by Arup Kakoti

১৯৫২ চনত জেনেভাত বিশ্ব শিশু দিৱসৰ সন্মিলনতে প্ৰথম শিশু দিৱসৰ আৰম্ভণি হয়৷ ১৯৫৯ চনৰ ২০ নৱেম্বৰত বিশ্ব শিশু দিৱস হিচাবে পতা হয়৷ শিশুৰ অধিকাৰৰ বিষয়েও আলোচনা কৰা হয়৷
আমাৰ ভাৰতবৰ্ষত নেহৰু খুড়াই (চাচা নেহৰু) ১৯৫৬ চনত নিজৰ জন্মদিনটো শিশু দিৱস ৰূপে পাতিবলৈ শিশু সকলক উপহাৰ দিয়ে৷ নেহৰুৱে ভাবিছিল আমাৰ শিশু সকলেই দেশৰ ধৰণী৷ তেওঁলোক শিক্ষাই-দীক্ষাই উপযুক্ত হ’লেহে দেশৰ একোজন উত্তম নাগৰিক হ’ব পাৰিব৷ সেয়ে তেওঁ শিশুসকলৰ বাবে Aiims, IIT, Children Flim Society আদি স্থাপন কৰিছে৷ তেওঁ ভাবিছিল শিশু সকলেই দেশৰ ভৱিষ্যত৷
১৪ নৱেম্বৰ বুলিলেই মনত পৰে নেহৰু খুড়াৰ সুন্দৰ চেহেৰাটো৷ তেওঁৰ কোটত সদায় একোপাহ ৰঙা গোলাপ ফুল লগাই লৈছিল– কাৰণ গোলপ ফুলে মানুহৰ মন সুন্দৰ কৰে আৰু শিশুসকল ফুলৰ প্ৰতি আকৰ্ষিত হয়৷ শিশু অৱস্থাতে দেউতাকৰ অফিচত কাম কৰা মুঞ্চী মোবাৰক আলীৰ পৰা বহু কাহিনী শুনিছিল সেই কাহিনীবোৰ আছিল ঐতিহাসিক ঘটনা, যুদ্ধ, পৰাক্ৰমী বীৰ আদিৰ লগতে ৰামায়ণ আৰু মহাভাৰতৰ কাহিনীও শুনিছিল৷ তেওঁ অধ্যয়নৰ প্ৰতি আকৰ্ষিত হৈছিল যেনেদৰে বিজ্ঞানৰ প্ৰতিও আকৰ্ষণ আছিল তেওঁৰ৷
এতিয়া আমাৰ দেশ অতি সংকটময় কভিডে কোঙা কৰা দেশ৷ বৰ্তমান শিশুসকল মোবাইল আৰু টিভিৰ জগতহে বিচৰণ কৰে৷ মোবাইল আৰু টিভি নহ’লে এখন্তেকো থাকিব নোৱাৰে৷ স্কুলৰ পৰা আহি বেগটো থৈয়ে টিভি খুলি ল’ব৷ মই সকলো শিশুৰ কথা কোৱা নাই, কিছু ব্যতিক্ৰমী শিশু আছে যি কিতাপ পঢ়ি আনন্দ উপভোগ কৰে৷ আন কিছুয়ে আকৌ কয় বোলে কিতাপখনত কিবা এটা প্ৰৱন্ধ আদি বিচাৰি ফুৰাতকৈ মোবাইলত আমি তৎক্ষণাত বিচৰা বস্তুটো পাওঁ৷ কিন্তু কিতাপখনত বিচাৰিলে বহু কথা তেওঁলোকে জানিব পাৰে৷ আগৰ আমাৰ দিনত কেৱল ৰেডিঅ’হে আছিল৷ ৰেডিঅ’ত সদায় ভাল ভাল কথা শুনা যায়- ৰেডিঅ’ শুনাৰ পৰা কাণ-মগজুত আন বিষক্ৰিয়া নঘটে৷ যিটো বৰ্তমান বহু চৰ্চিত মোবাইল ফোন আৰু টিভিৰ পৰা চকু আৰু মগজুত বিৰূপ প্ৰতিক্ৰিয়া পৰিব বুলি বৈজ্ঞানিক সকলে কয়– গতিকে একেবোৰ কথা পিতৃ-মাতৃ আৰু অভিভাৱকে চকু দিয়া প্ৰয়োজন৷ শিশুসকলক মোবাইলটো লগাই দি মাতুগৰাকীয়ে ঘৰুৱা কাম-বনত লাগি যায়৷ মোৰ বোধেৰে অন্য খেলনা দিব লাগে, অৱশ্যে এটা কথাও আজিৰ যুগৰ ল’ৰা-ছোৱালীয়ো লুকা-চুৰি, অলং দলং কৰিছে, ৰজাই কাক মাতিছে, ৰুমাল চুৰি আদি খেলৰ প্ৰতি আকৰ্ষিত নহয় ভাল নাপাই বুলি মোৰ ধাৰণা৷

যিসকলৰ পইচা পাতি আছে তেওঁলোকে শিশুসকলক সন্তুষ্ট কৰিবৰ বাবে মোবাইল আদি দিব পাৰে বা দিয়ে- কিন্তু বৰ্তমান এচাম শিশুয়ে মানসিক ৰোগত ভোগে৷ হতাশ হৈ পৰে৷
আমাৰ দেশত শিশু শ্ৰমিকৰ আইন যিমানেই নকৰক এতিয়াও আমাৰ শিশু শ্ৰমিক কমা নাই৷ যিখন দেশত দুবেলা-দুমুঠিৰ বাবে হাহাকাৰ কৰিব লগা হয় নিজৰ সন্তানক পঢ়াব নোৱাৰি লোকৰ ঘৰত আলধৰা হিচাবে দিব লগা হয়, সেইঘৰৰ মালিকেও ল’ৰা পঢ়াম বুলি প্ৰতিশ্ৰুতি দিয়ে– কেইটামান পইচাৰ বিনিময়ত ল’ৰাৰ দেউতাক-মাকে গভীৰ বিশ্বাস থৈ আহে৷ পিছত দেখা যায় সেই ঘৰত কিতাপ পত্ৰ পঢ়াতো বাদেই কামৰ বোজাত সি কোঙা হৈ যায়৷ বাতৰি কাকতত পঢ়িছিলোঁ– ঘৰত বনকৰা ছোৱালীৰ গাত গৰম পানী ঢালি দিয়াৰ ঘটনা৷ এইবোৰেই আমাৰ বৰ্তমানৰ শিশু শ্ৰমিক৷ মই সকলো লোকৰ কথা কোৱা নাই৷ বহু ভাল লোকো আছে৷ আমাৰ সমাজত মৰমিয়াল, দয়ালু, সৎ লোকো আছে, যিয়ে তেনে শিশুক পঢ়া-শুনা কৰোৱাই সুপ্ৰতিষ্ঠিত কৰিছে৷
আমি আশাবাদী- নেহৰুৱে শিশুসকলৰ হৈ দেখা সপোন ফলিয়াব আৰু আমাৰ শিশুসকল বিশ্বত জাকতজিলিকা হ’ব৷ ভাৰতবৰ্ষ ভোকাতুৰ দেশত নপৰি ধনে-ধানে শস্য-শ্যামলা হৈ জিলিকি উঠিব৷ ধনী, দুখীয়া বুলি বিভেদ নাথাকিব৷ চৰকাৰেও শিশু সকলৰ বাবে বহু আঁচনি লৈছে৷ আঁচনিবোৰ ফলৱৰ্তী হ’ব বুলি আশাৰে বাট চালো৷

-পূৰ্ণিমা শৰ্মা