনাত্ৰ অনুষ্ঠান আছিল বুলি গৌৰৱবোধ কৰো৷
(লেখাটো জ্যেষ্ঠ নাগৰিকসকলৰ প্ৰতি উছৰ্গা কৰা হ’ল)৷